Browsing Category

অসম

তেজপুৰৰ ক্ৰীড়া সংগঠক ৰণধীৰ পাণ্ডেৰ বিয়োগ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২০মে’ঃ তেজপুৰ জিলা ক্রীড়া সন্থাৰ বক্সিং বিভাগৰ প্ৰাক্তন সম্পাদক, ক্ৰীড়া সন্হাটোৰ আজীৱন সদস্য, ক্রীড়া সংগঠক ৰণধীৰ পাণ্ডে(৪৮)ৰ যোৱা নিজা বাসভৱনত পৰলোকপ্রাপ্তি ঘটে। প্রায় দুবছৰ অচিন ৰোগত আক্ৰান্ত হৈ শয্যাগত হৈ আছিল তেওঁ৷ উল্লেখযোগ্য যে, তেজপুৰ জিলা ক্রীড়া সন্হাৰ উদ্যোগত পূৰ্বে আয়োজিত ডুগৰ শ্বিল্ড ফুটবল প্ৰতিযোগিতা আৰু বৰ্তমানৰ তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্রতিযোগিতাকে ধৰি বিভিন্ন খেলৰ আয়োজনত সকলো সময়তে নিজৰ দক্ষতাৰে কায়িক আৰু আৰ্থিক ভাবে ওতপ্ৰোতভাবে আত্মনিয়োগ কৰিছিল পাণ্ডেই। তেজপুৰত বক্সিং খেলৰ…

লখিমপুৰৰ নতুন এছ পি আনন্দ মিশ্ৰক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া

 লখিমপুৰৰ এছ পিক বদলি দুই আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল’জ ১০ নকল সোণ-জাল নোটৰ বেপাৰী গ্ৰেপ্তাৰ শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২০ মে’ঃ লখিমপুৰত শেহতীয়াকৈ অসম আৰক্ষীৰ এজন দক্ষ-বিতৰ্কিত বিষয়া আনন্দ মিশ্ৰক লখিমপুৰলৈ আৰক্ষী অধীক্ষক হিচাপে নিয়োগ কৰাৰ খবৰে একাংশ লখিমপুৰবাসীক আনন্দিত কৰিছে যদিও কা আন্দোলনৰ সময়ত চৰাইদেউত ঘৰে ঘৰে সোমাই অসমীয়া নিৰীহ যুৱকক মাৰধৰ- হাৰাশাস্তি কৰা তথা নগাঁৱত কীৰ্তিকমল বৰা নামৰ এজন ছাত্ৰ নেতাক ২০২২ চনৰ জানুৱাৰী মাহত নগাঁৱৰ আৰক্ষী প্ৰদীপ বনিয়াই মিছাকৈ ড্ৰাগছৰ সৰবৰাহকাৰী বুলি গুলি কৰি আহত কৰা ঘটনাই…

দুৰ্যোগ ব্যৱস্থাপনাত তিনিচুকীয়া প্ৰথম

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৯ মে’ : অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ দ্বাৰা প্ৰদান কৰা দুৰ্যোগ ব্যৱস্থাপনা স্ক'ৰকাৰ্ডত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে তিনিচুকীয়া জিলাই ৷ এই স্বীকৃতিস্বৰূপে তিনিচুকীয়া বাইপাছত নৱনিৰ্মিত কনভেনশ্যন চেণ্টাৰত ১৫-১৭ মে’লৈকে অনুষ্ঠিত পঞ্চম উপায়ুক্ত সন্মিলনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তিনিচুকীয়া জিলাক বঁটা প্ৰদান কৰে ৷ বঁটা গ্ৰহণ কৰে তিনিচুকীয়াৰ উপায়ুক্ত স্বপ্নীল পালে ৷  তিনিচুকীয়াত গাড়ী চুৰি নিষিদ্ধ ড্ৰাগছ আৰু মাৰাত্মক নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ এক অন্যতম ঘাটিত…

