Browsing Category

অসম

পুৱাই কাকৈ নদীত পুনৰ বান্ধ নিৰ্মাণ কৰিবলৈ বাধ্য হ’ল ঠিকাদাৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৬ জুলাইঃ লখিমপুৰ জলসম্পদ বিভাগৰ অন্তৰ্গত কাকৈ নদীত খহনীয়া প্ৰতিৰোধৰ নামত ঠিকাদাৰে পাল মৰা কাম কৰি ফ্লাড ড্ৰীলৰ লাখ লাখ টকা সৰকাই নিবলৈ চেষ্টা চলোৱাৰ বিষয়ে আজি ‘শতাব্দ’ত সবিস্তাৰে বাতৰি প্ৰকাশ পোৱাৰ পিছত আজি থৰকাছুতি হেৰায় লখিমপুৰ জলসম্পদ বিভাগৰ৷ বিভাগীয় বিষয়াৰ কাড়া নিৰ্দেশত পুৱাই কাকৈ নদীৰ বান খহনীয়া পৰিত্ৰাণৰ বাবে ঠিকাদাৰে কাম আৰম্ভ কৰিবলৈ বাধ্য হয়৷ বৰষুণৰ বতৰতে আজি দুই ঠিকাদাৰ মনিষ বৰা আৰু দীপেন শইকীয়া বাহিনীয়ে বান্ধ প্ৰতিৰোধৰ কাম যুদ্ধকালিন প্ৰস্তুতিৰে তথা বাঁহৰ স্পাৰ মাৰি খহনীয়া অংশত মাটিৰ…

শোণিতপুৰ জিলাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত গধুৰ যান-বাহন চলাচলত বাধা আৰোপ

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ৬ জুলাই: শোণিতপুৰ জিলাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত গধুৰ বোজা বহন কৰা অৰ্থাৎ ১২/১৬/২২/২৪ চকীয়া বাহন আদিৰ চলাচলৰ বাবে ক্ষতিগ্ৰস্ত হোৱাৰ প্ৰতিবেদনৰ ভিত্তিত শোণিতপুৰ জিলাৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ দেৱ কুমাৰ মিশ্ৰই দুৰ্যোগ ব্যৱস্থাপনা আইন,২০০৫ ৰ অধীনত শোণিতপুৰ জিলাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অত্যাৱশ্যকীয় আৰু চিকিৎসা সামগ্ৰী কঢ়িয়াই অনা বাহনৰ বাহিৰে আন গধুৰ বাহন অৰ্থাৎ ১০ চকীয়াতকৈ অধিক চকীয়া বাহনৰ চলাচলত বাধা আৰোপ কৰিছে। বৰ্তমান বাৰিষাৰ…

জিলা সন্মিলিত শিক্ষক মঞ্চৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৬জুলাইঃশোণিতপুৰ জিলা সন্মিলিত শিক্ষক মঞ্চৰ প্ৰথম খন কাৰ্যনিৰ্বাহক সভা কালি অনুষ্ঠিত হৈ যায়৷সভাত সভাপতিত্ব কৰে চুচেন নাথে৷সভাত শিক্ষক আৰু ছাত্ৰীৰ শিক্ষাৰ সমস্যাৰ ওপৰত আলোচনা হয়।সভাত সম্পাদকদ্বয় অৱনী কুমাৰ বৰা আৰু তৰুণ  নাথে ৰাজ্যৰ শিক্ষা মন্ত্ৰীলৈ আহ্বান জনাই যে মন্ত্ৰী গৰাকীয়ে শিক্ষক সকলক সঘনাই  কটু বাক্য আৰু সমালোচনা কৰা বাদ দি বিদ্যালয় সমূহৰ আন্ত গাঁথনি আৰু ছাত্ৰ ছাত্ৰী সকলৰ বিভিন্ন সমস্যা সমুহ দূৰ কৰি ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা সুন্দৰ শৈক্ষিক পৰিৱেশ সৃষ্টি কৰাত গুৰুত্ব দিব লাগে৷ লগতে…

