Browsing Category

অসম

জাতিগত সংৰক্ষণ ব্যৱস্থাৰ বিৰুদ্ধে সৰৱ সাধাৰণ জাতি বিকাশ পৰিষদ

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২৭ এপ্ৰিলঃ সাধাৰণ জাতি বিকাশ পৰিষদ অসমৰ লখিমপুৰ জিলা সমিতিয়ে আজি লখিমপুৰ জিলা উপায়ুক্তৰ জৰিয়তে জাতিগত সংৰক্ষণৰ বিৰোধিতাৰে মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ আজি দিনৰ ১২ বজাত সাধাৰণ জাতি বিকাশ পৰিষদ অসমৰ কাৰ্যকৰী সভাপতি প্ৰদীপ বৰুৱা, সম্পাদক সুশান্ত ভূঞা, ৰাজ্যিক মহিলা মঞ্চৰ সাধাৰণ সম্পাদিকা পূৰ্ণিমা ৰাজখোৱা, লখিমপুৰ জিলা সমিতিৰ সভাপতি বিৰেণ বৰদলৈ, সাধাৰণ সম্পাদক হৰকান্ত ভূঞা আদিয়ে এই স্মাৰক পত্ৰ প্ৰদানত উপস্থিত থাকে৷ পৰিষদে জাতিগত সংৰক্ষণ ব্যৱস্থা উঠাই দিবলৈ দাবী জনায়৷

লখিমপুৰ সদৰ থানাৰ কাষতে জুৱাৰ ঘাটি

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২৭ এপ্ৰিলঃ লখিমপুৰ নগৰৰ অলিয়ে গলিয়ে ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি অহাৰ সময়তে আজি এজন ড্ৰাগছ পেডেলাৰ লখিমপুৰ আৰক্ষীৰ জালত পৰে৷ ধৃত ড্ৰাগছ পেডেলাৰজন হৈছে পানীগাঁৱৰ বাবাই পেগু (৩৬)৷ আজি পুৱা ১০ মান বজাত বাবাই পেগুৱে উত্তৰ লখিমপুৰ নগৰৰ বিভিন্ন স্থানত ড্ৰাগছ বিক্ৰী কৰিবলৈ অহাৰ সময়তে নগৰখনৰ আহুচাউল গাঁৱৰ ষ্টেটফেডৰ ওচৰত বাইক সহ ড্ৰাগছ পেডেলাৰজন ধৰা পৰে৷ আৰক্ষীয়ে বাবাই পেগুৰ পৰা প্ৰায় ২০০ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে তেওঁ চলাই অহা বাইকখন জব্দ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে বাবাই পেগুক লৈ বিভিন্ন স্থানত অভিযান…

লখিমপুৰৰ দেওবিল বান্তৌ গাঁৱক আদৰ্শ গাঁও হিচাপে গঢ়ি তোলাৰ পদক্ষেপ জিলা কৃষি বিষয়া সন্থাৰ

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২৭ এপ্ৰিলঃ সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ মহাৰজত জয়ন্তী বৰ্ষ ২০২৩ উপলক্ষে অসম বিদান সভাৰ ১২৬ টা সমষ্টিৰ প্ৰতিটোতে এখন কৃষি ক্ষেত্ৰৰ আদৰ্শ গাঁও গঢ়ি তোলাৰ সিদ্ধান্তৰ লগত সংগতি ৰাখি ১১১ নং লখিমপুৰ বিধান সভা সমষ্টিৰ দেওবিল বান্তৌ গাঁওখন এখন আদৰ্শ গাঁও হিচাপে গঢ়ি তুলিবৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে৷ এই উপলক্ষত আজি বান্তৌ গাঁও নামঘৰ প্ৰাংগনত এখন উদ্বোধনী সভা অনুষ্ঠিত হয়৷ উক্ত সভাত গাঁওখনৰ ২০০ৰো অধিক কৃষক আৰু কৃষি বিভাগৰ জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়াই ঘনশ্যম দত্ত, সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ কেন্দ্ৰীয়…

অসম অৰুণাচল সীমান্তৱৰ্তী কাকৈত তীব্ৰ উত্তেজনা

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২৭ এপ্ৰিলঃ অসম চৰকাৰ তথা লখিমপুৰ জিলা প্ৰশাসনৰ চূড়ান্ত দায়িত্বহীনতা আৰু উদাসীনতাৰ বাবেই অসম-অৰুণাচল সীমান্তৱৰ্তী অসমৰ কাকৈ সংৰক্ষিত বনাঞ্চলত অৰুণাচলীয়ে ব্যাপক ৰূপত অসমৰ ভূমি বে-দখলত নামি পৰিছে৷ আজি অৰুণাচল প্ৰশাসনে অসমৰ বন ভূমিত অৰুণাচলৰ নিৰীক্ষণ শিবিৰ স্থাপন কৰা কাৰ্যই সমগ্ৰ ঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে কাকৈত দুদিন পূৰ্বে অসমে স্থাপন কৰা এটা অস্থায়ী বন শিবিৰ অৰুণাচল প্ৰশাসনে দখল কৰি লৈছিল৷ আজি সেই শিবিৰৰ সমীপতে অসমৰ বনভূমিত অৰুণাচল প্ৰশাসনে নাহৰ খুঁটা আৰু বাঁহেৰে এটা…

