Browsing Category

অসম

তেজপুৰত কংগ্ৰেছৰ জয় ভাৰত সত্যাগ্ৰহ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,২৬এপ্ৰিলঃ তেজপুৰৰ হলেশ্বৰত আজি শোণিতপুৰ জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোৱা  “জয় ভাৰত সত্যাগ্ৰহ” কাৰ্যসূচীত অংশ গ্ৰহণ অসম প্ৰদেশ কংগ্ৰেছৰ সভিপতি ভূপেন  বৰাই বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে৷বিজেপি চৰকাৰৰ জনবিৰোধী নীতি সমূূূহৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবলৈ শোণিতপুৰ জিলা কংগ্ৰেছৰ  এই কাৰ্যসূচীত বুথ আৰু মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়া সকলে উপস্থিত আছিল৷উল্লেখযোগ্য যে সভাত অংশলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই কয় যে,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্তাৰত উঠি ঘূৰি ফুৰা দেখি, তেওঁৰ চাৰিওকাষে মন্ত্ৰী…

১ মে’ত গোগামুখত সন্মিলিত গণশক্তিৰ শ্ৰমিক অভিবৰ্তন

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২৬ এপ্ৰিলঃ সন্মিলিত গণ শক্তি অসমৰ উদ্যোগত আৰু সন্মিলিত শ্ৰমিক শক্তি অসমৰ সহযোগত অহা ৰ মে’ত আন্তৰ্জাতিক শ্ৰমিক দিৱসটি এইবাৰ গোগামুখৰ আৱতানি লত্তাত এখন বিশাল শ্ৰমিক অভিবৰ্তনৰ আয়োজন কৰা হৈছে৷ শ্ৰমিকসকলৰ অধিকাৰ সন্দৰ্ভত সজাগতা আনি এক সু-সংগঠিত ঐক্যবদ্ধ শ্ৰমিক সংগ্ৰাম গঢ়ি তোলাৰ লক্ষ্যৰেই সন্মিলিত গণশক্তি অসমৰ ষষ্ঠ ত্ৰি-বাৰ্ষিক ঢকুৱাখনা অধিৱেশনৰ ভাতৃ সংগঠন হিচাপে সন্মিলিত শ্ৰমিক শক্তি অসম গঠন কৰা হয়৷ শ্ৰমিক আইন আৰু এই আইনে শ্ৰমিক সকলক প্ৰদান কৰা সা-সুবিধা তথা অধিকাৰ সম্পৰ্কে সৰহ সংখ্যক শ্ৰমিক তথা শ্ৰমিক…

বঙালমৰাত নকল সোণ-জাল নোটৰ অসাধু চক্ৰক আৰক্ষীৰ ৰক্ষণাবেক্ষণ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ,২৬ এপ্ৰিলঃ নকল সোণ আৰু জাল নোটৰ ঘাটিত পৰিণত হোৱা লখিমপুৰ জিলাৰ বঙালমৰাত সংঘটিত হৈ থকা বহু বিস্ফোৰক কাণ্ডৰ তথ্য আজি এগৰাকী মহিলাই নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত সংবাদমেলত দাঙি ধৰা কাৰ্যই সমগ্ৰ জিলাখনৰ আৰক্ষী মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে৷ বঙালমৰাৰ লগতে লখিমপুৰৰ একাংশ উচ্ছ পদস্থ আৰক্ষী বিষয়াই এই অসাধু চক্ৰটোক কেনেদৰে ৰক্ষণাবেক্ষণ দি আহিছে সেই তথ্যও সংবাদমেলত ৰাজহুৱা কৰে সাহসী মহিলাগৰাকীয়ে৷ বঙালমৰাৰ হাচিনা বেগম নামৰ এই মহিলাগৰাকীয়ে দীৰ্ঘদিনধৰি এনে অসাধু চক্ৰটোৰ বিৰুদ্ধে যুঁজ দি অহাৰ লগতে আৰক্ষীৰ উৰ্ধতম…

