Browsing Category

অসম

জোনমণি কাণ্ডঃ পুনৰ লখিমপুৰত চি বি আইৰ দল

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১০ আগষ্টঃ ৰাজ্য কঁপাই যোৱা জোনমণি কাণ্ডৰ তদন্ত চলাই থকা চি বি আইৰ এটা দল আজি পুনৰ লখিমপুৰৰ বঙালমৰাত উপস্থিত হয়৷ চি বি আইৰ সাতজনীয়া দলটোৱে বিহপুৰীয়া থানাৰ অন্তৰ্গত বঙালমৰাত উপস্থিত হৈ জোনমণি কাণ্ডৰ লগত সাঙোৰ খাই পৰা আজগৰ আলিক পুনৰ জেৰা কৰে৷ উল্লেখ্য যে আজগৰ আলিৰ মাতৃ আমিনা খাতুনে জোনমণি ৰাভাৰ বিৰুদ্ধে বঙালমৰা আৰক্ষী চকীত গোচৰ তৰিছিল৷ আমিনা খাতুনে তেওঁৰ পুত্ৰ আজগৰ আলিৰ পৰা ধন লৈ জোনমণি ৰাভাই এৰি দিয়া বুলি এজাহাৰ দাখিল কৰিছিল৷ উল্লেখনীয় কথা যে কেইমাহ মানৰ পূৰ্বে নকল সোণ-জাল নোটৰ গোচৰত আজগৰ আলিয়ে…

তিনিচুকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষৰ নামফলক ব্যৱহাৰ কৰি ফেচবুকত চুতীয়া জনগোষ্ঠীক অপমান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৯ আগষ্ট : তিনিচুকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সূৰ্য চুতীয়াৰ নামফলক ব্যৱহাৰ কৰি Alia vs Papu Jokes নামৰ এক ফেচবুক পেজত যোৱা ৭ আগষ্টত আপলোড কৰা এটা প'ষ্টৰ জৰিয়তে চুতীয়া জনগোষ্ঠীক ইতিকিং কৰাৰ লগতে অধ্যক্ষগৰাকীৰ পদমৰ্যদা হানি কৰিবলৈ যত্ন কৰা কাৰ্যক কেন্দ্ৰ কৰি চুতীয়া জনগোষ্ঠীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আজি চুতীয়া জাতি সন্মিলন, চুতীয়া জাতি যুৱ সন্মিলন আৰু চুতীয়া ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে এক সংবাদমেল এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে অসমৰ আদিম ভূমিপুত্ৰসকলৰ অন্যতম…

শুভাৰম্ভৰ পাছদিনাই প্ৰতিবাদ : পাম অইলৰ খেতিৰ বিৰুদ্ধে তিনিচুকীয়াত গৰজি উঠিল আছু, অজাযুছাপ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৯ আগষ্ট : কেন্দ্ৰীয় চৰকাৰ, বাবা ৰামদেৱ আৰু পুঁজিপতি গোষ্ঠীক সন্তুষ্ট কৰাৰ বাবে অসম চৰকাৰে ৰঙা দলিচা পাৰি হঠকাৰী সিদ্ধান্তৰে ৰাজ্যত পাম অইলৰ খেতি কৰিবলৈ লোৱা পৰিকল্পনাৰ তীব্ৰ বিৰোধিতা কৰিছে তিনিচুকীয়া জিলা ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবদী যুৱ-ছাত্ৰ পৰিষদৰ (অজাযুছাপ) তিনিচুকীয়া জিলা সমিতি ৷ আজি পৃথকে পৃথকে প্ৰেৰণ কৰা বিবৃতিত জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰাজা বলিমৰা আৰু সাধাৰণ সম্পাদক সমৰ জ্যোতি গোহাঁইৰ উপৰি অজাযুছাপৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সোণমণি চলিহা আৰু সাধাৰণ সম্পাদক কাঞ্চন বৰাই পাম…

তেজপুৰৰ সবিতা দাসলৈ মধ্যপ্ৰদেশ সাহিত্য অকাডেমিৰ “অল ইণ্ডিয়া অটল বিহাৰী বাজপেয়ী সন্মান”

