Browsing Category

অসম

আহকচোন, এখন চৰকাৰী আদৰ্শ বিদ্যালয়ৰ ভিতৰখন চাও 

হায় শিক্ষা বিভাগ ! আনন্দ চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনি নিম্ন দুই শতাধিক ছাত্ৰ-ছাত্ৰীৰ বাবে নাই এযোৰাও ডেক্স-বেঞ্চএখনো ব্লেক বৰ্ড নাই প্ৰধান শিক্ষকৰ বাবেও নাই কোনো চকী-টেবুল ৯৮ লাখ টকীয়া গৃহ নিৰ্মাণত ব্যাপক অনিয়ম এতিয়াও বহু ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা নাই সম্পূৰ্ণ পাঠ্য-পুথিশতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৮ মে’ ঃ লখিমপুৰ জিলাৰ আনন্দ চাহ বাগিছা এলেকাত ৰাজ্য চৰকাৰে শেহতীয়াকৈ স্থাপন কৰা আনন্দ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত এতিয়া চূড়ান্ত প্ৰহসন ঘটিছে৷ বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীয়ে…

কাকৈ বনাঞ্চলত একেনিশাই অৰুণাচলী দুবৃৰ্ত্তই কাটিলে হাজাৰোধিক মূল্যবান গছ

ঘটনাস্থলীত ডি এফ অ’-আৰক্ষী অধীক্ষক সীমান্তত উত্তেজনা অৰুণাচলীৰ আগ্ৰাসন অব্যাহত শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৭ মে’ ঃ অসম-অৰুণাচল সীমান্তৱৰ্তী তথা লখিমপুৰ জিলাৰ কাকৈ সংৰক্ষিত বনাঞ্চলত যোৱা নিশা অৰুণাচলী দুবৃৰ্ত্তই হাজাৰৰো অধিক মূল্যবান গছ-গছনি কাটি তহিলং কৰা ঘটনাই সীমান্তত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে৷ ইতিমধ্যে আজি ঘটনাস্থলীত লখিমপুৰ উচ্চ পদস্থ বন বিষয়া, আৰক্ষী অধীক্ষক উপস্থিত হৈ যোৱা নিশা ঘটনাৰ অনুসন্ধান অব্যাহত ৰাখিছে৷ ঘটনাৰ বিৱৰণী অনুসৰি ১৬ মে’ৰ নিশা লখিমপুৰ জিলাৰ কাকৈ সংৰক্ষিত বনাঞ্চলৰ লৱাৰ জুমিত অৰুণাচলী…

শোণিতপুৰত জিলা ভিত্তিক কাৰাটে প্ৰশিক্ষণ কৰ্মশালা

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ ,১৭ মে ' অসম ৰাজ্যিক কাৰাটে সন্থাৰ তত্ত্বাৱধানত যোৱা ১৩ আৰু ১৪ মে, ২০২৩ তাৰিখে শোণিতপুৰ জিলা ভিত্তিক কাৰাটে প্ৰশিক্ষণ শিবিৰটি বিহগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰ অনুষ্ঠিত হৈ যায়। ১০০ জনৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্রহণ কৰা প্ৰশিক্ষণ শিবিৰটিত প্ৰশিক্ষণ প্ৰদান কৰে গুৱাহাটীৰ পৰা অহা ছেনছেই শৈলেন শৰ্মা, ছেনছেই তিথাংকৰ বৈশ্য আৰু নিৰীক্ষক হিচাপে উপস্থিত থাকে লক্ষীমপুৰ জিলাৰ ছেনছেই ৰাজকমল বৰা। শোণিতপুৰ জিলা কাৰাটে সন্হাৰ সন্মানীয় সভাপতি জিতেন বৰঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত…

“পাঠশালা”ঃ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে প্ৰকাশ পাব ৰঙীন কাকত 

