Browsing Category
অসম
তেজপুৰত এইডচ নিয়ন্ত্ৰণৰ সজাগতা, প্ৰশিক্ষণ শিৱিৰত উত্তপ্ত পৰিস্থিতি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১১আগষ্টঃ নিজকে এইডচ নিয়ন্ত্ৰণ অভিযানৰ লগত জড়িত বুলি পৰিচয় দিয়া বহিঃৰাজ্যৰ এজন ব্যক্তিয়ে তেজপুৰৰ একাংশ দৰিদ্ৰ পৰিয়ালৰ জীয়ৰী বোৱাৰীক যৌন কৰ্মী সজাবলৈ অপচেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ লগতে ইয়াকে লৈ এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয় তেজপুৰত৷উল্লেখযোগ্য যে, তেজপুৰ সদৰ আৰক্ষী থানাৰ সমীপৰে এখন হোটেলত বাহৰ পাতি থকা তথা দক্ষিণ ভাৰতৰ আৰ কুমাৰ নামৰ লোকজনে নিজকে এইডছ নিয়ন্ত্ৰণ কোষৰ বিষয়া বুলি পৰিচয় দিছিল৷তেওঁ লখিমপুৰৰ মানস গগৈ আন এজন লোকৰ স’তে মিলিত হৈ তেজপুৰত স্নেহা নামৰ এটা বেছৰকাৰী স্বেচ্ছাসেৱী…
সম্পূৰ্ণ হোৱাৰ দিশে তেজপুৰ-জামুগুৰিহাট সংযোগী চকীঘাট দলং
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১১ আগষ্ট : শোণিতপুৰৰ খৰস্ৰোতা জীয়াভৰলী নৈৰ ওপৰৰ দ্বিতীয়খন দলং চকীঘাট দলঙৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত৷তেজপুৰ আৰু জামুগুৰিহাটৰ দূৰত্ব প্ৰায় ডেৰঘন্টা সময়ৰ পৰা এইখন দলঙে প্ৰায় আধাঘন্টালৈ হ্ৰাস কৰিব আৰু শীঘ্ৰেই এইখন দলং সৰ্বসাধাৰণৰ বাবে মুকলি কৰা হ’ব৷উল্লেখযোগ্য যে,এসময়ত তেজপুৰৰ পৰা নিৰ্বাচিত জনতা দলৰ সাংসদ তথা প্ৰয়াত ড° পূৰ্ণ নাৰায়ণ সিঙে প্ৰস্তাৱ দিছিল জীয়াভৰলীৰ ওপৰৰে চকীঘাটৰ পৰা এখন দলং নিৰ্মাণৰ বাবে৷ ইয়াৰ পিছত জীয়াভৰলীৰ বুকুৰে পাৰ হৈ গ’ল বহু পানী৷ সলনি হ’ল নৈখনৰ কাষৰীয়া অঞ্চলৰ বহু…
তিনিচুকীয়াত প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দৰ উপস্থিতিত প্ৰস্তুতি সভা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১১ আগষ্ট : ’বাগানে বাগানে প্ৰদেশ কংগ্ৰেছ’ শীৰ্ষক কাৰ্যসূচী সফল কৰি তোলাৰ উদ্দেশ্যেৰে আজি তিনিচুকীয়াত দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাকে ধৰি প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃবৃন্দৰ উপস্থিতিত এখনি প্ৰস্তুতি সভা অনুষ্ঠিত হৈ যায় ৷ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সৌজন্যত তথা তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিৰ সহযোগত অনুষ্ঠিত সভাখনৰ আঁত ধৰে তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱাই ৷ সভাত প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা, অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, অসম…
প্ৰাক্তন শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামীৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ সুকলমে সম্পন্ন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১১ আগষ্ট :সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা লগ্নৰ কাণ্ডাৰী, অসম গণ পৰিষদ দলৰ জন্ম লগ্নৰে জ্যেষ্ঠ নেতা, পাঁচটাকৈ কাৰ্যকালৰ তেজপুৰ সমষ্টিৰ বিধায়ক, প্ৰাক্তন শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামীৰ হৃদযন্ত্ৰৰ এক জটিল অস্ত্ৰোপচাৰ আজি বিয়লি সম্পন্ন হৈ যায় গুৱাহাটীৰ হেল্থ চিটি হাস্পতালত।উল্লেখ্য যে, কিছুদিন ধৰি হৃদযন্ত্ৰজনিত ৰোগত আক্ৰান্ত হৈ থকা জাতীয়তাবাদী নেতা গৰাকী গুৱাহাটীৰ হেল্থ চিটি হাস্পতালৰ চিকিৎসক ডাঃ ভৱানন্দ দাসৰ জৰিয়তে চিকিৎসা গ্ৰহণ কৰি থকাৰ পিছত এক অস্ত্ৰোপচাৰৰ প্ৰয়োজন হোৱাত কালি দিনৰ ১-৩০ বজাত…
লখিমপুৰত পুনৰ নকল সোণ-জাল নোট চক্ৰ সক্ৰিয়
