Browsing Category
অসম
মানসিক ৰোগৰ চিকিৎসকৰ ওচৰলৈ কিয় যাব লাগে
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৩১ মেঃ শৰীৰটোত সাধাৰণ খুঁট এটা লাগিলেই বা বতৰ সলনি হৈ চৰ্দি কাহ হ'লে আমি চিকিৎসকৰ ওচৰলৈ যাওঁ। যোৱাত বাধা নাই, যাব নালাগে বুলিও নকওঁ, বৰঞ্চ সৰু-সুৰা অসুবিধাতে চিকিৎসকৰ কাষ চাপিব লাগে বুলি পৰামৰ্শ দিয়া হয় যাতে কোনো হেমাহীত সি ডাঙৰ ৰোগত পৰিণত নহয়। কিন্তু মানৱ জীৱনত দেহ আৰু মন দুয়োটাৰে গুৰুত্ব আছে। দেহ-মন দুয়োটাৰে সুস্থতা অতি প্ৰয়োজনীয়। কিন্তু দেহক গুৰুত্ব দিয়াৰ বিপৰীতে মনক গুৰুত্ব দিয়া নহয়। শৰীৰত ৰোগ যেনেদৰে হয় তেনেদৰে মনতো ৰোগ হয়। সকলোৱে কম-বেছি পৰিমাণে মানসিক ৰোগত ভোগে। মনটো…
লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত বিশ্ব ধঁপাত নিষিদ্ধ দিৱস পালন
উত্তৰ লখিমপুৰঃ ৩১ মে': ধঁপাত উদ্যোগৰ কবলৰ পৰা শিশুসকলক ৰক্ষা কৰাৰ আহ্বানৰে আজি লখিমপুৰ জিলাত বিশ্ব ধঁপাত নিষিদ্ধ দিৱস পালন কৰা হয়। লখিমপুৰ জিলা স্বাস্থ্য বিভাগৰ ধঁপাত নিয়ন্ত্ৰণ কাৰ্যসূচীৰ উদ্যোগত আৰু লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত নিশ্চয়তা কোষ আৰু শাৰীৰিক আৰু মানসিক সুস্থতা কোষৰ সহযোগত লখিমপুৰ বাণিজ্য মহাবিদ্যলয়ত সেই উদ্দেশ্যে এখনি জিলা পৰ্যায়ৰ কাৰ্যসূচীৰ আয়োজন কৰা হয়। সেই অনুষ্ঠানৰ বাবে আয়োজিত সভাখনিত সভাপতিত্ব কৰে মহাবিদ্যালয়খনৰ উপাধ্যক্ষ তথা বিশিষ্ট স্তম্ভলেখক ছাজ্জাদ হুছেইনে। সভাৰ উদ্দেশ্য ব্যাখ্যা…
ৰেমলৰ বাবে লখিমপুৰত এলাৰ্ট জাৰি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৮ মেঃ লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ে জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জৰিয়তে সাম্প্ৰতিক ঘূৰ্ণী বায়ুজনিত পৰিঘটনাৰ বাবে আজি জিলাখনত সতৰ্কবাণী জাৰি কৰিছে। এক নিৰ্দেশত অতিৰিক্ত জিলা আযুক্ত তথা মুখ্য কার্যবাহী বিষয়াই কৈছে যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জাৰি কৰা সতর্কবাণীৰ মতে ২৮ আৰু ২৯ মে ২০২৪ তাৰিখে বংগোপসাগৰৰ ওপৰেৰে বিকশিত হোৱা আৰু উত্তৰ দিশে আগবাঢ়ি অহা তীব্র ঘূর্ণীবতাহ "ৰেমল'ৰ বাবে অসম আৰু অসমৰ বেছিভাগ দক্ষিণ অংশত ধাৰাসাৰ বৰষুণ আৰু বতাহ আহিব বুলি ধাৰণা কৰা হৈছে আৰু এই ঘূর্ণীবতাহে লখিমপুৰ জিলাকো…