কৃতী শিক্ষক, লেখক সাংস্কৃতিক কৰ্মী ৰাম হাজৰিকাৰ দৃষ্টান্তমূলক পদক্ষেপশতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৭ মে' সমগ্ৰ অসমৰ অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ বাবে অসমত প্ৰথমবাৰৰ বাবে কিউ আৰ কোড সমৃদ্ধ এখন মাহেকীয়া ৰঙীন কাকত শীঘ্ৰেই প্ৰকাশ পাব তেজপুৰৰ পৰা। উল্লেখ্য যে, তেজপুৰৰ প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী কৃতী শিক্ষক, লেখক তথা সাংস্কৃতিক কৰ্মী ৰাম হাজৰিকাৰ সম্পাদনাত প্ৰকাশ পাবলগীয়া "পাঠশালা" শীৰ্ষক কাকতখনত অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয়সমূহৰ পাঠভিত্তিক লেখাৰ লগতে ছাত্ৰ ছাত্ৰীৰ লেখা প্ৰকাশ পাব৷…

দুবছৰে ন্যায় নাপালে চিপি ভেংৰাই

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,১৭মে’: তেজপুৰৰ চি পি ভেংৰা নামৰ কিশোৰীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ তদন্তত আৰক্ষীয়ে প্ৰদৰ্শন কৰা শিথিলতাৰ ক্ষেত্ৰত কিন্তু আজিলৈকে কোনো ব্যৱস্থাই গ্ৰহণ কৰা হোৱা নাই ৷ স্মৰ্তব্য যে,তেজপুৰৰ কিশোৰী চিপিৰ মৃত্যুৰ ঘটনাৰে জড়িত থকাৰ অভিযোগ উঠিছিল স্বয়ং আৰক্ষী বিভাগতে কৰ্মৰত দুই পতি পত্নীৰ বিৰুদ্ধে৷২০২১ৰ পাঁচ ছেপ্টেম্বৰতেই এইগৰাকী কিশোৰী চিপি ভেংৰাই এক অতি যন্ত্ৰণাদায়ক মৃত্যুক সাৱতিব লগীয়া হৈছিল যদিও আজিলৈকে এই ঘটনাৰ তদন্ত আগনাবাঢ়িল৷ উল্লেখযোগ্য যে,অসম আৰক্ষীৰে কনিষ্টবল দম্পতী অনুৰূপা শইকীয়া(জোন) আৰু ৰাজীৱ…

বিহপুৰীয়া মহাবিদ্যালয় শিক্ষক গোটৰ আন্দোলন অব্যাহত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৮ মেঃ বিহপুৰীয়া মহাবিদ্যালয় শিক্ষক গোটে উত্থাপন কৰা দাবীসমূহ পূৰণৰ কাৰণে তেওঁলোকৰ আন্দোলন অব্যাহত আছে যদিও যোৱা ১৫ মেত শিক্ষকগোট আৰু মহাবিদ্যালয় পৰিচালনা সমিতিৰ যুটীয়া বৈঠকে ১৮ মেত পৰিচালনা সমিতিয়ে এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জনোৱাত ১৮ মেত তাৰিখলৈকে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখে ৷ উল্লেখযোগ্য যে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি গৰাকীয়ে অধ্যক্ষলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰৰ প্ৰতিলিপি গ্ৰহণ কৰাৰ দুসপ্তাহ উকলি যোৱাৰ পাছতো শিক্ষকগোটৰ সমস্যাসমূহৰ বুজ ল’বলৈ যত্ন কৰাৰ পৰিৱৰ্তে…

ফাটবিহুৰ অবাঞ্চিত কাণ্ডক লৈ অৱশেষত ক্ষমা প্ৰাৰ্থনা ফাটবিহু সমিতিৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৭ মে : ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহুত সংঘটিত অবাঞ্চিত ঘটনাৰ বাবে চাৰিদিনৰ পিছত নিঃচৰ্ত ক্ষমা বিচাৰিলে ফাটবিহু সমিতিয়ে। ফাটবিহুৰ মঞ্চত সংঘটিত অনাকাংক্ষিত, অবাঞ্চিত, অপ্ৰীতিকৰ আৰু মাৰপিট কাৰ্যই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছত অৱশেষত সংস্কৃতিপ্ৰেমী ৰাইজৰ লগতে ভুক্তভোগী বৰদৈচিলা বিহু দলৰ ওচৰত নিঃচৰ্ত ক্ষমা প্ৰাৰ্থনা বিচাৰিবলৈ বাধ্য হল ফাটবিহু সমিতি। ফাটবিহু সমিতি আৰু ফাটবিহু উদযাপন সমিতিৰ যৌথ উদ্যোগত বুধবাৰে বিয়লি ফাটবিহুতলীত অনুষ্ঠিত এক সংবাদমেলত এই চৰ্তহীন ক্ষমা বিচাৰে ফাটবিহু সমিতিৰ…

