Browsing Category
অসম
তেজপুৰত কংগ্ৰেছৰ শক্তি প্ৰদৰ্শনঃ অগপ,আপ,জাতীয় পৰিষদ,বিজেপিকে ধৰি দুই শতাধিকৰ যোগদান কংগ্ৰেছত
ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৩আগষ্টঃ “ যিজন মানুহৰ বয়স মাত্ৰ ৫০অতিক্ৰম কৰিছে সেইজনক নগাঁৱলৈ আহিবলৈও হেলিকপ্টাৰ লাগে৷ হেলিকপ্তাৰত ব্যয় কৰে ২০কোটি টকা৷ পথৰ দাঁতিত নিজৰ ফটো লগাই প্ৰচাৰ কৰিবলৈ ব্যয় কৰে এশ ২০কোটি টকা৷ এই ধনৰে ৰাজ্যৰ বহু বিদ্যালয় নিৰ্মাণ কৰিব পৰা গ’লহেঁতেন৷ ৰাস্তা ঘাট নিৰ্মাণ কৰিব পৰা গ’লহেঁতেন আৰু চাহ শ্ৰমিকৰ প্ৰাপ্য বৃদ্ধি কৰিব পৰা গ’ল হেঁতেন৷ ৰাজ্যৰ প্ৰতিজন নাগৰিকৰ মূৰত এতিয়া ৩৫হেজাৰ টকাৰ ঋণৰ বোজা৷ অলপতে পুনৰ ৰাজ্য চৰকাৰে আঢ়ৈশ কোটি টকাৰ ঋণ লৈছে৷” তেজপুৰত আজি এক সভাত এনেদৰে মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ…
চন্দ্ৰযান-৩ৰ সফলতাৰ আঁৰত আছে তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মাৰ বিশেষ অৱদান
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৩ আগষ্ট: চন্দ্ৰযান-৩ৰ সফলতাৰ সৈতে জড়িত হৈ পৰিছে অসমৰ তিনিচুকীয়া জিলাৰ নাম৷ কিয়নো চন্দ্ৰযান-৩ৰ সফল অভিযানৰ অন্তৰালত আছে সুদীৰ্ঘ এটা দশক ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত (ইছৰ’) বিজ্ঞানীৰূপে কৰ্মৰত হৈ থকা তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মাৰ বিশেষ অৱদান৷ উল্লেখ্য যে চন্দ্ৰযান-২ৰ অভিযানৰ সৈতেও জড়িত হৈ আছিল আজি ’য়ুথ আইকন’ত পৰিণত হোৱা তিনিচুকীয়াৰ এই যুৱ বিজ্ঞানীগৰাকী৷ তিনিচুকীয়া চহৰৰ ৰাজাআলি অঞ্চল নিবাসী দীপক দেৱ আৰু শিখা দেৱৰ বোৱাৰী তথা দিবাকৰ দেৱৰ পত্নী নিধি শৰ্মাই ছমাহৰ সন্তানসম্ভৱা হৈ থকাৰ সময়তো দেশৰ…
তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ মহানুভৱতা
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২২ আগষ্টঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ’বেটী বচাও বেটী পঢ়াও’ কাৰ্যসূচীৰ আধাৰত তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনে তেওঁলোকৰ প্ৰথম বাৰ্ষিকী সমাৰোহত আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীসকল উপকৃত হোৱাকৈ ঘোষণা কৰিছে এক অভিযোজন কাৰ্যসূচী৷ সেই অনুসৰি যোৱা দেওবাৰে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ প্ৰথম বাৰ্ষিকী সমাৰোহ ’ৰোমন্থন ২০২৩’ৰ অধীনত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ সভাপতি ৰঘূবীৰ সিং নেগীয়ে এই অভিযোজন কাৰ্যসূচীৰ পোষকতা কৰি প্ৰায় ১৩ কিলোমিটাৰ নিলগৰ…
