Browsing Category
অসম
চাউলৰ পৰা বঞ্চিত ক্ষুব্ধ হিতাধিকাৰীৰ প্ৰতিবাদ বিহগুৰিত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৫জুলাইঃ তেজপুৰ চহৰৰ নিকটৱৰ্তী বিহগুৰি দৈনিক বজাৰত আজি অঞ্চলটোৰ শতাধিক মহিলা আৰু পুৰুষে খাদ্য সুৰক্ষা আঁচনিৰ অধীনত তেওঁলোকৰ প্ৰাপ্য চাউল বিগত প্ৰায় সাতমাহে লাভ নকৰাত তীব্ৰ ক্ষোভ ব্যক্ত কৰি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷উল্লেখযোগ্য যে,এইসকল লোকে জানুৱাৰীৰ পূৰ্বলৈকে লাভ কৰি থকা চাউল যোৱা সাত মাহে লাভ কৰা নাই৷ চৰকাৰে প্ৰৱৰ্তন কৰা নিত্য নতুন নিয়মৰ বাবে একোটা পৰিয়ালৰ এজন সদস্যৰ বাহিৰে বাকী সকলৰ নাম হিতাধিকাৰীৰ তালিকাৰ পৰা কৰ্তন হোৱা নতুবা একোটা পৰিয়ালৰ সকলোৰেই নাম তালিকাৰ পৰা কৰ্তন হোৱাৰ…
তেজপুৰত কংগ্ৰেছৰ গোৰ্খা কোষৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫জুলাইঃ প্ৰদেশ কংগ্ৰেছৰ গোৰ্খা কোষৰ ৰাজ্যিক সমিতিৰ সভাপতি কৰ্ণ বাহাদুৰ ছেত্ৰীৰ সভাপতিত্বত শোণিতপুৰ জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয় ৰাজীৱ ভৱনত গোৰ্খা কোষৰ এখন ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আজি অনুষ্ঠিত হয়। গোৰ্খা কোষৰ সাধাৰণ সম্পাদক (প্ৰ) ইন্দ্ৰ লাল শৰ্মাই আঁত ধৰা সভাত আদৰণি ভাষণ প্ৰদান কৰে শোণিতপুৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি দাদুল বৰকাকতিয়ে।আজিৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে অলপতে প্ৰকাশ হোৱা খচৰা, অহা ৩০ জুলাইত বৰগাং ৰংগমঞ্চত অনুষ্ঠিত হবলগীয়া গোৰ্খা কোষৰ প্ৰথম সাধাৰণ সভা সফলতাৰে সম্পন্ন কৰা, অনাগত…
তিনিচুকীয়াত এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যা হোৰাহোৰে বৃদ্ধি পাইছে
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৫ জুলাই : ধাৰাবাহিক অভিযানৰ পাছতো আৰক্ষীয়ে ৰোধ কৰিব পৰা নাই নিষিদ্ধ ড্ৰাগছৰ অবৈধ বেহা৷ আনহাতে বৰবিহ ড্ৰাগছৰ অবাধ প্ৰচলনৰ সমান্তৰালকৈ তিনিচুকীয়া জিলাত অভাৱনীয় হাৰত বৃদ্ধি পাবলৈ ধৰিছে এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যা ৷ এই ভয়ংকৰ তথ্য সদৰি কৰিছে তিনিচুকীয়া জিলা এইডছ নিয়ন্ত্ৰক বিষয়া ডাঃ ৰাণী গগৈয়ে ৷ ড্ৰাগছ আসক্ত অধিকাংশ যুৱক-যুৱতীৰ শৰীৰত এইচ আই ভি পজিটিভ ধৰা পৰাৰ কথা তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে আৰক্ষীৰ অভিযানৰ পাছতো তিনিচুকীয়া জিলাক নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়ে বেয়াকৈ ছানি…