সংগীতা বৰুৱা পিছাৰটিক পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৭ মেঃ গোলাঘাটৰ জীয়ৰী তথা নতুন দিল্লী নিবাসী সাহসী সাংবাদিক সংগীতা বৰুৱা পিছাৰটিক আজি পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰে বিশিষ্ট ঔপন্যাসিক অৰূপা পটংগীয়া কলিতাই। অৰূপা পটংগীয়া কলিতাই এই বঁটা প্ৰদান কৰিবলৈ পাই নিজে ধন্য হোৱা বুলি উল্লেখ কৰি সংগীতা বৰুৱাৰ শিপা যথেষ্ট পৰিমাণে গভীৰ বুলি উল্লেখ কৰে। ঔপন্যাসিক তথা গল্পকাৰ কলিতাই কয় যে সংগীতা বৰুৱাৰ পিতৃ অপূৰ্ব বৰুৱা নিজেই এজন সাংবাদিক হোৱাৰ লগতে গোলাঘাটৰ প্ৰসিদ্ধ চাহ খেতিয়ক। তেখেতৰ ঘৰত থাকিয়েই কথা সাহিত্যিক ছৈয়দ আব্দুল মালিকে গোলাঘাট চহৰত পঢ়া-শুনা…

মুখ্যমন্ত্ৰীৰ সন্মুখত ক্ষোভ উজাৰিলে বিজেপিৰ ৱাৰ্ড কমিচনাৰে

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৭ মে’ : বিজেপিৰ তিনিচুকীয়া জিলা সমিতিৰ বৰগুৰিস্থিত স্থায়ী কাৰ্যালয় ’অটল বিহাৰী বাজপেয়ী ভৱন’ আজি পুৱা দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে একাধিক মন্ত্ৰী, বিধায়ক আৰু দলীয় কৰ্মকৰ্তাৰ উপস্থিতিত উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ গায়ন-বায়নেৰে আদৰি নিয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে ফিটা কাটি আৰু নাৰিকল ভাঙি দলীয় কাৰ্যালয়টো উদ্বোধন কৰাৰ পাছত সমগ্ৰ কাৰ্যালয় পৰিদৰ্শন কৰে ৷ সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে সকলো জিলা আৰু সকলো মণ্ডলতে বিজেপিৰ এটাকৈ কাৰ্যালয় স্থাপনৰ বাবে চেষ্টা চলাই অহাৰ কথা উল্লেখ…

প্ৰায় পাঁচবছৰ পূৰ্বে হোৱা এক ৰহস্যজনক দুৰ্ঘটনাৰ আজিও তদন্ত সম্পূৰ্ণ নহল

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,১৭মে’ঃ আৰক্ষী বিষয়া জোনমণি ৰাভাৰ দুৰ্ঘটনাত মৃত্যুৰ ক্ষেত্ৰত ইতিমধ্যেই ৰাজ্যৰ বহুজনে গভীৰ ৰহস্য থকা বুলি আশংকা প্ৰকাশ কৰাৰ সময়তে তেজপুৰৰ এজন লোকৰ ২০১৮ চনৰ পাঁচ ডিচেম্বৰৰ নিশা সোণাৰিত সংঘটিত ৰহস্যজনক দুৰ্ঘটনাৰ তদন্ত সন্দৰ্ভতো শেহতীয়াকৈ প্ৰশ্ন উত্থাপন কৰিছে নিহত লোকজনৰ পৰিবাৰে৷ উল্লেখযোগ্য যে, তেজপুৰ নিকামূল নিবাসী প্ৰয়াত সঞ্জীৱ বৰা (৩৪) সেই সময়ত সমগ্ৰ শিক্ষাৰ জিলা অভিযান বিষয়া হিছাপে সোণাৰিলৈ বদলি হৈছিল আৰু তাত তিনিমাহ কৰ্মৰত হোৱাৰ সময়ত ২০১৮ চনৰ পঞ্চায়ত নিৰ্বাচনৰ কামত চৰাইদেউ জিলাত মনিটৰিং…