Browsing Category

অসম

বগীনদীত আৰোহণ ফাইনেন্সৰ শাখা প্ৰবন্ধকক গ্ৰাহকে কেবা ঘণ্টা আৱদ্ধ কৰি চমজালে আৰক্ষীক

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২১ আগষ্টঃ একাংশ বিত্তীয় প্ৰতিষ্ঠানে না না প্ৰলোভনেৰে গ্ৰাহকক প্ৰতাৰণা কৰি অহাৰ সময়তে আজি লখিমপুৰ জিলাৰ বগীনদীৰ কদম তিনিআলিত প্ৰবঞ্চিত গ্ৰাহকে আৰোহণ ফাইনেন্সৰ তিনিজন বিষয়াক কেবাঘKI×া আৱদ্ধ কৰি আৰক্ষীক চমজাই দিয়া কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ আজি আৰোহণৰ একাংশ গ্ৰাহকে বগীনদীৰ সহযোগী শাখা প্ৰবন্ধকজনক কদম তিনিআলিত ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত কেবাঘণ্টা আৱদ্ধ কৰি গ্ৰাহকসকলে প্ৰাপ্য ধন বিছাৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ গ্ৰাহকসকলে বিষয়াজনক বিভিন্ন গালি গালাজ কৰাৰ লগতে কৰ্কথনা কৰি প্ৰাপ্য ধন ঘূৰাই বিছাৰি…

হায় বিদ্যুৎ বিভাগঃ লখিমপুৰৰ আমতলাত এতিয়াও বহু গাঁৱত বাঁহৰ খুঁটাৰে গ্ৰাহকক বিদ্যুৎ সংযোগ

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২১ আগষ্টঃ ৰাজ্যৰ শক্তিখণ্ডত চৰকাৰে আমূল পৰিৱৰ্তন হোৱা বুলি দাবী কৰি আহিলেও চৰকাৰৰ সেই আশ্বাস যে একপ্ৰকাৰে প্ৰহসন সেই কথা লখিমপুৰ জিলাৰ একাংশ গাঁৱৰ বিদ্যুৎ সংযোগ ব্যৱস্থাই পৰিস্ফুট কৰি তুলিছে৷ প্ৰাপ্ত খবৰ অনুসৰি লখিমপুৰ আৰু নাওবৈচা বিধান সভা সমষ্টিৰ বহু গাঁৱত এতিয়াও বিদ্যুৎ বিভাগে বাঁহৰ খুঁটাৰে গ্ৰাহকক বিদ্যুৎ সংযোগ দি আহিছে৷ যি কাৰ্যই নেকি ভয়ংকৰ দুৰ্ঘটনাৰ সম্ভাৱনা কঢ়িয়াই আনিছে৷ বিশেষকৈ লখিমপুৰ জিলাৰ পানীগাঁৱৰ সমীপৱৰ্তী তথা ৰঙানদীপৰীয়া বৃহত্তৰ আমতলা অঞ্চলত এতিয়াও বহু গ্ৰাহকে বাঁহৰ খুঁটাৰ জৰিয়তে…

তিনিচুকীয়া কাৰাগাৰৰ বিচাৰাধীন মহিলা কয়দীৰ মৃত্যু

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ২১ আগষ্ট : তিনিচুকীয়া জিলা কাৰাগাৰৰ এগৰাকী বিচাৰাধীন মহিলা কয়দীৰ জিম্মাত মৃত্যু হোৱা ঘটনা সন্দৰ্ভত তদন্তকাৰী বিষয়াই অহা ২৯ আগষ্টৰ দিনৰ ১১ বজাৰ পৰা ২ বজালৈকে সাক্ষ্যগ্ৰহণ কৰিব ৷ উল্লেখ্য যে তিনিচুকীয়া জিলা কাৰাগাৰৰ বিচাৰাধীন মহিলা কয়দী লীলা কৰৰ জিম্মাত মৃত্যু হোৱা ঘটনা সন্দৰ্ভত কাৰ্যবাহী দণ্ডাধীশ দীপাৱলী কুৰ্মীৰ ওপৰত তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে৷ তিনিচুকীয়াৰ জিলা দণ্ডাধীশৰ কাৰ্যালয়স্থিত তদন্তকাৰী বিষয়াৰ কাৰ্যালয় কক্ষত উক্ত দিনা নিৰ্দিষ্ট সময়ৰ ভিতৰত ঘটনাৰ বিষয়ে জ্ঞাত ইচ্ছুক ব্যক্তি, সাধাৰণ…

