Browsing Category
অসম
সমগ্ৰ শিক্ষা, শোণিতপুৰ জিলা উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত “শৈক্ষিক সজাগতা সভা”
শতাব্দ, ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১২ জুলাই: সমগ্ৰ শিক্ষা, শোণিতপুৰ জিলাই গ্ৰীষ্মবন্ধৰ সময়ত ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক উত্তৰণৰ বাবে বিভিন্ন কৰ্মসূচী গ্ৰহণ কৰিছে। আৰ্থিকভাৱে অতিকৈ পিছপৰা পৰিয়ালৰ ছোৱালী শিক্ষাৰ বাবে স্থাপিত বৰচলা, ঢেকিয়াজুলী আৰু ৰাঙাপাৰা কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ শিক্ষয়িত্ৰী সকলে যোৱা ১০ জুলাই পৰা ছাত্ৰী সকলৰ ঘৰে ঘৰে গৈ শিক্ষাদান কৰাৰ লগতে অভিভাৱকৰ লগত ছাত্ৰী সকলৰ শৈক্ষিক অগ্ৰগতি বিষয়ে মত বিনিময় কাৰ্যক্ৰম অব্যাহত ৰাখিছে। উক্ত কাৰ্যসূচী সমান্তৰালকৈ ভিতৰুৱা অঞ্চল সমূহত স্হানীয় ৰাইজ, অভিভাৱকৰ সহযোগত…
চন্দ্ৰযান – ৩ অভিযানৰ গুৰি ধৰিছে লখিমপুৰৰ বিজ্ঞানী চয়ন দত্তই
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১২ জুলাইঃ সমগ্ৰ দেশ আৰু ৰাজ্যখনৰ বৈজ্ঞানিক সমাজৰ বাবে এক উল্লেখযোগ্য মুহূৰ্তৰ সূচনা কৰিবলগীয়া চন্দ্ৰযান-৩ অভিযানৰ উৎক্ষেপণ নিয়ন্ত্রণ অভিযান পৰিচালনা কৰিব এজন অসমীয়া অভিযান্ত্ৰিক বিজ্ঞানীয়ে৷ তেওঁক এই ব্যৱস্থাৰ উপসঞ্চালক হিচাপে ইতিমধ্যে নিয়োগ কৰা হৈছে৷ উল্লেখযোগ্য যে,এই বিজ্ঞানীজন হৈছে উত্তৰ লখিমপুৰ নগৰৰ সন্তান চয়ন দত্ত৷ মহাকাশ বিভাগৰ ইউ আৰ ৰাও চেটেলাইট চেণ্টাৰত বিজ্ঞানী,অভিযন্তা হিচাপে কৰ্মৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ ইলেক্ট্রনিক্স আৰু যোগাযোগ অভিযান্ত্ৰিক বিভাগৰ প্ৰাক্তন ছাত্ৰ দত্তৰ ওপৰত…
এফালে বন ধ্বংসযজ্ঞ আনফালে চলিছে ১ কোটি গছপুলি ৰোপনৰ মহা আয়োজন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১২ জুলাই : চৰকাৰী, বেচৰকাৰী পৃষ্ঠপোষকতাত বনাঞ্চল ধ্বংসযজ্ঞ আৰু বনজ সম্পদৰ লুণ্ঠনৰ বাতৰিয়ে সময়ে সময়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি অহাৰ মাজতে এইবাৰ অসম চৰকাৰে একেদিনাই ১ কোটি মূল্যবান গছপুলি ৰোপনৰ বাবে কৰা পৰিকল্পনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰশাসনযন্ত্ৰ ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে তিনিচুকীয়া জিলাৰ মাজেৰে বন বিভাগৰ নাকৰ তলেদি খয়েৰ কাঠৰ উপৰি অন্যান্য মূল্যবান কাঠৰ চোৰাং সৰবৰাহৰ বিষয়ে বিভিন্ন সময়ত বাতৰি প্ৰকাশিত হৈ আহিছে ৷ অনুৰূপ ধৰণে বাতৰিৰ শিৰোনাম দখল কৰিছে চৰকাৰী পৃষ্ঠপোষকতাত…
