Browsing Category

অসম

বগীনদী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক অংগুষ্ঠ দেখুৱাৰ অভিযোগ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২২ জুনঃ লখিমপুৰ জিলাৰ বগীনদী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ অনিল কুমাৰ গগৈয়ে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক অংগুষ্ঠ প্ৰদৰ্শন কৰি অধ্যক্ষৰ আসন দখল কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে৷ প্ৰাপ্ত অভিযোগ অনুসৰি বগীনদী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক অনিল কুমাৰ গগৈয়ে ৬-১০-১৯৯৩ চনত যোগদান কৰিছিল৷ কিন্তু ইয়াৰ পূৰ্বেই বিনোদ বসুমতাৰী নামৰ সহকাৰী শিক্ষকজনে ২৩-০৬-১৯৯২ তাৰিখে বিদ্যালয়খনত যোগদান কৰাৰ পিছতো জ্যেষ্ঠতাৰ ভিত্তিত বসুমতাৰীক চেৰাই অনিল কুমাৰ গগৈয়ে ভাৰপ্ৰাপ্ত অধ্যক্ষৰ…

তিনিচুকীয়া মহাবিদ্যালয়ত বিশেষ অনুষ্ঠানত প্ৰভাংগীক সম্বৰ্ধনা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২১ জুন : আজি তিনিচুকীয়া মহাবিদ্যালয়ৰ সভাগৃহত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ উল্লেখ্য যে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত তিনিচুকীয়া মহাবিদ্যালয়ত অধ্যয়নৰত মেধাৱী ছাত্ৰী প্ৰভাংগী কাকতিয়ে সৰ্বোচ্চ ৯৩% নম্বৰ লাভ মহাবিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷ কৃতী ছাত্ৰী প্ৰভাংগী কাকতিক সম্বৰ্ধনা জনাবৰ বাবে বিশেষভাৱে আয়োজিত এই সভাত উদ্যোক্তাসকলৰ আমন্ত্ৰণক্ৰমে তেওঁৰ পিতৃ উৎপল কাকতি আৰু মাতৃ টুটুমণি কাকতিও উপস্থিত থাকে ৷ অধ্যক্ষ ড° সূৰ্য্য চুতীয়াই…

তেজপুৰৰ পূবেৰুণ সাংস্কৃতিক সমাজৰ উদ্যোগত অভিনন্দন অনুষ্ঠান

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২১ জুন : তেজপুৰ চহৰৰ নিকটৱৰ্তী বেছেৰীয়াত ১৯৮৯ চনতে প্ৰতিষ্ঠা হোৱা পূবেৰুণ সাংস্কৃতিক সমাজৰ উদ্যোগত সমাজৰ স্থায়ী ভৱনত কলাগুৰু বিষ্ণু ৰাভা দেৱৰ ৫৫ সংখ্যক স্মৃতি দিৱস উদযাপন কৰাৰ লগতে সদৌ বেছেৰীয়া অঞ্চলৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ এশ গৰাকী কৃতী ছাত্ৰ ছাত্ৰীক কালি অভিনন্দন জনোৱা হয়। সভাত কলাগুৰু জনাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে সভাপতি শশাংক শেখৰ বৰাই ।শ্ৰদ্ধাঞ্জলিত অংশ লয় সভাৰ মুখ্য অতিথি দৰংমহাবিদ্যালয়ৰ অধ্যাপক ডঃ সঞ্জয় ডেকা আৰু বিশিষ্ট ব্যক্তি সকলে । সমাজৰ সাধাৰণ সম্পাদক বিক্ৰম কুমাৰ…

ডিব্ৰুগড়-গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এমবিবিএছ পাঠ্যক্ৰমৰ স্বীকৃতি নবীকৰণ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২১ জুন : ডিব্ৰুগড় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এমবিবিএছ পাঠ্যক্ৰমৰ স্বীকৃতি নবীকৰণত অনুমোদন জনাইছে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (এনএমচি)-এ। এই সন্দৰ্ভত এনএমচিয়ে ই-মেইল যোগে পৃথকে প্ৰেৰণ কৰা আনুষ্ঠানিক পত্ৰ আজি লাভ কৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষই। বুধবাৰে সন্ধিয়া সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা-গৱেষণা দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ স্বীকৃতি নবীকৰণৰ বাবে চিকিৎসা…

মঙলদৈৰ “জেংৰাই” নাট্য দললৈ শ্ৰেষ্ঠ নাট্যদলৰ সন্মান

তেজপুৰৰ নৱজ্যোতি বৰা শ্ৰেষ্ঠ নাট্যকাৰ কলিয়াবৰৰ ঋত্তিক নাথ শ্ৰেষ্ঠ পৰিচালক শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ অৰ্জন বোকাখাতৰ প্ৰিয়াংশু প্ৰাঞ্জলৰ মঙলদৈৰ নীনামণি কলিতা শ্ৰেষ্ঠ অভিনেত্ৰীশতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২১ জুন : কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি বিজড়িত তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ উদ্যোগত যোৱা ১৯ তাৰিখৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সোঁৱৰণী সদৌ অসম একাংক নাট প্ৰতিযোগিতাত মঙলদৈৰ জেংৰাই নাট্য গোষ্ঠীয়ে নিবেদন কৰা "ডিগনিটি অৱ লেবাৰ" নাটকে শ্ৰেষ্ঠ নাট্য দলৰ সন্মান অৰ্জন কৰি স্বৰ্ণলতা…

