Browsing Category
অসম
তেজপুৰ চহৰৰ পৰা ৰহস্যজনক ভাৱে নিৰুদ্দেশ শিক্ষক
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২ জুনঃ তেজপুৰৰ নিকটৱৰ্তী শ'লমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক এগৰাকী আজি দুপৰীয়াৰ পৰা ৰহস্যজনক ভাৱে নিৰুদ্দিষ্ট হৈ পৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।এই সন্দৰ্ভত পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে নিজ হলেশ্বৰ নিবাসী গণেশ হাজৰিকা নামৰ শ'লমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক গৰাকী আন দিনাৰ দৰে আজিও বিদ্যালয়ত উপস্থিত হৈ ১২ বজাৰ মধ্যাহ্ন বিৰতিলৈকে স্কুলতে থকাৰ পিছত ঔষধ কিনিবলৈ থকা বুলি তেজপুৰ চহৰলৈ বিদ্যালয়ৰ পৰা ছুটী লৈ আহে। চহৰত উপস্থিত হৈ কুমাৰ গাঁৱত থকা বায়েকৰ ঘৰত সোমাই আৰু বায়েকৰ ঘৰতে নিজৰ…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত এডুফেয়াৰ অনুষ্ঠিত
উত্তৰ লখিমপুৰঃ ২ জুনঃ বিভিন্ন বিশ্ববিদ্যালয়, প্ৰতিষ্ঠান আৰু বিজনেছ স্কুলে আগবঢ়োৱা বিভিন্ন পেছাদাৰী পাঠ্যক্ৰমত কেৰিয়াৰৰ সম্ভাৱনা থকা লোকৰ বাবে সাধাৰণভাৱে লখিমপুৰ জিলা আৰু বিশেষকৈ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে আজি মহাবিদ্যালয়ৰ চৌহদত এখন শিক্ষা মেলাৰ আয়োজন কৰা হয়।মহাবিদ্যালয়খনৰ কেৰিয়াৰ কাউন্সেলিং এণ্ড প্লেচমেণ্ট চেলৰ উদ্যোগত আৰু ইমপেক্ট মিডিয়া, গুৱাহাটীৰ সহযোগত আয়োজিত এই শিক্ষা মেলাখনি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ লোহিত হাজৰিকাই বন্তি প্ৰজ্বলন কৰি আৰু লখিমপুৰৰ অতিৰিক্ত উপায়ুক্ত ভাস্কৰজ্যোতি বৰাই…
লখিমপুৰত বিশেষ সম্বৰ্ধনা অনুষ্ঠান
উত্তৰ লখিমপুৰ, ২ জুনঃ লখিমপুৰ শিক্ষা খণ্ডৰ সমূহ বিষয়া -কৰ্মচাৰী আৰু মণ্ডল সমল কেন্দ্ৰ সমন্বয়কৰ উদ্যোগত আজি লখিমপুৰ পানীন্দ্ৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।উক্ত সভাত গুণোৎসৱ ২০২৩ত A+ grade প্ৰাপ্ত মুঠ ৭৩ খন বিদ্যালয়ৰ লগতে সদ্য নিযুক্তি প্ৰাপ্ত লখিমপুৰ শিক্ষা খণ্ডৰ ৪ জন প্ৰাক্তন দিব্যাংগ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। বিয়লি ১ বজাত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ইজাজুল হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিৰ আঁত ধৰে সমল ব্যক্তি পংকজ হাজৰিকাই । অনুষ্ঠানত প্ৰতিজন সম্বৰ্ধিত ব্যক্তিক একোখন…
মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰক চিকিৎসা প্ৰদানৰ পৰিৱৰ্তে বেণ্ড-এইড লগাই অধ্যক্ষৰ কাৰ্যালয়ৰ বাহিৰত বহুৱাই ৰাখিলে ডেৰ ঘণ্টা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২ জুন : ছাত্ৰ-ছাত্ৰীৰ পৰা মাচুলৰ নামত মোটা অংকৰ ধন আদায় কৰি অহা ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক নাকী লগোৱাৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হৈছে