লখিমপুৰত আৰক্ষীৰ চকুত ধূলি দি চোৰৰ টিঘিল ঘিলনি

শতাব্দ প্ৰতনিধি‍, লখিমপুৰ, ২৬ এপ্ৰিলঃ বিগত কিছুদিন ধৰি লখিমপুৰ নগৰত চোৰৰ সঘন উপদ্ৰৱে সাধাৰণ জনতাৰ নিদ্ৰা হৰণ কৰিছে যদিও আৰক্ষী প্ৰশাসনে এই ক্ষেত্ৰত যেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে৷ লখিমপুৰ নগৰত এতিয়া প্ৰায়ে চুৰি কাৰ্য সংঘটিত হৈ আহিছে যদিও অপৰাধীক কৰায়ত্ত কৰাত আৰক্ষীয়ে ব্যৰ্থতা প্ৰদৰ্শন কৰি আহিছে৷ শেহতীয়াকৈ নগৰখনৰ আশে পাশে বিভিন্ন স্থানত গৃহস্থৰ বয়বস্তু চুৰিকে ধৰি গাড়ী-বাইক আদি চুৰি হৈ আহিছে যদিও আৰক্ষীয়ে চোৰ ধৰিবলৈ সক্ষম হোৱা নাই৷ দুদিন পূৰ্বে নগৰখনৰ পা ৰ্«ৱতী তথা হিন্দুগাঁৱত…

লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ  ২৫ এপ্ৰিল ; লখিমপুৰ  জিলা যুৱ কংগ্ৰেছৰ হৈ যোৱা সাধাৰণ নিৰ্বাচনৰ ফলাফল আজি ঘোষণা কৰা হয়। ঘোষিত ফলাফল অনুসৰি  প্ৰয়াত বিধায়ক লেখন লাহনৰ নাতি মৌচম লাহনে লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ সভাপতি পদত বিপুল ভোটত নিৰ্বাচিত হৈছে। নৱ নিৰ্বাচিত সভাপতি গৰাকীয়ে  সৰ্বমুঠ ৪৩৬১টা ভোট লাভ কৰে আৰু২২৫৯ ভোটৰ  ব্যৱধানত লক্ষীমপুৰ জিলাৰ সভাপতি পদত নিৰ্বাচিত হয়। নিৰ্বাচনত অৱতীৰ্ণ  প্ৰেমধৰ মিলিয়ে লক্ষীমপুৰ জিলা যুৱ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক পদত নিৰ্বাচিত হোৱাৰ লগতে  বলীন দলে আৰু মৃদু পেগুৱে উপ সভাপতি পদত নিৰ্বাচিত হয়।…

গুৱাহাটীত জাইকাৰ উচ্চস্তৰীয় প্ৰতিনিধি দলৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ বৈঠক

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৪ এপ্ৰিল : জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা এজেন্সী (জাইকা)ৰ আৰ্থিক সহযোগিতাৰে ৰূপায়ণ কৰিবলৈ লোৱা 'অসম স্বাস্থ্য আন্তঃগাঠনি সবলীকৰণ প্ৰকল্প' (এএইচআইডিপি) সন্দৰ্ভত টকিঅ'ৰ পৰা অসমলৈ অহা জাইকাৰ উচ্চস্তৰীয় প্ৰতিনিধি দল এটাৰ সৈতে আজি নিশা গুৱাহাটীৰ হোটেল ন'ভ'টেলত এক সৌহাৰ্দপূৰ্ণ আলোচনাত মিলিত হয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। জাইকাৰ টকিঅ'স্থিত মুখ্য কাৰ্যালয়ৰ মানৱ সম্পদ উন্নয়ন বিভাগৰ সঞ্চালিকা মিছ চাট'ৰ নেতৃত্বত অহা প্ৰতিনিধি দলটোত আছিল জাইকাৰ স্বাস্থ্যসেৱা বিশেষজ্ঞ ইছ'ন', মানৱ সম্পদ বিভাগৰ…

