Browsing Category

অসম

“বন অধিকাৰ আইন ২০০৬”ৰ অধীনত ঢেকিয়াজুলিৰ ৬৩২ টা হিতাধিকাৰী পৰিয়াললৈ ভূমি আবণ্টনৰ প্ৰমাণপত্ৰ বিতৰণ

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২৯ এপ্ৰিলঃ অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ বেলশিৰিস্থিত বালাবাৰী প্ৰাথমিক বিদ্যালয় খেলপথাৰত আয়োজিত এক অনুষ্ঠানত বনভূমিত বাস কৰা ৬৩২ টা হিতাধিকাৰী পৰিয়ালক "বন অধিকাৰ আইন ২০০৬"ৰ অধীনত ভূমি আবণ্টনৰ প্ৰমাণপত্ৰ বিতৰণ কৰে।অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমানৰ ৰাজ্য চৰকাৰে জনজাতীয় লোকসকলৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে সদায়েই দায়বদ্ধ হৈ আহিছে। থলুৱাৰ অধিকাৰ সুৰক্ষাৰ…

শ্ৰমিক নেতা গংগেশ্বৰ গগৈৰ দেহাৱসান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৯ এপ্ৰিল : সদৌ অসম গাড়ী চালক সন্থাৰ উপদেষ্টা তথা বিশিষ্ট শ্ৰমিক নেতা গংগেশ্বৰ গগৈৰ পৰলোকপ্ৰাপ্তিত গভীৰ শোক প্ৰকাশ কৰিছে গাড়ী চালক সন্থাই ৷ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত চিকিৎসাধীন অৱস্থাত মৃত্যুবৰণ কৰা শ্ৰমিক নেতা গগৈ ট্ৰেড ইউনিয়নৰ বিভিন্ন গঠনমূলক কামৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আছিল ৷ শ্ৰমিক সকলৰ প্ৰাপ্য অধিকাৰ বাবে তেওঁ সদায় সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল ৷ প্ৰগতিশীল মাক্সীয় দৰ্শনত বিশ্বাসী কমৰেড গগৈয়ে সদৌ অসম গাড়ী চালক সন্থাৰ হৈ গাড়ী চালক সকলৰ ন্যায্য প্ৰাপ্তিৰ হকে চৰকাৰ তথা প্ৰশাসনৰ ওচৰত…

লখিমপুৰত পোনপ্ৰথমবাৰৰ বাবে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ই লাইচেন্স পাঠ্যক্ৰম

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৯ এপ্ৰিলঃ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ অনুমোদন ক্ৰমে অসম ফুটবল সন্থা আৰু লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ তত্ত্বাৱধানত লখিমপুৰ অগ্ৰণী ক্ৰীড়া অনুষ্ঠান হাতীলোং ফুটবল কচিং চেন্টাৰৰ উদ্যোগত আৰু শাৰীৰিক শিক্ষা বিভাগ উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্ত শাসিত) সহযোগত ২৬ এপ্ৰিলৰ পৰা নৰ্থ লখিমপুৰ মহাবিদ্যালয় খেলপথাৰত আৰম্ভ হয় সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ই লাইচেন্স পাঠ্যক্ৰম।এই পাঠ্যক্ৰমত lead Instructor আৰু Assistant Instructor হিচাপে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ পৰা উপস্থিত আছে মণিপুৰৰ কমলাকান্ত সিং আৰু দৈমালু…

ভৰলু,বাহিনী আৰু মৰাভৰলী নৈক বেদখলমুক্ত কৰা হ’ব

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৮এপ্ৰিলঃ ৰাজ্যৰ প্ৰাকৃতিক নলা নৰ্দমাসমূহত হোৱা বেদখল উচ্ছেদ কৰাৰ লগতে ৰাজ্যৰ কে’বাখনো নৈত হোৱা বেদখলৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে৷আজি এই কথা তেজপুৰত ঘোষণা কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী অশোক সিংহলে৷ উল্লেখযোগ্য যে,সম্প্ৰতি ৰাজ্যখনত  প্ৰাকৃতিক নলা নৰ্দমা সমূহ নিঃশেষ হৈ অহাৰ সমান্তৰাল ভাবে কৃত্ৰিম বান এক বৃহৎ সমস্যাত পৰিণত হৈছে৷এনে পৰিস্হিতিত ৰাজ্যৰ প্ৰাকৃতিক নলা,হোলা সমূহত হোৱা বেদখল উচ্ছেদ কৰিব বুলি আজি মন্ত্ৰী সিংহলে প্ৰকাশ কৰে৷প্ৰনিধানযোগ্য যে,আজি তেজপুৰৰ বাটমাৰিত থকা কনভেনচন চেন্টাৰত…

নামচাইৰ পৰা অপহৃত পেট্ৰল ডিপোৰ কেচিয়াৰৰ মুক্তিপণ ৫ কোটি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৮ এপ্ৰিল : অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ মমং গাঁৱৰ এটা পেট্ৰল ডিপোৰ পৰা বুধবাৰে নিশা মাৰণাস্ত্ৰধাৰী যুৱকৰ তিনিজনীয়া দলে অপহৰণ কৰা ডিপোটোৰ কেচিয়াৰ দিনেশ কুমাৰ শৰ্মাৰ আজিলৈকে কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই অৰুণাচল আৰক্ষী তথা নিৰাপত্তা বাহিনী ৷ উল্লেখ্য যে নামচাই জিলাৰ চংখামৰ বিজেপি দলৰ জিলা পৰিষদ সদস্য চাও জেনিয়া নামচুমৰ পেট্ৰল ডিপোৰ পৰা বুধবাৰে নিশা অত্যাধুনিক মাৰণাস্ত্ৰৰে সু-সজ্জিত তিনিজনীয়া যুৱকৰ দলটোৱে ডিপোটোত কেচিয়াৰ হিচাপে কৰ্মৰত বিহাৰৰ মুজাফৰপুৰৰ দিনেশ কুমাৰ শৰ্মাক অপহৰণ…

