Browsing Category

অসম

সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱাক শিৱসাগৰত ৰাজহুৱা সম্বৰ্ধনা

সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱাক শিৱসাগৰত ৰাজহুৱা সম্বৰ্ধনা জনোৱাৰ দৃশ্যফটো:-আব্দুল মতিন শিৱসাগৰ

মেট্ৰিকত হৃদম ঠাকুৰীয়া প্ৰথম

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ : ২২ মে: ঢেকীয়াজুলি শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ হৃদম ঠাকুৰীয়াই মেট্ৰিক পৰীক্ষাত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল কৰি শ্বহীদ নগৰী ঢেকীয়াজুলিলৈ সুনাম কঢ়িয়াই আনিলে ৷ অসম মাধ্যমিক শিক্ষা পৰিষদে আজি পুৱা ১০ বজাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতেই নিকেতনখনত উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা যায় ৷ হৃদমৰ ঠাকুৰীয়াৰ এই সাফল্যত নিকেতনখনৰ ছাত্ৰ-ছাত্ৰী আৰু আচাৰ্য-আচাৰ্যাসকল আনন্দিত হৈ পৰে ৷ আচাৰ্য-আচাৰ্যাসকলে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত মিঠাই বিতৰণ কৰা দেখা যায় ৷ নিকেতন প্ৰাংগনত পুৱাৰে পৰা…

মেট্ৰিকত লখিমপুৰ উজ্বলালে পাঁচ কৃতীমানে

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২২ মে’ ঃ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত লখিমপুৰ জিলাৰ ৫ গৰাকী কৃতীমান ছাত্ৰ-ছাত্ৰীয়ে শীৰ্ষৰ ১০ টা স্থানৰ ভিতৰত চতুৰ্থ, পঞ্চম, অষ্টম আৰু নৱম স্থান দখলেৰে লখিমপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ ঘোষিত ফলাফল অনুসৰি সোনাপুৰ পুখুৰীপৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৰাজীৱ পালে ইংৰাজীত ৯৭, অসমীয়াত- ১০০, গণিতত ৯৪, বিজ্ঞানত ১০০, সমাজ বিজ্ঞানত- ১০০, ভূগোলত- ১০০ সহ মুঠ ৫৯১ নম্বৰ লাভ কৰি চতুৰ্থ স্থান, উত্তৰ লখিমপুৰ ছেইণ্ট মেৰীজ হাইস্কুলৰ পৰা কিন্নৰী দত্তই ইংৰাজীত- ৯৮, অসমীয়াত- ৯২, গণিতত- ১০০,…

মিশ্ৰৰ চমকঃ লখিমপুৰত ১২ ঘণ্টাত তিনি নকল সোণ বেপাৰী ধৃত

 ১৫ দিনৰ ভিতৰত অপৰাধীক নিজে আহি ধৰা দিয়াৰ নিৰ্দেশ আৰক্ষী অধীক্ষকৰ শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২২ মে’ ঃ দেওবাৰে নিশা প্ৰায় ৮ বজাত লখিমপুৰ জিলাত নতুনকৈ যোগদান কৰা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কৰ্তব্যত যোগদান কৰাৰ ১২ ঘণ্টাৰ ভিতৰতে আজি ৩ টাকৈ নকল সোণৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ নকল সোণৰ বেহাৰ বিৰুদ্ধে আজি তেওঁ জিলাখনৰ বঙালমৰাৰ বালিটিকা, হৰিপুৰ আদিত অভিযান চলাই এই তিনিটা অপৰাধীক গ্ৰেপ্তাৰ কৰে৷ ধৃত লোককেইজন হৈছে চাদ্দাম হুছেইন, চৰিফুল ইছলাম আৰু গুলজাৰ হুছেইন৷ এই আটাইকেইজনে দীৰ্ঘদিন ধৰি নকল সোণৰ বেহাৰ লগত জড়িত…

