Browsing Category
অসম
নাৰায়ণপুৰত ব্ৰয়লাৰ পোহাৰ বাবেই শংকৰ সংঘৰ পৰা বহিষ্কাৰ এটা পৰিয়ালক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰ, ২৩ জুনঃ লখিমপুৰ জিলাৰ পশ্চিম প্ৰান্তৰ নাৰায়ণপুৰত ব্ৰয়লাৰ পোহাৰ বাবেই এটা পৰিয়ালক শংকৰ সংঘৰ পৰা বহিষ্কাৰ কৰাৰ দৰে এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে৷ বিগত তিনিমাহ ধৰি অকলশৰে থকা পৰিয়ালটো এতিয়া চূড়ান্ত হতাশাত ভূগিছে৷ আজি এই কথা ভূক্তভোগী পৰিয়ালটোৰ একমাত্ৰ বোৱাৰী পম্পি হাজৰিকাই অতি দুখেৰে ব্যক্ত কৰে৷ নাৰায়ণপুৰ দুলীয়াপথাৰৰ প্ৰয়াত পূৰ্ণেশ্বৰ নেওগৰ পুত্ৰ সমীৰণ নেওগৰ পত্নী পম্পি হাজৰিকাই দুখেৰে কয় যে আজি তিনিমাহৰ পূৰ্বে পৰিয়ালটোৰ উপাৰ্জনৰ বাবে নিজৰ পুখুৰীৰ পাৰত এখন ব্ৰয়লাৰ ফাৰ্ম স্থাপন কৰে৷ সংস্থাপনৰ…
তেজপুৰৰ ডিপোতা নৈত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৩জুনঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী বাঁহবাৰী মৌজাৰ ডেকাচুবুৰী খণ্ডৰ বেতনিঝাৰৰ সুখু ভেংৰা আৰু চোমাৰী ভেংৰাৰ একমাত্ৰ পুত্ৰ অমুজ ভেংৰা ডিপোতা নৈত সন্ধানহীন হোৱা সম্পূৰ্ণ এসপ্তাহৰ পাছত যুৱকনৰ মৃতদেহ আজি উদ্ধাৰ হয়৷ উল্লেখযোগ্য যে, ১৬জুনৰ সন্ধিয়া প্ৰায় সাত বজাত ১৬বছৰীয়া যুৱকজন ডিপোতা নৈৰ বাঢ়নি পানীত উটি গৈছিল আৰু পৰৱৰ্তী সময়ত স্হানীয় লোকৰ উপৰি এছ ডি আৰ এফে যুৱকজনৰ সন্ধান চলাইছিল য’দিও অমুজৰ সন্ধান ওলোৱা নাছিল৷ আজি দিনৰ প্ৰায় ১২বজাত ঘটনাস্থলীৰ পৰা প্ৰায় ডেৰকিলোমিটাৰ দূৰত্বত খোলাকটি এল পি স্কুলৰ সমীপত…
তেজপুৰ-ঘগৰা চাহ বাগিচা আদৰ্শ বিদ্যালয়লৈ ৰাজ্যখনৰ শ্ৰেষ্ঠ বিদ্যালয়ৰ স্বীকৃতি
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ,২৩ জুন : নৰ্থ ইষ্ট এডুকেশ্বন ইমিনেচনচ (এডুকেশ্বনেল কনক্লেভ) ত অসম তথা উত্তৰ পূৰ্ব্বাঞ্চলৰ শিক্ষানুষ্ঠান সমূহৰ ভিতৰত সামাজিক আৰু অৰ্থনৈতিক ভাৱে বঞ্চিত ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেজপুৰ- ঘগৰা চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ পলাশ কুমাৰ নাথক এই ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ বিদ্যালয়ৰ সন্মান প্ৰদান কৰাত তেজপুৰৰ শৈক্ষিক ক্ষেত্ৰখন উৎফুল্ল হৈছে। উল্লেখ্য যে ৰাজ্যখনৰ শৈক্ষিক খণ্ডত উৎকৃষ্ট অৱদান তথা ফলাফলৰে আগবাঢ়ি যোৱা শিক্ষানুষ্ঠানলৈ স্বীকৃতি স্বৰূপে যোৱা বছৰৰ পৰা আৰম্ভ হোৱা…
