Browsing Category
অসম
সাহিত্য কাণ্ডাৰীৰ স্মৃতি বিজড়িত তেজপুৰৰ শতবৰ্ষ গৰকা অসমীয়া ক্লাবৰ নৱনিৰ্মিত তিনিমহীয়া গৃহৰ আধাৰশিলা
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৮ জুন: সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ লগতে তেজপুৰৰ কেবাগৰাকীও সমাজ হিতৈষী লোকৰ তৎপৰতাত গঢ় লোৱা শতবৰ্ষ গৰকা অসমীয়া ক্লাবৰ তিনি মহলীয়া ব্যৱসায়িক গৃহৰ আজি আনুষ্ঠানিক ভাৱে শিলান্যাস সম্পন্ন হয়৷ পুৰোহিতৰ দ্বাৰা শিলান্যাসৰ মাঙ্গলীক বিধিগত কৰ্মৰ অন্তত তেজপুৰ সংসদীয় সমষ্টিৰ সংসদ পল্লব লোচন দাসে শিলান্যাসৰ শুভ আৰম্ভণি কৰে৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু তেজপুৰ বিধান সভা সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভা৷ উল্লেখ্য যে তেজপুৰৰ এই অন্যতম সামাজিক অনুষ্ঠানটিৰ প্ৰস্তাৱিত…
ৰাজ্যপাল কাটাৰিয়া, বিটিচি প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত তেজপুৰ বিশ্ববিদ্যালয় আৰু বিটিচি প্ৰশাসনৰ মাজত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৮জুনঃ “বড়োলেণ্ড স্থাপনৰ বাবে যিজন ব্যক্তিৰ বৃহৎ অৱদান আছিল তেওঁৰ অনুভূতি শিক্ষাৰে যোগ কৰি এই প্ৰয়াস কৰা হ’ব৷ ইয়াৰ বাবে বিটিচি ৰ মুৰব্বী প্ৰমোদ বড়ো আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ধন্যবাদৰ পাত্ৰ৷” অসম চুক্তিৰ আধাৰত তেজপুৰত প্ৰতিষ্ঠা হোৱা তেজপুৰ বিশ্ববিদ্যালয়ত আজি বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম ৰ নামত আশন প্ৰতিষ্ঠাৰ বুজাবুজি চুক্তিৰ স্বাক্ষৰ অনুষ্ঠানত অংশলৈ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য গোলাপ চান্দ কাটাৰীয়াই এইদৰে কয়৷ তেওঁ এই প্ৰসংগত আৰু কয় যে, বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সকলে নতুন নতুন গৱেষণা পত্ৰ…
বানত বিপৰ্যয় বাঁহবাৰী মৌজাত
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৮জুনঃ জৰাসৰৰ বানে তেজপুৰৰ নিকটৱৰ্তী বালিপৰাত বিধ্বংসীৰূপ ধাৰণ কৰাৰ সমান্তৰাল ভাবে তেজপুৰৰ তথা চাৰিদুৱাৰ ৰাজহচক্ৰৰ হাটখোলা বাঁহবাৰী, বিন্দুকুৰি, ঘগৰা, ডেকাচুবুৰী, মোৱামাৰী আদিত ব্যাপক ক্ষতি কৰিছে৷ জৰাসৰ আৰু ডিপোতা নৈৰ বাঢ়নি পানীয়ে আজি ঘগৰা বিন্দুকুৰী পথৰ এটা কালভাৰ্ট ছিঙি নিয়াৰ লগতে একেটা পথৰে আন এচোৱা ছিঙি নিয়ে৷ ইতিমধ্যে গাঁও সমূহত পানীয়ে সকলো খেতি পথাৰ বুৰাই পেলোৱাৰ উপৰি বৰ্তমান এই গাঁও সমূহৰ প্ৰতিটো পৰিয়ালৰ বাসগৃহ একঁকাল পানীত বুৰ গৈছে৷ সম্প্ৰতি ৰাইজৰ মাজত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হোৱাৰ সময়তে…
কাৰো ওচৰত সেও নেমানি বেদখল, অবৈধ নিৰ্মাণৰ বিৰুদ্ধে অব্যাহত ৰাখক অভিযান
