Browsing Category
অসম
তেজপুৰত বিশেষ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠানত তৰুণ অসম সংঘৰ জ্যেষ্ঠ – সৰবৰহী সদস্য ৰামেশ্বৰ দাসক স্মৰণ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৬ মে : তেজপুৰৰ অন্যতম সামাজিক - সংস্কৃতিক - ক্ৰীড়া তথা সামাজিক অনুষ্ঠান তৰুণ অসম সংঘৰ এগৰাকী জ্যেষ্ঠ সদস্য ৰামেশ্বৰ দাসৰ সোঁৱৰণত আজি "তৰুণ অসম সংঘ" ত অনুষ্ঠিত বিশেষ শ্ৰদ্ধাঞ্জলি - স্মৃতিচাৰণ আৰু সোঁৱৰণী গ্ৰন্থ উন্মোচনী অনুষ্ঠান সম্পন্ন হয়। উল্লেখ্য যে, যোৱা ৫ এপ্ৰিলত পৰলোকপ্ৰাপ্তি ঘটা সৰবৰহী সদস্য গৰাকীৰ মাহেকীয়া পুণ্য তিথিৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা" ৰামেশ্বৰ সুবাস" শীৰ্ষক সোঁৱৰণী গ্ৰন্থখন আজি এই অনুষ্ঠানত আনুষ্ঠানিক ভাৱে উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ তথা তৰুণ অসম সংঘৰ উপদেষ্টা শৈলজা…
চিত্ৰকলাৰ জগতত প্ৰাৰ্থনাৰ দক্ষতাৰে আত্মপ্ৰকাশ
শতাব্দ প্ৰতিনিধি, নাৰায়ণপুৰ, ৬ মেঃ আগ্ৰহী মন আৰু একাগ্ৰতাই মানুহক অতিব্যস্ততাৰ মাজতো প্ৰতিভা বিকাশত সহায় কৰে। অধ্যয়নৰ মেটমৰা বোজা কান্ধত লৈয়ো হাতৰ তুলিকাৰে চিত্ৰকলাৰ সাধনা অব্যাহত ৰাখি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ বহুপথাৰৰ ছাত্ৰী প্ৰাৰ্থনা দুৱৰা'ই।উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ চিকিৎসা মহাবিদ্যালয়ত স্থান লোৱাৰ প্ৰস্তুতি চলাই থকা প্ৰাৰ্থনা এগৰাকী সুন্দৰ নৃত্য শিল্পী হোৱাৰ লগতে এগৰাকী চাৰুকলা শিল্পীও। মানুহৰ প্ৰতিকৃতি, বিভিন্ন ছবি অংকনেৰে উচ্চ প্ৰশংসিত প্ৰাৰ্থনাই বিভিন্ন প্ৰতিযোগিতাটো অংশ লৈ মান…
পৰশ গোস্বামীলৈ ৰাষ্ট্ৰীয় শিক্ষক ৰত্ন বঁটা : লখিমপুৰত আনন্দৰ লহৰ
শতাব্দ প্ৰতিনিধি, নাৰায়ণপুৰৰ, ৬ মেঃ আমেৰিকাৰ কেৰ্লিফনিয়া পাব্লিক ইউনিভাৰ্ছিটিৰ স্বীকৃতিপ্ৰাপ্ত ভাৰত চৰকাৰৰ অধীনস্ত সমতা সাহিত্য অকাডেমিয়ে ইণ্টাৰনেচনেল ৰিচাৰ্ছ ফাউণ্ডেশ্যনৰ'ৰ সহযোগত ৰাষ্ট্ৰীয় শিক্ষক ৰত্ন সমতা বঁটাৰ বাবে লখিমপুৰ জিলাৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক পৰশ গোস্বামীক মনোনীত কৰিছে। অধ্যাপকগৰাকী ৰাষ্ট্ৰীয় বঁটৰ বাবে নিৰ্বাচিত হোৱাত বৃহত্তৰ অঞ্চলটোত আনন্দৰ জোৱাৰ দেখা পোৱা গৈছে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদানেৰে বিশ্বৰ প্ৰতিভাবান সমাজৰ সেৱা আগক্ষঢ়াই অহা সমতা সাহিত্য অকাডেমিয়ে উত্তৰ পূৰ্বাঞ্চলৰ…
তেজপুৰ কাৰাগাৰ পৰিদৰ্শণ উপায়ুক্তৰঃগামোচা বোৱাত ব্যস্ত কয়দী