তেজপুৰত ‘টিপকাই’ৰ প্ৰশংসনীয় পদক্ষেপ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৫ জুলাই : তেজপুৰ চহৰৰ মাজ-মজিয়াত আজি অধিবক্তাৰ উপস্থিতিত শাহু-বোৱাৰীৰ কাজিয়া, হাতত বেলনা মাৰি লৈ শাহুৰ ৰণচণ্ডী ৰূপৰ দৃশ্যই চহৰৰ একাংশ প্ৰত্যক্ষদৰ্শী ৰাইজৰ মাজত ব্যাপক কৌতূহলৰ সৃষ্টি কৰে ৷ এজন তান্ত্ৰিকো উপস্থিত থকা এই কাজিয়াত সকলোৱে পাৰ্যমানে শাহুৱেকক বুজোৱাৰ অন্তত পিছলৈ এই উত্তেজনাময় পৰিস্থিতিৰ শাম কাটে ৷ দৰাচলতে,সমাজৰ অবহেলিত লোকৰ হকে কাম কৰি অহা গুৱাহাটীৰ স্বেচ্ছাসেৱী অনুষ্ঠান টিপকাই-এ আজি তেজপুৰৰ আদালত চৌহদৰ সমীপত ৰূপায়ন কৰিলে এখন বাটৰ নাট ৷ আসাম চাইন্স টেকন’লজি আৰু এনভাইৰনমেন্টেল কাউন্সিলৰ…
কাকৈ নদীত কেবা লাখ টকাৰ বান খহনীয়া প্ৰতিৰোধ আঁচনিত ব্যাপক অনিয়ম
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৫ জুলাইঃ লখিমপুৰ জলসম্পদ সংমণ্ডল বিভাগত এতিয়া বান খহনীয়া প্ৰতিৰোধ আঁচনিৰ নামত ব্যাপক অনিয়ম সংঘটিত হৈছে৷ লখিমপুৰ জলসম্পদ বিভাগৰ অন্তৰ্গত কাকৈ নদীৰ খহনীয়া প্ৰতিৰোধৰ নামত এতিয়া এনে অনিয়ম সংঘটিত হৈছে৷ চলিত বাৰিষাত বান পৰিত্ৰাণ তথা ফ্লাড ড্ৰীল আঁচনিৰ নামত একাধিক ঠিকাদাৰক বেহেৰাবস্তি সমীপৰ কাকৈ মথাউৰিৰ কাষত খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে বিভাগীয় ঠিকাদাৰক কাম কৰাৰ নিৰ্দেশ দিয়ে৷ সেই মৰ্মে দুজন ঠিকাদাৰে বাঁহৰ গোজ পুতি তাত বস্তা স্থাপন কৰি বান খহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰে যদিও সংশ্লিষ্ট ঠিকাদাৰে…
ৰাজস্থানত মডেলিঙৰ খিতাপ অৰ্জন তেজপুৰৰ যুৱক মানসৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫জুলাইঃ ৰাজস্থানত অনুষ্ঠিত হৈ যোৱা মিষ্টাৰ, মিছ, মাষ্টাৰ ছুপাৰ মডেল অৱ ৰাজস্থান খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে তেজপুৰৰ যুৱক মানস কেওঁটে৷ দেশৰ ভালেসংখ্যক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতাখনত বিজয়ী হৈ যোৱা নিশা নিজা বাসগৃহলৈ উভটি অহা মানস অসম আৰক্ষীত কৰ্মৰত আৰু তেওঁ বৰ্তমান অসম আৰক্ষীৰ ২২নম্বৰ বেটেলিয়নত নিযুক্ত হৈ আছে৷ উল্লেখযোগ্য যে,সোন্টি কেওঁট আৰু মঞ্জু কেওঁটৰ পুত্ৰ মানসে ইতিমধ্যে মিষ্টাৰ নৰ্থইষ্ট চাইন এণ্ড তাজ ইণ্ডিয়াজ নেক্সট চুপাৰ মডেলত প্ৰথম ৰাণাৰ আপ ৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ লগতে…
তেজপুৰৰ বিভিন্ন প্ৰান্তত নিশা চোৰৰ উপদ্ৰপে নিদ্ৰা হৰিছে ৰাইজৰ
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ৫ জুলাইঃ তেজপুৰ চহৰৰ বিভিন্ন প্ৰান্তত নিশা আৰক্ষী প্ৰশাসনৰ শিথিলতাৰ সুযোগ গ্ৰহণ কৰি নিতৌ চুৰি কাণ্ডৰ লগতে অসামাজিক আৰু অনৈতিক কাৰ্য্যকলাপৰ পয়োভৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। নিশা চোৰৰ উপৰ্যুপৰি চুৰি কাণ্ডৰ ঘটনাই শেহতীয়াকৈ বাম পৰ্বতীয়া ভূপেন ডেকা পথৰ ৰাইজৰ লগতে চিত্ৰলেখা নগৰৰ ৰাইজৰ নিদ্ৰা হৰণ কৰা পৰিলক্ষিত হৈছে। কিছুদিন পূৰ্বে বাম পৰ্বতীয়া ভূপেন ডেকা পথত একে নিশা ২২ টাকৈ ঘৰত চোৰে চুৰি কাণ্ড সংঘটিত কৰাৰ লগতে চহৰখনৰ বৃহত্তৰ মাজগাঁও অঞ্চলতো সঘন চোৰৰ উপদ্ৰপে ৰাইজৰ নিদ্ৰাহৰণ কৰাৰ পিছত এতিয়া ৰাইজে…
শোণিতপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৪ জুলাইঃ শোণিতপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ২০২৩ বৰ্ষৰ তৃতীয়খন কাৰ্যনিৰ্বাহক তথা সাংগঠনিক সভা ঠেলামৰাৰ বাপুজী ভৱনত আজি অনুষ্ঠিত হয়।সভাত সভাপতিত্ব কৰে জিলা সভাপতি কেশৰাম নাথে। জ্যেষ্ঠ নাগৰিক সন্মিলনৰ শীৰ্ষ গীত ‘এইখন অসমীৰ চেনেহী কোলাত’ পৰিবেশনৰ পিছত সভাৰ উদেশ্য ব্যাখ্যা কৰে জিলা সম্পাদক দেৱ দাসে। আদৰণী ভাষনত ঠেলামৰা শাখাৰ সভাপতি অনিমেষ দাসে ঠেলামৰাৰ ঐতিহ্য প্ৰকাশ কৰে।প্ৰতিকুল বতৰতো শোণিতপুৰ জিলাৰ ১৩ টা শাখাৰ ষাঠিউৰ্দ্ধৰ প্ৰায় চাৰি কুৰি সদস্যৰ উপস্থিত থকা সভাখনত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ…
লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত তেজপুৰত সাতদিনীয়া মহিলাৰ নাট কৰ্মশালাৰ শুভাৰম্ভ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৪ জুলাই : সদৌ অসম লেখিকা সমাৰোহ সমিতি তেজপুৰ শাখাৰ উদ্যোগত আজিৰে পৰা ১০ জুলাই তাৰিখলৈ অনুষ্ঠিত হ'ব লগা সাতদিনীয়া মহিলাৰ নাট কৰ্মশালা আজি তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ সভাপতি বঙ্কিম শৰ্মাই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে। তেজপুৰ শাখাৰ সম্পাদিকা কাঞ্চন শইকীয়াই শুভাৰম্ভণি অনুষ্ঠানটিত উদ্দেশ্য ব্যাখ্যা কৰি কয় যে সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে মহিলাৰ বৌদ্ধিক উত্তৰণৰ সমান্তৰালভাৱে বিভিন্ন দিশত মহিলাৰ হকে কাম কৰি আহিছে। সেই উদ্দেশ্যেৰে অভিনয়ৰ প্ৰতি আগ্ৰহী মহিলা সকলৰ বাবে আজিৰ পৰা নাট…
একাধিক কুঁৱাত দুৰ্বৃত্তই মিহলালে বিষ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৪জুলাইঃ তেজপুৰৰ নিকটৱৰ্তী তথা বৰছলা বিধানসভা সমষ্টিৰ বাহঁবাৰীৰ মৌজাৰ বৰঘোপ ৰাইতলীত যোৱা নিশা কোনো দুস্কৃতিকাৰীয়ে পানীত বিষ ধলা কাৰ্যই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ উল্লেখযোগ্য যে,দুৰ্বৃত্তই একাধিক পৰিয়ালৰ চৌহদত বিষাক্ত দ্ৰব্য পেলোৱাৰ লগতে এটা পৰিয়ালৰ কুঁৱাত তথা অঞ্চলটোৰ এখন বিদ্যালয়ৰ কুঁৱাতো বিষ পেলোৱা ঘটনাই দুৰ্বৃত্তৰ জঘন্য মানসিকতাক উদঙাই দিছে৷ উল্লেখযোগ্য যে ভিতৰুৱা অঞ্চলটোৰ পদুমী তুলি, খুদি বসুমতাৰী, যমুনা যোগীৰ ঘৰৰ চৌহদত দুৰ্বৃত্তই নিশা বিহ পেলাই থৈ যোৱাৰ লগতে খুদিৰাম ভূমিজৰ…