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৮ জুন: ভুক্তভোগী সাধাৰণ জনতাৰ প্ৰবল দাবীত তিনিচুকীয়া পৌৰসভাই চহৰখনৰ যানজঁট নিয়ন্ত্ৰণৰ বাবে অতি সম্প্ৰতি পদপথ আৰু ঘাইপথৰ এছোৱা বেদখল কৰি বহি থকা ফাষ্টফুডৰ দোকানসমূহ উচ্ছেদ কৰাৰ পৰৱৰ্তী পৰ্যায়ত এচাম লোক আৰু পাবত গজা দল, সংগঠনে উক্ত দোকানসমূহ পুনৰ বহুৱাৰ বাবে বিভিন্ন কৌশল ৰচনা কৰাৰ লগতে ওপৰ মহলৰ পৰা হেঁচা প্ৰয়োগৰ অপচেষ্টা চলোৱা পৰিলক্ষিত হৈছে৷ এনে পৰিস্থিতিত এই স্বাৰ্থন্বেষী চক্ৰটোৰ বিৰুদ্ধে গৰজি উঠিছে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থা৷ আজি তিনিচুকীয়াৰ উপায়ুক্ত আৰু পৌৰসভাৰ কাৰ্যবাহী বিষয়াক পৃথকে…
ধেমাজি বাণিজ্য মহাবিদ্যালয়ত হস্ততাঁত-বস্ত্ৰশিল্প বিভাগৰ পাঠ্যক্ৰমৰ শুভাৰম্ভ
শতাব্দ প্ৰতিনিধি, ধেমাজি, ২৮ জুন: ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ হস্ততাঁত-বস্ত্ৰশিল্প বিভাগৰ উদ্যোগত আজি হস্ততাঁত-বস্ত্ৰশিল্পৰ প্ৰশিক্ষণ-পাঠ্যক্ৰম আৰু উৎপাদন কেন্দ্ৰ উদ্বোধন কৰা হয়৷ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড° দুদুমণি ভূঞাই আনুষ্ঠানিকভাৱে ফিতা কাটি কেন্দ্ৰটো উদ্বোধন কৰাৰ পাছতে মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতিত এখন গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত হয়৷ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড° দুদুমণি ভূঞাই সঞ্চালনা কৰা সভাখনত মহাবিদ্যালয়খনৰ ছাত্ৰীসকলে এটি সমবেত সংগীতৰে…
ৰক্তদানেৰে আৰ্তজনক সহায়ৰ হাত” টিম হিউমিনীতিৰ” দেশজুৰি আৰম্ভ সজাগতা অভিযান
শতাব্দ, লখিমপুৰ ২৮ জুনঃ বেচৰকাৰী ৰক্তদাতা সন্থা “ টিম হিউমিনীতিয়ে“ সমগ্ৰ অসমত দীৰ্ঘদিন ধৰি ৰক্ত দানেৰে জীৱন দি আহিছে বিভিন্নজন লোকক৷ ৰক্তদানেৰে আৰ্তজনক সহায়ৰ হাত আগবঢ়াই প্ৰতিস্থিত হোৱা “টিম হিউমিনীতিৰ “চাৰিজন সদস্যই আজি লখিমপুৰৰ পৰা আৰম্ভ কৰিছে এক সজাগতামোলক যাত্ৰা৷ ঋতুৰাজ কাশ্যপ বৰা, ভবেন সজাতি, পৰমানন্দ বৰা আৰু নিৰঞ্জন ৰয় নামৰ চাৰি সদস্যই দেশ খনৰ মুঠ ১২খন ৰাজ্য পৰিভ্ৰমণ কৰি এই সজাগতামূলক অভিযান চলাব৷ আজি লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত এই সজাগতামূলক যাত্ৰাৰ ফ্লেগ অফ কৰে জিলা উন্নয়ন আয়ুক্ত উৎপল বৰাই৷…
লখিমপুৰত গৰুৰ বজাৰত উত্তপ্ত পৰিস্থিতি
শতাব্দ, লখিমপুৰ ২৮ জুনঃ লখিমপুৰৰ বঙালমৰাত অবৈধ ভাৱে গৰুৰ বজাৰ আয়োজন কৰাক কেন্দ্ৰ কৰি আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ জানিব পৰা মতে বঙালমৰা সাপ্তাহিক বজাৰত আজি ঈদৰ উপলক্ষে পাতিছিল এই গৰুৰ বিশেষ বজাৰখন৷ প্ৰশাসনে উক্ত গৰুৰ বজাৰখন বন্ধ কৰাৰ পাছতে বজাৰখনত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়৷ প্ৰশাসনে বজাৰখন বন্ধ কৰাৰ পাছতে একাংশ লোকে ইয়াৰ তীব্ৰ বিৰোধিতা কৰে আৰু প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পৱিত্ৰ ঈদ উল আজহা৷ উক্ত ঈদৰ বাবেই বৃহস্পতিবাৰৰ পৰিৱৰ্তে আজি বুধবাৰে এই বিশেষ বজাৰখনৰ…