লখিমপুৰ নগৰৰ মাজ মজিয়াত বৃহৎ বৃহৎ গছে নমাই আনিছে ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ. লখিমপুৰ, ৬ জুলাইঃ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিশেষকৈ বাৰিষাৰ সময়ত সঘনাই পথ দুৰ্ঘটনা সংঘটিত হৈ বহু লোকৰ অকালতে মৃত্যু হোৱা ঘটনাৰ সময়তে লখিমপুৰ নগৰৰ মাজমজিয়াত থকা কেবাজোপা বৃহৎ বৃহৎ গছে ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা কঢ়িয়াই আনিছে৷ পৰিতাপৰ কথা যে বহু সময়ত পথত গছ বাগৰি যানাবাহনৰ ওপৰত পৰাৰ ফলতো বহুলোকে প্ৰাণ হেৰুৱাই আহিছে৷ এনে সময়তে লখিমপুৰ নগৰৰ পথৰ দাঁতিত পথৰ ওপৰলৈকৈ হাউলি থকা প্ৰকাণ্ড প্ৰকাণ্ড গছে এনে দুৰ্ঘটনাৰ আশংকা কঢ়িয়াই আনিছে৷ বিশেষকৈ উত্তৰ লখিমপুৰ নগৰৰ মাজ মজিয়া তথা লখিমপুৰ জিলা পৰিষদৰ সন্মুখত ড॰ আম্বেদকাৰৰ…

অভাৱনীয় মূল্যবৃদ্ধি : তিনিচুকীয়াত যোগান বিভাগৰ শ্মশান যাত্ৰা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ জুলাই : অভাৱনীয় মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হোৱা ৰাজ্যৰ যোগান বিভাগৰ শ্মশান যাত্ৰা বাহিৰ কৰি আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ (অজাযুছাপ) তিনিচুকীয়া জিলা সমিতিয়ে ৷ বিপুল মূল্যবৃদ্ধি ঘটা বিভিন্ন পাচলি, ৰন্ধন গেছৰ চিলিণ্ডাৰ, চাঙি লৈ তিনিচুকীয়া চহৰৰ চিৰাপট্টী চাৰিআলিস্থ অজাযুছাপৰ জিলা সমিতিৰ কাৰ্যালয়ৰ পৰা যোগান বিভাগৰ শ্মশান যাত্ৰা বাহিৰ কৰা হয় ৷ ব্যৰ্থ যোগান বিভাগৰ প্ৰতীকী শ্মশান যাত্ৰাত পৰিষদৰ কৰ্মীসকলে ’মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা যোগান…

যোগানমন্ত্ৰী আৰু যোগান বিভাগৰ মৃত্যু ঘোষণা যুৱ ছাত্ৰ পৰিষদৰ

 শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৬জুলাইঃ চাউলকে ধৰি সকলো খাদ্যসামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ লগতে ৰন্ধন গেছ,বিদ্যুৎ মাছুল আদিৰ অকল্পনীয় মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণক৷ এনে সময়ত ৰাজ্যৰ যোগানমন্ত্ৰী গৰাকীৰ দায়িত্বহীন মন্তব্য আৰু যোগানবিভাগৰ অস্তিত্বহীন অৱস্থাক আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতীকী ভাবে দেহাৱসান ঘটা বুলি মন্তব্য কৰাৰ লগতে দুয়োৰে শ্মশান যাত্ৰা কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷আজি তেজপুৰ চহৰৰ মাজেৰে সাঙি কঢ়িয়াই লগতে ৰন্ধন গেছৰ চিলিণ্ডাৰলৈ তথা হাতে-হাতে আলু-পিঁয়াজৰ মালা, লৈ তেজপুৰ চহৰৰ মাজেৰে যুৱ…

