Browsing Category

অসম

ওপজা দিনত উন্মোচন হ’ব “হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী পুথিভঁৰাল “

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ২৭ মে'ঃ তেজপুৰৰ সমাজ, সাহিত্য, সংস্কৃতি আৰু শৈক্ষিক ক্ষেত্ৰখনৰ অতি সক্ৰিয় ব্যক্তিত্ব, বহুমুখী প্ৰতিভাধৰ হেমন্ত কুমাৰ বৰুৱাৰ স্মৃতি যুগমীয়া কৰাৰ অৰ্থে গঢ়ি উঠা "হেমন্ত কুমাৰ বৰুৱা স্মৃতি ৰক্ষা সমিতি"ৰ কালি নিশা অনুষ্ঠিত এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভাই আগন্তুক বৰ্ষত কেবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে, ২০২১ বৰ্ষৰ ২৯ অক্টোবৰত কৰ'ণাত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱটি লোৱা অধ্যাপক, লেখক, সুবক্তা, কুইজ পৰিচালক তথা তেজপুৰৰ প্ৰায় সমূহ অনুষ্ঠানৰ সৈতে সক্ৰিয় ভাৱে…

যুক্তিবাদী বিজ্ঞানমনষ্ক ব্যক্তি শিৱ গগৈৰ তিনিচুকীয়াত দেহাৱসান : মৰণোত্তৰভাৱে দেহদান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৬ মে’ : যোৰহাট জিলাৰ টীয়ক নিৱাসী অসম চৰকাৰৰ সমবায় বিভাগৰ অৱসৰপ্ৰাপ্ত সহকাৰী পঞ্জীয়ক শিৱ গগৈৰ শুকুৰবাৰে সন্ধিয়া তিনিচুকীয়াত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯২ বছৰ ৷ আজীৱন সমাজকৰ্মী যুক্তিবাদী কু-সংস্কাৰ আৰু অন্ধবিশ্বাস বিৰোধী প্ৰয়াত গগৈৰ শেষ ইচ্ছা অনুসৰি তেখেতৰ মৰণোত্তৰ দেহদান কাৰ্যসূচী আজি অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত আনুষ্ঠানিকভাৱে সম্পন্ন কৰা হয় ৷ এই উপলক্ষে অনুষ্ঠিত হোৱা এটি চমু অনুষ্ঠানত প্ৰখ্যাত হৃদৰোগ বিশেষজ্ঞ ডা: হেম চন্দ্ৰ কলিতা, এনাটমী…

লখিমপুৰত ১,৩৭,০৯৫ টি শিশুক সামৰিক ২৮ মেত পলিঅ টীকাকৰণৰ প্ৰস্তুতি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,২৬ মে: লখিমপুৰ জিলাত অহা ২৮ ,২৯ আৰু ৩০ মেত দ্বিতীয় উপৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান কাৰ্য্যসূচী অনুষ্ঠিত হব। পলিঅ টীকাকৰণ শীৰ্ষক এইবাৰৰ পদক্ষেপত জিলাখনৰ ৫ বছৰ পর্যন্ত ১,৩৭,০৯৫ টি শিশুক সামৰি লোৱাৰ পৰিকল্পনা কৰা হৈছে।- এই ভাষ্য জিলাৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ তৰুণ কুমাৰ দেউৰীৰ। আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত  দেউৰীয়ে এই কথা সদৰী কৰে। জিলা প্ৰতিষেধক বিষয়া ডাঃ ভাৰতী গগৈয়ে লগতে কয় এই টীকাকৰণৰ বাবে স্বাস্থ্য বিভাগ ইতিমধ্যে সাজু হৈ উঠিছে। উপৰাষ্ট্ৰীয় প্ৰতিষেধক প্রদান পলিঅ…

শোণিতপুৰত তিনিলাখ চাৰি হেজাৰ ৯৬৫জনলৈ ১০৮এম্বুলেঞ্চ  সেৱা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৬মে’ঃ ৰাজ্যত বিগত প্ৰায় ১৫বছৰে বিনামূলীয়া এম্বুলেন্স সেৱা আগবঢ়াই অহা ১০৮ মৃত্যুঞ্জয় সেৱাই শোণিতপুৰত এইপৰ্যন্ত তিনিলাখ চাৰি হেজাৰ ৯৬৫জন হিতাধিকাৰীক সেৱা আগবঢ়াইছে৷ ইয়াৰে ভিতৰত একলাখ ১৩হেজাৰ ৩৫৮গৰাকী গৰ্ভৱতী৷ ক’ভিদৰ সময়ত জিলাখনত ১৯হেজাৰ৯১৬জনক সেৱা আগবঢ়োৱা ১০৮ সেৱাৰ দ্বাৰা জিলাখনত উপকৃত হৈছে দুৰ্ঘটনাগ্ৰস্ত ২৭হেজাৰ ৫৬১জন লোক৷ এনেদৰে বিভিন্ন  প্ৰয়োজনীয় সময়ত ৰোগীক সেৱা আগবঢ়োৱা এম্বুলেন্স সেৱা বিধৰ হিতাধিকাৰীসকলৰ এক সভা আজি তেজপুৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত হয়৷ বিশাল ভৰালীয়ে আঁত ধৰা সভাখনত শোণিতপুৰৰ…