ব্ৰহ্মপুত্ৰৰে নিশা গৰুৰ অবৈধ সৰবৰাহঃ মেছিন নাওঁ সহ গৰু জব্দ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৭জুনঃ তেজপুৰৰ পৰা নিশা ব্ৰহ্মপুত্ৰৰে নাৱত গৰুৰ অবৈধ সৰবৰাহ আৰম্ভ কৰিছে চোৰাং ব্যৱসায়ীয়ে।ৰাজ্য চৰকাৰৰ অনুমতি অবিহনে তথা নিষেধাজ্ঞাৰ বিপৰীতে শোণিতপুৰৰ লজতে তেজপুৰৰ বিভিন্ন ঘাটৰ পৰা নিশা নাৱত নগাঁও জিলালৈ গৰুৰ সৰবৰাহ হোৱাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে ব্ৰহ্মপুত্ৰৰ জলপথৰে যোৱা নিশা দুখন যন্ত্ৰচালিত দুখন নাৱত নগাঁৱলৈ অবৈধভাৱে গৰু সৰবৰাহৰ চেষ্টা চলোৱা সময়তে নদী আৰক্ষীৰ তহলদাৰী দলে প্ৰত্যক্ষ কৰে৷তেজপুৰৰ নদী আৰক্ষীৰ অভিযানকাৰী দলে লগে লগে দুইখন নাওঁ অনুসৰণ কৰাত হাতভঙা চৰৰ সমীপত এখন নাও এৰি সৰবৰাহকাৰীয়ে…
প্ৰলোভনৰ জাল পেলাই লাখ লাখ টকা আত্মসাত অংকুৰ-বিশাল প্ৰৱঞ্চক বাহিনীৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৭জুনঃ বিভিন্ন জনক চাকৰি নতুবা বদলিৰ প্ৰলোভনৰে লাখ লাখ টকা সৰকাইছিল তেজপুৰ আৰক্ষীয়ে কালি গ্ৰেপ্তাৰ কৰা ভুৱা উপায়ুক্ত অংকুৰ শইকীয়া আৰু তেওঁৰ ১০জনীয়া দলটোৱে৷ এইক্ষেত্ৰত অংকুৰৰ প্ৰধান সহযোগী আছিল জামুগুৰিহাটৰ বিশাল হাজৰিকা নামৰ যুৱকজন।গোলাঘাট পাঁচআলিৰ অংকুৰ শইকীয়া আৰু বিশাল হাজৰিকা হ'ল প্ৰকৃততেই প্ৰবঞ্চক৷সম্প্ৰতি এই দুই ভূৱা উপায়ুক্ত আৰু সহকাৰী বিষয়াৰ বিভিন্ন দুস্কাৰ্যৰ বিষয়ে প্ৰকাশ পাইছে৷আনকি ভূৱা উপায়ুক্তকলৈ বিশালে নিজা সম্পৰ্কীয় লোককো প্ৰৱঞ্চনা কৰিবলৈ এৰা নাছিল৷আনহাতে তেজপুৰত কেবল তিনিদিনেই…
তেজপুৰত চাঞ্চল্যকৰ ঘটনাঃ ঘৰৰ চৌহদত গাতখান্দি পুতিলে মহিলাৰ মৃতদেহ
শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৭জুনঃ তেজপুৰ চহৰৰ চানমাৰী ৰেলগেটৰ এজন লোকৰ ঘৰৰ চৌহদত পুতি থোৱা অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰহ তেজপুৰ চহৰ খনতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।উল্লেখযোগ্য যে পেছাত ইৰিক্সা চালক ৰাজু আইচ নামৰ লোকজনৰ বাসগৃহলৈ প্ৰায়েই অহা ৰূপজ্যোতি বৰা(টুটি)নামৰ
মহিলাগৰাকীক হত্যাকৰি চোতালত পুতি থোৱা বুলি অভিযোগ উঠিছে৷উল্লেখযোগ্য যে দ পৰ্বতীয়াৰ পোতাপুখুৰী অঞ্চলৰ অকলশৰীয়া বিবাহিতা মহিলাগৰাকী প্ৰায়েই ৰাজুৰ ইৰিক্সাত ঘূৰি ফুৰাৰ লগতে প্ৰায়েই ৰাজুৰ ঘৰলৈ অহাযোৱা কৰিছিল৷ ৰাজুৰ ঘৰলৈ দিনে নিশাই সঘনাই অহা…