লখিমপুৰত বাহৰ পাতি চি বি আইৰ অভিযান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২১ জুনঃ এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত তথা নকল সোণ, জাল নোটৰ ব্যৱসায় সন্দৰ্ভত লখিমপুৰত চি বি আইৰ অভিযান তীব্ৰতৰ হৈছে৷ চি বি আই দলে আজি লখিমপুৰ আৱৰ্ত ভৱনত বাহৰ পাতি তদন্ত অব্যাহত ৰাখিছে৷ কালি চি বি আই দলটোৱে নগাঁৱৰ পৰা আহি বঙালমৰাত অভিযান চলোৱাৰ পাছত সন্ধ্যা লখিমপুৰ আৱৰ্ত ভৱনত বাহৰ পাতে৷ আনহাতে আজি পুৱাৰে পৰা আৱৰ্ত ভৱনত লাভলি কাটিয়াৰৰ নেতৃত্বত তলব কৰে বিভিন্নজন লোকক৷ এইক্ষেত্ৰত প্ৰধানত লালুক থানাৰ চক্ৰ পৰিদৰ্শক ভি আই মালেশ্বৰ ঠিক আৰু বঙালমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া…

কেশৱ চাউক টিকেন্দ্ৰজিৎ গগৈ স্মাৰক বঁটা প্ৰদান

ধেমাজি, ২০ জুন : সমগ্ৰ অসমৰ লগতে আজি ধেমাজিতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বিষ্ণুৰাভা দিৱস পালন কৰে ৷ ধেমাজি জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু ধেমাজি বালিকা মহাবিদ্যালয়ৰ মহিলা কোষৰ সহযোগত ধেমাজি বালিকা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিষ্ণুৰাভা আৰু প্ৰেৰণা দিৱসত টিকেন্দ্ৰজিৎ গগৈ স্মৃতি বঁটা প্ৰদান কৰা হয় ৷ কাৰ্যসূচী অনুসৰি দুপৰীয়া ১১ বজাৰ পৰা আয়োজন কৰা অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্জ্বলন কৰে ধেমাজি বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক বৰগোহাঁই, বৰ্ষীয়ান সাংস্কৃতিক কৰ্মী তথা লোকশ্ৰী বিমলা গগৈ আৰু ৰিণি তামুলীয়ে ৷ ইয়াৰ পাছতে জিলা…

লখিমপুৰত চিবিএছইৰ অধীনত ইংৰাজী মাধ্যমৰ চৰকাৰী বিদ্যালয় উদ্বোধন মন্ত্ৰী অতুল বৰাৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২০জুনঃ লক্ষীমপুৰৰ ঘিলামৰাত আজি এখন আদৰ্শ বিদ্যালয় কৃষি, পশুপালন আৰু পশুচিকিৎসা বিভাগৰ মন্ত্ৰী তথা লক্ষীমপুৰৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানটি কলাগুৰু বিষ্ণুপ্রসাদ ৰাভাৰ প্ৰতি স্মৃতি তৰ্পনেৰে শুভ আৰম্ভনি কৰা হয়। মন্ত্ৰী গৰাকীয়ে ৰাভা দিৱস উপলক্ষে গণশিল্পী গৰাকীৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে পুষ্পাঞ্জলি তৰ্পন কৰি তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। ঘিলামৰাত চিবিএচইৰ অন্তৰ্গত প্ৰথমখন ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয়ৰ শুভাৰম্ভ কৰি মন্ত্ৰী গৰাকীয়ে…

সচেতন নাগৰিক সমাজৰ প্ৰতিষ্ঠা দিৱসত লখিমপুৰৰ সমস্যা আৰু সমাধানৰ উপায় শীৰ্ষক আলোচনা চক্ৰ

উত্তৰ লখিমপুৰ ২০ জুন: লখিমপুৰ সচেতন নাগৰিক সমাজৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি লখিমপুৰ বাণিজ্য মহাবিদ্যালয় প্ৰাঙ্গণত ১৯ জুনত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। কাৰ্যসূচী অনুসৰি আগবেলা পাব্লিক বাছ ষ্টেণ্ড, আদৰ্শ হোটেলৰ দাঁতিত বৃক্ষ ৰোপন কৰে। পাছবেলা বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পনৰ পাছত লখিমপুৰ সচেতন নাগৰিক সমাজৰ সভাপতি বিদ্যাধৰ গোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত আলোচনা চক্ৰখনিত আদৰণি অভিভাষণ আগবঢ়াই আঁত ধৰে অসম বহু ভাষিক কবি সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ৰূপজ্যোতি দত্ত কোচে। "লখিমপুৰ নগৰৰ সমস্যাৰাজি আৰু সামাধানৰ উপায়"…

পি এম এ ৱাই গৃহ নিৰ্মাণত কেলেংকাৰিঃ লক্ষীমপুৰত পঞ্চায়ত সচিবসহ তিনিজনক গ্ৰেপ্তাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২০ জুনঃ লক্ষীমপুৰ জিলাৰ কৰুণাবাৰী উন্নয়ন খণ্ডৰ অধীনৰ ডিক্ৰং পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত সংঘটিত কেলেংকাৰি সন্দৰ্ভত বিহপুৰীয়া আৰক্ষীয়ে পঞ্চায়তৰ সচিবসহ তিনিজনক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা কাৰ্যই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ডিক্ৰং গাঁঁও পঞ্চায়তত প্ৰধান মন্ত্ৰী আৱাস গৃহ নিৰ্মাণত বৃহৎ কেলেংকাৰি সংঘটিত হোৱা সন্দৰ্ভত কৰুণাবাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে যোৱা ৩ জুনত বিহপুৰীয়া আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত বিহপুৰীয়া…