শতাব্দ ষ্টফ ৰিপটাৰ তেজপুৰ, ৯ আগষ্ট : মধ্যপ্ৰদেশ সাহিত্য অকাদেমীয়ে আগবঢ়োৱা "অল ইণ্ডিয়া অটল বিহাৰী বাজপেয়ী সন্মান" কবিতাৰ শিতানত এইবাৰ লাভ কৰিবলৈ সক্ষম হৈছে তেজপুৰৰ সবিতা দাস নামৰ এগৰাকী কবি তথা লেখিকাই। উল্লেখ্য যে যোৱা যোৱা ২৫ জুলাই মঙলবাৰে স্থানীয় ৰবীন্দ্ৰ ভৱনৰ অঞ্জনী প্ৰেক্ষাগৃহত মধ্যপ্ৰদেশ সাহিত্য অকাডেমী, ভোপালৰ উদ্যোগত বিগত বছৰবোৰৰ বাবে ঘোষণা কৰা বঁটা বিতৰণী অনুষ্ঠানৰ আয়োজন কৰা হয়। একাডেমীৰ সভাপতি ড০ বিকাশ ডেভে কয় যে যোৱা চাৰি বছৰৰ বাকী থকা বঁটাসমূহ এই কাৰ্যসূচীত প্ৰদান কৰা হৈছে। স্থানীয় আৰু সমগ্ৰ ভাৰতৰ লগতে…

মোদী হতাও দেশ বচাও শ্ল’গানৰে উত্তাল তেজপুৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৯ আগষ্টঃ চিআইটিইউ আৰু শোণিতপুৰ জিলা কৃষক সভাৰ বিক্ষোভ প্ৰতিবাদত আজি উত্তাল হৈ পৰিল তেজপুৰ ৷ জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহুসংখ্যক দলীয় নেতা কৰ্ম্মীয়ে তেজপুৰ হেম বৰুৱা ভৱনৰ সন্মুখত অৱস্হান কৰি মূল্যবৃদ্ধি ৰোধ কৰক , মোদী হতাও দেশ বচাও আদি বিভিন্ন শ্ল’গানৰে ধৰ্ণা দি ব্যপক ৰূপত প্ৰতিবাদী কাৰ্যসূচী ৰুপায়ন কৰে ৷ ঔষধৰ কলা বজাৰ বন্ধ কৰক , শ্ৰম সংহিতা বাতিল কৰক আচঁনিভূক্ত কৰ্ম্মচাৰীক মাননিৰ সলনি মজুৰি দিয়ক , নিৰ্মাণ শ্ৰমিক কল্যান আইন ৰক্ষা কৰক , চাহ শ্ৰমিকৰ মজুৰি ৬৬১ টকালৈ বৃদ্ধি কৰক , এমজি…

ডুবাইত ভাৰতক প্ৰতিনিধিত্ব কৰা লখিমপুৰৰ বৰ্ষীয়ান মহিলা ক্ৰীড়াবিদ শশী খাউণ্ডৰ সাফল্য

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ আগষ্টঃ সংযুক্ত ভাৰতীয় খেল ফাউণ্ডেচন আৰু ইণ্ডোশ্ৰী সংস্থাই ডুবাইত অনুষ্ঠিত কৰা এছ বি কে এফ অষ্টম আন্তৰাষ্ট্ৰীয় ক্ৰীড়া ২০২৩ প্ৰতিযোগিতাত লখিমপুৰ নগৰৰ ৬৫ বছৰীয়া মহিলা খেলুৱৈ শশী খাউণ্ডে বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি তিনিটাকৈ সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হয়৷ যোৱা ১ আগষ্টৰ পৰা ৬ আগষ্টলৈ অনুষ্ঠিত হোৱা এই ক্ৰীড়া প্ৰতিযোগিতাত ভাৰতৰ হৈ সদৌ অসম মহিলা ক্ৰীড়া সংগঠনৰ সম্পাদিকা শশী খাউণ্ড সহ মুঠ ১২ জনে অসমৰ পৰা আৰু ভাৰতৰ হৈ মুঠ ২৩৬ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল৷ উল্লেখ্য যে উক্ত প্ৰতিযোগিতাত…