গুৱাহাটীত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ দুদিনীয়া ৰাজ্যিক সমাৰোহ আৰম্ভ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৫ মে' : ৰাজ্যৰ স্কুল পৰ্যায়ৰ শিক্ষাৰ্থী তথা নৱ প্ৰজন্মৰ মাজত বিজ্ঞান শিক্ষাক ৰোমাঞ্চকৰ কৰাৰ লগতে বিজ্ঞান মনস্কতা বৃদ্ধিৰ লক্ষ্যৰে অসম বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ (এছটেক)ৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ মণিৰাম দেৱান আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰত আৰম্ভ হৈছে 'আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যিক সমাৰোহ ২০২৩'। ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই আজি দুপৰীয়া এই সমাৰোহ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে। মন্ত্ৰী মহন্তই অনুষ্ঠানত মুখ্য অতিথি…

শোণিতপুৰৰ শিঙৰীৰ পৰা ১৬ বছৰীয়া কিশোৰ নিৰুদ্দেশ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৫ মে'ঃ শোণিতপুৰৰ ঢেকীয়াজুলি- শিঙৰীৰ বেঙ্গলী বস্তি গাঁও নিবাসী গুণাধৰ দাস নামৰ যুৱক এজন ঘৰৰ পৰা ওলাই অহাৰ পিছত আজিও সন্ধানহীন হৈ থকাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷উল্লেখ যে,যোৱা ৰবিবাৰে পুৱা ১০-৩০নিজা গৃহৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা ১৬ বছৰীয়া নিৰুদ্দিষ্ট হোৱা কিশোৰজনৰ পিতৃ গৌৰ দাস আৰু মোমায়েক সন্তুষ দাসে আজি তেজপুৰৰ বিভিন্ন ঠাইত বিচাৰি চলাথ কৰাৰ পিছত বিচাৰি নাপাই হতাশ হৈ পৰাৰ পিছত সংবাদ মাধ্যমৰ কাষ চাপে। নিৰুদ্দিষ্ট কিশোৰজনৰ পিতৃয়ে জানিবলৈ দিয়া মতে তেওঁলোকে কালি নিশা শিঙৰী আৰক্ষী চকীত এখন এজাহাৰ…

হাৱাজানত কৃষকক পাৱাৰ গ্ৰীডৰ প্ৰৱঞ্চনা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৫ মে’ ঃ এন এইচ পি চিৰ পৰা বিদ্যুৎ সৰবৰাহৰ বাবে পাৱাৰ গ্ৰীডে যি বিদ্যুৎ লাইন স্থাপনৰ দায়িত্ব লৈছে তেনে লাইন স্থাপনৰ নামত এতিয়া পাৱাৰ গ্ৰীডে একাংশ লোকক প্ৰৱঞ্চনা কৰি আহিছে৷ এই ক্ষেত্ৰত বিশ্বনাথ জিলাৰ পূৱ প্ৰান্তৰ তথা গহপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত হাৱাজান খাৰৈগুৰিত পাৱাৰ গ্ৰীডে এজন কৃষকক প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ পাৱাৰ গ্ৰীডে কৃষকজনক দিব লগা ধন আদায় নিদিয়াত এতিয়া হাৱাজান খাৰৈগুৰিৰ তোষেশ্বৰ ভূঞাই ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সংকল্প গ্ৰহণ কৰিছে৷ উল্লেখ্য যে ভূঞাৰ কৃষিভূমিৰ ওপৰেৰে তথা তেওঁৰ ১৯০…

চাৰিদুৱাৰত আঢ়ৈ কিলো নকল সোণসহ ২.৩০ লাখ টকা জব্দঃ ১৬ জনক গ্ৰেপ্তাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৫ মে'ঃ আৰক্ষী বিষয়া জোনমনিৰ ৰভাৰ ৰহস্যজনক মৃত্যু আৰু এই ঘটনাৰ পাছতে ৰাজ্যত অব্যাহত নকল সোণৰ ব্যাপক প্ৰৱঞ্চনা তথা একাংশ আৰক্ষীৰ এই দুস্কৃতিকাৰী চক্ৰৰ স’তে দহৰম মহৰমৰ ঘটনাই ৰাজ্যৰ আৰক্ষী প্ৰশাসনত জোকাৰণি তোলাৰ পাছতে সম্প্ৰতি আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশ অনুসৰি ৰাজ্যত অব্যাহত আছে নকল সোণ চক্ৰৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান।যোৱা সময় চোৱাত তেজপুৰ তথা চাৰিদুৱাৰত এনে ১৪জনক গ্ৰেপ্তাৰ কৰাৰ লগতে সম্প্ৰতি শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ ভিন্ন প্ৰান্তত অব্যাহত আছে নকল সোণ চক্ৰৰ বিৰুদ্ধে অভিযান।এনে…

লখিমপুৰত মিশ্ৰৰ মাৰাথান অভিযানঃ ১৮ জন ৰঙাঘৰলৈ

অসমীয়া যুৱ মঞ্চৰ আৰক্ষীলৈ প্ৰশ্ন - লখিমপুৰত পূৰ্বে কিয় গ্ৰেপ্তাৰ হোৱা নাছিল নকল সোণ-জাল নোটৰ বৃহৎ চক্ৰশতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৫ মে’ ঃ জাল নোট, নকল সোণৰ বিৰুদ্ধে লখিমপুৰত এছ পি আনন্দ মিশ্ৰৰ মাৰাথান অভিযান আজিও অব্যাহত আছে৷ যোৱা কেইটা দিনত অৰ্ধ শতাধিক লোকে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পিছত আজি ১৮ জনক লখিমপুৰৰ আদালতত হাজিৰ কৰাই ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়৷ প্ৰাপ্ত তথ্যমতে দুষ্ট চক্ৰৰ লোকসকলে আত্মসমৰ্পণ কৰিলেই বাচি যাব বুলি ভাবিছিল যদিও আনন্দ মিশ্ৰৰ ওলোটা খৰে তেওঁলোকক শলঠেকত পেলাইছে৷ আৰক্ষীয়ে আত্মসমৰ্পণ কৰা…