Browsing Category

অসম

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উচ্ছেদ অভিযান আৰম্ভ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৮মে’ঃ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় সংযোজনত আজি পুৱাৰে পৰাই আৰম্ভ হৈছে শোণিতপুৰ আৰু দৰং প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান৷ ইয়াৰে ভিতৰত শোণিতপুৰৰ বৰছলাৰ নটা চৰত চলিছে উচ্ছেদ অভিযান৷ প্ৰায় চাৰিহেজাৰ নিৰাপত্তা ৰক্ষীৰ উপস্থিতিত ৪৯৮০ টা ঘৰ উচ্ছেদ কৰা হ’ব এই অভিযানত৷ উল্লেখযোগ্য যে,শোণিতপুৰ প্ৰশাসনে উচ্ছেদ অভিযানৰ বাবে শিঙৰীত বৃহৎ নিয়ন্ত্ৰণ কক্ষ আৰু শিৱিৰ স্হাপন কৰি শিঙৰীৰ পৰাই উচ্ছেদৰ সম্পূৰ্ণ দিশ নিয়ন্ত্ৰণ কৰিছে৷ শোণিতপুৰ আৰু দৰঙৰ বৃহৎ নিৰাপত্তাৰক্ষীৰ লোক সকল আজি পুৱাই নাৱেৰে ৰাওনা হয় চৰ অঞ্চল সমূহলৈ৷…

শিক্ষকসকলে কামৰ বোজা সন্দৰ্ভত কিয় প্ৰশ্ন কৰেঃ তেজপুৰত মন্ত্ৰী ৰণোজ পেগু

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৮মে’ঃ “শিক্ষকতাৰ উপৰিও শিক্ষকসকলে নিৰ্বাচনী কাম কাজ কৰিব লাগিব নতুবা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত তেওঁলোকে সেৱা আগবঢ়াব লাগিব৷দেশৰ শিক্ষাৰ অধিকাৰ আইন অনুসৰিয়েই শিক্ষক সকলে ৰাষ্ট্ৰৰ সেৱা প্ৰয়োজন অনুসাৰে কৰিব লাগিব৷ শিক্ষকসকলে যি অতিৰিক্ত কাম কৰিবলগীয়া হৈছে সেয়া শিক্ষকতাৰ স’তে জড়িত আৰু তেওঁলোকৰ দায়িত্বৰ ভিতৰতে পৰে৷ সেনা জোৱান, আৰক্ষী বা বিধায়কসকলৰ কামৰ বোজা বাঢ়িছে নেকি বুলি কোনেও প্ৰশ্ন নকৰে৷ দেশৰ বা ৰাজ্যৰ আন কোনো বিভাগৰ কৰ্মচাৰীয়ে এই প্ৰশ্ন নকৰে৷ শিক্ষক সকলে কিয় এই প্ৰশ্ন কৰে মই নাজানো৷”-এই মন্তব্য…

গৱেষক, শিক্ষাবিদ ড° ৰাজীৱ সন্দিকৈক বাঘ হাজৰিকা জাতীয় চেতনা বঁটা

মুহিউদ্দিন আহমেদক জীৱন জোৰা সাধনা বঁটা প্ৰদান মুখপত্ৰ জাত বল্লভ উন্মোচনশতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৮ মে': বাঘ হাজৰিকা জাগৰণ মঞ্চ, অসমৰ প্ৰথম দ্বি-বাৰ্ষিক ৰাজ্যিক সন্মিলন আজি দেওবাৰে লখিমপুৰত অনুষ্ঠিত হয়। পুৱা উত্তৰ লখিমপুৰ নগৰৰ টাউন বান্টৌৰ ছাৰনাজ হোটেল চৌহদত বাঘ হাজৰিকা জাগৰণ মঞ্চ, অসমৰ সভাপতি ড° পইনুৰুদ্দিন আহমেদে পতাকা উত্তোলনেৰে কাৰ্যসূচী মুকলি কৰাৰ পিছতে স্মৃতি তৰ্পণ কৰে বাঘ হাজৰিকা জাগৰণ মঞ্চৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি চৈয়দ অহিদুৰ ৰহমানে। স্মৃতি তৰ্পণৰ পিছতে অনুষ্ঠিত হয় বাঘ হাজৰিকা জাগৰণ মঞ্চ, অসমৰ…

