Browsing Category

অসম

লখিমপুৰত পুনৰ ছিগিল মথাউৰি

শতাব্দ লখি‍মপুৰ, ২৭ জুনঃ লখিমপুৰত বান কমিছে যদিও কমানাই  বান বিধ্বস্ত ৰাইজৰ দুৰ্যোগ।বানে ধোৱা নাওবৈছাত বানত ক্ষতিগ্ৰস্ত লোকৰ এতিয়া বিননি। এতিয়াও আশ্ৰয় শিবিৰত আাছে বহু লোক ।বানৰ পৰা পৰিত্ৰান পাৱলৈ সেয়ে বান বিধ্বস্ত ৰাইজে বাধ্য হৈ নাওবৈছাত কৰিছে শিঙৰা নদীক  পূজা ।নাম প্ৰসঙ্গ কৰি ভগৱানক তুষ্ট কৰাৰ প্ৰচেষ্টা বানাক্ৰান্তৰ ।উল্লেখ যে  লখিমপুৰ জিলাৰ নাওবৈছাত কেইদিনমানৰ পূৰ্বে শিঙৰা নদীয়ে মাথাউৰি চিঙাৰ ফলত জলমগ্ন হৈছিল প্ৰায় ১৬ খনৰো  অধিক গাঁও। চকুৰ আগতেই নদীৰ বুকুত জাহ গৈছিল সপোনৰ ঘৰখন।  আজি বানাক্ৰান্ত লোক সকলে বানপানীৰ পৰা…

লখিমপুৰত শতাধিক কৃতীমানক কোঁছ ৰাজবংশী সংগ্ৰাম সমিতিৰ সম্বৰ্ধনা

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৭ জুনঃ সদৌ লখিমপুৰ জিলা কোচ-ৰাজবংশী সংগ্ৰাম সমিতিয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃৰ্তীমান সকলক ‘বিশেষ অভিনন্দন অনুষ্ঠানেৰে সম্বৰ্ধনা জনায়৷ ২৫ জুনত এঙাৰখোৱাৰ গ্ল’বেল পাব্লিক স্কুল প্ৰাংগণত এই কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ পুৱা ১০.৪০ বজাত গছপুলি ৰোপনেৰে আৰম্ভ হোৱা সভাখনত ভালেকেইগৰাকী শিক্ষাবিদ, কবি, সাহিত্যিক, গণ্য মান্য লোকে অংশগ্ৰহণ কৰে৷ শিক্ষাবিদ দণ্ডী তামুলী ফুকনৰ সঞ্চালনাত অনুষ্ঠিত ‘বিশেষ অভিনন্দন অনুষ্ঠানটি’ উদ্বোধন কৰে বিশিষ্ট সমাজ সেৱক উদয়…

লখিমপুৰত উপস্থিত গুৱাহাটীৰ চাইক্লিষ্ট

লখিমপুৰ, ২৭ জুন: ইতিবাচক বাৰ্তা আৰু জনসাধাৰণক সজাগ কৰাৰ মানসেৰে সমগ্ৰ অসম ভ্ৰমণ কৰিবলৈ লখিমপুৰত কালি ২৬ জুনত আহি উপস্হিত হয় গুৱাহাটীৰ এগৰাকী বিশিষ্ট চাইক্লিষ্ট। গুৱাহাটীৰ বাইচাইকেল মেয়ৰ তথা পেডেল ফৰ এ চেঞ্জ তথা গ্ৰীণ এণ্ড এক্টিভ ম’বিলিটি ফ’ৰামৰ সহঃপ্ৰতিষ্ঠাপক আৰ্ছেল আখতাৰে ১৩ জুনত গুৱাহাটীৰ পৰা অকলে চাইকেলেৰে অসম ভ্ৰমণ আৰম্ভ কৰে৷ পথ সুৰক্ষা, যান বাহন আইন, বহনক্ষম যাতায়ত ব্যৱস্থা,(Sustainable Transportation), জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰশমন আদি বিভিন্ন ইতিবাচক বাৰ্তা কঢ়িয়াই এই যাত্ৰা কৰি আছে চাইক্লিষ্ট গৰাকীয়ে ৷ গুৱাহাটীৰ পৰা…

ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত উপায়ুক্তৰ ছাডেন ভিজিট

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৬ জুনঃ লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ ফুলবাৰী অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি হঠাৎ উপস্থিত হয় লখিমপুৰৰ জিলা উপায়ুক্ত সুমিত সাত্তাৱন৷ উপায়ুক্তৰ ছাডেন ভিজিটত বিদ্যালয়খনত একপ্ৰকাৰে হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে হৈ যোৱা গুণোৎসৱৰ ফলাফলত চি গ্ৰেড লাভ কৰা বিদ্যালয়সমূহত পুৱা ৯ বজাত উপস্থিত হৈ তেঁও বিদ্যালয়খনৰ সকলো দিশ তন্ন তন্নকৈ পৰ্যবেক্ষণ কৰে৷ ছাত্ৰ ছাত্ৰীৰ লগত অন্তৰংগ ভাৱে মত বিনিময়ো কৰে উপায়ুক্তই৷ বিদ্যালয়ত কেনেদৰে পাঠ…

মৰ্মন্তুদ! নাওবৈচাত দুই দেৱ শিশুক হত্যা কৰি মাতৃৰ আত্মহনন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৬ জুনঃ লখিমপুৰ জিলাৰ অতি দুৰ্গম অঞ্চল নাওবৈচাৰ শালমৰাত আজি এক ভয়ংকৰ ঘটনা সংঘটিত হয়৷ নাওবৈচাৰ শালমৰা গাঁৱত অক্ষয় পায়েঙৰ পত্নী সৰুমাই পায়েঙে আজি দুপৰীয়া ঘৰত কোনো নথকাৰ সুযোগতে তেওঁৰে দুই পুত্ৰ-কন্যাক ডিঙি চেপি হত্যা কৰি নিজেও আত্মহত্যা কৰে৷ পাৰিবাৰিক অশান্তি আৰু চৰম দাৰিদ্ৰতাৰ বাবেই আজি মহিলাগৰাকীয়ে এনেদৰে দুই দেৱ শিশুক হত্যা কৰি নিজে চিপ লৈ আত্মহত্যা কৰে৷ প্ৰাপ্ত তথ্য অনুসৰি নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত গড়ছিগাৰ সমীপৱৰ্তী শালমৰাৰ নিবাসী অক্ষয় পায়েঙে আজি দিনহাজিৰা কৰিবলৈ যোৱাৰ সময়তে সৰুমাই…

লখিমপুৰ আঞ্চলিক কৃষি গৱেষণা প্ৰতিষ্ঠানত কৃষক-কৃষি বিজ্ঞানীৰ মাজত জলবায়ু পৰিৱৰ্তন আৰু আমাৰ কৰ্তব্য শীৰ্ষক আলোচনাচক্ৰ 

উত্তৰ লখিমপুৰ ২৬ জুনঃ অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ অন্তৰ্গত উত্তৰ অসমৰ লখিমপুৰ জিলাত অৱস্থিত একমাত্ৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰত, আজি ইণ্ডো গ্ল'বেল চচিয়েল চাৰ্ভিছ চচাইটিৰ উদোগত আৰু ধেমাজি আৰু লখিমপুৰ জিলাৰ ৪০ জন কৃষকৰ উপস্থিতত জলবায়ু পৰিৱৰ্তন আৰু আমাৰ কৰ্তব্য শীৰ্ষক এক আলোচনাচক্ৰ অনুস্থিত কৰা হয়। ইণ্ডো গ্ল'বেল চচিয়েল চাৰ্ভিছ চচাইটিৰ প্ৰকল্প বিষয়া ৰাজেন শইকীয়াই আলোচনা চক্ৰৰ উদেশ্য অৱগত কৰি গৱেষণা প্ৰতিষ্ঠান সমূহ আৰু কৃষকৰ মাজত ব্যৱধান হ্ৰাস কৰাৰ লগতে সাম্প্ৰতিক পৰিস্থিতিত গ্ৰাম্য অৰ্থনীতি বিকাশৰ বাবে কৃষিজীৱী…

