Browsing Category
অসম
সৌন্দৰ্য্য কলাত পুনৰ জিলিকিল তেজপুৰৰ স্নেহা বৰুৱা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২ আগষ্ট : সৌন্দৰ্য্য কলাৰ ক্ষেত্ৰত ধাৰাবাহিক ভাৱে কৃতিত্বৰ পৰিচয় দি অহা তেজপুৰ হজৰাপাৰৰ প্ৰাণজিৎ বৰুৱা আৰু জোনালী বৰা বৰুৱাৰ কন্যা স্নেহা বৰুৱাই স্পাৰ্ক প্ৰফেশ্যনেল একাডেমীয়ে আয়োজন কৰা মিছ আৰু মিষ্টাৰ আছাম প্ৰতিযোগিতাত ব্ৰেণ্ড এম্বেচেদৰ খিতাপ অৰ্জন কৰাৰ পিছত এইবাৰ পুনৰ স্পাৰ্ক প্ৰফেশ্যনেল একাডেমীয়ে আয়োজন মিছ এণ্ড মিষ্টাৰ ইণ্ডিয়া প্ৰতিযোগিতাত ব্ৰেণ্ড এম্বেচেদৰ খিতাপ অৰ্জন কৰি তেজপুৰৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। সৰুৰে পৰা সৌন্দৰ্য্য কলাৰ চৰ্চা অব্যাহত ৰখা স্নেহাই ইয়াৰ পূৰ্বে ২০২২ চনত…
তিনিচুকীয়াৰ আৰক্ষীৰ তথ্যক নস্যাৎ আলফা স্বাধীনৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ আগষ্টঃ আলফা সন্দৰ্ভত অসম আৰক্ষীয়ে কুটিল ষড়যন্ত্ৰ কৰাৰ অভিযোগ কৰিছে সংযুক্ত মুক্তি বাহিনী, অসম ৰ, প্ৰচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমে। এক বিবৃতিত তেঁও কয়- ডিমৌৰ ঔতলা গাঁৱৰ নিৰ্বাসী পবিত্ৰ কলিতাদেৱৰ পৰিয়ালৰ লগতে অসমৰ থলগিৰি জনগণৰ জ্ঞাতাৰ্থে জনোৱা হয় যে; কলিতাদেৱৰ বাসগৃহত সংঘটিত হোৱা ডকাইতি কাণ্ডত “সংযুক্ত মুক্তি বাহিনী, অসম ” সংগঠন অথবা সংগঠনৰ কোনো সদস্য জড়িত নহয়৷ উক্ত কাণ্ডৰ দ্বাৰা আলফা সংগঠনক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ কোনো দুষ্টচক্ৰ নতুবা আৰক্ষী প্ৰশাসনৰ এক কূটিল ষড়যন্ত্ৰ বুলি আমি অভিহিত…
লখিমপুৰত ছাগলী চোৰে হত্যা কৰা প্ৰণৱ শইকীয়াৰ পৰিয়ালক পাঁচ লাখ টকাৰ সাহায্য প্ৰদান
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২ আগষ্টঃ উত্তৰ লখিমপুৰ নগৰৰ পাৰ্শ্বৱৰ্তী বগলীজানৰ গোৱৰিশালীত যোৱা ২৮ আগষ্টৰ নিশা ছাগলী চোৰে হত্যা কৰা প্ৰণৱ শইকীয়াৰ আত্মীয়লৈ অসম চৰকাৰে পাঁচ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰিছে৷ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা প্ৰেৰণ কৰা পাঁচ লাখ টকাৰ ধনৰ চেকখন আজি লখিমপুৰৰ বিধায়ক মানৱ ডেকা আৰু জিলা আয়ুক্ত সুমিত সাত্তাৱনে আনুষ্ঠানিক ভাৱে নিহত প্ৰণৱৰ জ্যেষ্ঠ ভাতৃ-মাতৃৰ হাতত প্ৰদান কৰে৷ জিলা আয়ুক্ত আৰু বিধায়কজনে গোৱৰিশালীৰ প্ৰয়াত প্ৰণৱ শইকীয়াৰ ঘৰলৈ গৈ প্ৰণৱৰ পিতৃৰ নামত আজি পুৱা এই আৰ্থিক সাহায্যৰ চেকখন…