বিহপুৰীয়া মহাবিদ্যালয় শিক্ষক গোটৰ আন্দোলন অনিৰ্দিষ্ট কাললৈ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৮ মেঃ লখিমপুৰ জিলাৰ বিহপুৰীয়া মহাবিদ্যালয়ৰ শিক্ষক গোটে মহাবিদ্যালয়খনৰ কেতবোৰ আভ্যন্তৰীণ সমস্যাক লৈ যোৱা ১১ মেৰ পৰা আন্দোলন অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত জিলা প্ৰশাসনে বিষয়টোত গুৰুত্ব নিদিয়াৰ গুৰুতৰ অভিযোগ উঠিছে। উল্লেখ্য যে শিক্ষক গোটটোৱে যোৱা ৮ মেত জিলা উপায়ুক্তক বিষয়টোৰ সন্দৰ্ভত স্মাৰক পত্ৰ দিয়াৰ লগতে ১১ মেত স্থানীয় ৰাজহ চক্ৰ বিষয়াকো অৱগত কৰে। আনহাতে শিক্ষক গোটে ১১ মেৰ পৰা ধাৰাবাহিক ভাৱে আন্দোলন অব্য়াহত ৰাখিছে যদিও ৰহস্য়জনক কাৰণত জিলা প্ৰশাসনে শিক্ষানুষ্ঠানখনৰ শিক্ষকসকলক ন্যায় প্ৰদানৰ ক্ষেত্ৰত…

হিমন্তবিশ্ব শৰ্মাৰ সীমা বিবাদ নিষ্পত্তি চুক্তি অসাৰঃ অৰুণাচলীয়ে লখিমপুৰৰ বনাঞ্চলত গছ কাটিয়েই আছে

 জিলা উপায়ুক্ত-আৰক্ষী অধীক্ষকৰ ঘটনাস্থলী পৰিদৰ্শন অসম চৰকাৰৰ নিৰ্লিপ্ত ভূমিকাত আটছাৰ তীব্ৰ ক্ষোভ কাকৈত ভূমি দখলৰ প্ৰচেষ্টাৰে অৰুণাচলীৰ আগ্ৰাসন বনাঞ্চলত বন শিবিৰ স্থাপনশতাব্দ ষ্টাফ ৰিপৰ্টাৰ,লখিমপুৰ ১৯ মে’ ঃ অসম অৰুণাচলৰ মাজত সীমা সমস্যা সন্দৰ্ভত বুজা বুজি চুক্তি হৈ যোৱাৰ পিছতো একাংশ অৰুণাচলীয়ে অসমৰ ভূমিলৈ লোলুপ দৃষ্টি দি আহিছে৷ বিশেষকৈ অসম-অৰুণাচল সীমান্তৱৰ্তী লখিমপুৰ জিলাৰ বিভিন্ন বনাঞ্চলত অৰুণাচলীয়ে এতিয়াও আগ্ৰাসন অব্যাহত ৰাখিছে৷ ইয়াৰ পৰিণতি স্বৰূপে যোৱা ১৭ মে’ৰ নিশা জিলাখনৰ কাকৈ সংৰক্ষিত বনাঞ্চলৰ লৱাৰ জুমি…

সোৱণশিৰিৰ ভীমপৰা কোৱেৰিত অবাধে বালি খননঃ থেকেৰাগুৰি গাঁৱলৈ ভাবুকি

 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ১৮ মে'ঃ লখিমপুৰ জিলা বন বিভাগৰ বিষয়া-কৰ্মীৰ সহযোগত সোৱণশিৰি নৈৰ বুকুৰ পৰা বনজ সম্পদ সংগ্ৰহ কৰাৰ নামত ভীমপৰা শিল-বালি মহলৰ মহলদাৰ গোষ্ঠীয়ে দৌৰাত্ম্য চলোৱাৰ অভিযোগ উত্থাপন কৰিছে মহলটোৰ দাঁতিকাষৰীয়া থেকেৰাগুৰি গাঁৱৰ ৰাইজে। উল্লেখ্য যে, চৰকাৰী নীতি-নিৰ্দেশনাক পদদলিত কৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা সোৱণশিৰি দলঙৰ পৰা মাত্ৰ ১৫০ মিটাৰমান নিলগতে উল্লেখিত মহলটোৰ মহলদাৰ গোষ্ঠীয়ে পুখুৰী সদৃশ দ বৃহৎ বৃহৎ আকাৰৰ গাঁত খান্দি বৰ্তমান বালি খনন অব্যাহত ৰখাত অহা বাৰিষা সোৱণশিৰি নৈয়ে থেকেৰাগুৰি গাঁৱৰ অস্তিত্বৰ…

