Browsing Category

অসম

 বিশৃংখল তিনিচুকীয়া : পৌৰসভাৰ কাৰ্যবাহীলৈ নটিছ আৰক্ষীৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৫ জুন : ৰাজহুৱা স্বাৰ্থলৈ পিঠি দি কেৱল ক্ষমতাকেন্দ্ৰিক যুঁজবাগৰত নিমজ্জিত তিনিচুকীয়া পৌৰসভাৰ অকৰ্মণ্যতাৰ বাবে এতিয়া কেতবোৰ বিষয়ত হস্তক্ষেপ কৰিবলৈ বাধ্য হৈছে তিনিচুকীয়া আৰক্ষী ৷ উল্লেখ্য যে যাতায়াতৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰি চহৰখনৰ বাটেপথে যধেমধে পেলাই থোৱা নিৰ্মাণ সামগ্ৰীসমূহ আঁতৰ কৰাৰ বাবে যোৱা ১০ জুনত তিনিচুকীয়া সদৰ থানাৰ যান-বাহন পৰিদৰ্শকে পৌৰসভাৰ কাৰ্যবাহী বিষয়ালৈ এক পত্ৰ প্ৰেৰণ কৰিছিল ৷ এইবাৰ বহুমহলীয়া ভৱন নিৰ্মাণৰ ক্ষেত্ৰত হোৱা বিসংগতিৰ তদন্তৰ বাবে কেতবোৰ তথ্য বিচাৰি তিনিচুকীয়া সদৰ…

সোৱণশিৰিৰ ভয়ংকৰ খহনীয়াৰ পৰিত্ৰাণ বিচাৰি অদৃষ্টজনলৈ প্ৰাৰ্থনা গঞাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৫ জুনঃ সোৱণশিৰিৰ ভয়ংকৰ খহনীয়াই এতিয়া আতংকৰ সৃষ্টি কৰিছে লখিমপুৰ জিলাৰ ন-আলি তেলিয়া পথাৰত৷ যাৰবাবে আজি তেলাহী মৌজাৰ পাঁচখন গাঁৱৰ সহস্ৰাধিক লোকে সোৱণশিৰিৰ খহনীয়া ৰোধৰ পৰিত্ৰাণ বিচাৰি ন-আলি তেলিয়া পথাৰত জল দেৱতাক কাকূতি-মিনতি কৰিবলৈ বাধ্য হয়৷ সোৱণশিৰি নদীৰ ভীমপৰা মথাউৰিৰ কাষত বসবাস কৰা তথা বৃহত্তৰ তেলিয়া পথাৰ অঞ্চলৰ পুৰণি ন-আলি, তেলিয়া পথাৰ, হালধীআতি, ২ নং গুৱাহাটীয়া, ন-আলি খাবলুৰ একাংশ লোক ওলাই আহি নদীৰ পাৰত জল দেৱতাক প্ৰাৰ্থনা কৰে৷ গাঁৱৰ মুখিয়াল লোকসকলক লগতে আইসকলে সোৱণশিৰি নদীৰ পানী যুঁৱলিত…

দিচাংমুখত “তুফান” পানীৰ তলত

শতাব্দ দিচাংমুখৰ প্ৰতিবেদক, ১৫ জুনঃ বাৰিষা বতৰত এখন নাৱৰ প্ৰয়োজনীয়া কিমান সেয়া সকলোৱে জানে। কিন্তু নাজানে  অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগে। তাৰ ফলস্বৰূপে বিভাগৰ এখন কাৰ্যক্ষম নাও বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰৰ গাফিলতিৰ বাবেই পানীত বুৰ গৈ আছে। বিভাগটোৰ ডিব্ৰুগড় কাৰ্যালয়ৰ অন্তৰ্গত দিচাংমুখত থকা আভ্যন্তৰীণ জল পৰিবহণৰ তুফান নামৰ ফেৰীখন  অব্যৱহিত হৈ থকাৰ লগতে পানীৰ মাজত ডুব গৈ থকা পৰিলক্ষিত হৈছে ৷ বিভাগটোত প্ৰায় ৭০/৮০ গৰাকী কৰ্মচাৰী নিয়োজিত হৈ আছে যদিও ফেৰীখন চোৱাচিতা নকৰাৰ বাবে বিগত কেইবাদিনো ধৰি এনেদৰে পানীৰ মাজত ডুব গৈ…