পঞ্চভূতত বিলীন হ’ল তেজপুৰক বৌদ্ধিক আৰু বিদ্যায়তনিক নেতৃত্ব প্ৰদান কৰা সত্যেন্দ্ৰনাথ শৰ্মাৰ নশ্বৰ দেহ 

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ২৭ এপ্ৰিলঃ তেজপুৰৰ বৌদ্ধিক আৰু বিদ্যায়তনিক ক্ষেত্ৰখনৰ অগ্ৰনী ব্যক্তিত্ব, বিশিষ্ট শিক্ষাবিদ, দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা লগ্নৰ বিশেষ কৰ্তব্যৰত বিষয়া, তেজপুৰৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান তৰুণ অসম সংঘৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ উপদেষ্টা সত্যেন্দ্ৰনাথ শৰ্মাৰ নশ্বৰ দেহ আজি কেবা শতাধিক শোকাকুল জনতাৰ উপস্থিতিত তেজপুৰ ঘৰপৰা চুবুৰীৰ দৌলগুৰি ৰাজহুৱা শ্মশানত পঞ্চভূতত বিলীন হয়। উল্লেখ্য যে কালি সন্ধিয়া তেজপুৰৰ টাইমছ হাস্পতালত দেহাৱসান ঘটা শৰ্মাৰ নশ্বৰ দেহ আজি পুৱাৰ…

সমকামী ব্যক্তিৰ বিবাহৰ অধিকাৰক বৈধ বুলি স্বীকৃতি প্ৰদান নকৰিবলৈ দেশৰ ৰাষ্ট্ৰপতিলৈ তেজপুৰৰ দুই মহিলা সংগঠনৰ স্মাৰক পত্ৰ প্ৰেৰণ 

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৭ এপ্ৰিল : ভাৰতৰ সন্মানীয় উচ্চতম ন্যায়ালয়ে সমকামী ব্যক্তিৰ বিবাহৰ অধিকাৰক বৈধ বুলি মান্যতা দিবলৈ যি সিদ্ধান্ত গ্ৰহণৰ প্ৰস্তুতি চলাইছে সেই তৎপৰতাত বিচলিত হৈ তেনে আইনী স্বীকৃতি প্ৰদান নকৰিবৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা কৰি কালি শোণিতপুৰৰ উপায়ুক্তৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিলৈ তেজপুৰৰ দুটাকৈ সংগঠনে এখন স্মাৰক পত্ৰ প্ৰেৰন কৰিছে। তেজপুৰৰ মহিলাৰ অনুষ্ঠান "সংস্কৃতা" আৰু সৰস্বতী সেৱা ন্যাসে পৃথকে পৃথকে শোণিতপুৰৰ অতিৰিক্ত উপায়ুক্ত দ্যোতিভা বৰাৰ হাতত ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা স্মাৰক…

টাইকোৱানড’ত ৰাজ্যৰ প্ৰথমগৰাকী ব্লেকবেল্ট প্ৰাপক বিপুল ডেকা দুৰ্ঘটনাত নিহত

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,২৭এপ্ৰিলঃ টাইকোৱানড’ সমৰকলাত ৰাজ্যৰ প্ৰথম গৰাকী ব্লেক বেল্ট অৰ্জন কৰা তথা তেজপুৰৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী, ক্ৰীড়া সংগঠক বিপুল ডেকা(৫৯)ৰ যোৱা নিশা এক পথ দুৰ্ঘটনাত শোকাৱহ ভাবে মৃত্যু ঘটিছে৷উল্লেখযোগ্য যে,ৰাজ্য চৰকাৰৰ ক্ৰীড়া পেঞ্চন প্ৰাপঁক ডেকা যোৱা নিশা প্ৰায় ৮-৩০বজাত বালিপৰাৰ এখন বিয়ালৈ  তেজপুৰৰ পৰা গৈ থকাৰ  সময়ত ঘোঁৰামাৰী ত ১৫ নম্বৰ ৰাষ্ট্ৰীয় পথত দুৰ্ঘটনাটো সংঘটিত হয়৷এএছ ১২ভি ৬৭১৪ নম্বৰ মটৰচাইকেলত বালিপৰালৈ গৈ থকা অৱস্থাত এখন দ্ৰুতবেগী ডাম্পাৰে পিছফালৰ পৰা মটৰচাইকেলত খুন্দিয়াই পলায়ন কৰে৷পৰিণতিত…

