Browsing Category

অসম

বাণ থিয়েটাৰত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ দুশ নৱপ্ৰজন্মৰ কন্ঠত জয়ন্ত হাজৰিকাৰ গীত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২২ জুলাই : চিৰসেউজ, দৰদী গীতেৰে শ্ৰোতাৰ অন্তৰ জয় কৰি যোৱা বিশিষ্ট কন্ঠশিল্পী, সুৰকাৰ, সংগীতশিল্পী জয়ন্ত হাজৰিকাৰ গীতসমূহ চিৰযুগমীয়া কৰি ৰখাৰ মানসেৰে তেজপুৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান "সংগীতম" এ বিগত দুটা বছৰৰ পিছত এইবাৰো তেজপুৰৰ বাণ থিয়েটাৰত আয়োজন কৰা সদৌ অসম ভিত্তিক তৃতীয় বাৰ্ষিক জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতাত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় দুশ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰি উৎকট গৰমতো আজি অভূতপূৰ্ব পৰিৱেশৰ সৃষ্টি কৰে । দুটা শাখাত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতা আজি পুৱা সংগীতমৰ শীৰ্ষ গীতৰ মাজত…

তিনিচুকীয়াৰ  বিতৰ্কিত লটাৰী-কাণ্ডৰ সৈতেও সাঙোৰ খাইছিল বিজেপিৰ মধ্যভোগীৰ ভূমিকাত অৱতীৰ্ণ হোৱা আটাছুৰ সভাপতিৰ নাম

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২২ জুলাই : বিজেপিৰ মধ্যভোগীৰ ভূমিকাত অৱতীৰ্ণ হৈ শাসকীয় দলটোৰ প্ৰাৰ্থিত্ব প্ৰদানৰ ঠিকা লোৱা আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁই আৰু যোৰহাট সংসদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী লাচিত গগৈৰ মাজত হোৱা কথোপকথনৰ অডিঅ’ ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পাছত কেউদিশে সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়া আজিও মাৰ যোৱা নাই ৷ স্বয়ং মুখ্যমন্ত্ৰীকো সাঙুৰি হোৱা কথোপকথনৰ এই ভাইৰেল অডিঅ’ ৰেকৰ্ডিং শুনিলে বুজা যায় যে যোৰহাট লোকসভা সমষ্টিৰ পৰা এইবাৰ লাচিত গগৈক প্ৰক্ষেপ কৰি তপন গগৈ হাটাও অভিযানত গোপনে বিজেপি দলৰ মধ্যস্থতাকাৰীৰ…

তেজপুৰত আন্তঃক্লাব কাৰাটেৰ সফল সমাপ্তি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৯জুলাইঃ তেজপুৰৰ ঐতিহ্যমণ্ডিত ডেকাৰগাঁও ঊষা নাট্যমন্দিৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা তেজপুৰ জিলা দ্বিতীয় বাৰ্ষিক ৰাজেন বৰঠাকুৰ সোঁৱৰণী আন্তঃক্লাব কাৰাটে প্ৰতিযোগিতাত শ্ৰেষ্ঠ দলৰ সন্মান তেজপুৰ কাৰাটে ডজাং দলে লাভ কৰাৰ বিপৰীতে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান বালিপুখুৰী তিনিআলি ডজ’ ক্লাৱে অৰ্জন কৰিছে৷উল্লেখযোগ্য যে জিলাখনৰ মুঠ ২৪টা কাৰাটে দলৰ ৩৮৪জন প্ৰতিযোগীয়ে অংশ লোৱা তথা তেজপুৰ জিলা কাৰাটে সন্হাৰ উদ্যোগত আৰু ডেকাৰগাঁও কাৰাটে ক্লাৱৰ আতিথ্য তথা ডেকাৰগাঁও ৰাইজৰ সহযোগত অনুষ্ঠিত প্ৰতিযোগিতাখন যোৱা নিশা অতি…