তিনিচুকীয়াত জুলাই মাহতে জব্দ ৩.১ কোটিৰ ড্ৰাগছ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১ আগষ্ট : মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে তিনিচুকীয়া আৰক্ষীৰ তীব্ৰ অভিযান ৷ কেৱল জুলাই মাহৰ ভিতৰতে তিনিচুকীয়া আৰক্ষীয়ে ৩.১ কোটি টকা মূল্যৰ অবৈধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে ৷ জুলাই মাহত তিনিচুকীয়া আৰক্ষীয়ে ২১ টা এন ডি পি এছ গোচৰ ৰুজু কৰাৰ লগতে ৬৬ জন অভিযুক্তক এই সংক্ৰান্তত গ্ৰেপ্তাৰ কৰিছে ৷ কিন্তু ধাৰাবাহিক অভিযানৰ পাছতো আৰক্ষীয়ে ৰোধ কৰিব পৰা নাই নিষিদ্ধ ড্ৰাগছৰ অবাধ বেহা ৷ ডিমাপুৰৰ লগতে অৰুণাচলৰ বিভিন্ন প্ৰান্তৰ পৰা তিনিচুকীয়ালৈ নিতৌ বাছ, ৰেলযোগে বা অন্যান্য পন্থাৰে সৰবৰাহ হৈ আছে…
মেৰমুখত বৌদ্ধিক বিকাশ কৰ্মশালা
শতাব্দ প্ৰতিনিধি, নাৰায়ণপুৰ,১আগষ্ট: নাৰায়ণপুৰৰ দক্ষিণাঞ্চলৰ বানেধোৱা মেৰমুখৰ দক্ষিণ নাৰায়ণপুৰ কৃষ্টি বিকাশ কেন্দ্ৰ'ৰ ৰঙ্গমঞ্চত পষেকজোৰা কাৰ্যক্ৰমণিকাৰে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক, বৌদ্ধিক, সাংস্কৃতিক বিকাশৰ উদ্দেশ্য ৰাখি আয়োজন কৰা বৌদ্ধিক বিকাশ কৰ্মশালাখনি যোৱা ৩১জুলাইত সামৰণি পৰে। মেৰমুখ বাৰেচহৰীয়া উন্নয়ন সভাৰ সাহিত্য আৰু কৃষ্টি উপ-সমিতিৰ উদ্যোগত যোৱা ১৬ জুনত শুভাৰম্ভ হোৱা সাহিত্য আৰু সাংস্কৃতিক কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে বিহপুৰীয়া মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড° চিত্ৰলেখা ফুকন, প্ৰাক্তন বিষয় শিক্ষক…
সাঁচিপতীয়া পাণ্ডুলিপি আৰু শংকৰী চিত্ৰশৈলীৰ কৰ্মশালা সম্পন্ন
গুৱাহাটী, ১ আগষ্টঃ অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ সহযোগত তথা ছ'চাইটী ফৰ শ্ৰীমন্ত শঙ্কৰদেৱ (https://www.sankaradeva.com) নামৰ সংস্থাৰ উদ্যোগত ২৬ জুলাইৰ পৰা ৩০ জুলাই তাৰিখলৈ গুৱাহাটীস্থ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ সভাকক্ষত “সাঁচিপতীয়া পুথি প্ৰস্তুতকৰণ আৰু শংকৰী চিত্ৰশৈলীত অংকন” শীৰ্ষক পাঁচদিনীয়া কৰ্মশালা এখন অনুষ্ঠিত হয়। কৰ্মশালাখনিত গুৱাহাটী, তেজপুৰ, গোলাঘাট, নগাঁওৰ চিত্ৰশিল্পীকে আদি কৰি অধ্যাপক,শিক্ষাৰ্থী তথা বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ কৰ্মচাৰীয়েও অংশগ্ৰহণ কৰে। কৰ্মশালাখনিৰ প্ৰশিক্ষক মৃদু মৌচম বৰাৰ নেতৃত্বত…
অসম মহিলা টাগ অফ ৱাৰ দলৰ খেলুৱৈক ৰঙাপৰাত বিশেষ সম্বৰ্ধনা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১আগষ্টঃ শোণিতপুৰ টাগ অফ ৱাৰ এছোচিয়েছনৰ উদ্যোগত আৰু তেজপুৰ অসমীয়া ক্লাব আৰু শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাৰ সহযোগত কালি ৰঙাপৰা মহাবিদ্যালয় প্ৰেক্ষাগৃহত অসম মহিলা টাগ অফ ৱাৰ দলৰ খেলুৱৈ সকলক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে যোৱা ২০ ৰ পৰা ২৩ জুলাইত তামিলনাডুৰ নামাক্কলত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় মহিলা টাগ অফ চেম্পিয়নশ্বিপত অসম মহিলা দলটোৱে চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। অসম মহিলা দলক প্ৰতিনিধিত্ব কৰা খেলুৱৈ সকল আছিল মায়াশ্ৰী স্বৰ্গীয়ৰী, পদুমী বসুমতাৰী, নিজলা মোছাহাৰী, গনৰাণী…
