Browsing Category

অসম

জামিন লাভৰ পাছতো বহুজন কাৰাবন্দী

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১৯ আগষ্ট: অসমৰ কাৰাগাৰসমূহত এনে বহুলোক আছে যিসকলে গোচৰৰ বিপৰীতে জামিন লাভ কৰাৰ পাছতো আইনৰ কিছুমান নিয়ম সম্পূৰ্ণ কৰিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত কাৰাগৰতে দিন অতিবাহিত কৰিব লগা হয়৷ জামিন লাভৰ অন্ততো কাৰাবন্দী হৈ থকা এনে লোক কি কাৰণত চাৰিবেৰৰ মাজত আৱদ্ধ হৈ থাকিব লগা হৈছে সেই বিষয়ে বিতং তথ্য সংগ্ৰহ কৰি তেনে লোকৰ প্ৰতি সহায়ৰ হাত আগবঢ়োৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’, অসম নামৰ সংস্থাটোৱে৷ সংস্থাৰ অধ্যক্ষৰ গৃহ জিলাৰ পৰাই আৰম্ভ কৰা হৈছে ন্যায় লাভত সহায় কৰাৰ এই…

জাপানীজ এনকেফেলাইটিছত তেজপুৰৰ এজনৰ মৃত্যু

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৮আগষ্টঃ তেজপুৰৰ এগৰাকী জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ব্যক্তিৰ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু ঘটিছে৷উল্লেখযোগ্য যে,তেজপুৰ চহৰৰ ঊষানগৰৰ ২১(খ)নম্বৰ উপপথ নিবাসী তথা অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া শশাংক দাস(৭৫) কিছুদিন পূৰ্বে অসুস্থ হৈ পৰাত তেওঁক তেজপুৰ ব্যপ্তিষ্ট মিছন হাস্পতালত ভৰ্ত্তি কৰোৱা হয়৷ পাছত তেওঁ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাটো নিশ্চিত হয় আৰু দাসক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্হানান্তৰ কৰা হয় প্ৰায় ছয় দিন পূৰ্বে৷ কিন্তু চিকিৎসাধীন অৱস্থাত আজি সন্ধিয়া প্ৰায়…

ডিক্ৰং গাঁও পঞ্চায়তত পি এম এ ৱাই গৃহৰ কোটি টকীয়া কেলেংকাৰি

আৰক্ষীৰ ভূমিকাক লৈ সন্দেহৰ আঙুলিঃ জি পি চি, সচিবসহ এজন ৱাৰ্ড সদস্যহে গ্ৰেপ্তাৰ শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৮ আগষ্টঃ ৰাজ্য চৰকাৰে দুৰ্নীতি নিৰ্মূলৰ বাবে পদক্ষেপ গ্ৰহণ কৰা বুলি ঢাক ঢোল বজাই আহিলেও কাৰ্যত তেনে আস্ফালন অসাৰ প্ৰতিপন্ন হৈছে লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ ডিক্ৰং গাঁও পঞ্চায়তত৷ জিলাখনৰ কৰুণাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ডিক্ৰং গাঁও পঞ্চায়তত সংঘটিত হোৱা ভয়ংকৰ পি এম এ ৱাই গৃহৰ কোটি টকীয়া কেলেংকাৰিৰ ক্ষেত্ৰত এতিয়া ৰৌ-বৰালি সাৰি যোৱাৰ বিপৰীতে মাত্ৰ তিনি পুঠি-খলিহাক ধৰি জেললৈ পঠোৱা কাৰ্যই ব্যাপক চৰ্চা লাভ কৰিছে৷ এইক্ষেত্ৰত…