নামচাইৰ পৰা অপহৃত পেট্ৰল ডিপোৰ কেচিয়াৰৰ মুক্তিপণ ৫ কোটি

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ২৮ এপ্ৰিল : অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ মমং গাঁৱৰ এটা পেট্ৰল ডিপোৰ পৰা বুধবাৰে নিশা মাৰণাস্ত্ৰধাৰী যুৱকৰ তিনিজনীয়া দলে অপহৰণ কৰা ডিপোটোৰ কেচিয়াৰ দিনেশ কুমাৰ শৰ্মাৰ আজিলৈকে কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই অৰুণাচল আৰক্ষী তথা নিৰাপত্তা বাহিনী ৷ উল্লেখ্য যে নামচাই জিলাৰ চংখামৰ বিজেপি দলৰ জিলা পৰিষদ সদস্য চাও জেনিয়া নামচুমৰ পেট্ৰল ডিপোৰ পৰা বুধবাৰে নিশা অত্যাধুনিক মাৰণাস্ত্ৰৰে সু-সজ্জিত তিনিজনীয়া যুৱকৰ দলটোৱে ডিপোটোত কেচিয়াৰ হিচাপে কৰ্মৰত বিহাৰৰ মুজাফৰপুৰৰ দিনেশ কুমাৰ শৰ্মাক অপহৰণ কৰিছিল৷…

তেজপুৰত অৰুণোদয়ৰ তালিকাক লৈ ক্ষোভ

শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৮এপ্ৰিলঃ তেজপুৰৰ পৰ্বতীয়া গাঁও পঞ্চায়তত অৰুনোদয় আঁচনিৰ হিতাধিকাৰী বাছনিত গুৰুতৰ অনিয়মৰ অভিযোগ উত্থাপিত হৈছে।দৰিদ্ৰ,যোগ্য লোকক বঞ্চিত কৰি স্বজন তোষনৰে একাংশ বিত্তশালী লোকৰ নাম অৰুনোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উঠিছে পৰ্বতীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী জামিনী কলিতাৰ বিৰুদ্ধে।অভিযোগ অনুসৰি,অৰুণোদয় হিতাধিকাৰী হিচাপে পঞ্চায়তখনৰ  সদস্য সকলে  প্ৰস্তুত কৰি দিয়া তালিকাক অৱজ্ঞা  কৰি সভানেত্ৰীয়ে নিজ খেয়াল খুচিমতে তালিকা প্ৰস্তুত কৰাৰ অভিযোগ তুলিছে পঞ্চায়তৰ সদস্যই।এনে অৱস্থাত অৰুনোদয়…

লখিমপুৰত খাদ্য নলী-স্তন-মুখত হোৱা কেঞ্চাৰ ৰোগীয়েই সৰ্বাধিক

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৮ এপ্ৰিলঃ অসমত কৰ্কট ৰোগৰ চিকিৎসা সুলভ কৰাৰ স্বাৰ্থত ২০২২ চনৰ ২৯ এপ্ৰিলত ৰাজ্যত ৭খন কেঞ্চাৰ চেণ্টাৰ স্থাপন কৰা হৈছিল। সেইমৰ্মে আজি স্থাপনৰ এবছৰ হোৱা উপলক্ষে লখিমপুৰ কেঞ্চাৰ চেণ্টাৰত বৰ্ষপূৰ্তি পালন কৰা হয়। উল্লেখ্য যে যোৱা বছৰ লখিমপুৰ, যোৰহাট, কোকৰাঝাৰ, দৰং, তেজপুৰ, বৰপেটা আৰু ডিব্ৰুগড়ত কেঞ্চাৰ চেণ্টাৰ মুকলি কৰা হৈছিল। ইয়াৰে লখিমপুৰ কেঞ্চাৰ চেণ্টাৰত আজি অনুষ্ঠিত বৰ্ষপূৰ্তি অনুষ্ঠানত লখিমপুৰ মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ হীৰেন কুমাৰ ভট্টাচাৰ্য, লখিমপুৰৰ অতিৰিক্ত উপায়ুক্ত গীতালি দুৱৰা, কেঞ্চাৰ চেণ্টাৰৰ…

জ্যেষ্ঠ সাংবাদিকত গৌতম শৰ্মালৈ প্ৰণৱ সিংহ স্মাৰক বঁটা

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৭ এপ্ৰিলঃ অসমৰ সংবাদ আৰু সাংস্কৃতিক জগতৰ পৰিচিত ব্যক্তি জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাক ২০২৩ বৰ্ষৰ প্ৰণৱ সিংহ স্মাৰক বঁটাৰ বাবে মনোনীত কৰা হৈছে৷ উল্লেখ্য যে, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নে প্ৰতি বছৰে অসমৰ সাহিত্য-সংস্কৃতি তথা সংবাদ জগতৰ একোগৰাকীকৈ বিশিষ্ট ব্যক্তিলৈ আগবঢ়াই আহিছে প্ৰয়াত সাংবাদিক প্ৰণৱ সিংহ স্মাৰক বঁটা৷ উত্তৰ অসমৰ সংবাদ জগতৰ মহীৰূহ স্বৰূপ প্ৰণৱ সিংহৰ এক মে’ৰ মৃত্যু তিথিৰ দিনটোত শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নে প্ৰণৱ সিংহ স্মৃতিচাৰণ সভা আৰু স্মাৰক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰিছে৷ এই দিনটোতেই…