Browsing Category
অসম
লখিমপুৰত এখন চুপাৰ স্পেচিয়েলিটি হস্পিতাল, দন্ত চিকিৎসা মহাবিদ্যালয় আৰু এখন নাৰ্ছিং মহাবিদ্যালয় স্থাপনৰ অনুমোদন- বিধায়ক ডেকা
উত্তৰ লখিমপুৰ, ১২ মে: লখিমপুৰ জিলাৰ স্বাস্থ্য বিভাগৰ উদ্যোগত আজি যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত অনুষ্ঠিত প্ৰেক্ষাগৃহত এক বিশেষ অনুষ্ঠানত আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ কাৰ্ড বিতৰণ কাৰ্যসূচী ১১১নং লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকাই শুভাৰম্ভ কৰে । বিধায়ক ডেকাই নিজৰ ভাষণত কয় যে আমাৰ এক প্ৰচলিত ব্যৱস্থা আছে, কিন্তু এই প্ৰচলিত ব্যৱস্থাৰ ওপৰত চিন্তা চৰ্চা কৰি জনসাধাৰণৰ উপকাৰৰ বাবে চিন্তা চৰ্চা কৰা ৰাজনীতিবিদ বহু কম যদিও তেনেধৰণৰ বিশেষ ৰাজনীতিবিদ আমি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী…
লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ পুষ্টি পৰীক্ষা শিবিৰ অনুষ্ঠিত
উত্তৰ লখিমপুৰঃ ১২ মে': লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ এক্সটেনচন চাৰ্ভিচেছ এণ্ড আউটৰিচ প্ৰগ্ৰেম চেল আৰু আইকিউএ চেলৰ উদ্যোগত জিলা স্বাস্থ্য সমিতি (ৰাষ্ট্ৰীয় চিকিৎসা মোবাইল ইউনিট-১০০)ৰ সহযোগত আজি ইয়াৰ পালিত গাঁও বৰবিলত এক পুষ্টি পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই অধ্যাপক, কাৰ্যালয়ৰ কৰ্মচাৰী, চিকিৎসা কৰ্মী আৰু স্থানীয় গাঁওবাসীৰ উপস্থিতিত শিবিৰটো উদ্বোধন কৰে। লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ আইকিউএচিৰ সমন্বয়ক ড° দাদুল ৰাজকোঁৱৰে শিবিৰৰ উদ্দেশ্য ব্যাখ্যা কৰে। উত্তৰ লখিমপুৰৰ চিকিৎসা বিষয়া ডাঃ…
লখিমপুৰত চি বি এছ ইৰ দশম-দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ছাত্ৰ-ছাত্ৰীৰ সাফল্য
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১২ মে’ ঃ আজি ঘোষিত চি বি এছ ইৰ দশম শ্ৰেণীৰ ফলাফলত লখিমপুৰ কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ আৰোহণ তিৱাৰী, চিমনা কলিতা আৰু অভিষেক বৰাই বিদ্যালয়খনত শীৰ্ষ স্থান দখল কৰে৷ আৰোহনে ৯৭.৮০ শতাংশ, চিমনাই ৯৬ শতাংশ আৰু অভিষেকে ৯৩.৬০ শতাংশ নম্বৰ লাভ কৰে৷ তদুপৰি বিদ্যালয়খনৰ পৰা এইবাৰ প্ৰায়সকল পৰীক্ষাৰ্থী সুখ্যাতিৰে উত্তীৰ্ণ হয়৷ আনহাতে এছিয়ান পাব্লিক স্কুলৰ পৰা আটাইকেইজন পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়৷ ত্ৰিবেণী বৰা আৰু সৌমাৰদীপ কাকতিয়ে অসমীয়া বিষয়ত ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়৷ বিদ্যালয়খনৰ পৰা ত্ৰিবেণী বৰা, ভূয়সী ফুকন,…
“সৰগম” ৰ প্ৰয়াত শিল্পীক স্মৰণ কৰি বাণ থিয়েটাৰত স্মৃতিকাতৰ হ’ল প্ৰবীণ নাট্যশিল্পী