পুৰণা পেঞ্চন নীতিৰ বাহাল ৰখাৰ দাবীত তেজপুৰত কৰ্মচাৰীৰ প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২২ আগষ্টঃ সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰতো চৰকাৰী কৰ্মচাৰী সকলে আজি পুৰণা পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত অসহযোগ কাৰ্যসূচী পালন কৰে৷ উল্লেখযোগ্য যে, ৰাজ্যৰ প্ৰায় ৩০টা সংস্থা-সংগঠনৰ ঐক্যমঞ্চ সিদ্ধান্ত মৰ্মে আজি আৰু ২৩ আগষ্টত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাই এইদৰে দুদিনীয়া কাৰ্যসূচীৰে কৰ্ম বিৰতি পালন কৰিছে৷ সেই মৰ্মে সংস্থাৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আজি দিনৰ ১১ বজাত শোণিতপুৰ জিলাৰ বিভিন্ন সংস্থা- সংগঠনৰ সহযোগত তেজপুৰ আদালত চাৰিআলিৰ পৰা এক সমদল বাহিৰ কৰে৷ কাইলৈ প্ৰতিবাদকাৰী সকলে শোণিতপুৰৰ আয়ুক্তৰ…
তেজপুৰৰ দৰংমহাবিদ্যালয়ত বহুমুখী প্ৰতিভাধৰ হেমন্ত কুমাৰ বৰুৱালৈ শ্ৰদ্ধাঞ্জলি
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২২ আগষ্টঃ মহামানৱ মহাত্মা গান্ধীৰ বিস্ময়কৰ প্ৰভাবৰ বাবেই ১৯২১ চনৰ পিচত অসমীয়া সত্ত্বাই ভাৰতীয় সত্ত্বাৰ সৈতে বিলীন হৈ একেস্বৰে বিৰল দেশাত্মবোধেৰে স্বাধীনতাৰ জয় গান গাবলৈ আৰম্ভ কৰিছিল৷ ভাৰতীয় চেতনাৰে উজ্জ্বিবিত অসমৰ স্বাধীনতা সংগ্ৰামৰ গুৰিধৰোঁতাসকলৰ অন্যতম আছিল সত্ৰাধিকাৰী গহন চন্দ্ৰ গোস্বামী বুলি আজি তেজপুৰৰ দৰংমহাবিদ্যালয়ৰ সভাকক্ষত মন্তব্য কৰে ৰাজ্যখনৰ বিশিষ্ট চিন্তাবিদ, লেখক ময়ূৰ বৰাই৷ উল্লেখ্য যে ২০২১ বৰ্ষৰ ২৯ অক্টোবৰত কৰ’ণা অতিমাৰীৰ বাবে অকালতে কায়িক ভাবে আঁতৰি যোৱা তেজপুৰৰ বহুমুখী প্ৰতিভাধৰ…
লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত সাহিত্য অকাডেমিৰ অসমীয়া ভাষাত জাতীয়তাবাদ আৰু জনগোষ্ঠীয় পৰিচয় সম্পৰ্কীয় আলোচনা চক্ৰ অনুষ্ঠিত
উত্তৰ লখিমপুৰ, ২২ আগষ্টঃ উত্তৰ লখিমপুৰৰ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি অসমীয়া ভাষাত জাতীয়তাবাদ আৰু জনগোষ্ঠীয় পৰিচয়ৰ শীৰ্ষক এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয়। লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সহযোগত আৰু সাহিত্য অকাডেমীয়ৰ পূব মণ্ডলৰ উদ্যোগত মহাবিদ্যালয়খনুৰ সোণালী জয়ন্তী উদযাপনৰ অংশ হিচাপে আয়োজন কৰা এই আলোচনা চক্ৰৰ উদ্বোধনী অধিৱেশনৰ সভাপতিত্ব কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ লোহিত হাজৰিকাই। উদ্বোধনী অধিৱেশনৰ আদৰণি ভাষণ প্ৰদান কৰে কলকাতাৰ পূব মণ্ডলৰ সাহিত্য অকাডেমীৰ সম্পাদক ড০ দেৱেন্দ্ৰ কুমাৰ দেৱেশে। উদ্বোধনী ভাষণত ড০ দেৱেশে…
লখিমপুৰত ভদীয়াৰ বানত বুৰিল বহু গাঁও
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২২ আগষ্টঃ অৰুণাচল প্ৰদেশৰ লগতে লখিমপুৰ জিলাত যোৱা তিনিদিন ধৰি একেৰাহে হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত জিলাখনৰ বিভিন্ন প্ৰান্ত ভদীয়া বানৰ কবলত পৰিছে৷ আজি পুৱাই কদম ৰাজহ চক্ৰৰ বহুকেইখন গাঁও কাকৈ নদীৰ বানত জলমগ্ন হয়৷ লখিমপুৰৰ কদম টেঙাবস্তিত কাকৈ নদীৰ বানে একপ্ৰকাৰে বিভীষিকাৰ সৃষ্টি কৰে৷ পুৱাই কাকৈ নদীৰ ঢলে কদম টেঙাবস্তিৰ লগতে বাগান গাঁও, মইনাপাৰা, পুথিমাৰী আদি কেবাখনো গাঁও বুৰাই পেলোৱাৰ লগতে ভদীয়াৰ বানে কৃষিজীৱী লোকসকলৰ শ শ বিঘা শালি খেতি বুৰাই পেলায়৷ কাকৈৰ খৰস্ৰোতা বানে এই অঞ্চলত বহু কৃষকৰ শালি খেতি…