তেজপুৰৰ ডেকাৰ গাঁৱৰ উষা-নাট্য মন্দিৰ প্ৰেক্ষাগৃহত ‘ঝলঝলা’ ৰ মিলেট সজাগতা সভা সম্পন্ন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৩ জুন: চলিত বৰ্ষটো আন্তৰ্জাতিক মিলেট বৰ্ষ হিচাপে সমগ্ৰ বিশ্বতে উদযাপন হৈ আছে৷ সেই উদ্দেশ্যে অসম মিলেট মিচনে সকলো শ্ৰেণীৰ ৰাইজৰ মাজত মিলেটক জনপ্ৰিয় কৰিবৰ বাবে বিভিন্ন ধৰণে প্ৰচেষ্টা চলাই আছে৷ ‘ঝলঝলা’ (এক স্বচ্চতাৰ প্ৰতিশ্ৰুতি) এক বেচৰকাৰী অনুষ্ঠানটোৱে যিহেতু জন্মলগ্নৰে পৰাই পৰিৱেশ পৰিস্থিতি আৰু সময়ৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দি বিভিন্ন সময়ত বিভিন্ন বিষয়ৰ ওপৰত সজাগতামূলক সভা, কৰ্মশালা আদি অনুষ্ঠিত কৰি আহিছে সেয়েহে সাম্প্ৰতিক সময়তো মিলেটৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি চৰকাৰৰ মিলেট মিচন…
সদৰ থানাৰ কম্পিউটাৰৰ হাৰ্ড ডিক্স কপি কৰি লৈ লখিমপুৰ এৰিলে চি বি আই দলে
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৩ জুনঃ লখিমপুৰ আৱৰ্ত ভৱনৰ পৰা অৱশেষত চি বি আই দলটোৱে আজি নগাঁও অভিমুখে ৰাওনা হয়৷ বিগত চাৰিদিন ধৰি লখিমপুৰৰ আৱৰ্ত ভৱনত বাহৰ পাতি জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত চলোৱাৰ লগতে লখিমপুৰৰ বহু নকল সোণ আৰু জাল নোট চক্ৰৰে জড়িত লোকক তলব কৰি সোধ পোছ কৰিছিল৷ ৮ জনীয়া চি বি আই দলটোৱে আমিনা খাতুন, হাচিনা বেগম, আবু তালিফ, বঙালমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজকুমাৰ পেগু, লালুক চক্ৰ পৰিদৰ্শক ভি আই মালেশ্বৰ থিকক আৰু আমিনা খাতুনক টকা ধাৰলৈ দিয়া ৰেজিবুল ইছলাম, নুৰ মহম্মদ, গুলে খাতুন, উমেদ আলি আদিক মাৰাথান জেৰা…
চাহ বাগিচাৰ লোকৰ বাবে চাৰি শতাংশ চৰকাৰী চাকৰি সংৰক্ষণ কৰাৰ সিদ্ধান্ত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২২জুনঃ ৰাজ্যৰ চাহ বাগিচাৰ লোকৰ বাবে চাৰি শতাংশ চৰকাৰী চাকৰি সংৰক্ষণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শোণিতপুৰৰ ঢেকিয়াজুলিৰ অৰুণ চাহ বাগিচাত এখন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ উদ্বোধন কৰি ৰাজহুৱা সভাত ভাষণ প্ৰসংগত কয় যে বৰ্তমান চৰকাৰে চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত আসন সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছে৷ চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰী সকলে বহু সময়ত উচ্চ শিক্ষাৰ বাবে সুবিধা লাভ নকৰে এতিয়া চৰকাৰে এবছৰত চাহ বাগিচাৰ ভিতৰত ১১৯…