লখিমপুৰত প্ৰয়াত ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ স্মৃতিচাৰণ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৭ মেঃ প্ৰচুৰ মেধা আৰু বৈচিত্ৰ্যময় জীৱন চৰ্যাৰে যোৱা ১৩ মেত জীৱন নাটৰ সামৰণি পেলোৱা প্ৰাক্তন সাংসদ ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ আজি এক স্মৃতিচাৰণ অনুষ্ঠান উত্তৰ লখিমপুৰৰ "বিয়লি"ত অনুষ্ঠিত হয়। গীতাচাৰ্য পুৰন্দৰ বৰুৱাৰ বন্তি প্ৰজ্বলন আৰু বিনয় বৰুৱাৰ সংস্কৃত শ্লোক পৰিৱেশনৰে আৰম্ভ হোৱা অনুষ্ঠানত বিয়লিৰ ফালৰ পৰা প্ৰস্তুত কৰা এখন স্মৃতিচাৰণ পত্ৰ হাজৰিকাৰ পুত্ৰ গৌতম হাজৰিকাৰ লগতে পৰিয়ালবৰ্গক প্ৰদান কৰা হয়। ডাঃ নৱকৃষ্ণ ৰাজখোৱাই আঁত ধৰা অনুষ্ঠানত লখিমপুৰৰ মৈত্ৰী আশ্ৰমৰ মহিলাসকলে প্ৰাৰ্থনা পৰিৱেশন কৰে। চন্দ্ৰমা…
কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা- আৰ্থিক সাহায্য প্ৰদান
উত্তৰ লখিমপুৰ, ২৬ মেঃ অসম জাতীয়তাবাদী যুৱ পৰিষদ উত্তৰ লক্ষীমপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত ঘাৰমৰা সত্ৰ অতিথিশালাৰ প্ৰেক্ষাগৃহত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা ছাত্র ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয় লগতে আৰ্থিক ভাৱে দুৰ্বল ৫০ জন হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্র ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰা হয় । প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্র ছাত্ৰী সকলক নগদ ১০০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয় । আজিৰ সভাত সভাপতিত্ব কৰে আঞ্চলিক…
হীৰক জয়ন্তী উপলক্ষে কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাজহুৱা সভা
উত্তৰ লখিমপুৰ, ২৬ মেঃ
উত্তৰ লখিমপুৰ নগৰৰ সমীপৰ কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ে গৌৰৱোজ্জ্বল হীৰক জয়ন্তী বৰ্ষত উপনীত হোৱাৰ উপলক্ষত বিদ্যালয়খনে হীৰক জয়ন্তী উদযাপন কৰা আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ অনুষ্ঠিত কৰা সম্পৰ্কে আজি বিদ্যালয়খনত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। পদ্ম বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত চৰাইমৰীয়া অঞ্চলৰ বহু গণ্য মান্য ব্যক্তিৰ লগতে বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী, বৰ্তমানৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু এশৰো অধিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। সভাত এই বৰ্ষৰে ডিচেম্বৰ মাহৰ শেষৰফালে হীৰক জয়ন্তী উদযাপন…
লখিমপুৰ আৰক্ষীৰ বৃহৎ সফলতাঃ অপহৃত কিশোৰীক অৰুণাচলৰ পৰা উদ্ধাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১৯ মে ঃ লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত ভীমপৰা চাপৰি তথা গৰৈমাৰী কনুৱা গাঁৱৰ এগৰাকী কিশোৰীক কেইদিনমানৰ পূৰ্বে দুবৃৰ্ত্তই অপহৰণ কৰি নিয়াৰ পিছত অপহৃত কিশোৰীগৰাকীক অৱশেষত অৰুণাচলৰ দুৰ্গম অঞ্চলৰ পৰা লখিমপুৰ আৰক্ষীয়ে শনিবাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আজি এই সন্দৰ্ভত লখিমপুৰৰ আৰক্ষী অধীক্ষকে নিজ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি কয় যে আৰক্ষীয়ে বহু চেষ্টাৰ মূৰত অপহৃত কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ লগতে অপহৰণ কাৰ্যৰ লগত জড়িত দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ অৱশ্যে তদন্তৰ খাতিৰত আৰক্ষী অধীক্ষক অৰ্পণা…
