Browsing Category

অসম

তেজপুৰত ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে অতি কম মূল্যত ভূমি অধিগ্ৰহণঃ ক্ষুব্ধ বহুলোক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১১মে’ ইতিমধ্যে নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা তেজপুৰ মিছন চাৰিআলিৰ ফ্লাই অভাৰৰ বাবে চৰকাৰে অধিগ্ৰহণ কৰা ম্যাদী ভূমিৰ মূল্য যথেষ্ট কম পৰিমানে নিৰ্দ্ধাৰণ কৰা বুলি অভিযোগ উঠিছে৷ সদাব্যস্ত মিছন চাৰিআলিত এখন ফ্লাই অভাৰ নিৰ্মানৰ বাবে দাবী উত্থাপন হৈ আহিছিল আৰু সম্প্ৰতি ৰাজ্য চৰকাৰে ইয়াত ইয়াৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে৷ প্ৰথম অৱস্থাত ফ্লাইঅভাৰখন নিৰ্মাণৰ ক্ষেত্ৰত সেনাৰ পৰা আপত্তি প্ৰদৰ্শন কৰা হৈছিল আৰু ইয়াৰ বাবে প্ৰায় দুবছৰে কাম আৰম্ভ কৰা হোৱা নাছিল৷পাছত তেজপুৰত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এইখন…

সাজু হৈ উঠিছে ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহুতলী

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ ১১মে' : ঐতিহ্যৰে সমৃদ্ধ ঢকুৱাখনাৰ ফাটবিহু। চাৰিকড়ীয়া নৈৰ পাৰতে ম’হঘুলি চাপৰিত আহোম ৰাজত্ব কালৰে পৰা পালন কৰি অহা হৈছে ফাটবিহু। এইবাৰো ঐতিহ্যৰ ভেটি চিকুণাই-অতাই সাজু হৈ উঠিছে চাৰিকড়ীয়াৰ পাৰ। ঐতিহ্য আৰু পৰম্পৰাৰ সমাহাৰেৰে ১২ মেৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হব ঐতিহ্যমণ্ডিত ফাটবিহু। অসমীয়া সংস্কৃতি জগতৰ অনন্য তথা আকৰ্ষনীয় অনুষ্ঠান ফাটবিহু উদযাপনক লৈ ঢকুৱাখনাত এতিয়া উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰিছে। ন-ৰূপত সজাই পৰাই তোলা হৈছে ৩৭বিঘা মাটিৰে পৰিবেষ্টিত ম’হঘুলি চাপৰিৰ ফাটবিহুৰ বাকৰি।আহোম…

তিনিচুকীয়াৰ নাবালিকা ধৰ্ষণ কাণ্ডৰ অভিযুক্ত বিজেপি নেতা ডেৰমাহে মুকলি আকাশৰ তলত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১০ মে’ : তিনিচুকীয়া জিলাৰ বৰডুবি থানাৰ অন্তৰ্গত কাছমাৰী পঞ্চায়তৰ কাটানি গাঁৱত যোৱা ২০ মাৰ্চত সংঘটিত নাবালিকা ধৰ্ষণ কাণ্ডৰ অভিযুক্তক আজিকোপতি কৰায়ত্ত নকৰাত চিপিআই(এম-এল)ৰ তিনিচুকীয়া জিলা সমিতিয়ে উদ্বেগ প্ৰকাশ কৰিছে ৷ আজি দলৰ জিলা সমিতিৰ সম্পাদক সুভাষ সেন, সদস্য পূৰ্ণ কাকতি আৰু প্ৰগতিশীল নাৰী সন্থাৰ তিনিচুকীয়া জিলাৰ সম্পাদিকা শিখা দাসে ঘটনাৰ এক চৰজমিন কৰি এক প্ৰেছ বিবৃতিত উক্ত ঘটনা সম্পৰ্কে কয় যে কাটানি গাঁৱৰ বাপুজী প্ৰাথমিক বিদ্যালয়ৰ কাষৰ একেবাৰে দৰিদ্ৰ চাহ শ্ৰমিক পৰিয়ালৰ ষষ্ঠ শ্ৰেণীত…