তেজপুৰৰ সাংসদক সমষ্টি বিচাৰি ফুৰা ফৰিঙৰ দৰে প্ৰাণী বুলি  ক্ষুৰধাৰ সমালোচনা কংগ্ৰেছৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৯জুলাইঃ “সাংসদ পল্লৱ লোচন দাস জাতিৰ,নিজৰ জনগোষ্ঠীৰ বাবেই এক প্ৰতাৰক৷এনে লোকৰ কংগ্ৰেছক সমালোচনা কৰাৰ নৈতিক অধিকাৰ নাই৷ য’দি সৎসাহস আছে তেনেহলে তেওঁৰ সম্পত্তিৰ হিচাপ দাখিল কৰক৷তেওঁ সমষ্টি বিচাৰি জঁপিয়াই ফুৰা ফৰিঙৰ শ্ৰেণীৰ এক প্ৰাণী৷ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ভৰিত ধৰি কংগ্ৰেছত যোগদান নকৰা হ’লে পল্লৱ লোচন দাস ইমানদিনে কোনো চাহ বাগিছাত চৰ্দাৰ নাইবা লাইনত কাম কৰি থাকিব লগীয়া হ’লহেঁতেন৷পৰৱৰ্তী সময়ত তেওঁ ড° হিমন্ত বিশ্ব শৰ্মাৰ স’তে যৌতুকত যোৱাৰ দৰে গৈ বিজেপিত যোগদান কৰিলে৷” তেজপুৰত আজি তেজপুৰ…

দায়িত্ব বানচ গ্ৰহণ নকৰে ক্ষোভিত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকে

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৯জুলাইঃ ৰাজ্যৰ বিভিন্ন শিক্ষাখণ্ডৰ প্ৰাথমিক বিদ্যালয় সমূহত পদহীনতাৰ বিপৰীতে ভাৰপ্ৰাপ্ত প্ৰধানশিক্ষকৰ দায়িত্ব পালন কৰাৰ বাবে লাভ কৰা তিনিশ টকাৰ দায়িত্ব বানচ আজি শোণিতপুৰৰ বিভিন্ন শিক্ষাখণ্ডৰ অধীনস্থ প্ৰাথমিক বিদ্যালয়ৰ একাংশ ভাৰপ্ৰাপ্ত প্ৰধানশিক্ষকে জুলাই মাহৰ পৰা এই দায়িত্ব বানচ গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে৷অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবীত চলাই অহা আন্দোলনৰ অংশ ৰূপে শোণিতপুৰৰ পাঁচটা শিক্ষাখণ্ডৰ তথা তেজপুৰ মহকুমাৰ ৫২৫খন প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান…

বীৰ লাচিত সেনাৰ তিনি সৈনিকক বহিষ্কাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৯ জুলাই ঃ বীৰ লাচিত সেনা অসমৰ লখিমপুৰ জিলা সমিতিৰ তিনি সৈনিকক আজিৰে পৰা কাৰ্যকৰি হোৱাকৈ সংগঠনটোৰ পৰা বহিষ্কাৰ কৰা হৈছে৷ এক বিজ্ঞপ্তিৰ জৰিয়তে বীৰ লাচিত সেনা, অসমৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি ভদ্ৰজিৎ দত্তই জনোৱা অনুসৰি সংগঠনটোৰ সংবিধান বিৰোধী কাৰ্যকলাপৰ লগত জড়িত থকাৰ বাবে লখিমপুৰ জিলাৰ সমিতিৰ প্ৰাক্তন প্ৰচাৰ সচিব ইমৰাণ খান, চাবতি আঞ্চলিক সমিতিৰ প্ৰাক্তন সচিব মিজানুৰ ৰহমান আৰু বৰ্তমানৰ জিলা সমিতিৰ যুটীয়া সাংগঠনিক সচিব মুকিবুৰ হুছেইন ক সংগঠনৰ বিষয়বাব তথা প্ৰাথমিক সৈনিকৰ পৰাও বহিষ্কাৰ কৰা হৈছে৷