জোনমণি আৰু বাবুললৈ তেজপুৰত শ্ৰদ্ধাঞ্জলিঃ ন্যায়ৰ দাবী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২১মে’ এক ৰহস্যজনক দুৰ্ঘটনাত নিহত হোৱা আৰক্ষী উপপৰিদৰ্শক জোনমণি ৰাভা আৰু বহিৰাজ্যত হত্যাৰ বলি হোৱা বাবুল বৰুৱাৰ প্ৰতি আজি তেজপুৰৰ মিছন চাৰিআলিত শ্ৰদ্ধাঞ্জলি জনাই তেজপুৰৰ বহুসংখ্যক লোকে৷ বিভিন্ন ক্ষেত্ৰৰে জড়িত এইসকল লোকে দুয়োগৰাকী নিহতৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন তথা শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি এই দুয়োটা শোকাবহ ঘটনাৰ সঠিক তদন্ত তথা নিহত আৰু তেওঁলোকৰ আত্মীয়ই ন্যায় লাভৰ আশা ব্যক্ত কৰে৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সমবেত হোৱা লোকসকলে দেশ তথা ৰাজ্যত অশুভ শক্তিৰ বিৰুদ্ধে শক্তিশালী ন্যায়িক প্ৰতিৰোধৰে এনে…

তেজপুৰত বাচফৰ নৃত্য বিদ্যালয়

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২১ মে' : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে উচ্চ-নীচ, জাত-পাতৰ ভেদাভেদ পৰিহাৰ কৰি বৃহত্তৰ অসমীয়া জাতি গঠন কৰিছিল ৷ গুৰুজনাৰ সেই আদৰ্শকেই সৰোগত কৰি তেজপুৰত হৰিজনসকলে আৰম্ভ কৰিছে শংকৰী কলা-কৃষ্টিৰ সাধনা৷ হৰিজনসকলৰ ল'ৰা-ছোৱালীৰ মাজত শংকৰী কলা-কৃষ্টিৰ লগতে ৰাজ্যৰ বাৰেবৰণীয়া সংস্কৃতিৰ চৰ্চাৰ বাবে তেজপুৰৰ আমোলাপট্টিৰ হৰিজন কলনীত আজি আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয় বাচফ'ৰ নৃত্য বিদ্যালয় ৷ ডাঃ হেডগেৱাৰ সেৱা সমিতিৰ উদ্যোগত স্থাপন কৰা এই বিদ্যালয়খন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে আৰ এছ এছৰ সহ-ক্ষেত্ৰ প্ৰচাৰক বশিষ্ট…

সাত-আঠ মাহৰ ভিতৰত প্ৰকাশ পাব অসম সাহিত্য সভাৰ পত্ৰিকাৰ একত্ৰ সংকলন

তেজপুৰক বাদ দি অসম সাহিত্য সভাৰ ইতিহাস পূৰ্ণাংগ হ'ব নোৱাৰে তেজপুৰ সাহিত্য চ'ৰাৰ ৩৬ সংখ্যক দ্বি বাৰ্ষিক অধিৱেশনত অসম সাহিত্য সভাৰ সভাপতি মুখপত্ৰ "চয়নিকা" আৰু বীৰেন্দ্ৰ কুমাৰ বৰাৰ প্ৰবন্ধ সংকলন "হেঙুলী আভাৰ ৰেঙনি" উন্মোচন শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২১ মে'ঃ তেজপুৰক বাদ দি অসম সাহিত্য সভাৰ ইতিহাস পূৰ্ণাংগ হ'ব নোৱাৰে। সেয়েহে অসমৰ নৱ প্ৰজন্ম উপকৃত হ'ব পৰাকৈ অসম সাহিত্য সভাৰ যি সংগ্ৰহালয় গঢ়ি তুলিব বিচৰা হৈছে সেই সংগ্ৰহালয়ত সাহিত্য সভা সম্পৰ্কীয় তেজপুৰ ইতিহাসে বিশেষ স্হান লাভ কৰিব বুলি আজি বিয়লি তেজপুৰ সাহিত্য…

