Browsing Category

অসম

লখিমপুৰত ডাম্পাৰৰ খুন্দাত এজন নিহত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৯ ঃ উত্তৰ লখিমপুৰ নগৰৰ মাজ মজিয়াত আজি সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে নিহত হয়৷ মৃত লোকজন হৈছে জিলাখনৰ ঘূনাসুঁতি বান্দৰকটা নিবাসী ফটিক নাথ ৷ প্ৰাপ্ত তথ্য অনুসৰি ফটিক নাথে আজি প্ৰায় ১১.৩০ বজাত উত্তৰ লখিমপুৰ নগৰলৈ আহি থকাৰ সময়তে নগৰখনৰ কে বি ৰোডৰ এফ চি আই কাৰ্যালয় সন্মুখত লখিমপুৰ-পানীগাঁও অভিমুখী এ এচ ২২ চি ৩৮৫১ নম্বৰৰ বালি ভৰ্তি ডাম্পাৰখনে উক্ত লোকজনক মহটিয়াই নিয়াত তেওঁৰ থিতাতে নিহত হয়৷ ডাম্পাৰখনৰ পিছ চকা ফটিক নাথৰ ভৰিৰ ওপৰেৰে পাৰ হৈ যোৱাত নাথৰ ঘটনাস্থলীতে মৃত্যু হয়৷ আৰক্ষীয়ে…

মাধৱদেৱ কলাক্ষেত্ৰ উদ্বোধনৰ প্ৰাকমুহূৰ্তত ভিতৰচ’ৰা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৯ মে ঃ ২০০৮ চনতে কংগ্ৰেছ চৰকাৰৰ আমোলত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আধাৰশিলা স্থাপন কৰা মাধৱদেৱ কলাক্ষেত্ৰখন কাইলৈ বুধবাৰে ৰাইজলৈ আনুষ্ঠানিক ভাৱে উৎসৰ্গা কৰিব মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ বাৰ বৈষ্ণৱৰ জন্মস্থান তথা মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান নাৰায়ণপুৰত সুদীৰ্ঘ ১৩ বছৰৰ পাছত মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে৷ কাইলৈ পুৱা ১০ বজাত মুখ্যমন্ত্ৰীয়ে এই কলাক্ষেত্ৰ শুভ উদ্বোধন কৰিব৷ উল্লেখ্য যে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ ৫৭.৫৬ কোটি টকাৰ ব্যয় সাপেক্ষে বদলা পদ্ম আতা সত্ৰৰ…

ভাস্কৰ্য আৰু শিল্পৰ দিন উদযাপন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৯ মেঃ আধুনিক লখিমপুৰৰ অন্যতম খনিকৰ, ভাস্কৰ, সাংবাদিক, নাট্য কৰ্মী নন্দকিশোৰ মহেশ্বৰীৰ জন্মদিন ৯ মে দিনটো নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবে "ভাস্কৰ্য আৰু শিল্প দিন" ৰূপে পূৰ্বে পালন কৰি অহাৰ দৰে আজি ক্লাব ভৱনত এক স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হয়। পোনতে মহেশ্বৰীৰ প্ৰতিছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে অসম বাৰ্তাজীৱী সংঘৰ সভাপতি টুটুমণি ফুকনে। ক্লাবৰ সভাপতি কুমুদ বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত স্মৃতিচাৰণ অনুষ্ঠানত লখিমপুৰৰ বিশিষ্ট নাট্যকৰ্মী, প্ৰবীণ খেলুৱৈ অৰুণ কুমাৰ দত্তই মহেশ্বৰীৰ লগত থকা দীৰ্ঘদিনীয়া সান্নিধ্যৰ…