স্বাস্থ্যসেৱা উৎসৱঃ ৰাজ্যৰ ১২৪৫ খন চৰকাৰী চিকিৎসালয়ৰ মূল্যায়নৰ গ্ৰেড প্ৰদান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৫ জুলাইঃ দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে আয়োজন কৰা স্বাস্থ্যসেৱা উৎসৱৰ জৰিয়তে ৰাজ্যৰ ১২৪৫ খন চৰকাৰী চিকিৎসালয়ৰ মূল্যায়ন কৰা হৈছিল। এই মূল্যায়নত A গ্ৰেড প্ৰাপ্ত ৫ খন জিলা আৰু ২ খন উদগনিমূলক বঁটাপ্ৰাপ্ত জিলাৰ লগতে শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰা ৫ খন জিলা চিকিৎসালয়, ১ খন মহকুমা চিকিৎসালয়, ৫ খন সামূহিক স্বাস্থ্যকেন্দ্ৰ আৰু ৫ খন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰক মুখ্যমন্ত্ৰীয়ে বঁটা প্ৰদান কৰে ৷ স্বাস্থ্য সেৱা উৎসৱৰ বহিঃমূল্যায়কসকলে অনলাইন যোগে দাখিল কৰা প্ৰতিবেদনসমূহ যোৱা ৬ এপ্ৰিলৰ পৰা ৮ এপ্ৰিললৈ চূড়ান্ত পৰ্যালোচনা কৰা…

তেজপুৰত আছাৰ ধৰ্মঘট

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫জুলাইঃ ৰাজ্যত বসবাস কৰা আদিবাসী সকলক শীঘ্ৰে অনুসূচীকৰণৰে জনজাতিৰ মৰ্যাদা প্ৰদান কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫২৫ টকালৈ বৃদ্ধি কৰা আৰু আদিবাসী সকলক ভূমিৰ ম্যাদীপট্টা প্ৰদান কৰা আদি দাবীৰ সমৰ্থনত আজি তেজপুৰত সদৌ অসম আদিবাসী ছাত্ৰ সন্হা (আছা)ৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত তেজপুৰৰ আদালত চাৰিআলি দুঘন্টীয়া অৱস্হান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ ন এছ টি ন ৰেষ্ট,আছা লং লিভ, এছ টি আমাৰ জন্মগত অধিকাৰ আদি ধ্বনিৰে হাতে হাতে প্লেকাৰ্ড লৈ আছাৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু সকলো আঞ্চলিকৰ সহযোগত ৰূপায়িত…

তেজপুৰত পঞ্চায়ত আঁচনিৰ বিপৰীতে কমিছনৰাজকলৈ ক্ষুব্ধ বিজেপি কৰ্মী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫জুলাইঃ তেজপুৰৰ হলেশ্বৰ গাঁও পঞ্চায়তৰ অধীনস্হ অঞ্চলত সংঘটিত অনিয়মক কেন্দ্ৰ কৰি বিজেপি দলৰে একাংশ সক্ৰিয় কৰ্মী অতিশয় ক্ষুন্ন হৈ পৰাৰ লগতে বিষয়টো দলৰ মজিয়াতো উত্থাপন কৰিছে৷ একেদৰে গাভৰু উন্নয়ন খণ্ডৰ পঞ্চায়ততো বিভিন্ন অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে৷ উল্লেখযোগ্য যে,বালিপৰা উন্নয়ন খণ্ড অধীনষ্ঠ হলেশ্বৰ গাঁও পঞ্চায়তত সম্প্ৰতি একাংশই কমিছনৰাজ চলোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷চৰকাৰী গৃহ প্ৰদানৰ বিপৰীতে দৰিদ্ৰ হিতাধিকাৰীৰ পৰা ২০হেজাৰ টকাকৈ দাবী কৰাৰ উপৰিও পঞ্চায়তখনৰ অধীনত ৰূপায়িত বিভিন্ন আঁচনিৰ…