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১১ আগষ্টঃ লখিমপুৰত জিলাত কিছু দিনৰ পূৰ্বে আৰক্ষী অধীক্ষক হিচাপে আনন্দ মিশ্ৰই যোগদান কৰাৰ পিছতে লখিমপুৰ জিলাৰ বঙালমৰাকে ধৰি বিভিন্ন প্ৰান্তত চলি থকা নকল সোণ আৰু জাল নোটৰ বেহা কিছু স্থবিৰ হৈছিল যদিও পুনৰ নকল সোণ আৰু জাল নোট চক্ৰ সক্ৰিয় হৈ পৰাৰ তথ্য পোহৰলৈ আহিছে৷ আজি বঙালমৰাৰ সমীপৱৰ্তী সোনাপুৰ ৰিজাৰ্ভত দুজন প্ৰবঞ্চকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে এই কথা স্পষ্ট হৈ পৰিছে৷ মাত্ৰ কেইদিনমানৰ পূৰ্বে লখিমপুৰ জিলা কাৰাগাৰৰ পৰা অৰ্ধশতাধিক জালনোট-নকল সোণৰ বেপাৰীয়ে জামিনত মুক্তি লাভ কৰি যোৱাৰ পিছতে পুনৰ…
শয়নে-সপোনে আজিও কেৱল নেহৰুকে দেখা পায় মোদীয়ে–ভূপেন বৰা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ১১ আগষ্টঃ শয়নে-সপোনে কেৱল নেহৰুকে দেখি থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে অনাস্থা প্ৰস্তাৱ বিতৰ্কত মূল বিষয় মণিপুৰৰ পৰা ফালৰি কাটি অসমৰ প্ৰসংগহে উত্থাপন কৰে। তাকে কৰিবলৈ গৈ দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱহাৰলাল নেহৰুৰ বক্তব্য ভুলকৈ উত্থাপন কৰি গোৱেব্বলছীয় নীতিৰে জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছে মোদীয়ে। নাজী শাসনকালত হিটলাৰৰ বিশ্বস্ত মন্ত্ৰী গোৱেব্বলছে 'একেটা মিছা কথা বাৰম্বাৰ কৈ থাকিলে মানুহে সেই মিছাটোকে সত্য বুলি ধৰি লয়’ নীতি অনুসৰণ কৰি কংগ্ৰেছ বিৰোধী একাংশ লোকে দেশ…
লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত সোণালী জয়ন্তী বক্তৃতা সম্পন্ন
উত্তৰ লখিমপুৰ, ১১ আগষ্টঃ আজি লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত সোণালী জয়ন্তী বক্তৃতা শৃংখলাৰ পঞ্চমটো বক্তৃতা প্ৰদান কৰা হয়। মহাবিদ্যালয়খনত এক গাম্ভীৰ্য্যপূৰ্ণ সভাত বিশিষ্ট শিক্ষাবিদ তথা ৰাষ্ট্ৰীয় বিজ্ঞান লেখিকা বঁটা-২০১৯ বিজয়ী ড০ অমিয়া ৰাজবংশীয়ে এই বক্তৃতা প্ৰদান কৰে। পঞ্চম সোণালী জয়ন্তী বক্তৃতা শৃংখলাৰ আৰম্ভণিতে লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বক্তৃতা শৃংখলাৰ আহ্বায়ক অধ্যাপক ছাজ্জাদ হুছেইনে প্ৰাৰম্ভিক ভাষণ প্ৰদান কৰে। অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে অধ্যক্ষ ড০ লোহিত হাজৰিকাই।
বক্তৃতানুষ্ঠানত ড০ অমিয়া…
লখিমপুৰত অসম জাতীয় পৰিষদৰ সভাত সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে হুংকাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১০ আগষ্টঃ লখিমপুৰ নগৰৰ মাজমজিয়াত অসম জাতীয় পৰিষদৰ এখন সভা আজি অনুষ্ঠিত হয়৷ এই সভাত বৰ্তমান চৰকাৰৰ কাম-কাজক তীব্ৰ সমালোচনা কৰাৰ লগতে সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে পৰিষদে তীব্ৰ হুংকাৰ দিয়ে৷ উত্তৰ লখিমপুৰ নগৰৰ সাহিত্য সভা ভৱনত অসম জাতীয় পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা নাগৰিক সভাত এনে হুংকাৰ দিয়ে পৰিষদে৷ লখিমপুৰৰ জিলা সভাপতি ৰামেশ্বৰ কোঁৱৰৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত আদৰণি ভাষণ প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক সুৰজিৎ ভূঞাই৷ সভাখনত নগৰখনৰ অৰ্ধশতাধিক বিশিষ্ট লোকে অংশগ্ৰহণ কৰে আৰু সকলোৱে…
শীতল পানীয়ৰ বটল বিক্ৰী কৰি অধিক দাম লোৱা ৮ ব্যৱসায়ীৰ বিৰুদ্ধে গোচৰ ৰুজু
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ১০ আগষ্ট : উৎকট গৰমৰ সুযোগ গ্ৰহণ কৰি তেজপুৰ চহৰৰ ৮ গৰাকী অসাধু ব্যৱসায়ীয়ে নানাৰঙী শীতল পানীয় ফ্ৰিজিং কৰাৰ নামত গ্ৰাহকৰ পৰা অতিৰিক্ত দাম লোৱাৰ অভিযোগৰ ভিত্তিত অসম চৰকাৰৰ বৈধ্য পৰিমাণ বিজ্ঞান আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। উল্লেখ্য যে, ব্যৱসায়ী সকলে কোনো ধৰণৰ সুযোগ গ্ৰহণ কৰি গ্ৰাহকৰ পৰা শীতল পানীয়ৰ লগতে পেকেটৰ যিকোনো সামগ্ৰীৰ পৰা অতিৰিক্ত দাম ল'ব নোৱাৰে তাৰ প্ৰতি সজাগতা আৰু সতৰ্কতা সৃষ্টিৰ বাবে কালি বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ উদ্যোগত আৰু তেজপুৰৰ উত্তৰ অসম বণিক সন্হাৰ সহযোগত এখন গুৰুত্বপূৰ্ণ…