তেজপুৰৰ সৰবৰহী ভাওনা আৰু সত্ৰীয়া শিল্পী, কোঁচ ৰাজবংশী সন্মিলনীৰ জিলাৰ ভাৰপ্ৰাপ্ত সভাপতি মহেশ্বৰ বৰুৱাৰ পৰলোকপ্ৰাপ্তি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১০ মে'ঃ তেজপুৰৰ নিকটৱৰ্তী মিলনপুৰ ডেকা চুবুৰীৰ সৰবৰহী সমাজকৰ্মী, সত্ৰীয়া আৰু ভাওনা শিল্পী তথা কোঁচ ৰাজবংশী সন্মিলনৰ শোণিতপুৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি মহেশ্বৰ বৰুৱাৰ আজি বিয়লি প্ৰায় ৩ বজাত আকস্মিক ভাৱে পৰলোকপ্ৰাপ্তি ঘটাত অঞ্চলটিৰ লগতে তেজপুৰ আৰু শোণিতপুৰ জিলাখনতে শোকৰ ছাঁ পৰিছে। মিলনপুৰৰ আদৰ্শ সন্মিলিত সংঘৰ প্ৰতিষ্ঠাপক সম্পাদক, মিলনবাকৰি ৰাস মহোৎসৱ সমিতিৰ প্ৰাক্তন সম্পাদক , মিলনপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলন, মিলনপুৰ দুৰ্গা পূজা সমিতিৰ লগতে ডেকা চুবুৰী নামঘৰ পৰিচালনা সমিতিৰ উপৰি বিভিন্ন…

নাৰায়ণপুৰত শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১০ মে’ ঃনাৰায়ণপুৰ অসমৰ ভিতৰতে এখন পৱিত্ৰ স্থান৷ আজি এই পৱিত্ৰ স্থানত মই উপস্থিত হৈ সঁচাকৈ গৌৰৱ অনুভৱ কৰাৰ লগতে নিজকে পৱিত্ৰ অনুভৱ কৰিছোঁ৷ আধ্যাত্মিক তথা সাংস্কৃতিক ভাৱে সমৃদ্ধ স্থান বুলি কলে যি সমূহ ঠাইৰ নাম আমাৰ মনলৈ আহে সেই সমূহৰ ভিতৰত নাৰায়ণপুৰ অন্যতম ৷ --এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ ৰাজ্য চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ দিনটোত আজি নাৰায়ণপুৰত মাধৱদেৱ কলাক্ষেত্ৰ উদ্বোধন কৰি তেওঁ এনেদৰে কয়৷ মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান নাৰায়ণপুৰৰ বদলা পদ্মআতা সত্ৰই দান কৰা ৪৪ বিঘা ভূমিত…

বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে শিক্ষক গোট সৰব 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১০ মেঃ লখিমপুৰ জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান বিহপুৰীয়া মহাবিদ্যালয়ৰ কেতবোৰ আভ্যন্তৰীণ ঘটনাক লৈ অধ্যক্ষৰ বিৰুদ্ধে মহাবিদ্যালয়খনৰ শিক্ষক গোট সৰৱ হৈ উঠিছে। উল্লেখ্য যে মহাবিদ্যালয়খনত পূৰ্বেও বিত্তীয় অনিয়ম হোৱা বুলি অভিযোগ উঠাৰ লগতে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত হৈছিল যদিও সেই তদন্তৰ প্ৰতিবেদন প্ৰকাশ নাপালে। আনহাতে জিলা উপায়ুক্তক দাখিল কৰা স্মাৰক পত্ৰত শিক্ষক গোটে অভিযোগ কৰে যে মহাবিদ্যালয়খনৰ অধ্যক্ষৰূপে যোগদান কৰাৰে পৰা অমূল্য কুমাৰ হাজৰিকাই শিক্ষকসকলক মানসিক ভাবে নিৰ্যাতন দি আহিছে।আনকি কোনো কলেজ শিক্ষকৰ…