লখিমপুৰত আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন

উত্তৰ লখিমপুৰ, ২৬ জুনঃ আজি আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস। সমগ্ৰ বিশ্বৰ লগতে আজি লখিমপুৰতো পালন কৰা হয় আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস। লখিমপুৰ আৰক্ষী বিভাগৰ সহযোগত আজি অপ্ৰতিৰোধ্য আৰু সেৱাদ্বীপ নামৰ সংস্থা দুটাৰ উদ্যোগত পালন কৰা হয় আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস। সংস্থা দুটাৰ উদ্যোগত লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত প্ৰদৰ্শন কৰা হয় বাটৰ নাট। বাটৰ নাটখনৰ জড়িয়তে ড্ৰাগছৰ দৰে মাৰাত্মক নিচা জাতীয় দ্ৰব্যৰ সেৱনৰ কু…

তেজপুৰত জে বি প্ৰডাকচনৰ উদ্যোগত “মহবুব ষ্টুডিঅ”ৰ শুভাৰম্ভণি

এই ষ্টুডিঅটিয়ে উঠি অহা প্ৰজন্মৰ নটসৈনিক সকলক নতুন দিশৰ সন্ধান দিব - উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২৫ জুনঃ নাটশিল্প ক্ষেত্ৰখনত হৈ থকা নতুন নতুন পৰীক্ষা, সম্পৰীক্ষাৰ মাজতে কালি সন্ধিয়া তেজপুৰত শুভাৰম্ভ হ'ল "ইন্টিমেট থিয়েটাৰ" ৰ এটি ষ্টুডিঅ। মূলতঃ নাট মঞ্চস্থৰ ক্ষেত্ৰত দেখা দিয়া ব্যয় বহুলতা দূৰ কৰি আধুনিক শৈলী উপস্হাপনেৰে বৰ্তমান সময়ৰ তৰুণ প্ৰজন্মৰ ছিৰিয়াছ নাট্যশিল্পী সমূহে অতি কম সময়ৰ ভিতৰত সীমিত ব্যয়েৰে নাট নিবেদন কৰিব পৰা সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তেজপুৰত দীৰ্ঘদিন ধৰি ৰুচিশীলতাৰে পৰিশীলিত ৰূপত…

তেজপুৰত শোণিতপুৰ জিলা মানৱাধিকাৰ ন্যায় আয়োগৰ বৈঠক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৫জুনঃ তেজপুৰৰ নপাম মজলীয়া বিদ্যালয়ৰ সভা গৃহত আজি বিয়লি তিনি বজাত শোণিতপুৰ জিলা মানৱাধিকাৰ ন্যায় আয়োগৰ বৈঠক অনুষ্ঠিত হয়। শোণিতপুৰ জিলা মানৱাধিকাৰ ন্যায় আয়োগৰ উপ সভাপতি শ্বেখ চাহাব উদ্দিনৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত অসম ৰাজ্যিক মানৱাধিকাৰ ন্যায় আয়োগৰ সভাপতি তুলসী কাপ্লে, ৰাজ্যিক মানৱাধিকাৰ ন্যায় আয়োগৰ সম্পাদক অৰূপ গৌতম, শোণিতপুৰ জিলাৰ মানৱাধিকাৰ ন্যায় আয়োগৰ উপ-সভাপতি পংকজ বৰুৱা আৰু স্হানীয় লেখক সাংবাদিক চিৰাজ খান অতিথি হিচাপে উপস্থিত থাকে। মানৱাধিকাৰ‌ ন্যায় আয়োগৰ কৰ্ম পৰিকল্পনা,…