শতাব্দ প্ৰতিনিধি,তেজপুৰ,৫মেঃ তেজপুৰ স্হিত জিলা কাৰাগাৰৰ মহিলা কয়দী সকলৰ বাবে আজি এটা টেলিভিছন যন্ত্ৰ কাৰাগাৰ খনৰ মহিলা কোষত স্হাপন কৰাৰ ব্যৱস্থা কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই৷উল্লেখযোগ্য যে,আজি দিনৰ প্ৰায় ১২বজাত উপায়ুক্ত মিশ্ৰই অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱা,কাৰাগাৰ অধীক্ষক অৰূপ ফুকন সহ কাৰাগাৰখন পৰিদৰ্শন কৰে৷হাজোতী তথা কয়দী সকলক যোগানধৰা খাদ্য তথা ইয়াত কোনো সমস্যা আছেনেকি আদি বিষয়বোৰৰো বুজ লয় উপায়ুক্তই৷উল্লেখযোগ্য যে,বাঁহ,বেত আৰু কাঠৰ বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰা কয়দী সকলে বৰ্তমান কাৰাগাৰখনত থকা তাতশালত গামোচা বৈ…
তেজপুৰত লগুৱাৰ প্ৰহাৰত নিহত গৰাকী
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৫ মে’ : তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী তথা বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত বাম বেছেৰীয়াত যোৱা নিশা সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড।আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, অঞ্চলটোৰ এগৰাকী কৃষক উপেন নাথ (৫২) ৰ ঘৰত যোৱা চাৰিবছৰে বনুৱা হিচাপে থকা তথা ধীৰেণ তাঁতীয়ে(৪৭) গৃহস্থ নাথক এখন ক্ৰিকেট বেটৰে মৰিয়াই হত্যা কৰে।যোৱা নিশা নাথৰ ঘৰৰ চোতালতে দুয়োৰে মাজত কোনো কথাকলৈ তৰ্কৰ সূত্ৰপাত হয় আৰু উপেন নাথে তাঁতীক হাতত থকা ক্ৰকেট বেটৰে প্ৰথমে প্ৰহাৰ কৰে।আহাত তাঁতীয়ে ইয়াৰ পাছতে নাথৰ পৰা ক্ৰিকেট বেটখন কাঢ়িলৈ নাথক উপৰ্যুপৰি…
অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক কেন্দ্ৰীয় তেজপুৰ অধিৱেশনৰ বাবে ব্যাপক তৎপৰতা
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ৫ মে': পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ২০২৪ বৰ্ষৰ ১৭ জানুৱাৰীৰ পৰা তেজপুৰত অনুষ্ঠিত হ'ব লগীয়া অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ অস্হায়ী কাৰ্যালয় আজি পুৱা এক মাংগলিক পৰিৱেশত শুভাৰম্ভ কৰে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণে ।তেজপুৰৰ প্ৰধান ডাকঘৰৰ সন্মুখত থকা জিলা পৰিষদৰ পূৰ্বৰ কাৰ্যালয়ত অভ্যৰ্থনা সমিতিৰ প্ৰায়সকল বিষয়ববীয়া আৰু একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সাংস্কৃতিক…
তেজপুৰ চানমাৰীৰ সাৰ্বজনীন ধৰ্মমণ্ডলীৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৫ মে: তেজপুৰৰ চহৰৰ চানমাৰী - হজৰাপাৰৰ সাৰ্বজনীন ধৰ্মমণ্ডলীৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি পুৱাৰে পৰা ভকত বৈষ্ণৱ আৰু আই মাতৃ তথা স্হানীয় ৰাইজৰ সভক্তিমূলক বিভিন্ন অনুষ্ঠানেৰে মুখৰিত হৈ পৰে ধৰ্মমণ্ডলী প্ৰাংগন। পুৱা ধৰ্মমণ্ডলীৰ সভাপতি পদ্মনাথ তালুকদাৰৰ দ্বাৰা ধৰ্ম ধ্বজা উত্তোলনৰ পিছত ধৰ্মমণ্ডলীৰ পৰা উলিওৱা ধৰ্মীয় শোভাযাত্ৰাই অঞ্চলটিত এক ভক্তিপূৰ্ণ পৰিৱেশৰ সূচনা কৰে। খোল তাল, আই মাতৃ সকলৰ নাম প্ৰসঙ্গৰে মুখৰিত হোৱা এই ধৰ্মীয় শোভাযাত্ৰা সাৰ্বজনীন ধৰ্মমণ্ডলীৰ পৰা স্হানীয় অঞ্চলটি পৰিক্ৰমণ কৰাৰ…