তেজপুৰত ছাত্ৰীক আক্ৰমণঃ চাৰিজনক আটক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৮আগষ্টঃ তেজপুৰ ঘৰপৰা চুবুৰীত কালি সন্ধিয়া দৰং মহাবিদ্যালয়ৰ ছাত্ৰী এগৰাকীক আক্ৰমণৰ ঘটনাৰে জড়িত থকাৰ সন্দেহত চাৰিজন ছাত্ৰক আটক কৰিছে তেজপুৰ আৰক্ষীয়ে৷ উল্লেখযোগ্য যে যোৱানিশাই চাৰিওজনকে আৰক্ষীয়ে সোধপোছৰ বাবে আটক কৰিছে যদিও এইপৰ্যন্ত মূল অভিযুক্তক চিনাক্ত কৰিবলৈ বাকী আছে৷ আজি আৰক্ষীৰ উচ্চপদস্থ সূত্ৰই প্ৰকাশ কৰা অনুসৰি,আটাইকেইজনেই আন শিক্ষানুষ্ঠানৰ ছাত্ৰ৷ উল্লেখযোগ্য যে বেদেতীৰ পৰা আহি দৰং মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰী গৰাকীৰ ভাৰাঘৰৰ পৰা নাতিদূৰৈতে সংঘটিত হৈছিল চোকা অস্ত্ৰৰে আক্ৰমণৰ এই ঘটনাটো৷…

তিনিচুকীয়াত শ্রমমন্ত্ৰী কিষাণৰ গৃহ বাগিছাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৮ আগষ্ট : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে চাহ শ্রমিকক প্ৰস্তাৱিত ৩৫১ টকা দৈনিক মজুৰি আৰু ভূমিপট্টা প্ৰদানৰ দাবীত আজি তিনিচুকীয়াৰ বিধায়ক তথা ৰাজ্যৰ শ্রমমন্ত্ৰী সঞ্জয় কিষাণৰ গৃহ বাগিছা ধেলাখাট চাহ বাগিছাত বহুসংখ্যক শ্ৰমিকে তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে ’শ্রমমন্ত্ৰী মুৰ্দাবাদ, মুখ্যমন্ত্রী মুৰ্দাবাদ, মূল্যবৃদ্ধি ৰোধ কৰক, চাহ শ্রমিকক প্রস্তাৱিত ৩৫১ টকা মজুৰি, মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰক' আদি শ্ল'গান দি ধেলাখাট চাহ বাগিচাৰ পৰিচালকৰ কাৰ্যালয়…

বিশিষ্ট শিশু সাহিত্যিক ড° স্বাধীনতা মহন্তলৈ “অকণিৰ সাহিত্য সভা”ৰ ২০২৩ বৰ্ষৰ “অসমীয়া শিশু সাহিত্য বঁটা”

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৮ আগষ্ট : শিশু সাহিত্যৰ ক্ষেত্ৰখনক বিগত বহু বছৰ ধৰি ধাৰাবাহিক ভাৱে স্বকীয় মৌলিক ৰচনাৰ কৌশলেৰে পাঠক সকলক আকৃষ্ট কৰি অহা বিশিষ্ট শিশু সাহিত্যিক, শিক্ষাবিদ লেখিকা তেজপুৰ নিবাসী ড০ স্বাধীনতা মহন্তলৈ "অকণিৰ সাহিত্য সভা"ই ২০২৩ বৰ্ষৰ অসমীয়া শিশু সাহিত্য বঁটা প্ৰদানৰ কথা আজি ঘোষণা কৰিছে। উল্লেখ্য যে, ১৯৬১ চনত "অসমবাণী" ৰ মইনা পাৰিজাত চ'ৰাত প্ৰকাশিত "সেই আহঁত জোপা" নামৰ প্ৰথম লেখাৰে নিজৰ সৃষ্টিশীলতাক ক্ৰমবৰ্ধমান ৰূপ দি পৰৱৰ্তী সময়ত "ৰ'দ জিলমিল", "ৰং চিলমিল", "তৰা তিৰবিৰ", "জোন জিকমিকি", "নিৰ্বাচিত…

বগীনদীত সঘনাই পথ দুৰ্ঘটনা

উদ্বিগ্ন সচেতন ৰাইজ অকালতে প্ৰাণ হেৰুৱাইছে বহুজনে শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৮ আগষ্টঃ লখিমপুৰ জিলাৰ বগীনদী অঞ্চলত সঘনাই পথ দুৰ্ঘটনা সংঘটিত হৈ থকা কাৰ্যই সচেতন ৰাইজক উদ্বিগ্ন কৰি তুলিছে৷ বিশেষকৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে শাৰী শাৰীকৈ বহা দোকান বজাৰৰ বাবেই বগীনদী অঞ্চলত দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে বুলি অভিযোগ উত্থাপিত হৈছে৷ সেয়েহে স্থানীয় ৰাইজে এইক্ষেত্ৰত লখিমপুৰ জিলা প্ৰশাসনৰ সু-পদক্ষেপ কামনা কৰিছে৷ স্থানীয় কেবাজনো লোকে আজি জানিবলৈ দিয়ে যে বগীনদী চেণ্টাৰৰ পশ্চিম প্ৰান্তৰ বগীনদী দলঙৰ পৰা ‘আই পদুমনি থান’…