তিনিচুকীয়াত দৈনিক প্ৰায় ৫০ হাজাৰ নেমু নষ্ট

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৮ মে’ : কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দেশত নিৰ্মিত তথা থলুৱাভাৱে উৎপাদিত গুণগত মানসম্পন্ন সামগ্ৰীক বজাৰমুখী কৰি গ্ৰাম্য অৰ্থনীতিৰ লগতে সামগ্ৰিকভাৱে ৰাজ্য আৰু দেশৰ অৰ্থনৈতিক বিকাশ তৰান্বিত কৰাৰ বাবে নানা পদক্ষেপ গ্ৰহণ কৰিছে যদিও চৰকাৰৰ এনে পদক্ষেপত হেঙাৰ হৈ থিয় দিছে একাংশ লোকৰ মানসিকতা ৷ উল্লেখ্য যে ৰাজ্যৰ তিনিচুকীয়া অঞ্চল হৈছে ’আছাম লেমন’ অৰ্থাৎ কাজি নেমু বা ইলাচি নেমুৰ বাবে বিখ্যাত ৷ কিয়নো এই অঞ্চলত পৰ্যাপ্ত পৰিমাণে উৎকৃষ্ট নেমুৰ উৎপাদন হয় ৷ কিন্তু বজাৰৰ অভাৱত দৈনিক বৃহৎ পৰিমাণৰ নেমু নষ্ট…

বিহপুৰীয়া মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ বৈঠক বাতিলঃ পুনৰ আন্দোলন ঘোষণা শিক্ষক গোটৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৮ মেঃ বিহপুৰীয়া মহাবিদ্যালয় শিক্ষক গোটে একাধিক দাবী উত্থাপন কৰি যোৱা ১১ মেৰ পৰা আন্দোলন অব্যাহত ৰাখিছিল। ১৫ মেত শিক্ষকগোট আৰু মহাবিদ্যালয় পৰিচালনা সমিতিৰ যুটীয়া বৈঠকে আজি ১৮ মেত পৰিচালনা সমিতিয়ে এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জনাইছিল যদিও পৰিচালনা সমিতিয়ে সমগ্ৰ বিষয়টো লঘু বা গৌণ কৰাৰ কাৰচাজি কৰাৰ গুৰুতৰ অভিযোগ উঠিছে ৷ উল্লেখ্য যে আজি  বিহপুৰীয়া মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ বৈঠক হোৱাৰ কথা আছিল যদিও স্থানীয় বিধায়কৰ অনুপস্থিতি দেখুৱাই সভাখন স্থগিত ৰখা হয় ৷ তাৎপৰ্যপূৰ্ণ কথা যে বিহপুৰীয়াৰ বিধায়কগৰাকীয়ে…

জোনমণি ৰাভাৰ মৃত্যু ঘটনাঃ নাওবৈচাত চি আই ডিৰ অভিযান

লখিমপুৰত বিজেপিৰ বহু নেতাৰ লগত আবু চুহিদৰ আছিল ঘনিষ্ঠতা শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৮ মে’ঃ এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই সম্প্ৰতি তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্য৷ জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাক লৈ ৰহস্যৰ সৃষ্টি হৈ থকাৰ সময়তে আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে চি আই ডিয়ে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে৷ কালি নিশাৰে পৰা লখিমপুৰত থিতাপি লোৱা চি আই ডিৰ তিনিজনীয় দলে আজি পুৱাই জিলাখনৰ নাওবৈচাৰ বৰচলাত অভিযান আৰম্ভ কৰে৷ দলটিয়ে লখিমপুৰ আৰক্ষীৰ সহযোগত আজগৰ আলিৰ বাসগৃহত অভিযান চলাই আজগৰ আলিৰ মাতৃ আমিনা খাতুনক জেৰা কৰে যদিও মাতৃক…

২০২৪ চনৰ মাৰ্চ মাহৰ পূৰ্বে সম্পূৰ্ণ হ’ব তিনিচুকীয়া মেডিকেল কলেজৰ নিৰ্মাণকাৰ্য

ছেপ্তেম্বৰত তিনিচুকীয়াত অনুষ্ঠিত হ’ব কেবিনেট মুখ্যমন্ত্ৰীক ‘ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সফল অসমীয়া বঁটা' প্ৰদান শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৮ মে’ : আগন্তুক ছেপ্তেম্বৰ মাহত তিনিচুকীয়াত অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক ৷ আজি তিনিচুকীয়াত সাংবাদিকসকলৰ সৈতে এক চাহমেলত অংশগ্ৰহণ কৰি এইকথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীয়ে সাংবাদিকসকলৰ পৰা তিনিচুকীয়াৰ সমস্যাৰ বুজ লয় ৷ সাংবাদিকসকলে তিনিচুকীয়াৰ ভয়াৱহ যানজঁটৰ সমস্যা, পাৰ্কিঙৰ সমস্যা, বেদখল, অবৈধ নিৰ্মাণকাৰ্য, নলা-নৰ্দমাৰ সমস্যা আদিৰ বিষয়ে…