Browsing Category

অসম

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত সোণালী জয়ন্তী বক্তৃতা অনুষ্ঠিত

শতাব্দ প্ৰতিনিধি, লখিমপুৰঃ ১০ জুনঃ লখিমপুৰ মহাবিদ্যালয়ৰ চলি থকা সোণালী জয়ন্তী বক্তৃতা শৃংখলাৰ তৃতীয় বক্তৃতা ৯ জুনত অনুষ্ঠিত হৈ যায়৷ মুম্বাইৰ ডাঃ শচীন পৰাবে নিচাজাতীয় দ্ৰব্য ত্যাগ আৰু মদ্যপানৰ অভ্যাসৰ ওপৰত বক্তৃতা প্ৰদান কৰে৷ ভাৰত চৰকাৰে গ্ৰহণ কৰা নিছা মুক্তি ভাৰত অভিযানৰ অংশ হিচাপে উত্তৰ লখিমপুৰৰ প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰয় বিদ্যালয়ৰ সক্ৰিয় অংশগ্ৰহণেৰে মহাবিদ্যালয়খনৰ নিচাবিৰোধী কোষৰ উদ্যোগত এই বক্তৃতা প্ৰদান কৰা হয়৷ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ লোহিত হাজৰিকাই শুভাৰম্ভ কৰা অনুষ্ঠানৰ বৈঠকৰ উদ্দেশ্য ব্যাখ্যা কৰে…

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ১০জুনঃ ৰাজ্যৰ শিক্ষাখণ্ডত অ- প্ৰাদেশিকীকৰণৰ সমস্যাটো বৰ্তমান সময়ত এটা জ্বলন্ত সমস্যা হিচাবে চিহ্নিত হৈছে৷ ৰাজ্যৰ যিমান সংখ্যক ছাত্ৰ-ছাত্ৰী হাইস্কুলত অধ্যয়ন কৰি আছে তাৰে প্ৰায় ৩০ শতাংশ ছাত্ৰ-ছাত্ৰী এই অ-প্ৰাদেশিকৃত বিদ্যালয় সমূহত অধ্যয়ন কৰি আছে৷ এই সমূহ বিদ্যালয় ২০০৬ ৰ পহিলা জানুৱাৰীৰ আগতেই ৰাইজৰ দ্বাৰা প্ৰতিষ্ঠিত হোৱা বিদ্যালয়৷ ২০০৬ ৰ আগৰে পৰাই এই সমূহ বিদ্যালয়ৰ পৰা ছাত্ৰ- ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা দি আহিছে৷ সেই সময়ত এই বিদ্যালয় থকা অঞ্চল সমূহত হাইস্কুল নথকাৰ বাবে ৰাইজে নিজৰ গাঁঠিৰ ধন…

তেজপুৰৰ পুতুল ৰাভাৰ বিয়োগ

 শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ১০ জুনঃ এসময়ৰ সংগীত শিল্পী, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সমাধি “সমন্বয় ক্ষেত্ৰ“ পৰিচালনা সমিতিৰ সম্পাদক, ৰাজনীতিক তথা সমাজকৰ্মী পুতুল ৰাভাৰ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত পুৱা ৫ - ৫৫ বজাত দেহাৱসান ঘটাত তেজপুৰত গভীৰ শোকৰ ছাঁ পৰিছে৷ ১৯৫৮ চনত জন্মগ্ৰহণ কৰা তেজপুৰৰ কলিবাৰী চুক তল গেৰেকীৰ শতবৰ্ষ অতিক্ৰম কৰা স্বাধীনতা সংগ্ৰামী দেৱ ৰাভাৰ পুত্ৰ পুতুল ৰাভাই নিজৰ ঘৰৰ দৰে জড়িত হৈ থকা সমাধি সমন্বয় ক্ষেত্ৰৰ কামত লাগি থকা অৱস্থাতে যোৱা ২৪ মে’ত উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হোৱাৰ পিছত উক্ত দিনা প্ৰথমে…

তেজপুৰত বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ঋতুৰাজ সিংহৰ সংবাদমেল

