Browsing Category
অসম
মাৰ্ঘেৰিটাৰ নাবালিকা ধৰ্ষণ আৰু হত্যাৰ মূল অভিযুক্ত আনন তাঁতীৰ পলাতক পুত্ৰৰ আত্মসমৰ্পণ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৮ মে’ : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ১২ বছৰীয়া নাবালিকাৰ ধৰ্ষণ আৰু নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত আনন তাঁতী ওৰফে স্বপন তাঁতী নামৰ লম্পটটোৰ পলাতক বৰপুত্ৰই দেওবাৰে নিশা মাৰ্ঘেৰিটা থানাত আত্মসমৰ্পণ কৰে৷ যোৱা ৩ মে’ৰ পৰা পলাতক হৈ আছিল তাঁতীৰ বৰপুত্ৰ ৷ আৰক্ষীয়ে আত্মসমৰ্পণকাৰী কিশোৰজনক সোধাপোছা কৰি আছে ৷ উল্লেখ্য, প্ৰাৰম্ভিক অৱস্থাত আৰক্ষীয়ে নাবালিকাগৰাকী দলবদ্ধ ধৰ্ষণৰ বলি হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছিল যদিও পৰৱৰ্তী পৰ্যায়ত লাভ কৰা তথ্য, প্ৰমাণৰ ভিত্তিত তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ…
তেজপুৰত অহা ১৩ মে’ত ৰাষ্ট্ৰীয় লোক আদালত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৭ মে': ৰাষ্ট্ৰীয় লোক আদালতৰ লগত সঙ্গতি ৰাখি শোণিতপুৰ জিলা আইনসেৱা প্ৰাধিকৰণৰ সৌজন্যত অহা ১৩ মে' ২০২৩ তাৰিখ শনিবাৰে শোণিতপুৰ জিলা আদালত প্ৰাঙ্গনত মটৰ দুৰ্ঘটনা গোচৰ, দেৱানী গোচৰ,যান-বাহন গোচৰ , ফৌজদাৰী গোচৰ (Compoundable) আৰু Pre-litigation cases যেনে- বাকীজাই গোচৰ, ভূমি অধিগ্ৰহণ গোচৰ, ১০৭ ধাৰা গোচৰ, বেংক ঋণ গোচৰ, বি এচ এন এল, বিদ্যুত বিলৰ গোচৰ, শ্ৰমিক সৰ্ম্পকীয় ইত্যাদি গোচৰসমূহ নিষ্পত্তি কৰা হ’ব৷ উক্ত গোচৰসমূহৰ লগত জড়িত ব্যক্তিসকলে তেওঁলোকৰ নিজৰ মাজত আগতীয়াকৈ আলোচনাত বহি গোচৰ নিষ্পত্তিৰ মীমাংসা…
তেজপুৰ সাহিত্য চ’ৰাৰ ৫৩৮ সংখ্যক বৈঠক সম্পন্ন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭ এপ্ৰিল : তেজপুৰ সাহিত্য চ'ৰাৰ ৫৩৮ সংখ্যক বৈঠকখনি আজি চ'ৰাৰ জ্যেষ্ঠ সদস্য, বিশিষ্ট গল্পকাৰ মানিক বৰাৰ চ'ৰা ঘৰত অনুষ্ঠিত হয়। চ'ৰাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত এই সভা বিশিষ্ট পুৰাতত্ত্ববিদ ড° সতীশ চন্দ্ৰ ভট্টাচাৰ্য্যৰ মঙ্গলাচৰণেৰে আৰম্ভ হয়। প্ৰয়াত নাট্যশিল্পী নৰেণ লহকৰ, দৰং মহাবিদ্যালয়ৰ অবসৰপ্ৰাপ্ত অধ্যক্ষ সত্যেন্দ্ৰ নাথ শৰ্মা, মনিপুৰৰ গোষ্ঠী সংঘৰ্ষত নিহত হোৱা ব্যক্তিসকল, কাশ্মীৰত নিহত হোৱা পাঁচজন সেনা জোৱানকে প্ৰমুখ্য কৰি প্ৰয়াত জ্ঞাত-অজ্ঞাত লোকসকলৰ বিদেহ আত্মাৰ সদ্গতিৰ বাবে এক…
