Browsing Category
অসম
চাউল চুৰিঃ প্ৰাক্তন যুটীয়া সঞ্চলকসহ চাৰিজনৰ গ্ৰেপ্তাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,১০ জুলাই : ঢেকিয়াজুলিত সংঘটিত চৰকাৰী আঁচনিৰ চাউল হৰলুকিৰ ঘটনাৰ অনুসন্ধানকাৰী মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে দুদিন পূৰ্বে সোধপোছৰ বাবে মাটি নিয়া শোণিতপুৰ জিলাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক সহ চাৰি জনক গ্ৰেপ্তাৰ কৰা ঘটনাই সম্প্ৰতি তেজপুৰস্হ কাৰ্যালয়টো এনে ঘটনাৰে জড়িত বুলি স্পষ্ট কৰিছে । উল্লেখযোগ্য যে,প্ৰথম অৱস্থাত হেমন্ত তালুকদাৰ,সুৰজিত সেনাপতি সহ মুঠ ১০জনক পৰ্যায় ক্ৰমে তদন্তকাৰী গোটে গ্ৰেপ্তাৰ কৰাৰ পাছতে সম্প্ৰতি বিভাগীয় অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ভাৰত চন্দ্ৰ বৰদলৈ,…
তেজপুৰ বিশ্ববিদ্যালয়ত বিজ্ঞান শিক্ষক শিক্ষয়িত্ৰীক প্ৰশিক্ষণ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১০জুলাইঃ ৰাজ্যক দেশৰ পাঁচখন উন্নত ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে বিজ্ঞান শিক্ষাক আগবঢ়াই নিব লাগিব। ২০১৪ত ২৭,৪৫২ গৰাকী বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীৰ বিপৰীতে বৰ্তমান ৪৬হেজাৰলৈ বৃদ্ধি পাইছে যদিও তিনি কোটি পঞ্চাশ লাখ জনসংখ্যাৰ ৰাজ্যখনত বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা ১৫ৰ পৰা ১৮শতাংশ বুলি ব্যক্ত কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক ননী গোপাল মহন্তই। শিক্ষা উপদেষ্টা গৰাকীয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত আজিৰ পৰা ছয় দিনীয়া কাৰ্যসূচীৰে শিক্ষা বিভাগে সৰ্বশিক্ষা…
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ স’তে মত বিনিময় তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১০জুলাইঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙে কালি নতুন দিল্লীত দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে।আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত এক বিবৃতিত এই কথা প্ৰকাশ কৰি কোৱা হয় যে,এই সাক্ষাতৰ সময়ত উপাচাৰ্য অধ্যাপক সিঙে তেজপুৰ বিশ্ববিদ্যালয়ৰ সাফল্যৰ ওপৰত আলোকপাত কৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী গৰাকীক তেজপুৰ বিশ্ববিদ্যালয়ক বিশ্বমানৰ প্ৰতিষ্ঠানলৈ উন্নীত কৰাৰ পৰিকল্পনা তথা আঁচনিৰ বিষয়ে অৱগত কৰে।মন্ত্ৰী প্ৰধানে জাতিৰ উন্নয়নক আগুৱাই নিয়াত…