লখিমপুৰত জল জীৱন আঁচনিত কৰ্মৰত শ্ৰমিকৰ বলাৎকাৰৰ বলি যুৱতী
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৫ মেঃ লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত অকৰাবস্তি গাঁৱত ছমাহ পূৰ্বে সংঘটিত এক বলাৎকাৰৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে। ইতিমধ্যে উক্ত ঘটনাটো সংঘটিত কৰা ধুবুৰী জিলা নিবাসী শ্ৰমিক আব্দুল আলিক ভূক্তভোগী পৰিয়ালটোৰ এজাহাৰৰ ভিত্তিত বগীনদী আৰক্ষীয়ে কালি ঢকুৱাখনা আৰক্ষীৰ সহায়ত ঢকুৱাখনাৰ পৰা আটক কৰে।লম্পট আব্দুলৰ কোনো ধৰণৰ ঠিকনা তথা পৰিচয় নোলোৱাকৈয়ে একমাত্ৰ ৰাজমিস্ত্ৰীগৰাকীৰ কথা মতেই অকৰাবস্তি গাঁৱত নিৰ্মাণ কৰি থকা জল জীৱন আঁচনিখনত যোগালীৰূপে কাম কৰিবলৈ আঁচনি নিৰ্মাণকাৰী ঠিকাদাৰ ক্ৰমে ৰাজেশ দলে,…
হেৰ’ইন সহ দুই সৰবৰাহকাৰীক বালিপৰাত গ্ৰেপ্তাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৪মে’ঃ শোণিতপুৰৰ বালিপৰাত আজি নিশা চাৰিদুৱাৰ আৰক্ষীয়ে চলোৱা এক অভিযানত দুই ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰাৰ লগতে ১৬টা হেৰ’ইন ভৰ্ত্তি প্লাষ্টিকৰ কন্টেইনাৰ জব্দ কৰে৷ উল্লেখযোগ্য যে,আগতীয়াকৈ লাভ কৰা তথ্যৰ ভিত্তিত চাৰিদুৱাৰ আৰক্ষী থানাৰ বিষয়া হেমেন দাস আৰু উপপৰিদৰ্শক নিপন শইকীয়াৰ নেতৃত্বত আজি নিশা প্ৰায় আঠ বজাত চলোৱা অভিযানৰ সময়ত এখন মটৰচাইকেলত অহা গুডামঘাট অঞ্চলৰ দুই ড্ৰাগছ সৰবৰাহকাৰী ওমৰ আলি আৰু মজিবুৰ ৰহমানক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷উল্লেখযোগ্য যে,আৰক্ষীক দেখি বামগাওঁ চাহ বাগিছাৰ মাজৰে পলায়ন কৰা…
হাতত কাঁহী-বাতি লৈ লখিমপুৰত মধ্যাহ্ন ভোজনৰ ৰান্ধনী সন্থাৰ উত্তাল প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৪ মে’ ঃ হাতত কাঁহী বাতি লৈ আজি লখিমপুৰত মধ্যাহ্ন ভোজনৰ ৰান্ধনী সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ সমস্ত বকেয়া ধন আদায় দিয়া, প্ৰতিমাহে প্ৰথম সপ্তাহৰ ভিতৰত মাহৰ মাননি নিয়মীয়া কৰা, বছৰটোৰ প্ৰতিমাহে মাননি প্ৰদানৰ ব্যৱস্থা কৰাৰ দাবীত আজি কেবা সহস্ৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনীয়ে উত্তৰ লখিমপুৰ নগৰ কঁপাই তোলো৷ লখিমপুৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় তথা জিলা সৰ্বশিক্ষা অভিযান মিচনৰ কাৰ্যালয় ঘেৰাও কৰি ৰান্ধনীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে হাতে হাতে কাঁহী বাতি লৈ…