লখিমপুৰত ভাতৃ হন্তাক যাৱজ্জীৱন কাৰাদণ্ডঃ ২২ বছৰৰ পিছত আদালতৰ ৰায়

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৫ জুনঃ সুদীৰ্ঘ ২২ বছৰৰ পিছত লখিমপুৰৰ আদালতত আজি এজন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে৷ ২০০১ চনৰ ১৪ আগষ্টত বঙালমৰাৰ নুৰ উদ্দিন ভূঞা নামৰ এজন লোকে বঙালমৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে যে- আবুল কালাম ভূঞা নামৰ লোকজনে তেওঁৰে ভাতৃ ৱাৰিছ আলম ভূঞা নামৰ লোকজনক বঙালমৰাৰে তিনঠেঙীয়া চেণ্টাৰত তাইবুৰ ৰহমানৰ দোকানত বহি থকা অৱস্থাত ৱাৰিছ আলম ভূঞাক ভাতৃ আবুল কালাম ভূঞাই চোকা অস্ত্ৰৰে হানি-খুচি হত্যা কৰে৷ বিহপুৰীয়া থানাত ৰুজু হোৱা গোচৰ মৰ্মে লখিমপুৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত সুদীৰ্ঘ দিন বিচাৰ চলাৰ…

লখিমপুৰৰ বানত চৰকাৰী সাহায্য নাইঃ সোৱণশিৰিত উটি গ’ল যুৱক

নাওবৈচাত ক্ষুব্ধ বন্যাৰ্তই পানীৰ মাজতে আৱদ্ধ কৰিলে ৰাজহ চক্ৰ বিষয়াক নাওবৈচাত জটিল পৰিস্থিতিত বন্যাৰ্ত শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৫ জুনঃ বছৰৰ প্ৰথমটো বানে লখিমপুৰ জিলাত জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ জিলাখনৰ বিভিন্ন প্ৰান্তত আজিও ন ন অঞ্চল প্লাবিত হোৱাৰ খবৰ আহি আছে৷ ইফালে বুধবাৰে জিলাখনৰ নাওবৈচা ৰাজহ চক্ৰৰ শ’লমৰীয়াত শিঙৰা নদীয়ে সোঁপাৰৰ মথাউৰিৰ প্ৰায় ১০০ মিটাৰ অংশ ছিঙি নিয়াৰ পিছত সেই অঞ্চলৰ বান পৰিস্থিতিয়ে আজি জটিল ৰূপ ধাৰণ কৰে৷ শিঙৰা নদীয়ে দ’লহাট-বৰছলা সংযোগী গড়কাপ্তানী পথটোৰ প্ৰায় ২ কিলোমিটাৰ অংশৰে পানী বাগৰাৰ…

তেজপুৰ কৰ্কট কেন্দ্ৰই বিশ্বমানৰ ব্রেকিথেৰাপী চিকিৎসা আৰম্ভ কৰিছে

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৪জুনঃ অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ অধীনত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেছনৰ এটা গোট, জ্যোতি ৰ কৰ্কট কেন্দ্ৰ ২০২২ৰ ২৮ এপ্ৰিলত দেশৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰাৰ পাছত যোৱা এবছৰৰ ভিতৰত এই কেন্দ্ৰই ৪৬৭৫জনক ৰেডিঅ'থেৰাপী কৰে৷ ইয়াৰে ভিতৰত ২১৭জন ৰোগী৷ আজি এইসন্দৰ্ভত এক বিজ্ঞপ্তিত লগতে কোৱা হয় যে,২৫১৮জনক কেন্দ্ৰটোত কেমোথেৰাপী চিকিৎসা সম্পূৰ্ণ কৰা হয় আৰু বহু সংখ্যক চিটি,এমআৰআই স্কেন, মেমোগ্রাফীও সম্পন্ন কৰা হৈছে। শেহতীয়াকৈ,এই কেন্দ্ৰটোত যোবা চাৰিজুনত বিশ্বমানৰ ব্ৰেকিথেৰাপী সেৱা আৰম্ভ কৰিছে৷ এয়া…