১২ আৰু ১৩ মে’ত বিহগুৰিত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ মৃত্যু শতবৰ্ষৰ সামৰণি অনুষ্ঠান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ,৮মে' : কুৰি শতিকাৰ প্ৰথম দুটা দশকত অসমৰ জাতীয় জীৱনলৈ ইতিবাচক জোৱাৰ আনোতা, অসমৰ সামাজিক ৰাজনৈতিক জীৱনৰ আন এজন মহীৰূহ তথা বিহগুৰিৰ গৌৰৱ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ মৃত্যু শতবৰ্ষৰ সামৰণি অনুষ্ঠান অহা ১২ আৰু ১৩ মে'ত পুৰোধাগৰাকীৰ জন্ম স্হান বিহগুৰিত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব । বিগত ২০ জুলাই ২০২২ তাৰিখে তেখেতৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি শতবৰ্ষৰ কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত কৰাৰ পাছত অহা ১২ আৰু ১৩ মে'ত দুদিনীয়া কাৰ্যসূচীৰে বিহগুৰিৰ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত…

“Renowned Women Personalities” শীৰ্ষক গ্ৰন্থ উন্মোচন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৮ এপ্ৰিলঃ তেজপুৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত আৰু মহাবিদ্যালয়খনৰ প্ৰকাশন কোষৰ সহযোগত মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা সন্ধানী দত্ত আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা ড° বৰ্ণালী শৰ্মাৰ সম্পাদনাত Renowned women personalities of India' শীৰ্ষক এখনি গুৰুত্বপূৰ্ণ গ্ৰন্থ আজি মহাবিদ্যালয় প্ৰাংগনত উন্মোচন কৰে তেজপুৰ মহিলা সমিতিৰ সভানেত্ৰী,সু-লেখিকা মিতা গোস্বামীয়ে। নাৰী সৱলীকৰণৰ পুৰোধা, অগ্নি কন্যা চন্দ্ৰপ্ৰভা শইকীয়ানীৰ পৰা ৰীমা দাসলৈ সমাজত মহিলাসকলৰ সামগ্ৰিক আৰু…

তেজপুৰত এন এছ ইউ আইৰ ” সংবিধানৰ চিপাহী” কাৰ্যসূচী মুকলি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৮ মে': "সংবিধানৰ চিপাহী" শীৰ্ষক এক কাৰ্যসূচী সমগ্ৰ ভাৰতৰ ভিতৰত অসমৰ তেজপুৰৰ পৰা আজি কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আই য়ে মুকলি কৰে। এক সংবাদ মেলৰ যোগেদি এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় সম্পাদক অনুষেছ শৰ্মাই এই কাৰ্যসূচী মুকলি কৰি কয় যে, দেশৰ বৰ্তমান ৰাজনৈতিক আৰু সামাজিক পৰিস্হিত আৰু হিংসা আৰু বিদ্বেষ কৰা হৈছে আৰু চৰকাৰী প্ৰতিষ্ঠান সমূহ ধ্বংসৰ মুখলৈ ঠেলি দিয়া হৈছে, গণতন্ত্ৰৰ হত্যা কৰা হৈছে আৰু সংবিধান নিঃশেষ কৰাৰ বাবে বিজেপি আৰু আৰ এছ এছ দলে প্ৰচেষ্টা অব্যাহত ৰাখিছে । এই সমগ্ৰ গণতন্ত্ৰ ধ্বংস কৰা কাৰ্য্যৰ…

তেজপুৰৰ বিশিষ্ট চিকিৎসক ডাঃ গোপেন্দ্ৰ মোহন দাসক ভাৰতীয় চিকিৎসা সন্হাৰ অসম ৰাজ্যিক সমিতিৰ “কালচাৰেল এক্সিলেন্স এৱাৰ্ড” প্ৰদান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৮ মে'ঃ তেজপুৰৰ বিশিষ্ট চিকিৎসক, সাংস্কৃতিক কৰ্মী তথা চলচ্চিত্ৰ প্ৰযোজক ডাঃ গোপেন্দ্ৰ মোহন দাসক ভাৰতীয় চিকিৎসা সন্হাৰ অসম ৰাজ্যিক সমিতিয়ে কালি তেজপুৰৰ চিকিৎসা সন্হাৰ কাৰ্যালয়ত "কালচাৰেল এক্সিলেন্স এৱাৰ্ড" প্ৰদান কৰে। উল্লেখ্য যে, এজন শল্য বিশেষজ্ঞ হিচাপে দীৰ্ঘদিন ধৰি তেজপুৰত চিকিৎসা সেৱা আগবঢ়াই অহা আৰু জিলা মহকুমা চিকিৎসা বিষয়া হিচাপে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা সৰবৰহী চিকিৎসক ডাঃ দাসে সহধৰ্মিনী বিশিষ্ট অভিনেত্ৰী ডাঃ জাহানাৰা বেগমৰ সৈতে "জে বি প্ৰডাকচন" নামৰ এক…