লখিমপুৰত এন পি এছ কৰ্মচাৰী সংস্থাৰ প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২২ আগষ্টঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে লখিমপুৰতো আজি সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ লখিমপুৰ জিলা সমিতিয়ে কৰ্মবিৰতিৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰতিষ্ঠা আৰু এন পি এছৰ অধীনত অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী সকলৰ অৱসৰকালীন সুবিধা প্ৰদানৰ দাবীত আজি এনেদৰে সংস্থাই কৰ্মবিৰতি পালন কৰে৷ জিলা সমিতিৰ সভাপতি ভাস্কৰ দলে, সম্পাদক প্ৰদীপ বৰুৱাৰ স্বাক্ষৰিত বিবৃত্তিত কয় যে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰা, অৱসৰকালীন এন পি এছৰ অধীনৰ…
উত্তৰ লখিমপুৰ ৰেল ষ্টেচনৰ প্লেটফৰ্মত নিশা উদঙীয়া গৰুৰ সন্ত্ৰাস
শতাব্দ প্ৰতিনিধি, ২১ আগষ্টঃ কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলোবোৰ ৰেলৱে ষ্টেচন উন্নত কৰি সেই ষ্টেচন সমূহক স্বচ্ছ ভাৰত মিছন অভিযানৰ অন্তৰ্ভূক্ত কৰাৰ সময়তে লখিমপুৰত নিশা ইয়াৰ বিপৰীত প্ৰতিচ্ছবি প্ৰতিফলিত হোৱা কাৰ্যই ৰেল যাত্ৰীসকলক আ(ৰ্য কৰি তুলিছে৷ উত্তৰ লখিমপুৰ ৰেলৱে ষ্টেচনৰ প্লেটফৰ্মত এতিয়া একপ্ৰকাৰে নিশা উদঙীয়া গৰুৰ সন্ত্ৰাস চলাৰ পিছতো ৰেলৱে কতৃৰ্পক্ষই এইক্ষেত্ৰত বিহীত ব্যৱস্থা গ্ৰহণ নকৰাত সচেতন ৰেল যাত্ৰীসকলে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে৷ প্ৰতি নিশাৰ দৰে ২০ আগষ্টৰ নিশা ১১ বজাতো উত্তৰ লখিমপুৰ ৰেলৱে ষ্টেচনৰ প্লেটফৰ্মত একাংশ উদঙীয়া গৰুৱে…
লখিমপুৰত পথৰ মাজত পুখুৰী সদৃশ গাঁত
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২১ আগষ্টঃ লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত এতিয়াও বহু পথৰ দুৰৱস্থাই পথচাৰীক দুৰ্ভোগ ভূগাই আহিছে৷ শেহতীয়াকৈ তেনে এটি ভগ্নপ্ৰায় পথ নিৰ্মাণৰ দাবীত দেওবাৰে সচেতন নাগৰিক সমাজে লখিমপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ বাতৰি পোৱা গৈছে৷ উত্তৰ লখিমপুৰ নগৰৰ ১৪ নং ৱাৰ্ডৰ তথা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ঘিলাগুৰি-চুমনি সংযোগী গড়কাপ্তানী পথটোৰ মাজত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত স্থানীয় ৰাইজৰ লগতে সচেতন নাগৰিক সমাজে পথৰ মাজতে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷ ঘিলাগুৰি অংশত সৃষ্টি হোৱা বৃহৎ বৃহৎ পুখুৰী সদৃশ গাঁত সমূহ…
