Browsing Category
অসম
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত শ্ৰেষ্ঠ স্নাতক হিচাপে সোণৰ পদক লাভ লখিমপুৰৰ নিতুমণি দেৱীৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৪ মে’ ঃ লখিমপুৰ জিলাৰ তেলাহী তুৱাৰাম নাথ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰী নিতুমণি দেৱীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২০২১-২২ বৰ্ষৰ দীক্ষান্ত সমাৰোহত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷ যোৱা ৩ মে’ত বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা সমাৱৰ্তন অনুষ্ঠানত মেধাৱী ছাত্ৰীগৰাকীক এই বঁটা প্ৰদান কৰা হয়৷ নিতুমণি খগাৰ নিবাসী প্ৰদীপ নাথ আৰু যজ্ঞেশ্বৰী নাথৰ কন্যা৷ উল্লেখনীয় কথা যে প্ৰায় ডেৰ দশকৰ পাছত লখিমপুৰ জিলাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা এইগৰাকী ছাত্ৰীয়ে শ্ৰেষ্ঠ স্নাতক সন্মান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই…
তিনিচুকীয়াত আৰোহণ আচঁনিৰ শুভাৰম্ভ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ মে’ : তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত তথা বিদ্যালয় শিক্ষা বিভাগৰ সহযোগত অসম চৰকাৰৰ কেবিনেটৰ নিৰ্দেশ মৰ্মে আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰৰ উত্তৰণৰ বাবে দিয়া নিৰ্দেশ অনুসৰি ৰাজ্যপালৰ অধিসূচনা মৰ্মে আজি জিলাখনত আৰোহণ আচঁনিৰ শুভাৰম্ভ কৰা হয় ৷ তিনিচুকীয়াৰ উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্রত এই উপলক্ষে আয়োজিত অনুষ্ঠানত উপায়ুক্ত স্বপ্নীল পালে আৰোহণ আচঁনিৰ শুভাৰম্ভ কৰে ৷ আচঁনিখনৰ শুভাৰম্ভ কৰি উপায়ুক্তই ছাত্ৰ-ছাত্ৰীসকলক কোনো ধৰণৰ নেতিবাচক প্ৰভাৱৰ পৰা বিচলিত নহৈ…
অষ্টম মৃত্যুবাৰ্ষিকীত তেজপুৰৰ বাণ থিয়েটাৰত কাৰ্তিক হাজৰিকাক স্মৰণ
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ৪ মে'ঃ একেৰাহে চৈধ্য বছৰ ধৰি তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থাকি বাণ থিয়েটাৰৰ সামগ্ৰিক উত্তৰণত অহোপুৰুষাৰ্থ কৰি যোৱা সদৌ অসম ছাত্ৰ সন্থাৰ একালৰ সভাপতি, দক্ষ মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা, জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ একনিষ্ঠ সেৱক কাৰ্তিক হাজৰিকাৰ অষ্টম মৃত্যু বাৰ্ষিকীৰ আজিৰ দিনটোত বাণ থিয়েটাৰে সন্ধিয়া আয়োজন কৰা বিশেষ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠানত স্মৰণ কৰিলে একাংশ সতীৰ্থই। বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণিতে বাণ…
তিনিচুকীয়াৰ সত্ৰ সমূহৰ সমস্যাৰ বুজ ল’লে সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগে
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ মে’ : অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ এটা সঁজাতী দলে আজি তিনিচুকীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত মামৰণী গাৱঁৰ শ্ৰীশ্ৰী মায়ামৰা ৰূপহী সত্ৰৰ লগতে ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত কৰ্দৈগুৰিৰ শ্ৰীশ্ৰী টিপুক শিমলুগুৰি বজ্ৰপুৰ সত্ৰ আৰু ডিৰাক মায়ামৰা সত্ৰ পৰিদৰ্শন কৰি সত্ৰসমূহে বহুদিনৰ পৰা সন্মূখীন হৈ অহা ভূমি সমস্যা, চাৰিসীমাৰ বেৰা, পথ উন্নয়ন আদি বিভিন্ন সমস্যাৰ বিতংভাৱে বুজ লয় ৷ আয়োগৰ অধ্যক্ষ তথা আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত অহা এই সঁজাতী সজাতি দলটোয়ে সত্ৰৰ সত্ৰাধিকাৰৰ…
তেজপুৰ বিশ্ববিদ্যালয়ত বিশ্ব সংবাদ স্বাধীনতা দিৱস পালন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩মে’ঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত আজি বিশ্ববিদ্যালয়খনত পালন কৰা হয় ৩০সংখ্যক বিশ্ব সংবাদ স্বাধীনতা দিৱস৷ উল্লেখ্য যে, সংবাদ মাধ্যমে সম্প্ৰতি প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়তে আজি বিশ্বজুৰি পালিত বিশেষ দিনটোত এইবাৰৰ বিষয়বস্তু আছিল ''অধিকাৰৰ ভৱিষ্যৎ গঢ় দিয়া: আন সকলো মানৱ অধিকাৰৰ চালক হিচাপে মত প্ৰকাশৰ স্বাধীনতা।'' বিভাগটোৱে ‘স্তম্ভ: চতুৰ্থ স্তম্ভ’ শীৰ্ষক এক অনুষ্ঠানৰ জৰিয়তে উদযাপন কৰা অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰা হয় আৰু তাৰ পিছতে গণসংযোগ আৰু…
প্ৰাক্তন ফুটবল খেলুৱৈ দেৱেন নাৰ্জাৰীৰ দেহাৱসান
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৩মে’ঃ ৰাজ্যৰ এগৰাকী দক্ষ প্ৰাক্তন ফুটবল খেলুৱৈ তথা শোণিতপুৰৰ এজন সৰবৰহী ক্ৰীড়া সংগঠক,প্ৰাক্তন ছাত্ৰ নেতা,সমাজকৰ্মী দেৱেন নাৰ্জাৰী(৫৬)ৰ অকাল বিয়োগত শোণিতপুৰত শোকৰ ছাঁ পৰিছে৷গুৰুতৰ অসুস্থতাত ভোগা নাৰ্জাৰীৰ কালি নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু ঘটে৷উল্লেখযোগ্য যে,১৯৬৭ৰ পহিলা জুলাইত তেজপুৰৰ নিকটৱৰ্তী ঘোঁৰামাৰীৰ ঢেকীদল গাঁৱত জন্ম লাভ কৰা নাৰ্জাৰী এবছুৰ ঘোঁৰামাৰী আঞ্চলিকৰ প্ৰাক্তন সভাপতি আছিল আৰু ঢেকিদল বাথৌ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতিৰ লগতে ইউনাইটেড বড়ো পিপোলছ অৰ্গেনাইজেছনৰ শোণিতপুৰৰ…
শদিয়াৰ অমৰপুৰত দিবাঙত ডুব গল যাত্ৰীবাহী নাওঃ যাত্ৰী উদ্ধাৰ, একাধিক বাহনৰ সন্ধান নাই
শতাব্দৰ শদিয়াৰ প্ৰতিবেদক, ৩ মে’ঃ শদিয়াৰ অমৰপুৰত খৰস্ৰোতা দিবাং নৈত যাত্ৰী কঢ়িওৱা এখন যন্ত্ৰচালিত নাও ডুব যায় ৷ আজি বিয়লি প্ৰায় ৪-৩০ বজাত দিবাং নদীৰ বুকুত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ৷ নাওখনত নাৱৰীয়াসহ মুঠ ২৬ জন যাত্ৰী আছিল আৰু আটাইকেইগৰাকী যাত্ৰীক স্হানীয় লোকৰ তৎপৰতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ কিন্তু তিনিখন চাৰিচকীয়া বাহন আৰু দুখন দুচকীয়া বাহন নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ প্ৰাপ্ত খবৰ অনুসৰি, বিগত দিনকেইটাত হৈ থকা বৰষুণৰ বাবে পাহাৰীয়া দিবাং নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে৷ দিবাঙৰ বাঢ়নী পানীত উটি অহা এডোখৰ প্ৰকাণ্ড…