প্ৰাঞ্জল মৰাণৰ নৃশংস হত্যাৰ প্ৰতিবাদত উত্তাল মাকুম

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ২৭ এপ্ৰিলঃ তিনিচুকীয়া জিলাৰ মাকুমৰ ৰূপনগৰত মঙ্গলবাৰে সংঘটিত এক নৃশংস হত্যাকাণ্ডক কেন্দ্ৰ কৰি আজি প্ৰতিবাদত উত্তাল হৈ পৰে সমগ্ৰ মাকুম চহৰ৷ অভিযোগ অনুসৰি ধাৰলৈ লোৱা ধন পৰিশোধ নকৰাৰ বাবেই উক্ত দিনা প্ৰাঞ্জল মৰাণ (২৮) নামৰ যুৱকজনক ভগ্নীৰ সন্মুখতে ৮ জনীয়া এটা দুৰ্বৃত্তৰ দলে মাৰপিট কৰি দীৰ্ঘ সময়ৰ বাবে এখন বালেন’ গাড়ীৰ ডিকিত ভৰাই থৈছিল৷ বন্ধ গাড়ীৰ ভিতৰত প্ৰায় ৪ ঘণ্টা আবদ্ধ হৈ থকাৰ পাছত মুমূৰ্ষু অৱস্থাত উলিয়াই অনাৰ সময়টো ভগ্নীৰ সন্মুখতে দলটোৱে মাৰধৰ কৰাত প্ৰাঞ্জলৰ মৃত্যু ঘটাৰ অভিযোগ তুলিছে ভুক্তভোগী…

নামচাইত বিজেপি নেতাৰ পেট্ৰল ডিপোৰ কেচিয়াৰক অপহৰণ

শতাব্দ প্ৰিতিনিধ, তিনিচুকীয়া, ২৭ এপ্ৰিলঃ অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ মমং গাঁৱৰ এটা পেট্ৰল ডিপোৰ পৰা বুধবাৰে নিশা মাৰণাস্ত্ৰধাৰী যুৱকৰ দলে এজন কৰ্মচাৰীক অপহৰণ কৰাৰ লগতে আন এজনক গুলীয়াই গুৰুতৰভাৱে আহত কৰাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ উক্ত পেট্ৰল ডিপোটোৰ স্বত্বাধিকাৰ নামচাই জিলাৰ চংখামৰ বিজেপি দলৰ জিলা পৰিষদ সদস্য চাও জেনিয়া নামচুম বুলি প্ৰকাশ ৷ বুধবাৰে নিশা প্ৰায় ৭.৫০ বজাত পেট্ৰল ডিপোটোত প্ৰৱেশ কৰা অত্যাধুনিক মাৰণাস্ত্ৰৰে সু-সজ্জিত তিনিজনীয়া যুৱকৰ দলটোৱে ডিপোটোত কেচিয়াৰ হিচাপে কৰ্মৰত বিহাৰৰ মুজাফৰপুৰৰ দিনেশ কুমাৰ…

জৈৱ বৈচিত্ৰ সংৰক্ষণৰ গুৰুত্বপূৰ্ণ বিষয়েৰে দৰংমহাবিদ্যালয়ত দুদিনীয়াকৈ আৰম্ভ আন্তঃৰাষ্ট্ৰীয় কৰ্মশালা 

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৬ এপ্ৰিলঃ উত্তৰ-পূৱ ভাৰতৰ জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ বিষয়ে ছাত্ৰ-ছাত্ৰী, গৱেষকসকলৰ যোগ্যতা উত্তৰণ  আৰু অগ্ৰিম বৃত্তিগত অধ্যাপকসকলৰ উন্নয়নৰ ওপৰত  UN-SDGs ৰ সহযোগত দৰং মহাবিদ্যালয়ত আজিৰে পৰা দুদিনীয়াকৈ  অনুষ্ঠিত হৈছে অতি গুৰুত্বপূৰ্ণ এখন আন্তঃৰাষ্ট্ৰীয় কৰ্মশালা।দৰং মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান, উদ্ভিদ বিজ্ঞান আৰু ভূগোল বিজ্ঞান বিভাগৰ সামূহিক প্ৰচেষ্টাত তথা দৰং মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষ (IQAC) আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ যৌথ  সহযোগত অনুষ্ঠিত হোৱা এই…