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ১০জুনঃ কেন্দ্ৰৰ বিজেপি চৰকাৰৰ নবছৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাত বিগত নবছৰে চৰকাৰৰ কামৰ এক খতিয়ান আজি দাঙিধৰা হয় তেজপুৰত৷ বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা দলটোৰ উত্তৰপূৰ্বাঞ্চলৰ সমন্বয়ক ঋতুৰাজ সিংহই সংবাদমেলত কয় “প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ নবছৰীয়া কাৰ্যকাল হৈছে সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণ৷ দেশত পৰিয়ালতন্ত্ৰৰ সলনি যোৱা নবছৰত দেশ আৰু জনসাধাৰণক সেৱাৰ মনোভাৱৰে চৰকাৰ চলিছে আৰু দুৰ্নীতি মুক্ত ভাবে প্ৰশাসন চলোৱা হৈছে৷ তদুপৰি যোৱা নবছৰত দৰিদ্ৰ লোকৰ কল্যাণৰ বাবে কৈ শেষ কৰিব নোৱৰা কাম কৰা হৈছে৷ ৰাজ্যতো…

ৰাজ্যখনৰ তৃতীয়খন মহাবিদ্যালয় হিচাপে দৰংমহাবিদ্যালয়ত অসামৰিক সেৱাৰ পৰীক্ষাৰ অধ্যয়ন কেন্দ্ৰ মুকলি

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১০ জুনঃ ৰাজ্যখনৰ তৃতীয়খন মহাবিদ্যালয় হিচাপে আজি তেজপুৰৰ উত্তৰ পাৰৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান দৰংমহাবিদ্যালয়ত অসম চৰকাৰৰ ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰ আয়োগৰ উদ্যোগত অসামৰিক সেৱাৰ এটা অধ্যায়ন কেন্দ্ৰ আনুষ্ঠানিক ভাৱে ফিতা কাটি শুভাৰম্ভ কৰে “ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰ আয়োগ“ ৰ উপাধ্যক্ষ ধ্ৰুৱপ্ৰসাদ বৈশ্যই৷ দৰংমহাবিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ অন্তৰ্ৱৰ্তীকালীন সভাপতি খগেশ্বৰ বৰকাকতী, অধ্যক্ষ ড০ পলাশমণি শইকীয়া, উপাধ্যক্ষ ক্ষীৰেন্দ্ৰ নহালৈকে, এলুমনাই সন্থাৰ সাধাৰণ সম্পাদক ড০ মনোজ কুমাৰ হাজৰিকা,…

তেজপুৰৰ পুনিয়নিত ভূমিকেন্দ্ৰীক বিবাদঃ আৰক্ষী চকীত ধৰ্ণা

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ১০ জুনঃ তেজপুৰৰ শালনিবাৰী আৰক্ষী চকীৰ অন্তৰ্গত পুনিয়নিত ইতিপূৰ্বে সংঘটিত এক ভূমিকেন্দ্ৰীক সংঘাতৰ পৰিণতিত উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতিৰ আজিও সামকটা নাই৷ সংঘটিত ঘটনাত ভুক্তভোগী পৰিয়ালে দাখিল কৰা এজাহাৰৰ বিপৰীতে অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাত আজি বিষয়টোকলৈ শালনিবাৰী আৰক্ষী চকীৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে একাংশ ক্ষুব্ধ লোকে৷ যোৱা তিনি জুনত সংঘটিত ভূমি কেন্দ্ৰিক বিবাদৰ পৰিণতিত জাঙুৰ খাই উঠিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তেজপুৰ আঞ্চলিক সমিতিও ক্ষুব্ধ হৈ উঠিছে৷ উল্লেখ্য যে,…

লখিমপুৰ জিলা কাৰাগাৰৰ সমীপত বিশুদ্ধ শীতল পানীৰ প্ৰকল্প মুকলি কৰিলে আৰক্ষী অধীক্ষক বিষয়া আনন্দ মিশ্ৰই

