Browsing Category

অসম

সাংবাদিকৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদ ( ফটো সংবাদ)

সাংবাদিক চৰিফুল আহমেদৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদত শিৱসাগৰৰ সাংবাদিকৰ প্ৰতিবাদ। উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত থকা সংবিধান প্ৰণেতা ভীমৰাও আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ তলত প্ৰতিবাদ সাব্যস্তফটোঃ আব্দুল মতিন, শিৱসাগৰ

তিনিচুকীয়া জিলাৰ অগ্ৰগতিৰ বুজ লবলৈ ৰাজ্যপালৰ ভ্ৰমণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২ মে’ : অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই আজি তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলাখনত ৰূপায়িত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিভিন্ন আচঁনিৰ কামকাজৰ পৰ্য্যালোচনা কৰিবৰ বাবে এখন গুৰুত্বপূৰ্ণ সভাত মিলিত হয় ৷ সভাৰ আৰম্ভণিতে তিনিচুকীয়াৰ উপায়ুক্ত স্বপ্নীল পালে ৰাজ্যপালগৰাকীক জিলা প্ৰশাসনৰ হৈ উষ্ম আদৰণি জনায় ৷ ইয়াৰ পাছতে উপায়ুক্তই ৰাজ্যপালগৰাকীৰ আগত জিলাখনৰ চমু আভাস দাঙি ধৰাৰ লগতে জিলাখনত ৰূপায়ন হৈ থকা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন ধ্বজাবাহী আচঁনিসমূহৰ অগ্ৰগতিৰ সন্দৰ্ভত বিতং তথ্য…

লখিমপুৰত অৰুণোদয় আঁচনিত দুৰ্নীতিঃ মহিলাৰ তীব্ৰ প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২ মে’ ঃ ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিৰ অধীনত হিতাধিকাৰী নিৰ্বাচনত চূড়ান্ত দুৰ্নীতি-অনিয়ম, স্বজন-তোষণ কৰাৰ প্ৰতিবাদত আজি লখিমপুৰত একাংশ মহিলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ উত্তৰ লখিমপুৰ নগৰৰ সমীপৱৰ্তী তথা লখিমপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত চুতীয়াকাৰী উলুৱনি বাৰীৰ লগতে একেখন জিলাৰে মধ্য তেলাহী গাঁও পঞ্চায়ততো আজি শতাধিক মহিলাই চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ জনায়৷ আজি বিয়লি চুতীয়াকাৰীত অৰ্ধ শতাধিক মহিলা সমবেত হৈ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ নিৰ্বাচনত ব্যপক অনিয়ম তথা দুৰ্নীতি হোৱা বুলি অভিযোগ তুলি…

আৰক্ষীৰ অভিযানত দুধৰ্ষ এটিএম লুটকাৰী গ্ৰেপ্তাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২মেঃ তেজপুৰৰ ডেকাৰগাঁৱত যোৱা জানুৱাৰী মাহত এটা এটিএম লুটৰ ঘটনাৰে জড়িত মূল খলনায়কক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ আজি তেজপুৰত শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা অনুসৰি,চিৰাং জিলাৰ টেকাই মাৰী চুলিকটাৰ চফিয়াল হকৰ পুত্ৰ নবীৰ ইছলামক চিৰাঙৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে৷উল্লেখযোগ্য যে,এই দুধৰ্ষ এটিএম চোৰে ব্যৱহাৰ কৰা এইচ আৰ ২৬বিই ৮৪৯৩ নম্বৰৰ এখন স্কৰপিঅ’ কমলপুৰৰ পৰা উদ্ধাৰ কৰা হৈছে৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি,ডেকাৰগাঁৰ এটিএম লুটৰ সময়ৰ পৰা পলাতক অৱস্থাত থকা এই দুধৰ্ষ এটিএম লুটকাৰীৰ…

ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস পালন

শতাব্দ প্ৰতিনিধি, তেজপুৰ ১ মেঃ  ভাষাৰ ওজা হেম চন্দ্ৰ বৰুৱা দেৱৰ স্মৃতি দিৱস উপলক্ষে আজি শোণিতপুৰ জিলা সাহিত্য সভাই দৰ্পতীয়া শাখা সাহিত্য সভাৰ সহযোগত দ-পৰ্বতীযা মজলীয়া বিদ্যালয় প্ৰাঙ্গনত এখনি সভাৰ লগতে বক্তৃতানুষ্ঠানৰ আয়োজন কৰে৷ ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক পুণেশ্বৰ নাথে অসমীয়া ভাষালৈ হেম চন্দ্ৰ বৰুৱাৰ অৱদান শীষক এক বক্তৃতা প্ৰদান কৰে৷ ভাষণ প্ৰসঙ্গত তেখেতে কয় যে ১৭৫ বছৰ পূৰ্বে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাৰ স্বাভিমান ৰক্ষাৰ অৰ্থে নিৰলস প্ৰচেষ্টাত হেমকোষ অভিধান প্ৰণয়নেৰে অসমীয়া ভাষা চিৰদিনলৈ…

তেজপুৰত প্ৰয়াত সাংবাদিক,সম্পাদক প্ৰণৱ সিংহৰ স্মৃতি দিৱস

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ১ মে': “ৰাজ্যত বৰ্তমান চাৰিটা শ্ৰেণীৰ সাংবাদিক আছে৷ইয়াৰ ভিতৰত ৫০জনমান আছে,যিয়ে লাভ কৰা দৰমহাৰে ভালদৰে চলিব পাৰে৷আন ৫০জনমান আছে তেওঁলোকে লাভ কৰা দৰমহাৰে যেনেতেনে চলিব পাৰে৷আন একাংশই যথেষ্ট কষ্টৰে আৰু চতুৰ্থ সকলে  লাভ কৰা দৰমহাৰে কোনোমতেই চলিব নোৱাৰে৷ৰাজ্যত বৰ্তমান প্ৰায় ২৪হেজাৰ সংবাদকৰ্মী আছে৷ৰাজ্যৰ  সাংবাদিকসকলে আজিও এনৰেগা শ্ৰমিকতকৈও কম মজুৰি লাভ কৰে৷” আজি তেজপুুৰত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ "প্ৰণৱ সিংহ স্মাৰক বঁটা" গ্ৰহণ কৰি এইদৰে মন্তব্য কৰে ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক গৌতম…

বৈকুণ্ঠ পুৰীলৈ পৰিণত হ’ল তেজপুৰৰ মাহাত্ম্যৰে পূৰ্ণ চামগুৰি বুঢ়াডাঙৰীয়া থান 

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১ মেঃ তেজপুৰ, শোণিতপুৰ বুলিয়েই নহয় ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৰাইজে ভক্তিভৰা অন্তৰেৰে গভীৰ প্ৰত্যয়েৰে অপেক্ষা কৰি থকা তেজপুৰৰ নিকটৱৰ্তী ডিপোটাৰ সমীপৰ খোলাকুটি কছাৰী গাৱঁৰ অতি মাহাত্ম্যৰে পূৰ্ণ "চামগুৰি শ্ৰী শ্ৰী বুঢ়া ডাঙৰীয়া থান" ৰ আজিৰ  বাৰ্ষিক পালনামৰ দিনটোত পুৱাই ভক্তপ্ৰাণ ৰাইজে বৈকুণ্ঠ পুৰীলৈ পৰ্যৱসিত কৰিলে থান প্ৰাংগন। উল্লেখ্য যে, জনবিশ্বাস আৰু কিংবদন্তি অনুসৰি অতি মাহাত্ম্যৰে পূৰ্ণ এই চামগুৰি বুঢ়া ডাঙৰীয়া থানৰ মাহাত্ম্যই অকল তেজপুৰ বা জিলাখনৰে নহয় ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ দৃষ্টি…

বনকোঁৱৰ আনন্দিৰাম দাস আৰু বনগীতক নিভাঁজ ৰূপত আন্তৰাষ্ট্ৰীয় সংগীত ক্ষেত্ৰত পৰিচয় কৰাই দিয়াৰ নৱতম প্ৰয়াস