ডন ব’স্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ কৰ্মশালা সম্পন্ন
গুৱাহাটী, ১৬ মে' : অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ উদ্যোগত ১৬ মে'ত এখন কেৰিয়াৰ কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিধি এনালিটিকাৰ প্ৰতিষ্ঠাপক আৰু সঞ্চালক পাৰ্থ প্ৰতিম বৰুৱা। মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী তথা কেৰিয়াৰ গাইডেন্স চেলৰ চেয়াৰমেন ড° বুলজিৎ বুঢ়াগোহাঁয়ে সমল ব্যক্তিৰ পৰিচয় দাঙি ধৰে। শিক্ষাৰ্থীসকলৰ লগতে অধ্যাপকসকলেও অংশগ্ৰহণ কৰা কেৰিয়াৰ কৰ্মশালাখনত আদৰণি ভাষণ প্ৰদান কৰে ড° বুলজিৎ বুঢ়াগোহাঁয়ে । সমল ব্যক্তি পার্থ প্রতিম বৰুৱাই কয়…
ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা দিৱসঃ অন্ধবিশ্বাস-কুসংস্কাৰ দূৰীকৰণ’ বিষয়ক আলোচনা সত্ৰ
শতাব্দ প্ৰতিনিধি, নাৰায়ণপুৰ ১৬ মে' : সমাজৰ পৰা অন্ধবিশ্বাস দূৰীকৰণ আৰু বিজ্ঞান মনষ্কতা সৃষ্টি কৰি এক প্ৰগতিশীল ধাৰা অব্যাহত ৰখাৰ স্বাৰ্থত ইলোৰা বিজ্ঞান মঞ্চই সফলতাৰে ২০ বছৰ অতিক্ৰম কৰিলে। এই লৈ ইলোৰা বিজ্ঞান মঞ্চৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস উপলক্ষে ১৫ মে'ত এখনি আলোচনা সত্ৰ অনুষ্ঠিত হয়। ইলোৰা বিজ্ঞান মঞ্চৰ নাৰায়ণপুৰ শাখাৰ উদ্যোগত নাৰায়ণপুৰ বালিকা মজলীয়া বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হোৱা উক্ত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি 'অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰীকৰণ' শীৰ্ষক বিষয়ত অনুষ্ঠিত হোৱা সভাখনত বিজ্ঞান শিক্ষক তথা ইলোৰা বিজ্ঞান…
অচিৰেই ৱেব চাইটত উপলব্ধ হব ঐতিহ্যমণ্ডিত ফাটবিহু চমু তথ্যচিত্ৰ “ফাটবিহু”
গুৱাহাটী, ১৬ মে: চিৰ-প্ৰৱাহিনী লুইত আৰু সোৱণশিৰি মাজৰ ভূ-খণ্ডৰ লোক সমাজে চাৰিকড়ীয়া নৈ পাৰত উদযাপন কৰা ফাটবিহু বৃহত্তৰ ঢকুৱাখনাৰ নানা জাতি-জনগোষ্ঠীৰ বাপতিসাহোন আৰু উমৈহতীয়া স্বকীয় লোক-উৎসৱ। অতীতৰ পৰাই পৰম্পৰাগত ভাৱে লক্ষীমপুৰৰ ঢকুৱাখনাৰ কৃষিজীৱী ৰাইজে অনুষ্ঠিত কৰি অহা ফাটবিহু প্ৰাচীন ঐতিহ্য বহনকাৰী এক স্বত:স্ফূৰ্ত পৰম্পৰাগত লোক-সংস্কৃতিৰ ভঁৰাল তথা জনগোষ্ঠীয় বিহু উৎসৱ। আহোম ৰাজত্বকালৰ ডেৰ-দুই শতিকাৰ পৰাই কৰ-কাটল সংগ্ৰহৰ কেন্দ্ৰস্থল পানীৰ 'ফাট' বা নৈ কাষৰ ডাঙৰ 'হাট'ত চহা ৰাইজে প্ৰাকৃতিক ভাৱে বিহু মাৰিছিল। ঢকুৱাখনাৰ পানী ফাটত…