নামেৰী ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতীয়া বাঘ হত্যা কৰিলে চোৰাংচিকাৰীয়েঃ গ্ৰেপ্তাৰ তিনি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১২জুলাইঃ অসম-অৰুণাচল সীমান্তৰ তথা শোণিতপুৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত চোৰাংচিকাৰীয়ে ঢেকীয়াপতীয়া বাঘ এটা নিধন কৰা ঘটনাই প্ৰকৃতি প্ৰেমী সংগঠনৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।এই সন্দৰ্ভত সম্প্ৰতি মুখ খুলিছে নামেৰী ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই৷ উল্লেখযোগ্য যে, যোৱা আঠ জুলাইত কেন্দ্ৰীয় শুল্ক বিভাগে এক অভিযান চলাই ইটাখোলাৰ পৰা জব্দ কৰিছিল এটা ঢেঁকীয়পতীয়া বাঘৰ ছালসহ কংকালৰ বিভিন্ন অৱশিষ্ট৷ ইয়াৰ পাছতে এই গোচৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই চমজি লয় আৰু যোৱা চাৰিদিন ধৰি তদন্ত অব্যাহত ৰাখে৷ আনহাতে…
লখিমপুৰত ৰাষ্ট্ৰীয় ঘাইপথত প্ৰকাণ্ড শিমলু গছ বাগৰিলঃ নিহত এজন
কেবাখনো যানবাহন ক্ষতিগ্ৰস্ত
ৰাষ্ট্ৰীয় ঘাইপথত যাতায়াত ব্যাহত
লখিমপুৰ নগৰত ৬-৭ ঘণ্টা বিদ্যুৎ সেৱা ব্যাহত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১২ জুলাইঃ উত্তৰ লখিমপুৰ নগৰবাসীৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি যেন কোনো দায়িত্ব নাই জিলা প্ৰশাসন কিম্বা পৌৰ সভাৰ। উত্তৰ লখিমপুৰ নগৰত থকা পুৰণি গছে কোনেদৰে নগৰবাসীৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে, সেই সন্দৰ্ভত ‘শতাব্দ’ত যোৱা ৬ জুলাইত সবিস্তাৰে বাতৰি প্ৰকাশ কৰাৰ পিছতো জিলা প্ৰশাসন কিম্বা পৌৰ সভাই কোনো পদক্ষেপ নোলোৱাৰ পৰিণতিত আজি লখিমপুৰ নগৰত এজোপা প্ৰকাণ্ড শিমলু গছ উভালি পৰাৰ ফলত থিতাতে এজন…
ৰাজ্যৰ বাহিৰৰ তিনি পৰীক্ষাৰ্থীক আটক তেজপুৰত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১১জুলাইঃ তেজপুৰত আজি অনুষ্ঠিত হোৱা ষ্টাফ চিলেকচন কমিচনৰ পৰীক্ষাত ধৰা পৰে এজন ভূৱা পৰীক্ষাৰ্থী৷ আজি অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাত তেজপুৰ ৰাবাৰ বাগান পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিবলৈ অহা সুগ্ৰীৱ প্ৰজাপতি নামৰ উত্তৰ প্ৰদেশৰ যুৱকজনৰ ওপৰত পৰীক্ষা দিবলৈ অহা আন একাংশ পৰীক্ষাৰ্থীৰ সন্দেহ উপজে আৰু তেওঁলোকে যুৱক জনক সোধপোছ কৰাত কোনো উত্তৰ দিব নোৱাৰে যুৱক জনে।পাছত সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ সহযোগত যুৱকজনক আৰক্ষীক গতাই দিয়া হয় ।আৰক্ষীয়ে যুৱকজনৰ পৰা দুখনকৈ আধাৰ কাৰ্ড উদ্ধাৰ কৰিছে।দুয়োখন আধাৰ কাৰ্ডত উল্লেখ…
এবিভিপিয়ে কৰিলে লীলা…
সৰ্বত্ৰ প্ৰতিক্ৰিয়াঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জিলা সংযোজকে নাজানে চৰকাৰী নিৰ্দেশনাৰ কথাঃ বিজেপিয়ে গণতান্ত্ৰিক ব্যৱস্থাক ধবংস কৰি আহিছে, চৰকাৰৰ অগণতান্ত্ৰিক ব্যৱস্থাক অমান্য কৰি কৰা কামক আমি আদৰণি জনাবই লাগিবঃ আছুৰ কটাক্ষ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১১ জুলাইঃ অসম চৰকাৰে শিক্ষানুষ্ঠান সমূহত যিকোনো সংগঠনক সভা সমিতি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাৰ পিছতে নাৰায়ণপুৰত বিজেপিৰ ভাতৃ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অভিনন্দন তথা সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা…
মৰাণ সমষ্টিৰ নাম বাহাল ৰাখক
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১১ জুলাই : অসম নামৰ এই ভূখণ্ডৰ আদিমতম মানৱ প্ৰজাতিৰ অন্যতম মৰাণসকলৰ ইতিহাস বিজড়িত মৰাণ নামৰ ঠাইখনৰ নাম চিৰদিন বাহাল থকাটো কামনা কৰিছে সদৌ মৰাণ ছাত্ৰ সন্থা আৰু অসম মৰাণ সভাই ৷ আজি এক বিবৃতিৰ জৰিয়তে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণ আৰু অসম মৰাণ সভাৰ সাধাৰণ সম্পাদক বিতোপন মৰাণে কয় যে মৰাণ জনগোটটোৰ আদিম বাসভূমি আছিল ডিব্ৰুগড়ৰ জিলাৰ বৰবৰুৱাৰ পৰা মৰাণলৈকে একাংশ, চৰাইদেও জিলা, শিৱসাগৰ জিলা আৰু যোৰহাট জিলাৰ একাংশ ৷ এই মৰাণ সকলেই এই বৃহৎ অঞ্চলটোত মানৱ সভ্যতাৰ পাতনি মেলিছিল বুলি বিবৃতিটোত…
আমাক ৰিলিফ নালাগে, লাগে বান সমস্যাৰ স্থায়ী সমাধান- বন্যাৰ্ত
স্বাধীনতাৰ ৭৫ বছৰেও বান সমস্যাৰ পৰা মুক্ত নহ’ল লখিমপুৰৰ কুৰিখন গাঁওঃ প্ৰতি বাৰিষাতে জীৱন বিপদাপন্ন কৰি তোলে শিঙৰাৰ ওভটনি পানীয়েশতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১১ জুলাইঃ লখিমপুৰ জিলাৰ এটা দুৰ্গম অঞ্চল হৈছে নাওবৈচাৰ গেলাহাটী অঞ্চলটো৷ এই অঞ্চলটো বছৰৰ ছটা মাহেই বানত ডুবি থকাৰ পিছতো আজিকোপতি বান সমস্যাৰ কোনো স্থায়ী সমাধান নকৰিলে প্ৰশাসনে৷ জনপ্ৰতিনিধিৰ চূড়ান্ত অৱহেলা, ৰাজ্যপালৰ আশ্বাসেও এই অঞ্চলটোক বানমুক্ত কৰিব নোৱাৰিলে৷ পৰিতাপৰ কথা যে স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ পিছতো উন্নয়নৰ মুখ নেদেখিলে লখিমপুৰৰ প্ৰায় কুৰিখন গাঁৱে৷…
ৰাজ্যিক পৰ্যায়ৰ বিশেষ ডায়েৰিয়া নিয়ন্ত্ৰণ কাৰ্যসূচী উদ্বোধন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১০ জুলাই : ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে আজিৰে পৰা ৰাজ্য জুৰি ডায়েৰিয়া নিয়ন্ত্ৰণৰ এমহীয়া বিশেষ কাৰ্যসূচী হাতত লৈছে। সোমবাৰে আগবেলা কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত আয়োজিত এক অনুষ্ঠানত ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই আনুষ্ঠানিক ভাৱে ৰাজ্যিক পৰ্যায়ৰ 'বিশেষ ডায়েৰীয়া নিয়ন্ত্ৰণ কাৰ্যসূচী' উদ্বোধন কৰে। আজিৰে পৰা অহা ৯ আগষ্টলৈকে ৰাজ্যজুৰি ৰূপায়ণ কৰিবলৈ লোৱা এই এমহীয়া কাৰ্যসূচীৰ অধীনত ৰাজ্যখনৰ পাঁচ বছৰ অনুৰ্দ্ধৰ প্ৰায় ৩৭ লাখ শিশুক সামৰি ডায়েৰিয়া নিয়ন্ত্ৰণ অভিযান চলাবলৈ…