তিনিচুকীয়া জিলাৰ মাকুমত অইলৰ অ’ চি এছৰ সমীপত গ্ৰেনেড উদ্ধাৰ

শতাব্দ প্ৰতিনিধি‍, ২১ আগষ্ট: তিনিচুকীয়া জিলাৰ মাকুম অঞ্চলৰ লাংকাচিস্থিত অইল ইণ্ডিয়া লিমিটেডৰ হাপজান অ’ চি এছৰ (অইল কালেক্টিং ষ্টেচন) সমীপত আজি বিয়লি এটা শক্তিশালী গ্ৰেনেড উদ্ধাৰ হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি ইয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে গ্ৰেনেডটো কাপোৰেৰে মেৰিয়াই পথৰ কাষত পেলাই থোৱা আছিল৷ ইতিমধ্যে তিনিচুকীয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও কোনে কি উদ্দেশ্যেৰে গ্ৰেনেডটো উক্ত স্থানত পেলাই থৈ গৈছিল এই সন্দৰ্ভত বিশেষ তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ উল্লেখ্য যে নিৰাপত্তাৰ দিশৰ পৰা অইলৰ হাপজান…

ড্ৰাগছৰ অপব্যৱহাৰ নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় ৰোধৰ বাবে তিনিচুকীয়াত গুৰুত্বপূৰ্ণ বৈঠক

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ২১ আগষ্ট: আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ পাছতো তিনিচুকীয়া জিলাৰ চুকেকোণে নিষিদ্ধ ড্ৰাগছ আৰু অন্যান্য নিচাজাতীয় সামগ্ৰীৰ অবাধ প্ৰচলনে সামাজিক পৰিৱেশ বিনষ্ট কৰি তোলাৰ সময়তে জিলাখনত ড্ৰাগছৰ অপব্যৱহাৰ আৰু নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় ৰোধ কৰিবৰ বাবে ল’ব পৰা বিভিন্ন ব্যৱস্থাৰ বিষয়ে আলোচনাৰ উদ্দেশ্যেৰে নাৰ্কো সমন্বয় কেন্দ্ৰ (এন চি অ’ আৰ ডি) প্ৰণালীৰ অধীনত জিলা পৰ্যায়ৰ সমিতিৰ বৈঠক আজি জিলা আয়ুক্ত স্বপ্নীল পালৰ অধ্যক্ষতাত অনুষ্ঠিত হৈ যায়৷ বৈঠকত জিলা আয়ুক্তই জিলাখনত ড্ৰাগছ তথা অন্যান্য নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ…

শোণিতপুৰৰ ১১২ গৰাকী ছাত্ৰ ছাত্ৰীয়ে আৰোহনৰ অধীনত ডি আৰ এল পৰিদৰ্শন

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ১৯ আগষ্ট: তেজপুৰস্থ প্ৰতিৰক্ষা গৱেষণাগাড়ৰ সহযোগত শোণিতপুৰৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সহযোগত আজি ‘মেণ্টিজ ডেভেলপমেণ্ট প্ৰগ্ৰেম’ৰ আয়োজন কৰা হয়৷ এই কাৰ্যসূচীৰ প্ৰধান উদ্দেশ্য আছিল ছাত্ৰ-ছাত্ৰীসকলক মেণ্টৰিং আৰু কাউন্সেলিঙৰ জৰিয়তে ব্যাপক সহায় আগবঢ়োৱা, যাৰ লক্ষ্য আছিল তেওঁলোকৰ কেৰিয়াৰৰ অগ্ৰগতি শক্তিশালী কৰা আৰু তেওঁলোকক সমাজ আৰু জাতিৰ ভৱিষ্যতৰ বাবে মূল্যৱান সম্পদ হ’বলৈ শক্তিশালী কৰা৷ মুঠ ১১২ গৰাকী শোণিতপুৰ জিলাৰ বিভিন্ন চৰকাৰী বিদ্যালয়ৰ ভাল ফলা ফল লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰে৷ কাৰ্যসূচীৰ…

ভূৱা ঠিকনাৰে এছএছবিত যোগদান তিনি যুৱকৰঃতদন্ত

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ১৯আগষ্টঃ নিজকে শোণিতপুৰৰ বাসিন্দা বুলি ভুৱা পৰিচয় দি এছএছবি চাকৰি লোৱা বহিৰাজ্যৰ তিনি যুৱকৰ জালিয়াতি সম্প্ৰতি পোহৰলৈ আহিছে৷ অভিযোগ অনুসৰি, অংকিত কুমাৰ, লোকেন্দ্ৰ চাহাৰ আৰু শ্ৰী দিবাকৰ নামৰ তিনি যুৱকে ২০২২ ত জালিয়াতিৰে চাকৰিত যোগদান কৰিছিল আৰু তিনিওজন যুৱকে নিজকে শোণিতপুৰ জিলাৰ বাসিন্দা বুলি প্ৰয়োজনীয় তথ্যত উল্লেখ কৰে৷ লগতে তেওঁলোকে দাখিল কৰা তথ্যত শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়ৰ ভুৱা ছীল-মোহৰো ব্যৱহাৰ কৰিছিল৷ শেহতীয়াকৈ এছ এছ বিৰ বিহাৰ আৰৰিয়াস্থিত ৫৬ নম্বৰ, বিহাৰৰ ৰাজাউলৰ ৪৭নম্বৰ আৰু দাৰ্জিলিঙৰ ৪১নম্বৰ…