লখিমপুৰত ধুমুহাত তচনচ বহু আধৰুৱা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৪ এপ্ৰিলঃ ৰবিবাৰে লখিমপুৰত অহা এজাক প্ৰচণ্ড ধুমুহা বতাহে বহু গৃহ তচনচ কৰি পেলোৱাৰ লগতে বিদ্যুৎ সংযোগো বিছিন্ন কৰে৷ বিধবংসী ধুমুহা বতাহৰ ফলত বহু গছ-গছনি উভালি পৰি বিস্তৰ ক্ষতি সাধন কৰে৷ পৰিতাপৰ কথা যে এনে ধুমুহা বতাহে জিলাখনৰ একাংশ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ বিস্তৰ ক্ষতি সাধন কৰে৷ জিলাখনৰ চাবতি, বগলীজান, কমলাবাৰীয়া, লখিমপুৰ, পানীগাঁও, উত্তৰ তেলাহী, আজাদ, ঘূনাসুঁতি আদি গাঁও পঞ্চায়তৰ বহু আধৰুৱা প্ৰধানমন্ত্ৰী আৱাস গৃহ তচনচ কৰি পেলোৱাত দৰিদ্ৰ হিতাধিকাৰীসকলৰ মাজত হাহাকাৰ লাগে৷ পৰিতাপৰ কথা যে এনে…

ধুমুহাত বিধ্বস্ত তিনিচুকীয়ালৈ ঘূৰি অহা নাই স্বাভাৱিক পৰিস্থিতি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৪ এপ্ৰিল : শনিবাৰে নিশা অহা বিধ্বংসী ধুমুহা তথা শিলাবৃষ্টিৰ পাছত দেওবাৰে সন্ধিয়া পুনৰ এজাক প্ৰচণ্ড ধুমুহাই কোবাই যোৱা তিনিচুকীয়া জিলালৈ এতিয়াও স্বাভাৱিক পৰিস্থিতি ঘূৰি অহা নাই ৷ উল্লেখ্য যে শনি আৰু দেওবাৰৰ ধুমুহা তথা শিলাবৃষ্টিত তিনিচুকীয়া চহৰৰ লগতে তিনিচুকীয়া আৰু ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত বহু গাওঁ ব্যাপক ক্ষয়ক্ষতিৰ সন্মুখীন হৈছে ৷ বাটেপথে উভালি পৰিছে অসংখ্য সৰুবৰ গছ ৷ বিধ্বস্ত হৈছে বিস্তীৰ্ণ খেতিপথাৰ ৷ জিলা প্ৰশাসনে ধুমুহাত ক্ষতিগ্ৰস্ত এলেকাসমূহৰ পৰা উভালি পৰা গছ আতৰাই বাট-পথ মুকলি কৰাৰ…

ঢেকিয়াজুলিত অংগনবাড়ী কৰ্মী সহায়িকাৰ বিক্ষোভ কাৰ্যসূচী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৪ এপ্ৰিলঃ ঢেকিয়াজুলি সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত আজি অংগনবাড়ী কৰ্মী আৰু সহায়িকা সকলে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷উল্লেখ্য যে অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ ঢেকিয়াজুলি প্ৰকল্পৰ উদ্যোগত আজি এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷অংগনবাড়ী কৰ্মী আৰু সহায়িকা সকলক পৰিশ্ৰমৰ মূল্য মাননিৰ পৰিবৰ্তে মজুৰি হিচাপে প্ৰদান কৰাৰ লগতে অংগনবাড়ী কৰ্মী আৰু সহায়িকা সকলক চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি প্ৰদান কৰাৰ দাবীত আজি এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷আজিৰ বিক্ষোভ কাৰ্যসূচীত ঢেকিয়াজুলিৰ বিভিন্ন অঞ্চলৰ…