অসম চৰকাৰৰ ‘মিছন ভূমিপুত্ৰ’ৰ জৰিয়তে লক্ষাধিক ভুৱা জাতিগত প্ৰমাণ পত্ৰ প্ৰদানৰ গুৰুতৰ অভিযোগ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ৮ মেঃ অসম চৰকাৰে 'মিছন ভূমিপুত্ৰ' নামৰ কোটি কোটি টকা ব্যয় সাপেক্ষ আঁচনিখনৰ জৰিয়তে জাতিগত প্ৰমাণ পত্ৰৰ ব্যৱস্থা কৰি অনুসূচীত জাতিৰ লোক সকলৰ বাবে এক অভিশাপ কঢ়িয়াই আনিলে। মিছন ভূমিপুত্ৰই ভুৱা জাতিগত প্ৰমাণ পত্ৰক বৈধতাহে প্ৰদান কৰিলে। আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদ মেলত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰুবুল দাসে । অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক নৱ কুমাৰ দাস , কেন্দ্ৰীয়…

বিহু উপলক্ষে সাহিত্য প্ৰতিযোগিতাৰ আয়োজন

শতাব্দ, উত্তৰ লখিমপুৰ, ৮ মেঃ দ্বাদশ বাৰ্ষিক কেন্দ্ৰীয় ৰঙালী উৎসৱ লখিমপুৰ-২০২৩ বৰ্ষৰ উদযাপন সমিতিৰ সাহিত্য উপ সমিতিয়ে অহা ১২ মেত উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত পুৱা ৯:৩০ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া সাহিত্য বিভাগৰ প্ৰতিযোগিতাখনি সফল ৰূপায়ণৰ বাবে সমূহ লখিমপুৰবাসীৰ সহায় সহযোগিতা কামনা কৰিছে। সেইদিনা ছাত্ৰী-ছাত্ৰীৰ মাজত অনুষ্ঠিত হব লগা প্ৰতিযোগিতা সমূহ  হ'ল। ১/ পুৱা ৯.৩০ বজাত চিত্ৰাংকন প্ৰতিযোগিতা। উচ্চ শাখাঃষষ্ঠশ্ৰেণী পৰা অষ্টম শ্ৰেণীলৈকে। নিম্ন শাখাঃ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে। ২/পুৱা ১০.৩০ বজাত…

শাৰীৰিক প্ৰতিবন্ধকতা-শোচনীয় আৰ্থিক অৱস্থাক নেওচি তেজপুৰৰ যুৱতীৰ দৃষ্টান্তমূলক পদক্ষেপ

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ৮ মে' শাৰীৰিক প্ৰতিবন্ধকতা আৰু আৰ্থিক দীনতা যে কেতিয়াও কোনো কাৰণতে উন্নতি বা সৃষ্টিশীলতাৰ হেঙাৰ হ'ব নোৱাৰে সেই কথা আজি পুনৰ প্ৰতিপন্ন কৰিলে তেজপুৰৰ এখন বিদ্যালয়ৰ এগৰাকী সদ্য প্ৰাক্তন দিব্যাংগ তথা আৰ্থিক ভাৱে তেনেই শোচনীয় অৱস্থাৰ ছাত্ৰীয়ে। কাৰণ সেই প্ৰাক্তন ছাত্ৰী গৰাকীৰ এখন গ্ৰন্থ আজি নিজে পঢ়া বিদ্যালয়খনৰ শিক্ষাৰ্থী সকলৰ সন্মুখত তেজপুৰৰ বিশিষ্ট ব্যক্তি সকলে উন্মোচন কৰি দেখুৱালে দৃষ্টান্ত। উল্লেখ্য যে হুইলচেয়াৰত জীৱন অতিবাহিত কৰি তেজপুৰৰ মহাভৈৰৱ বজাৰত এখন পাণ তামোলৰ দোকান দি পৰিয়ালৰ ভৰণ পোষণ দি…