২০২১-২০২২ বৰ্ষৰ মাধৱীলতা সাহিত্য বঁটা বিশিষ্ট লেখক ডাঃ ভৃঙ্গেশ্বৰ শৰ্মালৈ

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১৯ আগষ্ট: ২০২১-২০২২ বৰ্ষৰ মাধৱীলতা সাহিত্য বঁটাৰ বাবে মাৰ্ঘেৰিটা নিবাসী, ক’ল ইণ্ডিয়া লিমিটেড চিকিৎসালয়ৰ মুখ্য চিকিৎসা বিষয়া, অসমৰ এগৰাকী বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ, হাস্য-ব্যঙ্গ লেখক ডাঃ ভৃঙ্গেশ্বৰ শৰ্মাক নিৰ্বাচিত কৰা হৈছে৷ আজি মাধৱীলতা সাহিত্য ন্যাসৰ পৰিচালন ন্যাসৰক্ষী অতুল চন্দ্ৰ শৰ্মাই এক বিবৃতিৰ জৰিয়তে এই কথা সদৰি কৰিছে৷ উল্লেখ্য যে তিনিচুকীয়া জিলাৰ ডিগবৈৰ মাধৱীলতা সাহিত্য ন্যাসে ২০০৫ চনৰ পৰা প্ৰতি দুবছৰৰ মূৰে মূৰে জিলাখনৰ অন্তৰ্গত এগৰাকী বিশিষ্ট সাহিত্যিকক অসমীয়া ভাষা-সাহিত্যৰ ক্ষেত্ৰত…

তেজপুৰত বেংকৰ ভিতৰৰ পৰাই গ্ৰাহকৰ ধন লুট

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ১৯আগষ্টঃ তেজপুৰত আজি বেংকৰ ভিতৰতে দিন ডকাইটিৰ দৰে এক ঘটনা সংঘটিত হয়৷ ভাৰতীয় ষ্টেট বেংক তেজপুৰ শাখাত এগৰাকী মহিলাই গ্ৰাহকৰ শাৰীত থিয় হৈ থকা অৱস্থাতে হাতত থকা বেগৰ পৰা দুৰ্বৃত্তই কাঢ়ি লৈ যায় নগদ ১০ হেজাৰ টকা আৰু মোবাইল ফোন৷ উল্লেখযোগ্য যে, তেজপুৰ মুঢ়াতেতেলী নিৱাসী তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰুনু বৰাই বেংকৰ ভিতৰতে এনে পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পিছতে ঘটনাটোৰ বিষয়ে বেংক কৰ্তৃপক্ষক অৱগত কৰে যদিও তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলা গৰাকীয়ে৷ আনকি বেংকৰ ভিতৰত যি স্থানত…

তেজপুৰত বিশ্ব ফটোগ্ৰাফী দিৱস

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯ আগষ্ট: বিশ্ব ফটোগ্ৰাফী দিৱসৰ আজিৰ দিনটোত তেজপুৰৰ ফটো সাংবাদিক সমীৰ কৰে বিগত সময়ত কেমেৰাৰে ধৰি ৰখা শতাধিক কলাত্মক আলোকচিত্ৰ আৰু নিজৰ লগতে তাহানিৰে পৰা পিতৃ পুৰুষে ব্যৱহাৰ কৰা কেবাটাও আকৰ্ষণীয় পুৰণি কেমেৰাৰ এখন ফটো প্ৰদৰ্শনী উদ্ঘাটন কৰে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাৰ লগতে শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই৷ তেজপুৰৰ জ্যোতি ভাৰতীৰ ঐতিহাসিক পকীৰ ৰূপকোঁৱৰ মঞ্চত আয়োজিত এই আকৰ্ষণীয় প্ৰদৰ্শনীৰ ফিতা কাটি শুভাৰম্ভ কৰাৰ পিছতে বিধায়ক পৃথ্বিৰাজ ৰাভা, জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, বিশিষ্ট অতিথি ৰূপে উপস্থিত…