লখিমপুৰৰ জহিঙত এলিফেণ্ট কৰিড’ৰত ফল-মূলৰ বৃক্ষ ৰোপন শিক্ষাৰ্থীৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২১ মে’ ঃ ৰাজ্যত হাতী-মানুহৰ সংঘাত বৃদ্ধি পাই অহাৰ সময়তে আজি লখিমপুৰ জিলাৰ জহিঙত থকা লখিমপুৰৰ একমাত্ৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে জহিঙৰ সমীপৱৰ্তী কৈলামাৰী চাহ বাগিছাৰ কাষত বৃক্ষ ৰোপনৰ কাৰ্যসূচী গ্ৰহণ কৰে৷ শিক্ষাৰ্থীসকলৰ লগতে কেবাজনো অধ্যাপকে আজি জহিং বন খণ্ডৰ অন্তৰ্গত তথা কাকৈ বনাঞ্চলৰ জে এফ এম চিৰ এলিফেণ্ট কৰিড’ৰত ভালেসংখ্যক ফল-মূলৰ গছপুলি ৰোপন কৰে৷ হাতী মানুহৰ সংঘাত বৃদ্ধি হৈ অহাৰ সময়ত এনে সংঘাত কেনেদৰে দূৰ কৰিব পৰা যায় তাৰ বাবে প্ৰকৃতিপ্ৰেমী লোকসকলে বিভিন্ন কাৰ্যসূচী…

দৰং মহাবিদ্যালয়ত স্মৃতিকাতৰ হ’ল ভাৰতীয় সেনা বাহিনীৰ ইষ্টাৰ্ণ ৰিজনৰ মেজৰ জেনেৰেল

উত্তৰ ভাৰতৰ সেনা বিষয়া গৰাকীয়ে ক'লে অসমীয়া মানুহৰ দৰে সৰল মানুহ পৃথিৱীৰ আন কোনো ঠাইত পোৱা নাই শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২০ মে'ঃ তেজপুৰৰ ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ত ভাৰতীয় সেনা বাহিনীৰ ইষ্টাৰ্ণ ৰিজনৰ মেজৰ জেনেৰেল (Major General, Eastern Command) তথা প্ৰাক্তন দৰঙিয়ান অতুল পান্নু আজি উপস্থিত হৈ স্মৃতিকাতৰ হৈ পৰে । উল্লেখ্য যে, ১৯৮৬-৮৭ চনৰ দৰং মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰো আবাসী হিচাপে থকা সেনা বিষয়া গৰাকীয়ে এসময়ত নিজে অধ্যয়ন কৰা মহাবিদ্যালয়খনত উপস্থিত হোৱাৰ পিছত প্ৰথমে দৰং মহাবিদ্যালয়ৰ এন চি চিৰৰ তৰফৰ গাৰ্ড অৱ অনাৰ…

শোণিতপুৰত নকল সোণ চক্ৰৰে জড়িত ১১জনক গ্ৰেপ্তাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২০মে’ঃ শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানা আৰু তেজপুৰ সদৰ আৰক্ষী থানা অন্তৰ্গত তিনিটা অঞ্চলত যোৱা নিশা স্হানীয় আৰক্ষীয়ে চলোৱা পৃথক অভিযানত নকল সোণৰ বেহাৰে জড়িত মুঠ ১১জনক গ্ৰেপ্তাৰ কৰা হৈছে৷ ইয়াৰে ভিতৰত চাৰিদুৱাৰ আৰক্ষীৰ অভিযানত গুদামঘাটৰ পৰা সাতজনক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে তেজপুৰৰ শালনিবাৰী আৰক্ষীৰ অভিযানত ভালুকঝাৰণিৰ হানিফ আলি(২৭)আৰু আব্দুল মতলেব নামৰ আন দুই প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰে৷ তদুপৰি বৰঘাট আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হয় নুৰ আৰু ৰফিকুল নামৰ নকল সোণ চক্ৰৰে জড়িত আন দুই অভিযুক্ত৷ ইয়াকে লৈ শোণিতপুৰত…