কপহুৱাত ধৰ্মপ্ৰাণা মহিলাৰ সোঁৱৰণত স্মৰণিকা উন্মোচন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২ মে’ ঃ লখিমপুৰ জিলাৰ কপহুৱা গাঁৱত আজি মাকন দাসৰ সোঁৱৰণত এখন স্মৰণিকা উন্মোচন কৰা হয়৷ গাঁওখনৰ ধৰ্মপ্ৰাণা মহিলা মাকন দাসৰ আদ্যশ্ৰাদ্ধ উপলক্ষে তেওঁৰ পবিত্ৰ স্মৃতিত আজি ‘মাকন’ নামৰ স্মৰণিকাখনি বিয়লি ৪ বজাত উন্মোচন কৰা হয়৷ ন-আলি অৱনৰি হাইস্কুলৰ শিক্ষক মনোৰঞ্জন দাসে সম্পাদনা কৰা স্মৰণিকাখনি উন্মোচন কৰে এক শৰণ ভাগৱতী সমাজৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সচিব হাতীৰাম দাসে৷ আজিৰ অনুষ্ঠানত এক শৰণ ভাগৱতী সমাজৰ লখিমপুৰ জিলাৰ সভাপতি-সম্পাদক মুনিন দাস, হেমকান্ত দাস, বুঢ়াভকত তুলাৰাম দাস, গুনিৰাম দাস, বিচিত্ৰ…
শোণিতপুৰৰ মূল পথত চলিব নোৱাৰিব ই ৰিক্সা সন্ধিয়া ৫ বজাৰ পৰা নিশা ১০ বজালৈ ৰাষ্ট্ৰীয় পথত চলিব নোৱাৰিব ডাম্পাৰ
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ২ মে'ঃ শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তত ডাম্পাৰৰ দৌৰাত্ম্য আৰু ই ৰিক্সাৰ অতপালি ৰোধ কৰিবলৈ শোণিতপুৰ জিলা পৰিবহন বিভাগে জিলাখনৰ বিভিন্ন ঠাইত কঠোৰ অভিযান আৰম্ভ কৰিছে। ডাম্পাৰৰ দৌৰাত্ম্য আৰু ই ৰিক্সা চালকৰ বেপেৰুৱা মনোবৃত্তিৰ বাবেই সঘনাই দুৰ্ঘটনা সংঘটিত হৈ অহাই নহয় যোৱা ২৭ এপ্ৰিলৰ নিশা তেজপুৰৰ সৰবৰহী ব্যৱসায়ী তথা ৰাজ্যখনৰ প্ৰথমগৰাকী টাইকোৱানড'ৰ ব্লেক বেল্টৰ অধিকাৰী বিপুল ডেকাক ডাম্পাৰে মহতিয়াই নিহত কৰাৰ পিছত যোৱা শনিবাৰৰ পৰা শোণিতপুৰ জিলা পৰিবহণ বিভাগৰ এনফৰ্চমেণ্ট বিষয়া - কৰ্মচাৰী সকলে পৰিবহন আইন…
তেজপুৰ কবি সন্মিলনৰ “বসন্তৰ আবেলিত কবিতাৰ গধূলি” শীৰ্ষক অনুষ্ঠান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২ মে'ঃ শ্ৰমিক দিৱস আৰু ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১২৭ সংখ্যক মৃত্যুদিৱসৰ সংযোগ ঘটা কালিৰ বিশেষ দিনটোতে তেজপুৰ কবি সন্মিলনৰ উদ্যোগত তেজপুৰ সাহিত্য সভা ভৱনত "বসন্তৰ আবেলিত কবিতাৰ গধূলি" শীৰ্ষক স্বৰচিত কবিতা পাঠৰ এক বিশেষ কাব্যিক অনুষ্ঠানেৰে জীপাল হৈ পৰে তেজপুৰ সাহিত্য সভা ভৱন । বহুকেইগৰাকী কবি - লেখক - লেখিকাৰ সমাহাৰ ঘটা কাব্যানুষ্ঠানটিত সভাপতিত্ব কৰে তেজপুৰ কবি সন্মিলনৰ সভাপতি তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ অনন্ত কুমাৰ নাথে। কাব্যানুষ্ঠানটিৰ শুভাৰম্ভ ঘটে সভাপতি ড০ অনন্ত কুমাৰ…