মাৰ্ঘেৰিটাত এখন হেৰোৱা দলং বিচাৰি হাহাকাৰ ৰাইজৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৯ জুলাই : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ ৰাইজে এখন দলং বিচাৰি হাবাথুৰি খাইছে ৷ কিন্তু বিচাৰি পোৱা নাই দলঙখন ৷ প্ৰকৃততে ক’ত অন্তৰ্ধান হ’ল দলঙখন ? স্থানীয় সূত্ৰে জানিব পৰা মতে বিজেপিৰ বুঢ়ীদিহিং মণ্ডল সভাপতি ভাদেশ্বৰ মৰাণে আধাৰশিলা স্থাপন কৰিছিল এই হেৰাই যোৱা দলঙখনৰ ৷ বাৰিষাৰ প্ৰবল বৰষুণে ফেনেফুটুকাৰে উপচাই পেলাইছে ৰাজ্যৰ নদ-নদীসমূহ ৷ প্ৰতিখন জিলাতে বানত আক্ৰান্ত হৈছে বহুসংখ্যক লোক ৷ বাঢ়নী পানীত বিধ্বস্ত হৈছে যাতায়াত ব্যৱস্থা ৷ মাৰ্ঘেৰিটা সমষ্টিৰ বুঢ়ীদিহিং আৰু বিজুলীবন পঞ্চায়তৰ সীমান্তৰ…

লখিমপুৰত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় বৌদ্ধিক শিবিৰত উত্তপ্ত পৰিস্থিতি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৯ জুলাই ঃ লখিমপুৰ নগৰৰ মাজমজিয়াত যোৱা ১৭ জুলাইৰ পৰা অনুষ্ঠিত হৈ থকা  এক বৌদ্ধিক শিবিৰত আজি এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ যাৰ বাবে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্যক আৰক্ষীয়ে আটক কৰিবলৈ বাধ্য হয়৷ ঘটনাৰ বিৱৰণী অনুসৰি যোৱা ১৭ জুলাইৰ পৰা লখিমপুৰ নগৰৰ ১০ নং ৱাৰ্ডৰ গোপীনগৰ কলনিত থকা মাৰোৱাৰী যুৱ মঞ্চৰ মঞ্চ ভৱনত বিশ্ব হিন্দু মহাসংঘ অসম ৰাজ্যিক আৰু হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ উদ্যোগত এক বৌদ্ধিক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়৷ সেই মৰ্মে আজি তৃতীয় দিনা পুৱা ১০ বজাৰ পৰা ১১ বজালৈ…

২২ জুলাইত তেজপুৰত সদৌ অসম ভিত্তিত জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ১৮ জুলাই : চিৰসেউজ, দৰদী গীতেৰে শ্ৰোতাৰ অন্তৰ জয় কৰি যোৱা বিশিষ্ট কন্ঠশিল্পী, সুৰকাৰ, সংগীতশিল্পী জয়ন্ত হাজৰিকাৰ গীতসমূহ চিৰযুগমীয়া কৰি ৰখাৰ মানসেৰে তেজপুৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান "সংগীতম" এ বিগত দুটা বছৰৰ পিছত এইবাৰো অহা ২২ জুলাই তাৰিখে তেজপুৰৰ বাণ থিয়েটাৰত আয়োজন কৰিছে সদৌ অসম ভিত্তিক তৃতীয় বাৰ্ষিক জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা। পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ'ব লগা এই প্ৰতিযোগিতা দুটা শাখাত অনুষ্ঠিত হ'ব। "ক" শাখাত প্ৰথম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ আৰু "খ" শাখা অনুষ্ঠিত হ'ব অষ্টমৰ পৰা সকলো…

বাপুভেটিত সংস্কাৰ ভাৰতীৰ নাটকৰ কৰ্মশালা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৮ জুলাইঃ ভাৰতৰত্ন ড° ভূপেন হাজৰিকা সাংস্কৃতিক আৰু ক্ৰীড়া সংঘৰ উদ্যোগত সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ নাট্য বিধাৰ দ্বাৰা তেজপুৰীয়া কালচাৰেল এণ্ড চচিয়েল ৱৰ্কচৰ সহযোগত শোণিতপুৰ জিলাৰ বিহগুৰিৰ বাপুভেটি নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰাঙ্গনত যোৱা ১৭ জুলাইৰ পৰা দহ দিনীয়া কাৰ্যসূচীৰে গ্ৰীষ্মকালীন নাট কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। ১৭ জুলাইৰ পুৱা কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠান অনুস্থিত কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ পৰিচালক তথা ভাৰত চৰকাৰৰ ফিল্ম চেঞ্চৰ বর্ডৰ সদস্য দয়াল কৃষ্ণ নাথ, নিউজ…