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৯ জুনঃ মাৰোৱাৰী যুৱ মঞ্চৰ অমৃতধাৰা সেৱা মহোৎসৱৰ সৈতে সংগতি ৰাখি মাৰোৱাৰী যুৱ মঞ্চৰ উত্তৰ লখিমপুৰ শাখাৰ উদ্যোগত লখিমপুৰ জিলা কাৰাগাৰৰ সমীপত বিশুদ্ধ শীতল খোৱাপানীৰ এটি প্ৰকল্প আজি মুকলি কৰা হয়। উত্তৰ লখিমপুৰ জিলা কাৰাগাৰৰ কাষতে স্থাপন কৰা এই শীতল পানীৰ প্ৰকল্পটোৰ পৰা বাটৰুৱা তথা সমীপৱৰ্তী লোকসকলে বিনামূলীয়াকৈ বিশুদ্ধ শীতল খোৱাপানী সেৱন কৰিব পাৰিব। মাৰোৱাৰী যুৱ মঞ্চৰ অমৃতধাৰা আঁচনিৰ অধীনত উত্তৰ লখিমপুৰ শাখাৰ তত্বাৱধানত বিশুদ্ধ শীতল খোৱাপানীৰ প্ৰকল্পটো আজি উদ্বোধন কৰে লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক…

তেজপুৰৰ শিশু জাইনাৰ সফলতা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৭জুনঃ ৰঙাপৰাৰ কমলা ভৱনত  উত্তৰ পূৰ্বাঞ্চলৰ ভিত্তিত অনুষ্ঠিত হৈ যোৱা বিএছ ইভেন্ট প্ৰডাকচনৰ দ্বিতীয় বাৰ্ষিক ফয়েনিক্স উত্তৰ পূৱ ফেষ্টিভেলৰ মডেলিং প্ৰতিযোগিতাৰ শিশুৰ ক শাখাত তেজপুৰৰ জাইনা শিৱমে প্ৰথম স্হান অৰ্জন কৰিবলৈ সক্ষম হয়৷ তেজপুৰৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক অৰ্ণৱ নাথ আৰু সাগৰিকা বৰাৰ কন্যা তথা তেজপুৰ ডনবস্ক’ বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী জাইনাই ইতিমধ্যে নৃত্য গীতৰেও ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখযোগ্য যে চাৰি জুনত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ এই শাখাত মুঠ ১৬টি শিশুৱে অংশ লৈছিল৷

মূল্যবৃদ্ধিকে ধৰি বিভিন্ন দাবীত ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চিপিএমৰ বিক্ষোভ

শতাব্দ তালাপৰ প্ৰতিবেদক ৭জুনঃ কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে অত্যাবশ্যকীয় সামগ্ৰী, পেট্ৰল-ডিজেল, ৰন্ধন গেছ, জীৱনদায়িনী ঔষধকে ধৰি সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ ব্যৱস্থা কৰক চাৰি দৈনিক মূল্যবৃদ্ধি হব ধৰিছে ৷ ৰাজ্যখনত দেখা দিয়া ভয়াৱহ কৰ্মসংস্থাপনহীনতাক গাপ দিবৰ বাবে চৰকাৰী ধনৰ অপচয় কৰি নিয়োগ মেলা পাতিছে ৷ চককাৰে সমস্যা সমাধানত কোনো লেখতলবলগীয়া পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভিত হৈ আজি ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ (মাক্সবাদী ) ডুমডুমা আঞ্চলিক সমিতিয়ে ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যলয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰি ৰাজহ চক্ৰ বিষয়াৰ যোগেৰে…

লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ত চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰম বিষয়ক কৰ্মশালা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৭ জুনঃ লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ G.K মেমৰিয়েল সভাকক্ষত আজি নতুন শিক্ষানীতিৰ অধীনত কাৰ্যকৰী হ’বলগীয়া চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰম (FYUGP) সন্দৰ্ভত এক কৰ্মশালা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ NEP Task Force ৰ সহযোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আয়োজন কৰা এই এদিনীয়া কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ প্ৰাধ্যাপক প্ৰফেচাৰ সুৰজিত বৰকটকী আৰু বুৰঞ্জী বিভাগৰ অধ্যাপক ড° চন্দন কুমাৰ শৰ্মাই নতুন শিক্ষানীতিৰ অধীনত হ’বলগীয়া সংস্কাৰসমূহৰ লগতে চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰমৰ…