Browsing Category
অসম
জোনমণি ৰাভাৰ মৃত্যুৰ লগত লখিমপুৰ আৰক্ষী জড়িত বুলি অভিযোগ
সাঙুৰ খাইছে নাওবৈচাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীৱ বৰা
জোনমণিৰ ইনফ’মাৰ হাছিনা বেগমক লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক-নাওবৈচা আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ভাবুকি
হাছিনাৰ বিস্ফোৰক স্বীকাৰোক্তিত ওলাইছে ন ন তথ্য
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৭ মে’ ঃ এচ আই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই নতুন মোৰ লৈছে৷ বিশেষকৈ জোনমণি ৰাভাৰ মৃত্যুৰ পাছতেই লখিমপুৰ জিলাৰ বঙালমৰাৰ হাচিনা বেগম নামৰ এগৰাকী মহিলাই জোনমণি ৰাভাৰ সন্দৰ্ভত কৰা কেতবোৰ বিস্ফোৰক মন্তব্যৰ পিছতে আজি লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকক তাৎক্ষণিক ভাৱে বদলি কৰা…
জোনমণি ৰাভাৰ মৃত্যুৱে এৰি থৈ গল বহু ৰহস্য
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ মে'ঃ শাসকক ৰঙা চকু দেখুৱাই লাইমলাইটলৈ অহা তথা চমু চাকৰি জীৱনত একাধিক বিতৰ্কৰে জেল যাত্ৰা কৰিও অলেখজনৰ দৃষ্টিত সাহসী মহিলা আৰক্ষীৰূপে বিবেচিত জুনমণি ৰাভাৰ যোৱানিশা এক ৰহস্যজনক পৰিৱেশত দুৰ্ঘটনাত নিহত হয়। অসম আৰক্ষীৰ উপ পৰিদৰ্শক জুনমণি ৰাভাৰ ভয়াৱহ দুৰ্ঘটনাত নিহত হোৱা ঘটনাই শোকৰ ছাঁ পেলোৱাৰ লগতে এই ঘটনাই বহু প্ৰশ্নৰ অৱতাৰণা ঘটাইছে । নগাঁও জিলাৰ কলিয়াবৰত যোৱা নিশা জোনমনি ৰাভাৰ এ এছ ০১ ই এন ৭২৭৩ নম্বৰৰ মাৰুতি গাড়ীখন বিপৰীত দিশৰ পৰা অহা ইউ পি ৭৮ ইউ টি ৪৫১৮ নম্বৰৰ ট্ৰাকখনৰ মুখামুখি সংঘৰ্ষ লাগে।দুৰ্ঘটনাটোত…
তেজপুৰৰ সাংস্কৃতিক কৰ্মীক চাৰিদুৱাৰত আৰক্ষীৰ নিৰ্মম প্ৰহাৰঃ এজাহাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৫ মে'ঃ নতুনকৈ পৰিধান কৰা খাকী পোছাকৰ ক্ষমতাৰ ৰাগিত তেজপুৰৰ মনোজ কলিতা নামৰ যুৱকজনক সুৰাপান কৰাৰ অভিযোগত সদলবলে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগত চাৰিদুৱাৰ আৰক্ষী থানাৰ এজন উপপৰিদৰ্শকৰ বিৰুদ্ধে ন্যায় বিচাৰি এজাহাৰ দাখিল কৰাৰ লগতে ন্যায় বিচাৰি আদালতৰ কাষ চপাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভুক্তভোগী কলিতাই৷ৱ অভিযোগ অনুসৰি, এগৰাকী সৰবৰহী সাংস্কৃতিক তথা সংবাদকৰ্মী, তেজপুৰৰ নিকটৱৰ্তী বিহগুৰি মেকনৰ চুবুৰীৰ বিশিষ্ট মৃৎ আৰু ভাস্কৰ্য শিল্পী টংকেশ্বৰ কলিতাৰ পুত্ৰ মনোজ কলিতাক যোৱা ১২ মে'ৰ নিশা নিপন শইকীয়া নামৰ…
গোগামুখত আছুৰ ব’হাগী উৎসৱত সুৰামত্ত যুৱকৰ তাণ্ডৱ
উদণ্ড-নিচাসক্ত যুৱকে গছকি ভাঙিলে চাৰি শতাধিক আসন
শিল্পী ৰোহিত সোণাৰৰ বাহনসহ কুৰিৰো অধিক বাহন ক্ষতিগ্ৰস্ত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৫ মে ঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰঙালী বিহু সন্মিলন চলি থকাৰ সময়তে একাংশ বিহু সন্মিলনস্থলীত বিভিন্ন অঘটন সংঘটিত হৈ আহিছে৷ শেহতীয়াকৈ লখিমপুৰ-ধেমাজিতো এনে ঘটনা সংঘটিত হোৱাৰ বাতৰি পোহৰলৈ আহিছে৷ বিশেষকৈ একাংশ নিচাসক্ত যুৱকৰ উদ্ভণ্ডালি আৰু তাণ্ডৱত বিহুতলীত অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈ আহিছে৷ ১৪ মে’ নিশা ধেমাজি জিলাৰ গোগামুখত অনুস্থিত হোৱা এখন বিহু সন্মিলনত সৃষ্টি হোৱা অনাহুত পৰিস্থিতিয়ে…
১৯২৮ চনৰ পৰা প্ৰকাশ পাই অহা অসম সাহিত্য সভাৰ পত্ৰিকাখনি আজিও একত্ৰে প্ৰকাশ কৰিব নোৱৰাটো দুৰ্ভাগ্যজনক কথা – ড° সঞ্জীৱপল ডেকা
বিশিষ্ট নাট্যকাৰ-সাহিত্যিক দ্বিজেন্দ্ৰ নাথ শৰ্মাক মামনি বৰা সোঁৱৰণী বঁটা প্ৰদান
অধিবক্তা প্ৰমোদ চন্দ্র শৰ্মাক সভাপতি হিচাপে লৈ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন
কেবাগৰাকীও বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনাশতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৪ মেঃ অসমৰ ছপাশালৰ ইতিহাসত তেজপুৰে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল Crowed fundingৰ প্ৰথম দৃষ্টান্তৰে "আসাম বন্তি" আলোচনী প্ৰকাশৰ জৰিয়তে।এই "আসাম বন্তি" প্ৰকাশত বিশেষ ভূমিকা পালন কৰিছিল মহাদেৱ শৰ্মাৰ পিতৃ জয়দেৱ শৰ্মাই । নৈষ্ঠিক ব্ৰাহ্মণ পৰিয়াল এটাত জন্ম গ্ৰহণ কৰি 'মহম্মদ চৰিত' ৰ…
ফাটবিহু অসমৰ জাতীয় জীৱনৰ মহামিলনৰ উৎসৱ: মুখ্যমন্ত্ৰী
জন সমুদ্ৰত পৰিণত ম'হঘুলি চাপৰি
শতাব্দ ঢকুৱাখনাৰ প্ৰতিবেদক, ১৪ মে': ফাটবিহু এতিয়া কেৱল ঢকুৱাখনা ৰাইজৰে উৎসৱ হৈ থকা নাই, ই এতিয়া অসমৰ জাতীয় জীৱনৰ স্পন্দন, মহামিলনৰ উৎসৱত পৰিণত হৈছে। ই অসমৰ লোক-সংস্কৃতিৰ এক প্ৰধান অংগ হৈ পৰিছে। ফাটবিহুৱে অসমবাসীৰ মাজত সমন্বয়ৰ বাৰ্তা বিলাইছে। ফাটবিহুৱে বিৱৰ্তনৰ মাজেৰে আনুষ্ঠানিক ৰূপ লৈছে যদিও ই প্ৰাকৃতিক ৰূপ ধৰি ৰাখিবলৈ সক্ষম হৈছে। এই বক্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহুৰ আজি অন্তিম দিনা মুখ্য অতিথি হিচাপে উপস্থিত থাকি নিজৰ ভাষণত মুখ্যমন্ত্ৰী…
বিজেপিৰ অন্যায়ৰ বিৰুদ্ধে কৰ্ণাটকত ৰায়-ভূপেন বৰা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ , ১৩ মে' : দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ একনায়কতত্ত্ববাদৰ প্ৰতি কৰ্ণাটকৰ ৰাইজে জনমত দিছে । এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতি ভূপেন বৰাৰ৷ আজি তেজপুৰ ঐতিহাসিক মহাভৈৰব মন্দিৰত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই পূজা অৰ্চনা কৰি এই মন্তব্য কৰে ।তেওঁ ন্যায়ৰ সপক্ষে ভগবান আছে আৰু বিজেপিৰ দুৰ্নীতিৰ বিৰুদ্ধে এয়া জনতাৰ ৰায়দান বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কৰ্ণাটকত এয়া মাথো আৰম্ভণি, বিজেপিৰ মিথ্যাচাৰ ৰাইজে বুজি উঠিছে আৰু আগন্তুক দিনত ৰাইজে এনেধৰণেই বিজেপিৰ বিৰুদ্ধে ৰায় দান দিব বুলিও…
কৰ্ণাটকৰ নিৰ্বাচনী ফলাফল সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৩মে’ঃ “কৰ্ণাটকত ২০১৪ৰ পৰাই বিধানসভাত কংগ্ৰেছ আৰু লোকসভা নিৰ্বাচনত বিজেপি জিকে৷ তাত এইটো এটা ট্ৰেণ্ড হৈ পৰিছে৷ দেশৰ ৩৫খন ৰাজ্যতে নিৰ্বাচনত বিজেপি জয়ী হ’ব বুলি কোনো কথা নাই৷ তাত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তে এটা আভাস পোৱা গৈছিল৷”-এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ৷ উল্লেখযোগ্য যে, বিহগুৰিত আয়োজিত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ মৃত্যু শতবৰ্ষৰ সামৰণি অনুষ্ঠান উপলক্ষে চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ মৃত্যু শতবৰ্ষ সোঁৱৰণ সমিতিৰ উদ্যোগত অনুষ্ঠিত সভাত…
তেজপুৰৰ মাৰ্গদৰ্শনকাৰী, বিশিষ্ট সংস্কৃত পণ্ডিত উপেন্দ্ৰ নাথ শৰ্মাৰ দেহাৱসান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৩ মে'ঃ ৰাজ্যখনৰ বিশিষ্ট সংস্কৃত পণ্ডিত, দৰংমহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক, মহাবিদ্যালয়খনৰ বৰ্তমানৰ পৰিচালনা সমিতিৰ সভাপতি, এক যোগাত্মক চিন্তাধাৰাৰে তেজপুৰৰ বৌদ্ধিক, সামাজিক আৰু শৈক্ষিক অনুষ্ঠানৰ নেতৃত্ব প্ৰদান কৰোতা, বিশিষ্ট শিক্ষাবিদ উপেন্দ্ৰ নাথ শৰ্মাৰ আজি গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত পুৱা প্ৰায় ৮ - ৪০ বজাত পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰৰ লগতে জিলাখনতে শোকৰ ছাঁ পৰিছে। তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰণী ব্যক্তিত্ব তথা সৰবৰহী শিক্ষাবিদ গৰাকী কিছুদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল…
ফাটবিহুক অসমৰ পৰ্যটনৰ কেলেণ্ডাৰত অন্তৰ্ভুক্ত কৰক- অনুৰাধা শৰ্মা পূজাৰী
শুক্ৰবাৰৰ মহিলা টকা আৰু চেমনীয়া বিহুদলসমূহৰ বিহু শনিবাৰে পুৱা ৭-৩০ বজাহে সামৰণি।
বিয়লি ২ বজাৰ পৰিৱৰ্তে সন্ধিয়া ৭ -১৫ বজাত ফাটবিহু তলীত উপস্থিত হয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস
মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আগমন উপলক্ষত অন্তিম দিনৰ কাৰ্যসূচীৰ সময়ৰ কিছু সালসলনিশতাব্দ ঢকুৱাখনাৰ প্ৰতিবেদক, ১৩ মে': ঢকুৱাখনাৰ বিহু মানেই সমগ্র উত্তৰ-পূৰ্বাঞ্চলৰ হৃদ স্পন্দন। ঢকুৱাখনা বিহুৰ হৃদপিণ্ড। বিহুৰ এই বিনন্দীয়া ৰূপ ঢকুৱাখনাৰ ফাটবিহুৰ বাদে আন ক'তো নাই। ঢকুৱাখনাত উপস্থিত হৈ শ শ বছৰৰ আগলৈ ঘূৰি যোৱা যেন লাগিছে। প্ৰকৃত বিহু চাবলৈ…