তেজপুৰত মৰ্মান্তিক ঘটনাঃ পুত্ৰবিয়োগৰ শোকত প্ৰাণ গ’ল মাতৃৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৯ মে’ঃ তেজপুৰৰ এজন যুৱকৰ চেন্নাইত শোকাৱহ মৃত্যুৱে যুৱকজনৰ পৰিয়ালত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি কৰাৰ লগতে পুত্ৰশোকত ভাঙি পৰা মাতৃৰো মৃত্যু ঘটাৰ এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে৷ এই শোকাৱহ ঘটনাই তেজপুৰৰ নিকটৱৰ্তী বান্দৰমাৰী মনিঝাৰনি অঞ্চলৰ ৰাইজক ম্ৰিয়মাণ কৰিছে৷উল্লেখযোগ্য যে, বকুল বড়ো(২৩) নামৰ যুৱকজনে দুই সতীৰ্থক ৰক্ষা কৰিবলৈ গৈ নিজেই মৃত্যু মুখত পৰে। উল্লেখ্য যে, দুদিন পুৰ্বে চেন্নাইৰ মাদাথুকোলামত পুখুৰীত একেেলগে মাছ ধৰিবলৈ যোৱা বকুলৰ আন দুজন জন সতীৰ্থ পানীত ডুব যায়। সেই দৃশ্য প্ৰত্যক্ষ কৰি কৰি…

ৰাজ্যত দলিলৰ নাটনিঃ অত্যধিক মূল্যত বিক্ৰী দলিল

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ , ৯মে’ঃ সম্প্ৰতি ৰাজ্যত ভূমি পঞ্জীয়ন, বিভিন্ন চুক্তি পত্ৰ সম্পন্ন কৰা আৰু আদালতৰ বিভিন্ন কামৰ বাবে প্ৰয়োজন হোৱা একোখন দলিল সংগ্ৰহ কৰিবৰ বাবে দুৰ্ভোগ ভুগিব লগাত পৰিছে জনসাধাৰণ। এই দলিল ক্ৰয় কৰিবৰ বাবে নিৰ্ধাৰিত মূল্যৰ বিপৰীতে ভৰিব লগা হয় অত্যধিক ধন।এই অভিযোগ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপাৰাধ নিয়ন্ত্ৰণ ব্যুৰ' অসমৰ৷ আজি এক বিবৃতিত এই সন্দৰ্ভত কোৱা হয় যে, এশ টকাৰ দলিলখন ক্ৰয় কৰোতে দিব লগা হয় এশ পঞ্চাশৰ পৰা এশ সত্তৰ টকা। সেই বৃদ্ধি হাৰত সকলোবোৰ দলিল অধিক দামত বিক্ৰী কৰি এক নিয়ন্ত্ৰণহীন বেহা ৰাজ্যত…

মাজুলীৰ বিধায়ক গামৰ বাহন দুৰ্ঘটনাগ্ৰস্ত শোণিতপুৰৰ খনামুখত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৯ মেঃ আজি ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰে শোণিতপুৰহৈ আহি থকা অৱস্থাত খনামুখত মাজুলী বিধান সভা সমষ্টিৰ বিধায়ক ভূৱন গামৰ বাহন দুৰ্ঘটনাত পতিত হয়৷ দুৰ্ঘটনাটোত বিধায়ক সহ বাহনখনত থকা বিধায়কজনৰ পত্নী আৰু দেহৰক্ষীসহ কে’বাজনো লোক আহত হয়।উল্লেখযোগ্য যে, বিধায়ক গাম সপত্নীক মাজুলীৰ পৰা গুৱাহাটীলৈ এ এছ০১এফএফ-১২০০ নম্বৰৰ কিয়া কাৰ্নিভেল বাহন খনৰে আহি থকাৰ সময়ত দিনৰ প্ৰায় ১১.৩০ বজাত খনামুখত একেদিশৰ পৰা আহি থকা তীব্ৰ বেগী এ এছ১২ ৱাই ৭২৮৯ নম্বৰৰ বলেৰ বাহনৰ স’তে সংঘৰ্ষ হোৱাৰ ফলত বলেৰখন চিটিকি পথৰ কাষৰ খাৱৈত বাগৰি…