তেজপুৰত হাঁহিৰে আকাশ কঁপাই বিশ্ব হাস্য দিৱস উদযাপন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৭মে’ আজি সমগ্ৰ বিশ্বতে উদযাপিত হোৱা ২৩ সংখ্যক বিশ্ব হাস্য দিৱসৰে সংগতি ৰাখি ২০০৯ চনত গঠিত হোৱা তেজপুৰ হাস্য সংঘৰ সদস্য সকলেও দিনযোৰা কাৰ্য্যসূচীৰে মাজগাওঁ জাতীয় ছহিদ বাকৰিত পুৱাৰ পৰাই বিভিন্ন কাৰ্য্যসূচীৰে উদযাপন কৰে এই দিৱস। পুৱা সাত বজাত হাতে হাতে হাঁহিৰ উপকাৰ সমূহৰ বিষয়ে লিখা বেনাৰ ফেষ্টুন আদি লৈ শোভাযাত্ৰা উলিওৱা হয়।অনুষ্ঠানৰ পতাকা উত্তোলন কৰে সংঘৰ সভাপতি ৰবীন শৰ্মাই। ইয়াৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে সংঘৰ প্ৰাক্তন সভাপতি ক্ষীৰ প্ৰসাদ শইকীয়াই। উপ-সভাপতি দেৱ দাসে আঁত ধৰা হাস্য ব্যঙ্গৰে ভৰা…
লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ অধিৱেশন সম্পন্ন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭ মেঃ মফচলত থকা সাংবাদিকসকলে সাংবাদিকতাৰ নীতি নিষ্ঠতা বহু পৰিমাণে ধৰি ৰাখিছে। সামগ্ৰিকভাবে পৃথিৱীৰ সাংবাদিকতালৈ নতুন নতুন কথা আহিছে।পৰিৱৰ্তনো আহিছে, সমস্যাও আহিছে। অসমৰ সাংবাদিকতাও সমস্যা আৰু ঘাত প্ৰতিঘাতৰ মাজেৰে আহি আজিৰ অৱস্থা পাইছে। বিভ্ৰান্তিমূলক অৱস্থাই সাংবাদিকতাত মাজে মাজে ক্ষতি কৰি আহিছে যদিও ৰাইজ হতাশ হোৱাৰ কাৰণ নাই। এনে সাময়িক সমস্যাৰ পিছতো সাংবাদিকতালৈ ভাল দিন আহিব বুলি আমি আশাবাদী। -- এই ভাষ্য "অসমবাণী"ৰ সম্পাদক দিলীপ চন্দনৰ। লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ দ্বি বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত…
মাধৱদেৱ কলাক্ষেত্ৰ : আধাৰশিলাৰ পৰা উদ্বোধনলৈ…
দাদুল দেৱকৃষ্ণ বৰুৱা
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱ ইজন সিজনৰ পৰিপূৰক। শংকৰ-মাধৱ যুটি উজ্জ্বল ৰত্ন দুটি— মণি আৰু কাঞ্চন; মণিকাঞ্চন। মহাপুৰুষ শংকৰদেৱৰ নামত গুৱাহাটীত প্ৰতিষ্ঠা হ'ল শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ। অনুৰূপ ধৰণে মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান নাৰায়ণপুৰতো মহাপুৰুষজনাৰ নামেৰে এখন কলাক্ষেত্ৰ নিৰ্মাণৰ দাবী উঠিল। ৰাইজৰ দাবী আৰু চৰকাৰৰ সঁহাৰিৰ পিছতে নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে 'শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰ'। অহা ১০ মে'ত ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব কলাক্ষেত্ৰখন। ড° হিমন্ত বিশ্বশৰ্মা নেতৃত্বাধীন ৰাজ্য…