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ,১ মেঃ অসমীয়া গীতৰ অনবৈদ্য সম্ভাৰ তথা বনকোঁৱৰ আনন্দিৰাম দাসৰ সেই চিৰসেউজ সৃষ্টিক সম্প্ৰতি বিশ্বজুৰি প্ৰচাৰৰ এক প্ৰয়াস চলিছে৷ ৰাজ্য,দেশ আৰু বিদেশত বাস কৰি নিজস্ব ভাবে অসমীয়া চিৰস্মৰণীয় গীতৰ সংৰক্ষণ আৰু ইয়াৰ আত্মাক ধৰি ৰখাৰ এই প্ৰয়াসৰ এটা গুৰুত্বপূৰ্ণ অংশ ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ পথত আৰু সকলো থিকে থাকিলে অহা জুলাই আৰু আগষ্টৰ ভিতৰত ৰাজ্যৰ বহুলোকেই দেখিবলৈ পাব৷উল্লেখযোগ্য যে,দেশত হোৱা ক’ভিদকালীন পৰিস্হিতিৰ মাজত বনকোঁৱৰ আনন্দিৰাম দাসৰ সৃষ্টিকলৈ এক গৱেষণাৰ দৰে অনুসন্ধান চলাইছিল সম্প্ৰতি মুম্বাইত প্ৰতিষ্ঠা…

লখিমপুৰত শ্ৰমিক দিবসত হাজাৰ হাজাৰ শ্ৰমিকৰ অংশগ্ৰহণ

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ১ মেঃ অসম চাহ মজদুৰ সংঘৰ উদ্যোগত উত্তৰ লখিমপুৰ শাখা আৰু জিলাখনৰ সমূহ বাগিচাৰ প্ৰাথমিক গোটৰ সহযোগত আজি দিনযোৰা কাৰ্যসূচীৰে চাহ মজদুৰ সংঘই উত্তৰ লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰত আন্তঃজাতিক শ্ৰমিক দিৱস উদযাপন কৰে৷ পুৱা ৭-৩০ বজাত সামূহিক চাফাই, অসম চাহ মজদুৰ সংঘৰ উত্তৰ লখিমপুৰ শাখাৰ প্ৰাক্তন সভাপতি জিতেন কৰ্মকাৰে বৃক্ষৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷উত্তৰ লখিমপুৰ শাখাৰ সভাপতি হাৰাধন কালান্দিয়ে পতাকা উত্তোলন কৰাৰ পাছতেই উপদেষ্টা জগদীশ দাসে শ্বহীদ তৰ্পন কৰে৷দিনৰ ১১ বজাত ১০ সহস্ৰাধিক চাহ শ্ৰমিকৰ উপস্থিতিত…

চেউৰী জন্ম দিয়াৰ নতুন আঁচনি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩০এপ্ৰিলঃ ৰাজ্যৰ পশপালক সকলৰ বাবে শীঘ্ৰেই এক বিশেষ আঁচনি ৰাজ্যত আৰম্ভ হ’ব৷ দুগ্ধ উৎপাদন বৃদ্ধিৰে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থালৈ এক পৰিৱৰ্তন অনাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে শীঘ্ৰেই পশুপালকসকলক যোগান ধৰিব কেৱল চেউৰী পোৱালী জন্ম দিব পৰা বীৰ্য৷ উল্লেখযোগ্য যে,কৃত্ৰিম প্ৰজননৰ বিপৰীতে অধিক সময়ত দমৰা পোৱালীহে জন্ম হোৱাৰ বাবে অধিকাংশ পশুপালকে তেওঁলোকৰ গাইগৰুৰ বৰ্তমানৰ কৃত্ৰিম প্ৰজনন ব্যৱস্থাৰ সুযোগ ল’বলৈ আগ্ৰহী নহয়৷ এনে অৱস্হাত ৰাজ্য চৰকাৰে চেউৰী পোৱালিহে জন্ম দিয়াৰ নিশ্চিতি থকা বিশেষ বীৰ্য বিদেশৰ পৰা ক্ৰয়…