Browsing Category
অসম
পৰিচালনা সমিতিৰ প্ৰতি অনাস্থা প্ৰকাশ বিহপুৰীয়া মহাবিদ্যালয় শিক্ষক গোটৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৪ মেঃ বিহপুৰীয়া মহাবিদ্যালয়ৰ শিক্ষক গোটে মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে চলাই অহা ভ্ৰষ্টাচাৰ আৰু দুৰ্নীতিৰ বিৰুদ্ধে কৰি অহা প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত বৰ্তমানলৈকে কোনো ধৰণৰ সমাধানসূত্ৰ নোলোৱাৰ পৰিপ্ৰেক্ষিতত আন্দোলন বৰ্তমানেও অব্যাহত আছে ৷ যোৱা ১৫মেত মহাবিদ্যালয়ৰ পৰিচালনা সমিতি আৰু শিক্ষকগোটৰ যুটীয়া বৈঠকত মহাবিদ্যালয়ৰ সমস্যাসমূহত উচ্চ শিক্ষাধিকৰ্তাৰ হস্তক্ষেপ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল যদিও অৱশেষত পৰিচালনা সমিতিয়ে উক্ত সিদ্ধান্ত অগ্ৰাহ্য কৰে আৰু যোৱা ১৮মেত পুনৰ পৰিচালনা সমিতিৰ সভাত সিদ্ধান্ত কৰাৰ…
অসম বিধান সভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ লখিমপুৰ জিলা ভ্ৰমণ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,২৪ মে: অসম বিধান সভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ এটা দলে আজি লখিমপুৰ জিলা ভ্ৰমণ কৰে। ভ্ৰমণৰ সময়চোৱাত দলটোৱে লখিমপুৰ জিলাত যোৱা ২০২০-২১ বিত্তীয় বৰ্ষৰপৰা ২০২২-২৩ বিত্তীয় বৰ্ষৰ ভিতৰত বিভিন্ন বিভাগৰ জৰিয়তে ৰূপায়ণ কৰি থকা কেইবাখনো আঁচনিৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে উক্ত আঁচনি সমূহৰ ফলপ্ৰসূ কার্যকাৰিতা আৰু উপযোগিতৰ খতিয়ান লয়। ইয়াৰ উপৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এক পৰ্যালোচনা সভাতো উক্ত দলটোৱে অংশগ্ৰহণ কৰে। দক্ষিণ শালমৰা বিধান সভা সমষ্টিৰ বিধায়ক ৱাজেদ আলি চৌধুৰীৰ নেতৃত্বত অহা ৰাজহুৱা হিচাপ…
শোণিতপুৰৰ তেলীয়া ঘাটত অসহায় অৱস্থাত বন্যহস্তী
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২৪ মে' : শোণিতপুৰৰ জহামাৰিত ব্ৰহ্মপুত্ৰৰ এটা সুঁতিৰ তেলীয়া ঘাটত এজনী হস্তিনী যোৱা চাৰি দিনে আৱদ্ধ হৈ আছে ৷ বনাঞ্চলৰ পৰা ওলাই অহা হাতীজনী বৰ্তমান ব্ৰহ্মপুত্ৰৰ সুঁতিটোৰ কিছু বোকাময় স্হানত আছে আৰু পানীৰ পৰা উঠি অহা নাই ৷এই বিষয়ে ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছত কালি ঘটনাস্থলীত তেজপুৰ সদৰ,ঢেকিয়াজুলিৰ লগতে ওৰাঙৰ পৰা বনকৰ্মী তথা চিকিৎসকৰ দল উপস্থিত হৈ হাতীজনীক পৰ্যবেক্ষণ কৰে। উল্লেখ্য যে, হাতীজনীয়ে ব্ৰহ্মপুত্ৰ অতিক্ৰম কৰি উত্তৰ পাৰত অৱস্থান কৰিছে যদিও মানুহৰ সমাগম হলেই পুনৰ বিপৰীত দিশলৈ গতি…