মাৰ্ঘেৰিটাৰ নাবালিকা ধৰ্ষণ আৰু হত্যাকাণ্ড সংঘটিত হৈছিল আনন তাঁতী ওৰফে স্বপন তাঁতীৰ দ্বাৰাই
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৬ মে’: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ১২ বছৰীয়া নাবালিকাৰ ধৰ্ষণ আৰু নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত আনন তাঁতী ওৰফে স্বপন তাঁতী নামৰ নৰপিশাচটোৱে বৈদ্যুতিন সংবাদ মাধ্যমৰ আগত আবোলতাবোল কথা কৈ সমগ্ৰ তদন্ত প্ৰক্ৰিয়া বিপথে পৰিচালিত কৰাৰ অপচেষ্টা চলোৱা পৰিলক্ষিত হৈছে যদিও আৰক্ষীৰ তদন্তত সমগ্ৰ নৃশংস ঘটনা আনন তাঁতীৰ দ্বাৰাই সংঘটিত হোৱা বুলি পোহৰলৈ আহিছে৷ আজি সংবাদ মাধ্যমৰ আগত তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে কয় যে সমগ্ৰ ঘটনাৰ লগত আন কোনো ব্যক্তি জড়িত থকাৰ প্ৰমাণ এই পৰ্যন্ত আৰক্ষীয়ে লাভ কৰা…
তেজপুৰত পুখুৰী খান্দোতে ওলাল কাঁহৰ সামগ্ৰী
শতাব্দ প্ৰতিনিধি, তেজপুৰ,৬ মেঃ তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰীৰ ডেকা চুবুৰীত আজি এটা পুখুৰী খান্দি থকা অৱস্থাত কিছুসংখ্যক কাঁহৰ সামগ্ৰী উদ্ধাৰহোৱাকলৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে৷উল্লেখযোগ্য যে,অঞ্চলটোৰ প্ৰয়াত দিংৰা বাঘোৱাৰৰ পুত্ৰ গণ্ডাল বাঘোৱাৰে তেওঁলোকৰ ম্যাদী ভূমিত এটা পুখুৰী খননৰ পৰিকল্পনা কৰে আৰু সেই মতে যোৱা তিনিদিন ধৰি পুখুৰীটো খননৰ কাম আৰম্ভ কৰে৷আজি দুপৰীয়া খনন চলোৱাৰ সময়তে মাটিৰ প্ৰায় চাৰিফুট তলত কাঁহৰ ঠালি চাৰিখন,হাতী খজীয়াদুটা বাতি, খাৰু, ঘটিকে ধৰি বিভিন্ন সামগ্ৰী ওলোৱাত স্হানীয় লোকসকল স্তম্ভিত হৈ পৰে৷উল্লেখযোগ্য…
দুবছৰে পলাতক বলাৎকাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ
শতাব্দ প্ৰতিনিধি,তেজপুৰ, ৬ মেঃ এগৰাকী যুৱতীক বলাৎকাৰৰ এক অভিযুক্ত বিগত দুবছৰে পলাতক হৈ থকাৰ অন্তত আজি অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ঢেকিয়াজুলি আৰক্ষী৷আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, ঢেকিয়াজুলি আৰক্ষীথানা অধীনস্থ লামা গাঁৱৰ বাসিন্দা ৰফিকুল ইছলাম(৪২) নামৰ লোকজনে দুবছৰ পূৰ্বে একে গাঁৱৰে এগৰাকী যুৱতীক বলাৎকাৰ কৰাৰ অভিযোগ উঠিছিল৷যুৱতীগৰাকীৰ ঘৰত কোনো নথকাৰ সময়ত প্ৰাণনাশৰ ভীতি প্ৰদৰ্শন কৰি উপৰ্যুপৰি বলাৎকাৰ কৰা বুলি ৰফিকুলৰ বিৰুদ্ধে অভিযোগ উঠাৰ লগতে সেই সময়তে যুৱতীগৰাকীয়ে ন্যায় বিচাৰি ঢেকিয়াজুলি আৰক্ষীথানাত এজাহাৰ দাখিল…