চৰকাৰ তথা প্ৰশাসন ৷ ইয়াৰে সুযোগ গ্ৰহণ কৰি নিজ খেয়ালখুচিমতে সকলো কাম কৰি যাবলৈ সক্ষম হৈছে একাংশ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে ৷ চৰকাৰ তথা প্ৰশাসনৰ দুৰ্বল ভূমিকাৰ সুবিধা লৈ এতিয়া এচাম ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে কণকণ ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ সৈতে হেতালি খেলিবলৈও কুণ্ঠাবোধ নকৰা হৈছে ৷ আজি তিনিচুকীয়াৰ এখন অভিজাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত সংঘটিত এক দুৰ্ভাগ্যজনক…
প্ৰাণৰ সংশয়ত ভূগিছে নকল সোণ-জাল নোটৰ চক্ৰৰ বিৰুদ্ধে সাহসেৰে মাত মতা হাচিনাই
দলে দলে নকল সোণ-জাল নোটৰ চক্ৰ ধৰাই হোটেলত আশ্ৰয় হাচিনা বেগমৰ
শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ২ জুন ঃ লখিমপুৰ জিলাত দীৰ্ঘদিন ধৰি চলি থকা জালনোট-নকল সোণৰ চক্ৰৰ বিৰুদ্ধে মাত মাতি শেহতীয়াকৈ প্ৰাণৰ সংশয়ত ভূগিছে জিলাখনৰ এগৰাকী সাহসী মহিলাই৷ বঙালমৰাৰ হাচিনা বেগম নামৰ এইগৰাকী মহিলাই এই চক্ৰটোৰ বিৰুদ্ধে মাত মাতি একপ্ৰকাৰে ভাবুকিৰ সন্মুখীন হৈছে৷ যাৰ বাবে শেহতীয়াকৈ তেওঁ জীৱনৰ নিৰাপত্তা বিচাৰি আৰক্ষী সঞ্চালক প্ৰধানৰ লগতে মানৱ অধিকাৰ আয়োগৰ কাষ চাপিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ উল্লেখনীয় কথা যে এইগৰাকী সাহসী মহিলাৰ তথ্যৰ ভিত্তিতে এনে…
তিনিচুকীয়াৰ বস্তাত বহি পাঠ গ্ৰহণ কণ কণ ছাত্ৰ-ছাত্ৰীৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১ জুন : বিজেপি চৰকাৰে চাহ বাগিছা অঞ্চলত নিৰ্মাণ কৰা মডেল স্কুল বা আদর্শ বিদ্যালয়ৰ পৰা দৰিদ্ৰ ছাত্ৰছাত্ৰীসকল তিলমানো উপকৃত হোৱা নাই ৷ কোনো পৰিকল্পনা নোহোৱাকৈ এই বিদ্যালয়সমূহ নিৰ্মাণ কৰাৰ বাবেই এনে পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি অভিযোগ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি, চাবুৱাৰ প্ৰাক্তন বিধায়ক তথা অসম চাহ মজদুৰ সংঘৰ (এ চি এম এছ) পানীতোলা শাখাৰ সম্পাদক ৰাজু চাহুৱে ৷ আজি এক বিবৃতিত তেওঁ কয় যে বাগিছা অঞ্চলত নিৰ্মাণ কৰা মডেল স্কুলৰ পৰা দুখীয়া ছাত্ৰছাত্ৰীয়ে পঢ়াৰ ক্ষেত্ৰত অলপ হলেও সকাহ পাব বুলি…
লখিমপুৰত নদীৰ বুকুত ৩১ লাখ টকীয়া ‘অমৃত সৰোবৰ’ নিৰ্মাণ
শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ১ জুন ঃ ৰাজ্য চৰকাৰে প্ৰতিখন জিলাতে অমৃত সৰোবৰ নামৰ চৰকাৰী পুখুৰী খন্দাৰ আঁচনি গ্ৰহণ কৰাৰ সময়তে লখিমপুৰত নদীৰ বুকুত অমৃত সৰোবৰ নিৰ্মাণ কৰা কাৰ্যই ৰাইজৰ চকু কপালত তুলিছে৷ মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম বিকাশ যোজনাৰ অধীনত নিৰ্মাণ কৰিবলৈ লোৱা এনে পুখুৰীসমূহ নিৰ্মাণৰ ক্ষেত্ৰত লখিমপুৰত ব্যাপক ৰূপত চৰকাৰী নিৰ্দেশনা উলংঘা কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ লখিমপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত উজ্জ্বলপুৰ গাঁও পঞ্চায়তৰ অধীনস্থ কাকৈ ৰাজগড়ৰ সমীপৱৰ্তী ৰাজগড় বঙালীত কাকৈ নদীৰ বুকুত এনেদৰে দুটা পৰ্যায়ত অমৃত সৰোবৰ নামৰ পুখুৰী…