লখিমপুৰত চাহ জনগোষ্ঠীক জনজাতিৰ মযাৰ্দা প্ৰদানৰ দাবীত ধৰ্ণা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১০ জুলাই ঃ অসমৰ চাহ বাগিছা আৰু গাঁও অঞ্চলত বছৰ বছৰ ধৰি ভূমি পুত্ৰ হিচাপে বসবাস কৰি অহা চাহ জনগোষ্ঠীৰ লোকসকলক শীঘ্ৰে জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰাৰ দাবীত আজি আটছাৰ লখিমপুৰ জিলা সমিতিয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচীৰে প্ৰতিবাদ জনোৱাৰ লগতে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি বিক্ৰম তাছা, সাধাৰণ সম্পাদক সুমিত দাস পানিকা স্বাক্ষৰিত স্মাৰক পত্ৰত উল্লেখ…
তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অসম প্ৰদেশ চাহ মজদুৰ আদিবাসী কংগ্ৰেছৰ প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১০ জুলাই : ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাকলাৰীয়ে অসমত বসবাস কৰা আদিবাসীৰ ৩৬ টা জাতি, উপজাতিৰ চাহ জনগোষ্ঠীৰ লোকসকল অসমীয়া জাতিৰ অংগ নহয়, অসমৰ খিলঞ্জীয়া নহয়, গোজেই গজালি হোৱা, বহিৰাগত বুলি চূড়ান্ত অপমানজনক মন্তব্য কৰা, আদিবাসী ব্যক্তি এজনৰ মুখত বিজেপি নেতাই প্ৰস্ৰাৱ কৰা আৰু যোৱা ৫ মাহে আৰক্ষীয়ে তিনিচুকীয়া জিলাৰ বৰডুবি থানাৰ অন্তৰ্গত কাটানী গাঁওৰ নাবালিকা ধৰ্ষণৰ অভিযোগত বিজেপি নেতা সমুদ্ৰে ৰায়ক গ্ৰেপ্তাৰ নকৰাৰ প্ৰতিবাদত অসম…
গাভৰু-শিঙৰাৰ বানত নিমিষতে উটি গ’ল বহু ঘৰ-দুৱাৰ, পশু-পক্ষী
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১০ জুলাই ঃ লখিমপুৰ জিলাৰ নাওবৈচাৰ লগতে বিহপুৰীয়াত এতিয়া বানে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ কেইদিনমানৰ পূৰ্বে শিঙৰা নদীয়ে মথাউৰি ছিঙি নাওবৈচা অঞ্চলত মহা প্ৰলয়ৰ সূচনা কৰাৰ পিছত কালিৰে পৰা গাভৰু আৰু শিঙৰা নদীয়ে লালুক, নাওবৈচা, বঙালমৰাৰ বহু অঞ্চল প্লাবিত কৰাৰ লগতে নিমিষতে ঘৰ দুৱাৰ, পশু-পক্ষী উটুৱাই নিয়াৰ ফলত ৰাইজৰ মাজত হাহাকাৰ লাগিছে৷ বহু লোকৰ ঘৰ দুৱাৰ পানীত বুৰ যোৱাৰ ফলত তেওঁলোকে ওখ ঠাইত আশ্ৰয় গ্ৰহণ কৰিব লগা লৈছে৷ বিশেষকৈ নাওবৈচাত এতিয়া বানে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ লালুকৰ মেনেহা নদীয়ে বানৰ সৃষ্টি কৰাত…
গহপুৰৰ ডফলাগড় চাহ বাগিচাৰ কলঘৰৰ মেছিনত সোমাই শ্ৰমিকৰ মৃত্যু
শতাব্দ প্ৰতিবেদক, গহপুৰ, ১০ জুলাই: গহপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী মেকলয়ড ৰাছেল ইণ্ডিয়া লিমিটেড কোম্পেনীৰ অধীনস্থ ডফলাগড় চাহ বাগিচাত আজি এক ভয়ংকৰ অঘটন সংঘটিত হয়। আজি পুৱা ৯ মান বজাত বাগিচাখনৰ কলঘৰৰ মেছিনৰ পাংখাত কৰ্মৰত এজন শ্ৰমিক সোমাই যোৱাৰ ফলত কৰুণভাবে মৃত্যুক সাৱটি লৱ লগা হয়। মৃত শ্ৰমিকজনৰ নাম সুখমন মুণ্ডা। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, বাগিচাখনৰ কলঘৰৰ চাহ প্ৰস্তুতকৰণ প্ৰক্ৰিয়াৰ লগত জড়িত শ্ৰমিক সুখমন মুণ্ডাই কৰ্মৰত অৱস্থাত আন কোনো কৰ্মচাৰীয়ে অসাৱধানবশতঃ মেছিনৰ পাংখা চলাই দিয়াৰ ফলত পাংখাৰ ভিতৰত সোমাই পৰে শ্ৰমিকজন। ফলত অতি…
ঢকুৱাখনাৰ সোণাৰি চাপৰিত নাট কৰ্মশালা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ জুলাইঃ ঢকুৱাখনাৰ সোণাৰি চাপৰিত বিগত বৰ্ষৰ দৰে এইবাৰো সাঁকো নাট্য কলা বিদ্যালয়ৰ উদ্যোগত সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ নাট্য বিধাৰ দ্বাৰা জুলাই ১ তাৰিখৰ পৰা ২০ জুলাই ২০২৩ লৈ ২০ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা অনুষ্ঠিত কৰা হয়। শিশুৰ শাৰিৰীক, মানসিক আৰু বৌদ্ধিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি সংগীত, নৃত্য, চিত্ৰকলা, আবৃত্তি আৰু অভিনয়ৰ বিষয়ত বিশেষজ্ঞ সকলৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰি থকা এই কৰ্মশালাত সংস্কাৰ ভাৰতীৰ উত্তৰ অসম প্ৰান্তৰ নাট্য বিধাৰ প্ৰমুখ তথা ৰাষ্ট্ৰীয় পর্য্যায়ৰ নাট পৰিচালক দয়াল কৃষ্ণ নাথৰ লগতে…
ভোজমাৰী চাপৰিত বাঘিনীৰ মৃতদেহ উদ্ধাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৯জুলাইঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন তথা চতিয়াৰ গমিৰিপালৰ সমীপৱৰ্তী ব্ৰহ্মপুত্ৰৰ ভোজমাৰী টাপুত এক ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ হয়।এয়া এজনী বাঘিনীৰ মৃতদেহ বুলি নিশ্চিত কৰা হৈছে৷ এসপ্তাহ পূৰ্বে মৃত্যু হোৱা বুলি ধাৰণা কৰা আৰু অনুমানিক ১০ বছৰ বয়সৰ বাঘজনীৰ মৃতদেহ আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ বিষয়া, স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধি, সংবাদ মাধ্যমৰ প্ৰতিনিধি আৰু ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকাৰীৰ প্ৰতিনিধিৰ উপস্থিতিত পশু চিকিৎসক দিগন্ত শৰ্মাই মৰনোত্তৰ পৰীক্ষা কৰে। মৰনোত্তৰ…
সদৌ অসম মইনা পাৰিজাতৰ স্ৰষ্টা ককা মহাদেৱ শৰ্মাৰ জন্ম দিনৰ লগত সংগতি ৰাখি মইনাৰ মৌমাতেৰে মুখৰিত তেজপুৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৯ জুলাই : সদৌ অসম মইনা পাৰিজাতৰ জন্মদাতা, স্বাধীনতা সংগ্ৰামী ককা মহাদেৱ শৰ্মাৰ আজিৰ জন্ম দিনটোতে কণ কণ মইনাৰ মুখৰ মৌমাতৰ এক সুন্দৰ অনুষ্ঠানৰ প্ৰসংগৰে এই বাতৰি। উল্লেখ্য যে মইনাৰ মুখৰ মৌমাতেৰে কালি মুখৰিত হ'ল তেজপুৰৰ পহুমৰা চুবুৰীৰ নামঘৰ প্ৰাঙ্গণ। উল্লেখ্য সদৌ অসম মইনা পাৰিজাতৰ অন্তৰ্গত স্হানীয় অপৰাজিতা মইনা পাৰিজাতৰ উদ্যোগত অনুষ্ঠিত হোৱা মইনা সকলৰ গীত, মাত, কবিতা,সাধু কোৱা, নৃত্য, চিত্ৰাংকন, সাহিত্য আদিৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন এক শিবিৰত মইনাৰ সুকুমাৰ কলাৰ ক্ষেত্ৰত থকা পাৰদৰ্শিতা প্ৰতিপন্ন হয়।…