‘লাচিত সেনা’ৰ কাৰ্যকলাপৰ বাবে বীৰ লাচিত সেনা কোনো প্ৰকাৰে দায়বদ্ধ নহয়
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১ আগষ্টঃ নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত আজি দুপৰীয়া বীৰ লাচিত সেনা অসমৰ হৈ লখিমপুৰ জিলা সমিতিয়ে এখন সংবাদমেল সম্বোধন কৰে৷ বীৰ লাচিত সেনা অসমৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি ভদ্ৰজিৎ দত্ত, মুখ্য সচিব ৰূপাংকৰ বৰা, যুটীয়া সচিব ৰাতুল গগৈ, শিক্ষা সচিব উৎপল গগৈ আদি উপস্থিত থকা সংবাদমেলত তেওঁলোকে কয় যে লাচিত সেনাৰ কাৰ্যকলাপৰ বাবে বীৰ লাচিত সেনা অসম কোনো প্ৰকাৰে দায়বদ্ধ নহয়৷ সত্যজিত দত্ত আৰু ইমৰাণ খান নামৰ পূৰ্বে বহিষ্কৃত দুজন সদস্যই বীৰ লাচিত সেনাৰ পৰা পদত্যাগ কৰা বুলি সংবাদ মাধ্যমত ভুৱা বাতৰি প্ৰচাৰ কৰিছে…
লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী ভৱনৰ নিৰ্মাণৰ শুভাৰম্ভ
লখিমপুৰ, ১ আগষ্টঃ লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী ভৱনৰ নিৰ্মাণৰ শুভাৰম্ভ কালি কৰা হয়। লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উপলক্ষ্যে নিৰ্মাণ হ'ব লগীয়া ভৱনৰ সম্পূৰ্ণ বৈদিক মন্ত্ৰোচ্চাৰণেৰে শুভাৰম্ভ কৰে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড° মুহিধৰ পূজাৰীয়ে। লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী আৰু প্ৰাক্তন ছাত্ৰ সংগঠনৰ আৰ্থিক সাহাৰ্য্যৰে নিৰ্মিত এই সোণালী জয়ন্তী ভৱনৰ নিৰ্মাণৰ শুভাৰম্ভ অনুষ্ঠানত নাৰিকল ভাঙে অধ্যক্ষ ড° লোহিত হাজৰিকাই। উত্তৰ লখিমপুৰ লোক নিৰ্মাণ (গৃহ) বিভাগৰ কাৰ্য্যবাহী…
ৰূপকোঁৱৰৰ ঐতিহাসিক “পকী”ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ “ৰুক্মিণী হৰণ”
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১ আগষ্ট : মাজুলীৰ আউনিআটী সত্ৰৰ সত্ৰীয়া শিল্পী তথা গুৱাহাটীৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ সত্ৰীয়া আৰু খোল বিভাগৰ শিক্ষক অতুল ভূঞাৰ আশিস লৈ তেজপুৰৰ সৃজনী সংগীত মহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে কালি সন্ধিয়া তেজপুৰৰ ৰূপকোঁৱৰৰ পৈতৃক গৃহ ঐতিহাসিক "পকী" ৰ ৰূপকোঁৱৰ মঞ্চত পৰিৱেশন কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি "ৰুক্মিণী হৰণ" ভাওনাই মুগ্ধ কৰি তোলে ৰাইজক। উল্লেখ্য যে নৃত্য শিল্পৰ ক্ষেত্ৰত বিশেষ কৃতিত্ত্বৰ পৰিচয় দি অহা তেজপুৰৰ দক্ষ নৃত্যশিল্পী মিতালী দত্ত বৰঠাকুৰৰ তৎপৰতাত গঢ়ি উঠা…