তিনিচুকীয়া কলেজত চাৰি বছৰীয়া প্ৰাকস্নাতক কাৰ্য্যক্ৰম সন্দৰ্ভত কৰ্মশালা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৬ মে’ : তিনিচুকীয়া মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত মহাবিদ্যালয়ৰ সভাগৃহত 'Implementation of Four Year Undergraduate Programme (FYUP) as per National Education Policy -20 under Dibrugarh University' শীৰ্ষক এখন এদিনীয়া কৰ্মশালা অনুষ্ঠিত হৈ যায় ৷ কৰ্মশালাত ৰাষ্ট্ৰীয় শিক্ষা নীতি - ২০ অনুসৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ চাৰি বছৰীয়া প্ৰাকস্নাতক পৰ্যায়ৰ কাৰ্য্যক্ৰম তথা পাঠ্যক্ৰমত সন্নিৱিষ্ট ব্যাপক সালসলনি সম্পৰ্কত বিশদভাৱে আলোচনা কৰা হয় ৷ এই কৰ্মশালাত আমন্ত্ৰিত সমল‌…

নাটশিল্পক দণ্ডিনাথ কলিতাই সমাজ পৰিৱৰ্তনৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছিল

"অসমীয়া নাট্য পৰম্পৰাত দণ্ডিনাথ কলিতাৰ নাট্য সাহিত্যৰ স্হান" শীৰ্ষক বিষয়ত বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ড০ দয়ানন্দ পাঠকৰ মনোজ্ঞ বক্তৃতা শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২৮ মে'ঃ দণ্ডিনাথ কলিতাৰ দৰে অসমীয়া সাহিত্যৰ বিংশ শতিকাৰ আগলিভাগৰ এটি বহুমাত্ৰিক বক্তি প্ৰতিভাক কেৱল নাট্যকাৰ হিচাপে বিচ্ছিন্ন কৰি আলোচনা কৰিব নোৱাৰি। আধুনিক পাশ্চাত্য সাহিত্যৰ অবিসম্বাদী সাহিত্যিক চৰিত্ৰ টি.এছ.এলিয়টে যিদৰে প্ৰথমে কবিতাৰ জগতত পৰিভ্ৰমণ কৰি নাট্যজগতত ভুমুকি মাৰিছিল আৰু অবিনাশী স্বাক্ষৰ এৰি থৈ গৈছিল ঠিক তেনেদৰেই দণ্ডিনাথ কলিতায়ো সুক্ষ্ম…

তেজপুৰ জনসাংস্কৃতিক পৰিষদৰ উদ্যোগত তিনিখনকৈ গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৭ মে'ঃ শোণিতপুৰ জিলাৰ চাহ জনগোষ্ঠীয় "স্বাধীনতা সংগ্ৰামী, শতবৰ্ষ গৰকা সোণাৰাম কুৰ্মীৰ জীৱন গাথা", "স্বাধীনতা সংগ্ৰামী চাহ জনগোষ্ঠী সমাজৰ এৰা - বোটলা" আৰু চাহ জনগোষ্ঠীৰ সংগ্ৰামী "জননেতা ডানিয়েল তপ্ন" শীৰ্ষক তিনিখনকৈ অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ আজি উন্মোচন কৰে তেজপুৰ সাহিত্য সভা ভৱনত ।বিহালী বিধান সভা সমষ্টিৰ বেদেতী পথাৰ গাঁও নিবাসী অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী,সু লেখিকা আলোচনা কুৰ্মীয়ে ৰচনা কৰা এই তিনিখনকৈ অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচনৰ উদ্দেশ্যেৰে তেজপুৰ জনসাংস্কৃতিক পৰিষদে আয়োজন কৰা…

লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ বাবে ৰাজহুৱা সভা অনুষ্ঠিত

উত্তৰ লখিমপুৰ: ২৭ মে: আজি লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ বাবে এক ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। বিশিষ্ট শিক্ষাবিদ তথা লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি ড° মুকুন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই। সভাত সোণালী জয়ন্তী উদযাপনৰ বাবে ২৩ খন উপ-সমিতি গঠন কৰা হয়। সভাত সোণালী জয়ন্তীৰ আৰ্থিক অৰিহণাৰ টিকট উন্মোচন কৰা হয়। অনুষ্ঠানত লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ উপাধ্যক্ষ গোপাল কুমাৰ চেত্ৰীয়ে এক লাখ টকাৰ প্ৰথমটো টিকট ক্ৰয়…

বিদাৰি পেলাইছে সোৱণশিৰিৰ পাৰঃ ৰণচণ্ডী মহিলা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৭ মে’ ঃ লখিমপুৰ জিলাৰ চাউলধোৱাত থকা ভীমপৰা কোৱাৰিত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ন আলি থেকেৰাগুৰি গাঁৱৰ কাষতে ভীমপৰা কোৱাৰিৰ অন্তৰ্গত সোৱণশিৰি নদীৰ গৰাৰ কাষত ট্ৰেক্টৰে বালি-মাটি খন্দাক লৈ এনে পৰিস্থিতিৰ সৃষ্টি হয়৷ থেকেৰাগুৰি ন-আলিৰ একাংশ মহিলা ওলাই আহি নদীৰ গৰা খনন কাৰ্য বন্ধ কৰাৰ দাবী জনাই পৰিস্থিতি উত্তপ্ত কৰি তোলে৷ ফলত ঘটনাস্থলীত চাউলধোৱা আৰক্ষী, পথালিপাম বন খণ্ডৰ বিষয়া কৰ্মচাৰীৰ লগতে অৰ্ধ সামৰিক বাহিনীৰ জোৱান উপস্থিতি হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ গাঁৱৰ একাংশ মহিলা-পুৰুষে অভিযোগ কৰি…

সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ কৰ্মশালা সম্পন্ন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৭ মে' : গুৱাহাটী ভৰলুমুখস্থিত সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত এখন কেৰিয়াৰ সজাগতা সভা ২৭ মে' তাৰিখে অনুষ্ঠিত হয় । সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডনব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ সহকাৰী অধ্যাপক ড° বুলজিৎ বুঢ়াগোহাঁই । বিদ্যালয়খনৰ নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীৰ ছাত্ৰ-ছাত্ৰীসকল লগতে শিক্ষক-শিক্ষয়ত্ৰী আৰু অভিভাৱক উপস্থিত থকা সভাখন শুভাৰম্ভণি কৰে বিদ্যালয়ৰ অধ্যক্ষা মঞ্জু ৰাণী বৰ্মনে ।…

বঙালমৰাত ১৩ খন নকল সোণৰ নাও ৬ টা যীচুৰ মূৰ্তি জব্দ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৭ মে’ ঃ লখিমপুৰত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই নকল সোণ-জাল নোটৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই ৬০ জনৰো অধিক লোকক গ্ৰেপ্তাৰ কৰাৰ সময়তে আজি বৃহৎ পৰিমাণৰ নকল সোণসহ এটা বেপাৰীক ৰাইজে ধৰি আৰক্ষীক গতাই দিয়ে৷ আজি দুপৰীয়া ৰাইজে খেদি খেদি কৰায়ত্ত কৰা এই নকল সোণৰ বেপাৰীটো হৈছে আশ্ৰাফুল আলি৷ আশ্ৰাফুলক আজি বঙালমৰাৰ মহঘূলি অঞ্চলৰ এখন পথাৰত ৰাইজে খেদি খেদি আটক কৰি আৰক্ষীক চমজাই দিয়ে৷ ধৃত আশ্ৰাফুলৰ পৰা স্থানীয় লোকে ১৩ খন নকল সোণৰ নাও আৰু ৬ টা নকল সোণৰ যীচুখ্ৰীষ্টৰ মূৰ্তি উদ্ধাৰ কৰাৰ লগতে এখন বলেৰ’ বাহন জব্দ…