তেজপুৰৰ চানমাৰী অঞ্চল সেউজ কৰাৰ সংকল্প প্ৰকৃতিপ্ৰেমী, অধিবক্তা কুমুদ বৰুৱাৰ 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৩ জুন : সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাৰে ৰাজ্যজুৰি সেউজ বিপ্লৱৰ সূচনা কৰা বিশ্বনাথ চাৰিআলি নিবাসী অধিবক্তা কুমুদ বৰুৱাই তেজপুৰ চহৰৰ দুয়ো কাষ ইতিমধ্যে সেউজীয়া কৰি তোলাৰ পিছত আজি পুনৰ চানমাৰী হজৰাপাৰ - পাৰ্বতী নগৰ পথৰ দুয়োকাষ সেউজ কৰাৰ পণ লৈ প্ৰতিকুল বতৰকো নেওচি  ৰোপণ কৰে ইটোৰ পিছত সিটো মূল্যবান গছপুলি। উল্লেখ্য যে, তেজপুৰৰে আন এগৰাকী প্ৰকৃতিপ্ৰেমী তথা আলোকচিত্ৰ শিল্পী ৰাজীৱ বৰুৱা আৰু পাৰ্বতী নগৰ মহিলা, অধিবক্তা আৰু স্হানীয় শৰীৰ চৰ্চা কেন্দ্ৰৰ সহযোগত প্ৰকৃতিপ্ৰেমী তথা হৰেণ বোথ্ৰা পৰিৱেশ বঁটা…

চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ত অজাযুছাপৰ  প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৪ জুন : অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ (অজাযুছাপ) তিনিচুকীয়া জিলা সমিতিয়ে আজি শেহতীয়াভাৱে অসম চৰকাৰে ৰাজ্যৰ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদান কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্ত বাতিল কৰা আৰু চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহত স্হায়ী প্ৰধান শিক্ষক নিযুক্তি দিয়া দাবীত উপায়ুক্তৰ কাৰ্যালয় সন্মুখত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ কাৰ্যসূচীত উপস্থিত থাকি অজাযুছাপৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক সুৰজিৎ মৰাণ,…

বিহপুৰীয়া মহাবিদ্যালয়ত দুই তৰপীয়া তদন্ত আৰম্ভঃ শিক্ষক গোটৰ স্বস্তি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৪ জুনঃ বিহপুৰীয়া মহাবিদ্যালয়ৰ আভ্যন্তৰীণ সমস্যাৰাজিৰ সমাধানৰ দাবীত শিক্ষক গোটে যোৱা ১১ মে’ৰ পৰা চলাই অহা ধৰ্মঘটৰ পিছত অৱশেষত গা লৰিল চৰকাৰ তথা শিক্ষা বিভাগৰ। শিক্ষক গোটৰ যুক্তিসংগত আন্দোলনক নস্যাৎ কৰিবলৈ বিভিন্ন পক্ষই নানান ষড়যন্ত্ৰ কৰাৰ পিছত অৱশেষত দুটা পৰ্যায়ত তদন্ত আৰম্ভ হৈছে। সেইমৰ্মে জিলা প্ৰশাসন আৰু উচ্চ শিক্ষাধিকৰ্তাই কালিৰে পৰা পৃথকে তদন্ত আৰম্ভ কৰিছে ৷ যোৱা ১৩ জুনত লক্ষীমপুৰ জিলাৰ জিলা উন্নয়ন আয়ুক্তৰ নেতৃত্বত এটা দলে বিহপুৰীয়া মহাবিদ্যালয়ৰ শিক্ষক গোটৰ প্ৰতিনিধি, মহাবিদ্যালয় পৰিচালনা সমিতিৰ…