জলসিঞ্চন বিভাগৰ ঠিকাঃ কমিছন সংগ্ৰহৰ অভিযোগ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৪মে’ঃ জলসিঞ্চন বিভাগৰ অধীনত বৰদিকৰাই জলসিঞ্চন প্ৰকল্পৰ মেৰামতিৰ বাবে অনুমোদিত মুঠ ৬০লাখ টকাৰ ঠিকাৰ অধিকাংশই শোণিতপুৰৰ বাহিৰৰ ঠিকাদাৰক আবন্টন দিয়াৰ অভিযোগ উঠিছে৷ উল্লেখযোগ্য যে,শোণিতপুৰৰ এই জলসিঞ্চন প্ৰকল্পটোৰ মেৰামতিৰ বাবে স্হানীয় যথেষ্ট সংখ্যক ঠিকাদাৰ আছিল আৰু তেওঁলোকে ইয়াৰ বাবে নিবিদা দাখিল কৰিলেও মাত্ৰ তিনিজন স্হানীয় ঠিকাদাৰক সামান্য পৰিমানৰ কাম আবন্টন দিয়াৰ বাহিৰে অধিকাংশ ঠিকাদাৰেই গুৱাহাটী আৰু নগাঁৱৰ বুলি অভিযোগ উঠিছে৷ উল্লেখযোগ্য যে,জলসিঞ্চন বিভাগৰ তেজপুৰ চক্ৰৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ৰ…
নকল সোণঃ ৩০ আত্মসমৰ্পণ+২২ গ্ৰেপ্তাৰ =৫২ আৰক্ষীৰ জালত
লখিমপুৰত অপৰাধীৰ আত্মসমৰ্পণৰ জোৱাৰ
বিজেপি নেতা-পঞ্চায়ত সভানেত্ৰীৰ স্বামীসহ অৰ্ধ শতাধিকৰ আত্মসমৰ্পণ-গ্ৰেপ্তাৰ
এছ পি আনন্দ মিশ্ৰৰ এটা ধমকৰ পিছতে লখিমপুৰত নকল সোণ, জাল নোট, ড্ৰাগছ ব্যৱসায়ী আত্মসমৰ্পণৰ জোৱাৰ
এনকাউণ্টাৰৰ ভয়ত আত্মসমৰ্পণ অপৰাধীৰ
নকল সোণৰ খনিখ্যাত বঙালমৰাৰ ঘৰে ঘৰে মিশ্ৰৰ অভিযানশতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৪ মে’ ঃ লখিমপুৰৰ আৰক্ষী অধীক্ষকৰ ধমকৰ পিছতে লখিমপুৰত অপৰাধীৰ আত্মসমৰ্পণৰ জোৱাৰ উঠিছে৷ নকল সোণ, জাল নোটৰ ঘাটি হিচাবে পৰিচিত বঙালমৰাত ঘৰে ঘৰে গৈ আৰক্ষী অধীক্ষকে অভিযান চলোৱাৰ পিছতে অপৰাধ জগতৰ…
লখিমপুৰৰ ৫ কীৰ্তিমানক লখিমপুৰ জিলা প্ৰশাসনৰ সম্বৰ্ধনা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৩ মে’ ঃ লখিমপুৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি বিয়লি এখন অভিনন্দন সভা অনুষ্ঠিত হয়৷ জিলা উপায়ুক্ত সুমিত সাত্তাৱনে আঁত ধৰা অভিনন্দন অনুষ্ঠানত সোমবাৰে ঘোষিত মেট্ৰিকৰ ফলাফলত জিলাখনৰ পৰা স্থান লাভ কৰা ৫ জন মেধাবী ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনোৱা হয়৷ লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ, বিধায়ক মানৱ ডেকা আদিৰ উপস্থিতিত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানটিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত চতুৰ্থ স্থান লাভ কৰা ৰাজীৱ পাল, পঞ্চম স্থান লাভ কৰা কিন্নৰী দত্ত, অষ্টম স্থান লাভ কুলদীপ হাজৰিকা, নৱম…
বিহপুৰীয়া মহাবিদ্যালয় পৰিচালনা সমিতিৰ বৈঠক নোলাল সমাধানঃ শিক্ষক গোটৰ আন্দোলন অব্যাহত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৩ মেঃ বিহপুৰীয়া মহাবিদ্যালয়ত অব্যাহত থকা শিক্ষকৰ প্ৰতিবাদ সন্দৰ্ভত আজি পৰ্যন্ত কোনোধৰণৰ সমাধান সূত্ৰ বাহিৰ হোৱা নাই। কিছুদিন পূৰ্বে বিধায়কৰ অনুপস্থিতিৰ দোহাই দি পৰিচালনা সমিতিৰ এখন বৈঠক বাতিল কৰা হৈছিল যদিও আজি পৰিচালনা সমিতিৰ বৈঠক অনুষ্ঠিত হৈছিল। আজি দিনৰ ২:৩০বজাত পৰিচালনা সমিতিৰ সভাপতিৰ সভাপতিত্বত অনুষ্ঠিত পৰিচালনা সমিতিৰ বৈঠকতো একো সমাধান নোলাল। উল্লেখ্য পৰিচালনা সমিতিৰ বৈঠক সাধাৰণতে মহাবিদ্যালয়তে অনুষ্ঠিতকৰণৰ নিয়ম আছে যদিও আজিৰ বৈঠক মহাবিদ্যালয় পৰিচালনা বিধি ভংগ কৰি বিহপুৰীয়া পৰিদৰ্শন বাংলোত…