২০০ কোটিটকীয়া উন্নয়নৰ পাছতো এজাক বৰষুণতে বুৰিল সমগ্ৰ তিনিচুকীয়া চহৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৮ আগষ্ট : তিনিচুকীয়া চহৰৰ উন্নয়নৰ নামত কোটি কোটি টকা ব্যয় কৰি অহাৰ পাছতো তথাকথিত উন্নয়নৰ ফোঁপোলা স্বৰূপ আজি পুনৰ উদঙাই দিয়ে এজাক বৰষুণে ৷ আজি দুপৰীয়া প্ৰায় আধাঘণ্টা সময় ধৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত একাঁঠু পানীত ডুব যায় সমগ্ৰ তিনিচুকীয়া চহৰ ৷ মাত্ৰ ১৫ টা ৱাৰ্ডৰ সমষ্টি তিনিচুকীয়া পৌৰসভাৰ প্ৰায় প্ৰতিটো ৱাৰ্ডতে আধাঘণ্টাৰ বৰষুণজাকে অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰে ৷ নলা-নৰ্দমা, বাটপথ সকলো বুৰ যায় পানীৰ তলত ৷ পৌৰ এলেকাৰ কেতবোৰ বিদ্যালয়ত পথৰ কাষৰ নলাৰ প্ৰদূষিত পানী সোমাই পৰাৰ ফলত ছাত্ৰ-ছাত্ৰীসকল…

বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে লখিমপুৰ জিলা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ দ্বাৰা ফটোগ্ৰাফী আৰু চেল্ফি প্ৰতিযোগিতাৰ আয়োজন

লখিমপুৰ, ১৭ আগষ্ট: অহা ১৯ আগষ্টত সমগ্ৰ পৃথিৱীজুৰি উদযাপিত হব বিশ্ব ফটোগ্ৰাফী দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি উক্ত দিনটোত লখিমপুৰ জিলা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ তৰফৰ পৰা এক ফটোগ্ৰাফী আৰু চেল্ফি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাখনিৰ মূল বিষয়বস্তু হৈছে- "দৈনন্দিন জীৱনত বিজ্ঞানৰ ব্যৱহাৰ'"। লখিমপুৰ জিলা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা জিলা সহকাৰী আয়ুক্ত আৰজিত মহাজনে এক নিৰ্দেশ যোগে জানিবলৈ দিয়া অনুসৰি, ফটোগ্ৰাফী প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰা বিজয়ী প্ৰতিযোগী কেইগৰাকীযে…

বিদ্যালয়ৰ পৰা অহাৰ পথত ঘৰৰ সন্মুখৰ পৰাই শিক্ষয়িত্ৰীৰ ডিঙিৰ চেইন থপিয়াই নিলে চিলনী চোৰে

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ১৭ আগষ্ট : তেজপুৰ চহৰৰ লগতে চহৰখনৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমুহত নিতৌ বৃদ্ধি পাবলৈ ধৰিছে চিলনী চোৰৰ উপদ্ৰৱ। বিগত সময়খিনিত তেজপুৰৰ বিভিন্ন প্ৰান্তত দিন দুপৰতে চিলনী চোৰে বহুকেইগৰাকী মহিলা - যুৱতীৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই লৈ যোৱাৰ লগতে পথাচাৰিৰ জেপৰ পৰা মোবাইল ফোন থপিয়াই নিয়া একাধিক ঘটনাৰ পিছত আজি দিন দুপৰতে নিজৰ বাসগৃহৰ সন্মুখৰ পৰা এগৰাকী শিক্ষয়িত্ৰীৰ ডিঙিৰ চেইন থপিয়াই নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে তেজপুৰৰ বাম পৰ্বতীয়াৰ সংস্কৃত টোল নিবাসী ভাৰত শৰ্মাৰ শিক্ষয়িত্ৰী পত্নী ৰুমী দেৱী…