বৰ্খাস্ত, প্ৰতিবাদৰ মাজতে তিনিচুকীয়াৰ এ এছ টি চিত দপ দপকৈকৈ জ্বলিল যাত্ৰাৰ বাবে সাজু ডে’ ছুপাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১ জুন : বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগত অসম ৰাজ্যিক পৰিবহণ নিগমৰ (এ এছ টি চি) ৭৭১ জন বিষয়া, কৰ্মচাৰীক চৰকাৰে বৰ্খাস্ত কৰা আৰু চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি পৰিবহণ নিগমৰ কৰ্মচাৰীয়ে আজিৰ পৰা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সময়তে আজি পুৱা তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ এ এছ টি চি বাছ আস্থানত সংঘটিত হয় এক ৰহস্যজনক অগ্নিকাণ্ডৰ ঘটনা ৷ জানিব পৰা মতে আজি পুৱা ৭:৪৫ বজাত তিনিচুকীয়াৰ পৰা তেজপুৰলৈ যাত্ৰা কৰিবলগীয়া এ এছ ১২ বি চি ৯৪৪৭ নম্বৰৰ মুন ট্ৰেভেলছৰ ডে’ ছুপাৰখন যাত্ৰাৰ কিছুসময়ৰ পূৰ্বে দপ দপকৈ…
লখিমপুৰ জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত ভয়ংকৰ কেলেংকাৰি
শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ৩১ মে’ ঃ লখিমপুৰ জিলা গ্ৰামোন্নয়ন অভিকৰণৰ কৰুণাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ডিক্ৰং গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰীৰ আৱাস গৃহ নিৰ্মাণত এক বৃহৎ কেলেংকাৰি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ পঞ্চায়তখনত বহু গৃহ নিৰ্মাণ নকৰাকৈ আৰু একাংশ হিতাধিকাৰীয়ে আনঘৰৰ ফটো জমা দি ধন উলিয়াই নিয়াৰ বিষয়ে একাংশ লোকে জিলা উপায়ুক্তক অভিযোগ দাখিল কৰাৰ পিছত জিলা উপায়ুক্তই তদন্ত ঘোষণা কৰিছে৷ তদন্তকাৰী বিষয়াৰ তদন্তত পঞ্চায়তখনত গৃহ নিৰ্মাণত সংঘটিত হোৱা বৃহৎ কেলেংকাৰি পোহৰলৈ অহাত শীঘ্ৰে এই কেলেংকাৰিৰ আঁৰত থকা একাংশ বিষয়া-কৰ্মচাৰী,…
অইল ইণ্ডিয়াৰ আৱাসিক মুখ্য বিষয়াৰ পদত অতীন্দ্ৰ ৰয়চৌধুৰীক নিযুক্তি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩১ মে’ঃ অইল ইণ্ডিয়া লিমিটেডৰ পৰৱৰ্তী আৱাসিক মুখ্য বিষয়াৰূপে অতীন্দ্ৰ ৰয়চৌধুৰীয়ে ১ জুনত দায়িত্বভাৰ গ্ৰহণ কৰিব । ৰয়চৌধুৰীয়ে ১৯৮৬ চনত কোম্পানীটোৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগত কাৰ্যবাহী প্ৰশিক্ষাৰ্থী ৰূপে যোগদান কৰিছিল। গুৱাহাটীত জন্মলাভ কৰা অতীন্দ্ৰ ৰয়চৌধুৰীয়ে কটন কলেজিয়েট তথা কটন কলেজৰ পৰা ক্ৰমে স্কুলীয়া আৰু উচ্চতৰ মাধ্যমিক শিক্ষা গ্ৰহণ কৰি পিলানিৰ বিৰলা ইনষ্টিটিউট অফ টেকনলজি এণ্ড চায়েন্স (BITS)ৰ পৰা ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্স বিষয়ত ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী অৰ্জন কৰে। ইলেক্ট্ৰিকেল বিভাগত কিছুদিন কাম…