আধুনিক শিক্ষা ব্যৱস্থা বিষয়কেন্দ্ৰিক, বিদ্যাৰ্থীকেন্দ্ৰিক নহয়ঃ দিগন্তবিশ্ব শৰ্মা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৩ মে’ঃ আধুনিক শিক্ষা ব্যৱস্থা বিষয়কেন্দ্ৰিক, বিদ্যাৰ্থীকেন্দ্ৰিক নহয়।- এই ভাষ্য দিগন্তবিশ্ব শৰ্মাৰ। লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বক্তৃতা শৃংখলাৰ আৰম্ভণি আজি মহাবিদ্যালয়ত বিশিষ্ট বক্তা দিগন্ত বিশ্ব শৰ্মাৰ বক্তৃতাৰে শুভাৰম্ভ কৰা হয়। তেঁও "বিবেকানন্দ আৰু শ্ৰীঅৰবিন্দৰ আলোকত আদৰ্শ শিক্ষক আৰু আদৰ্শ শিক্ষাৰ ধাৰণাত এভূমুকি" বিষয়ক বক্তৃতা প্ৰদান কৰি শিক্ষাৰ প্ৰকৃত লক্ষ্য জীৱনৰ অন্বেষণ বা আত্মানুসন্ধান আৰু জগতৰ অন্বেষণ বুলি মত ব্যক্ত কৰে। তেঁও লগতে কয় আধুনিক শিক্ষা শিক্ষাৰ এটা অংগ হয়, কিন্তু…
শিৱসাগৰৰ মেটেকাত উদ্ধাৰ দুষ্প্ৰাপ্য বনৰৌ
শতাব্দ শিৱসাগৰৰ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ মে': শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত ঐতিহাসিক মেটেকা মাজগাঁৱৰ এজন ব্যক্তিৰ ঘৰত যোৱা নিশা উদ্ধাৰ হয় এটা দুষ্প্ৰাপ্য বনৰৌ৷ জানিব পৰা নিশা প্ৰায় দহ বজাত বনৰৌটো ঘৰৰ ভিতৰত প্ৰত্যক্ষ কৰি পৰিয়ালটোৱে তাৎক্ষণিক ভাৱে বন্যপ্ৰাণী সুৰক্ষাত কৰ্মৰত লোকক খবৰ দিয়ে৷ এই খবৰ লাভ কৰিয়েই বন্যপ্ৰাণী সুৰক্ষা- উদ্ধাৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি কাম কৰি অহা যুৱক আকাশ দাস, বিশ্বজিৎ বৰুৱা, মৃন্ময় জ্যোতি দাস আৰু সুৰজ সিংহই লগে লগেই শিৱসাগৰ বন বিভাগক এই সন্দৰ্ভত অৱগত কৰি নিশাই সুৰক্ষিত ভাৱে বনৰৌটো উদ্ধাৰ কৰি বন…
সৰ্বভাৰতীয় অসামৰিক প্ৰশাসনিক সেৱাৰ পৰীক্ষাত অসমীয়াৰ সাফল্য অৰ্জন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৩ মেঃ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ (UPSC) সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত পঞ্চম স্থান লাভ কৰি ইতিহাস ৰচিলে অসম সন্তান নগাঁৱৰ ময়ূৰ হাজৰিকাই। ২৭১ সংখ্যক স্থান লাভ কৰিছে অঞ্জলি ভৰদ্বাজে, ২৯৮ সংখ্যক স্থান লাভ কৰিছে ইদুল আহমেদে, ৬১৯ সংখ্যক স্থান লাভ কৰিছে ৱিনচেন ৱাইফেইয়ে (Vincent Vaiphai ), ৬৬৪ সংখ্যক স্থান লাভ কৰিছে দীক্ষা লাংথাচাই, ৮৪৮ সংখ্যক স্থান লাভ কৰে নিবেদিতা দাস আৰু ৮৮১ সংখ্যক স্থান লাভ কৰিছে মানসজ্যোতি দাসে। উল্লেখ্য যে UPSCৰ প্ৰথম চাৰিটা স্থানৰ চাৰিগৰাকীয়েই মহিলা। পঞ্চম স্থানপ্ৰাপ্ত নগাঁৱৰ…