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১২মে: তেজপুৰৰ নাটশিল্প ক্ষেত্ৰখনৰ প্ৰয়াত বহুকেইগৰাকী দক্ষ শিল্পীক স্মৰণ কৰি কালি সন্ধিয়া স্মৃতিকাতৰ হৈ পৰিল তেজপুৰৰ শিল্পকলাৰ সৈতে জড়িত বুজন সংখ্যক লোক। উল্লেখ্য যে, ১৯৭৭ - ৭৮ চনতে তেজপুৰত আধুনিক নাট্য আন্দোলনৰ এক বিশেষ ধাৰা সৃষ্টি কৰি গঢ়ি উঠা "সৰগম সাংস্কৃতিক গোষ্ঠী" ৰ সৈতে জড়িত থকা প্ৰয়াত সুজিত সিংহ, প্ৰণৱ বৰা, বিবেক বৰা, দিনেশ গোস্বামী, জীৱন বৰা, উদয় শংকৰ শইকীয়া, দিলীপ চৌধুৰী, সুৰেণ মহন্ত, কাৰ্তিক হাজৰিকাকে ধৰি একাংশ দক্ষ নাট্যশিল্পীৰ স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্যে নিস্ক্ৰিয় হৈ পৰা "সৰগম"…
লখিমপুৰৰ নাওবৈচা কিশোৰীক ৩ লাখ টকাত অৰুণাচলত বিক্ৰীৰ অভিযোগ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ১২ মে : লখিমপুৰ জিলাৰ নাওবৈচা আৰক্ষী চকীৰ অন্তৰ্গত গড়ছিগা কঠালগুৰি গাঁৱৰ কেবাজনো দুৰ্বৃত্তই এগৰাকী ১২ বছৰীয়া কিশোৰীক অৰুণাচলত ৩ লাখ টকাত বিক্ৰী কৰাৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। গড়ছিগা কঠালগুৰি গাঁৱৰ হোমৰন পায়েঙ আৰু সুনীতা পায়েঙৰ ১২ বছৰীয়া কন্যা ফুলেশ্বৰী পায়েঙক যোৱা ৫ এপ্ৰিলতে নিশা শুই থকাৰ সময়তে স্থানীয় কেইজনমান যুৱকৰ দলে কৌশলেৰে মাতি আনি লৈ যায়। নাওবৈচাৰ সৰ্বশিক্ষা বিভাগৰ আৱাসিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীত পঢ়ি থকা ফুলেশ্বৰী পায়েঙক স্থানীয় নগেন পায়েঙ, ৰেবা পায়েঙৰ নেতৃত্বত মানৱ সৰবৰাহকাৰী চক্ৰটোৱে…
তিনিচুকীয়া-দুলীয়াজান ঘাইপথ নিৰ্মাণত ব্যাপক দুর্নীতিৰ অভিযোগ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১২ মে’ : তিনিচুকীয়া চহৰৰ নপুখুৰী অঞ্চলৰ পৰা দুলীয়াজান অভিমুখী ঘাইপথ নিৰ্মাণত ব্যাপক অনিয়ম আৰু দুর্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলি ইয়াৰ এক তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ তিনিচুকীয়া জিলা সমিতিয়ে ৷ এই সন্দৰ্ভত আজি অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা উপায়ুক্তক এখন স্মাৰক-পত্ৰ প্ৰদান কৰা হয় । অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি বাবলু কুলদ্বীপ আৰু সাধাৰণ সম্পাদক ৰবিন কুৰ্মিয়ে ক্ষোভ প্ৰকাশ কৰি কয়…
কৰুণাধাৰাৰ তেজপুৰ শাখাৰ উদ্যোগত হোমেন বৰগোহাঞিক স্মৰণ
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ১২ মেঃ ৰাজ্যখনৰ প্ৰাত:স্মৰণীয় কথাশিল্পী, বিশিষ্ট বুদ্ধিজীৱী তথা কৰুণাধাৰাৰ প্ৰতিষ্ঠাতা হোমেন বৰগোহাঞিৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীৰ আজিৰ দিনটোত কৰুণাধাৰাৰ তেজপুৰ শাখাই ভাৰতীয় শিশু কল্যাণ পৰিষদ আৰু শিশু বিকাশ একাডেমীৰ সহযোগত আয়োজন কৰে বিশেষ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠানৰ। ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ কাৰ্যালয়ত আয়োজিত এই অনুষ্ঠানৰ আৰম্ভণিতে কৰুণাধাৰাৰ তেজপুৰ শাখাৰ সম্পাদিকা ড০ কৃষ্ণা শৰ্মাই প্ৰয়াত কথাশিল্পী গৰাকীক স্মৰণ কৰি কৰুণাধাৰাৰ জন্ম বৃতান্ত সদৰী কৰি তেওঁৰ বদান্যতাৰ বিভিন্ন দিশ…