লখিমপুৰৰ সমাজ সংগঠক সৰ্বেশ্বৰ চুতীয়াৰ পৰলোক প্ৰাপ্তি
উত্তৰ লখিমপুৰ ,২২ জুন : লখিমপুৰ চকুলীভৰীয়াৰ ধৰ্মপ্ৰাণ ব্যক্তি, সমাজ সংগঠক সৰ্বেশ্বৰ চুতীয়াৰ ৭৮ বছৰ বয়সত বৃহস্পতিবাৰে পুৱা ৭ বজাত পৰলোক প্ৰাপ্তি ঘটে ৷ দীৰ্ঘদিন ধৰি উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ থকা চুতীয়া শেহতীয়াকৈ স্হানীয় ডাঃ দাস হাস্পতালত চিকিৎসাধীন হৈ আছিল৷ অসম কো অপাৰেটিভ এপেক্স বেংকৰ অৱসৰপ্ৰাপ্ত বিষয়া চুতীয়া লখিমপুৰৰ এগৰাকী সমাজ সংগঠক হোৱাৰ লগতে উত্তৰ অসম তথা অৰুণাচল প্ৰদেশত "কৃষ্ণগুৰু” এক নাম ধৰ্মৰ প্ৰসাৰত অৰিহনা যোগাইছিল৷ চকুলীভৰীয়াত “কৃষ্ণগুৰু” শাখা সেৱাশ্ৰম প্ৰতিস্হা কৰাত প্ৰয়াত চুতীয়াৰ উল্লেখযোগ্য অৰিহণা আছিল ৷…
তেজপুৰ বিশ্ববিদ্যালয়ৰ “টপাৰ” নিলোৎপল গগৈৰ ৰহস্যজনক আত্মহনন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২২জুনঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ এটা ছাত্ৰাবাসত এজন মেধাবী ছাত্ৰৰ মৃতদেহ তেওঁৰ বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ হোৱা ঘটনাই বিশ্ববিদ্যালয়খনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।প্ৰাথমিক অৱস্থাত এই ঘটনা আত্মহত্যা বুলি আশংকা কৰা হৈছে৷ ঘটনাৰ বিৱৰণী অনুসৰি,আজি পুৱা তেজপুৰ বিশ্ববিদ্যালয়ৰ শৰাইঘাট চি ভি ৰমন হোষ্টেলৰ ৩০০৯ নম্বৰ কোঠাত শোৱাপাটীত উদ্ধাৰ হয় নিলোৎপল গগৈ (২৪) নামৰ ছাত্ৰজনৰ মৃতদেহ। পৰিৱেশ বিজ্ঞানৰ স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ আছিল নিলোৎপল গগৈ।বিভাগটোৰ "টপাৰ" ছাত্ৰজনে ছাত্ৰাবাসৰ এজনীয়া কক্ষ লাভ কৰিছিল৷ তিনিচুকীয়াৰ…
অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক চি পি আই (এম)ৰ বিৰোধিতা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২২ জুনঃ অসমৰ প্ৰায় সকলোবোৰ বিৰোধী দল আৰু জাতীয় সংগঠনৰ প্ৰবল বিৰোধিতা সত্ত্বেও ভাৰতৰ নিৰ্বাচন আয়োগে ২০০১ চনৰ লোক পিয়লৰ ভিত্তিত ৰাজ্যৰ বিধানসভা আৰু লোকসভা সমষ্টিসমূহৰ সীমা নতুনকৈ নিৰ্ধাৰণ কৰি ইয়াৰ খচৰা প্ৰকাশ কৰাত চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। পাৰ্টিৰ ৰাজ্যিক কমিটিয়ে প্ৰকাশ কৰা এটা বিবৃতিত কোৱা হৈছে যে নিৰ্বাচন আয়োগে অসমৰ জনমত সম্পূৰ্ণ উপেক্ষা কৰি কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ স্বৈৰতান্ত্ৰিক নিৰ্দেশ আৰু তীব্ৰ হেঁচাত ২২ বছৰৰ পূৰ্বৰ লোক গণনা তথা জনসংখ্যাৰ…