লখিমপুৰ নগৰত ৫ তোলা সোণ সহ চোৰ ধৃত

 ঃ সোণাৰী দোকানত সোণ পৰীক্ষা কৰাৰ সময়তে ৰাইজৰ জালত পৰিল চোৰ শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ আগষ্টঃ উত্তৰ লখিমপুৰ নগৰৰ বৰমুৰীয়া তিনিআলিত আজি দুপৰীয়া এটা চোৰে সোণাৰী দোকানত সোণৰ আ-অলংকাৰ পৰীক্ষা কৰিবলৈ অহা সময়তে উপস্থিত লোকে এটা চোৰক হাতে লুটে ধৰিবলৈ সক্ষম হয়৷ ধৃত চোৰটো হৈছে লখিমপুৰ খগা নিবাসী বিৰেণ নাথৰ পুত্ৰ তপনজ্যোতি নাথ৷ উল্লেখ্য যে আজি দুপৰীয়া উত্তৰ লখিমপুৰ নগৰৰ কে বি ৰোডৰ বৰমূৰীয়া তিনিআলিত থকা এখন সোণাৰী দোকানত সোণৰ আ-অলংকাৰ পৰীক্ষা কৰিবলৈ অহাৰ সময়তে স্থানীয় লোকৰ সন্দেহ ওপজাত তপনজ্যোতি নাথ নামৰ চোৰটোক ৰাইজে কৰায়ত্ত…

কণক চন্দ্ৰ কলিতাক ‘কমলা শইকীয়া বটাঁ-শ্মশান বন্ধু উপাধি প্ৰদান’

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৯ আগষ্টঃ ১৯৯১ চনৰ ৯ আগষ্টত আততায়ীৰ গুলীত নিহত হোৱা ৰাজ্যৰ প্ৰথম গৰাকী ছহিদ সাংবাদিক কমলা শইকীয়াৰ মৃত্যু তিথি তেজপুৰত শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নত আজি পুৱা অনুষ্ঠিত কৰা হয়। এই উপলক্ষে ছহিদ সাংবাদিক গৰাকীৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰে জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি সঞ্জীৱ হাজৰিকা আৰু সাধাৰণ সম্পাদক মনোজ কুমাৰ শইকীয়াই। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে অৱসৰ প্ৰাপ্ত অধ্যাপক তথা তেজপুৰৰ পৰা প্ৰকাশিত সাপ্তাহিক গণকন্ঠ কাকতৰ মুখ্য সম্পাদক ড° প্ৰাণজিৎ হাজৰিকাই। ইয়াৰ পাছতে অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাত অংশ…

ভট্টদেৱ বিশ্ববিদ্যালয়ত দীক্ষাৰাম্ভ 

পাঠশালা ৯ আগষ্টঃ বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশনা অনুসৰি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰমৰ নৱাগত ছাত্ৰ ছাত্ৰী সকলৰ বাবে অনুষ্ঠিত কৰা সপ্তাহযোৰা দীক্ষাৰাম্ভ কাৰ্যসূচীৰ ৮ আগষ্ট তাৰিখে সফলতাৰে সমাপ্ত হয়। ২০২৩-২৪ শিক্ষা বৰ্ষৰ আৰম্ভণিৰ দিনাখন অৰ্থাৎ এক আগষ্ট তাৰিখে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক বিৰিঞ্চি কুমাৰ দাসে দীক্ষাৰাম্ভ কাৰ্যসূচী আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিছিল আৰু সেই সভাতেই বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক সুভাষ কুমাৰ দাসে  বিশ্ববিদ্যালয়ৰ হৈ নৱাগত ছাত্ৰ-ছাত্ৰীসকলক…

পাম অইলৰ খেতিয়ে অসমৰ ভৱিষ্যতলৈ কঢ়িয়াই আনিছে অশনি সংকেত !

গুৱাহাটী, ৯ আগষ্টঃ অসমৰ ১৮খন জিলাত পাম অইলৰ খেতি কৰিবলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইণ্ডিয়ান কাউন্সিল অব এগ্ৰিকালচাৰেল ৰিচাৰ্ছ চমুকৈ আইচএআৰে এই খেতিত অনুমোদন জনাইছে বুলি চৰকাৰে প্ৰকাশ কৰিছে। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল অসমৰ জলবায়ুৰ লগত এই খেতিৰ কোনো সম্পৰ্ক নাই বুলি ৰাজ্যখনৰ একাংশ কৃষি বিশেষজ্ঞই মন্তব্য কৰিছে। ইয়াৰ কাৰণ হ’ল এজোপা পূৰ্ণবয়স্ক পাম অইল বা তৈল খেজুৰ গছে দৈনিক ২০০-৩০০ লিটাৰ পানী সংগ্ৰহ কৰে। ইয়াৰ ফলত ভূগৰ্ভৰ পানী কমি যোৱাৰ আশংকা আছে আৰু অসম ক্ৰমে মৰুভূমিলৈ ৰূপান্তৰ হোৱাৰ ভয়ানক ঘটনা ঘটিব পাৰে। ইতিমধ্যে পাইলট…