লখিমপুৰত ডাম্পাৰে মহটিয়ালে দুই বাইক আৰোহীক
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ১২ মে ঃ উত্তৰ লখিমপুৰ নগৰৰ মাজ মজিয়াত মাত্ৰ দুদিন পূৰ্বে ডাম্পাৰে এজন লোকক খুন্দিয়াই নিহত কৰাৰ পিছত আজি নগৰখনৰ বাইপাছত আনএখন ডাম্পাৰে দুই বাইক আৰোহীক মহটিয়াই নিয়া ঘটনাই নগৰখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আজি পুৱা ১১.৩০মান বজাত পহুমৰা দিশৰ পৰা মিক্সাৰ কয়লা কঢ়িয়াই অনা এ এচ ২৩ চি চি ৫৪৭৯ নম্বৰৰ ডাম্পাৰখনে লখিমপুৰ বাইপাছৰ চাবতিত দুই বাইক আৰোহী যুৱকক মহটিয়াই নিয়াৰ ফলত এজন যুৱক থিতাতে নিহত হয়৷ লক্ষণীয় কথা যে লীলাবাৰী দিশৰ পৰা এ এচ ০৭ এফ ১৪৮৫ নম্বৰৰ বাইকখনেৰে তীব্ৰ বেগেৰে নিপু নাথ আৰু ৰাজু গোৱালাই…
ঐতিহাসিক ফাটবিহু আৰম্ভ
শতাব্দ ঢকুৱাখনাৰ প্ৰতিবেদক,১২ মে': পৰম্পৰাগত উৎসাহ-উদ্দীপনাৰে আজিৰে পৰা ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহু আৰম্ভ হৈছে। চাৰিকড়ীয়া নৈ বিধৌত উত্তৰ পাৰৰ ম'হঘুলি চাপৰিৰ সেউজ বাকৰিত ফাটবিহু আৰম্ভ হৈছে। ম'হঘুলি চাপৰিৰ প্ৰায় ৪০ বিঘা মাটিৰ সেউজ আৱেষ্টনীৰ ফাটবিহুতলীক কেন্দ্ৰ কৰি সমগ্ৰ ঢকুৱাখনাত এতিয়া উছৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। বৃহত্তৰ ঢকুৱাখনা আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলবোৰৰ পৰা ফাটবিহু তলীলৈ শ শ বিহুৱা- বিহুৱতীয়ে ঢাপলি মেলিছে। আজি প্ৰথম দিনৰ কাৰ্যসূচী শুভাৰম্ভ হয় ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই কৰা পতাকা উত্তোলনৰে।ইয়াৰ পিছত স্মৃতি…
ঘূনাসুঁতিত দলং নিৰ্মাণত অনিশ্চয়তা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ১১ মে’ ঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বিগত বৰ্ষৰ ১৬ ডিচেম্বৰত লখিমপুৰ জিলাৰ ঐতিহাসিক ঘূনাসুঁতিত উপস্থিত হৈ ঘাগৰ-ঘূনাসুঁতি সংযোগী পথৰ সোৱণশিৰিৰ ওপৰত নিৰ্মাণ হ’ব লগা পকী দলংখনৰ শিলান্যাস আৰু ভূমি পূজন কৰিছিল যদিও এই দলংখনৰ নিৰ্মাণক লৈ এতিয়া চৰম অনিশ্চয়তা আহি পৰিছে৷ সোৱণশিৰি নদীৰ ভয়ংকৰ গৰা খহনীয়াই এনে অনিশ্চয়তা নমাই আনিছে৷ উল্লেখ্য যে বহু প্ৰতীক্ষাৰ অন্তত ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ ৰাজ্য চৰকাৰে সোৱণশিৰৰ ওপৰত মহাইজানত দ্বিতীয়খন পকী দলং নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰাৰ…
