Browsing Category
অসম
নাবালক প্ৰেমিকৰ স’তে গুচি অহা যুৱতীৰ এনজিঅ’ৰ তত্বাবধানত থকাৰ সময়তে আত্মহত্যা তেজপুৰত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৩এপ্ৰিলঃ এগৰাকী নাবালকৰ স’তে থকা প্ৰেমৰ সম্পৰ্ক আৰু ইয়াৰ পৰিণতিত এগৰাকী যুৱতী কালি ঘৰৰ পৰা নাবালকজনৰ স’তে পলাই অহাৰ পাছত নাবালকৰ পৰিয়ালে দুয়োকে তেজপুৰৰ মহাভৈৰৱ আৰক্ষী চকীত গতাই দিয়া আৰু আৰক্ষীয়ে নিশাটো যুৱতীক এটা চৰকাৰী স্বীকৃতিপ্ৰাপ্ত স্বেচ্ছাসেৱী সংস্হাক অৰ্পণ কৰাৰ বিপৰীতে আজি পুৱা যুৱতীগৰাকীয়ে আত্মহত্যা কৰা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,তেজপুৰৰ গোটলোং নিবাসী আখতাৰ হুছেইনৰ ১৬বছৰীয়া পুত্ৰৰ স’তে থকা প্ৰেমৰ সম্পৰ্কৰ পৰিণতিত নগাঁৱৰ আমবাগান অঞ্চলৰ নাজিমা খাতুন নামৰ…
চিত্ৰলেখাৰ নগৰী তেজপুৰত এদল সম্ভৱনাপূৰ্ণ চিত্ৰশিল্পীৰ আত্মপ্ৰকাশ
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২৩ এপ্ৰিল : চিত্ৰলেখাৰ নগৰী তেজপুৰত চিত্ৰকলাৰ এক বিপুল সম্ভাৱনা প্ৰকট কৰি ৪২ গৰাকীকৈ শিশু আৰু চেমনীয়াৰ তিনিদিনীয়া আকৰ্ষণীয় চিত্ৰকলাৰ প্ৰদৰ্শনী এখন আজি শুভাৰম্ভ হয় তেজপুৰৰ অসমীয়া ক্লাবৰ আৰ্ট গেলেৰীত। উল্লেখ্য যে তেজপুৰৰ দক্ষ চিত্ৰশিল্পী ৰুণাল ৰাজবংশীৰ তৎপৰতাত গঢ়ি উঠা "গীৰা ইংক ষ্টুডিঅ" নামৰ চিত্ৰকলাৰ শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থী সকলে অংশ গ্ৰহন কৰা আৰু শতাধিক আকৰ্ষণীয় চিত্ৰৰ সমাহাৰেৰে আজিৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত এই প্ৰদৰ্শনী আজি আনুষ্ঠানিক ভাৱে ফিটা কাটি উদ্বোধন কৰে ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ…
৯৩ বৰ্ষত ভৰি দিলে তেজপুৰৰ দুৰন্ত তৰুণ, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোক চিত্ৰশিল্পী নলিনী বৰুৱাই
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২২ এপ্ৰিল :তেজপুৰৰ দুৰন্ত তৰুণ গৰাকীয়ে আজি ৯৩ বৰ্ষত ভৰি দিলে। তেজপুৰৰ লগতে জিলাখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত অতি জনপ্ৰিয়, তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰনী ব্যক্তিত্ব, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোক চিত্ৰশিল্পী নলিনী বৰুৱাই ৯২ টা বসন্ত গৰকী ৯৩ ত ভৰি দিয়াৰ দিনটোত আজি তেজপুৰ সাহিত্য সভা আহুত "নলিনী বৰুৱালৈ ওপজা দিনৰ ওলগ" শীৰ্ষক অনুষ্ঠানত তেজপুৰ সাহিত্য সভাৰ লগতে তেজপুৰৰ বহুকেইটা অনুষ্ঠান আৰু ব্যক্তিয়ে গামোচা, ফুলৰ টোৰা, গ্ৰন্থ আদিৰে ওলগ জ্ঞাপন কৰে। তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতাৰ…
স্বৰ্গদেউ প্ৰমত্ত সিংহ সাংস্কৃতিক বঁটা প্ৰদান
ঐতিহাসিক ৰংঘৰৰ বাকৰিত আয়োজিত সাত বিহুৰ সামৰণি অনুষ্ঠানত বিশিষ্ট লোকসংস্কৃতিৰ গৱেষক ড° অনিল শইকীয়ালৈ ২০২৩ বৰ্ষৰ স্বৰ্গদেউ প্ৰমত্ত সিংহ সাংস্কৃতিক বঁটা দিয়াৰ দৃশ্য।
সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ভাস্কৰ বৰ্মা সংস্কৃত ও পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ ব্যাপক তৎপৰতা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ২২ এপ্ৰিল: ভাৰতত সংস্কৃত ভাষাৰ ব্যাপক প্ৰচলন আৰু সংস্কৃত ভাষাৰ শিক্ষাৰে শিক্ষিত কৰি তোলাৰ বাবে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত ও পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উদ্যোগত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে । সেই মহৎ উদ্দেশ্যৰে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত ও পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অধীনত তেজপুৰ চহৰৰ সমীপস্থ বাম-পৰ্বতীয়াস্থিত শোণিতপুৰ প্ৰাচ্য বিদ্যালয়ত কালিৰ পৰা দহদিনীয়াকৈ শোণিতপুৰ প্ৰাচ্য বিদ্যালয়ৰ উদ্যোগত সংস্কৃত ভাৰতীৰ সহযোগত সংস্কৃত সম্ভাষণ শিবিৰৰ শুভ উদ্বোধন কৰা হয়। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি,…
ৰঙাপৰা মহাবিদ্যালয়ৰ সেউজ বাকৰিত “এবেলা ব’হাগ” স্মৰণীয় অনুষ্ঠান সম্পন্ন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২২ এপ্ৰিল : ৰঙাপৰা মহাবিদ্যালয়ৰ সেউজ বাকৰিত কালি আনন্দ - উল্লাসৰ মাজেৰে অনুষ্ঠিত হয় 'ব'হাগৰ এবেলা' শীৰ্ষক এক আকৰ্ষণীয় অনুষ্ঠান। উল্লেখ্য যে, ব'হাগৰ এবেলা শীৰ্ষক কাৰ্যসূচীৰ লগতে অসম কলেজ অধ্যক্ষ পৰিষদৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাও একেলগে অনুষ্ঠিত হয়। পৰিচালনা সমিততিৰ সভনেত্ৰী ডo চাৰু চহৰীয়া নাথ, অধ্যক্ষ পৰিষদৰ সভাপতি ডo সৌমাৰজ্যোতি মহন্ত প্ৰমুখ্যে কেইবাগৰাকী অধ্যক্ষ, মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ উপস্থিতিত উদযাপিত হয় এই স্মৰণীয় অনু়ষ্ঠান।ব'হাগৰ এবেলাৰ অন্তত ৰঙাপৰা মহাবিদ্যালয়ত অসম কলেজ অধ্যক্ষ…
বিপুল চেতিয়া ফুকনলৈ “তৰুণ চন্দ্ৰ বৰা স্মাৰক বঁটা”
শতাব্দ ষ্টাফৰিপৰ্টাৰ তেজপুৰ , ২২ এপ্ৰিল : লোক সংস্কৃতিৰ সেৱক বুলিলে আমি তৰুণ ওজাৰ দৰে অতি সৰল সহজ শিল্পীৰ কথাই কব লাগিব। প্ৰবল জাতীয়তবাদী এই গৰাকী লোক কৃষ্টিৰ সাধক অসমৰ প্ৰতিটো জাতীয় আন্দোলনৰ সৈতে নিজৰ ঢোলটো লৈয়েই অতি ঘনিষ্ঠ ভাবে জৰিত হৈ পৰিছিল। কৃষ্টি হৈছে মানুহ জীয়াই থকাৰ, জীৱন পদ্ধতিৰ এক গতি। আমাৰ সংস্কৃতিক, আমাৰ ঐতিহ্য আমি সংৰক্ষণ কৰিব লাগিব, সমৃদ্ধ কৰিব লাগিব বুলি আজি বিয়লি তেজপুৰত মন্তব্য কৰে প্ৰাক্তন শিক্ষামন্ত্ৰী তথা তেজপুৰৰ ত্ৰিমূৰ্তি উদ্যান সমিতিৰ সভাপতি বৃন্দাবন গোস্বামীয়ে। উল্লেখ্য যে তেজপুৰৰ লোকশিল্পী, ঢোলৰ…
আদালতলৈ অনাৰ পথত তেজপুৰৰ পৰা পলায়ন কৰা দুধৰ্ষ কয়দীক সাত মাহৰ পাছত গ্ৰেপ্তাৰ চণ্ডীগড়ত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২২এপ্ৰিলঃ এটা হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি লাভ কৰাৰ লগতে ধৰ্ষণ,লুণ্ঠনৰ দৰে বিভিন্ন অপৰাধৰে জড়িত বুলি অভিযুক্ত ভাস্কৰ নাথ নামৰ এক পলাতক কয়দী তথা অপৰাধীক চণ্ডিগড়ৰ পৰা গ্ৰেপ্তাৰ কৰিছে শোণিতপুৰ আৰক্ষীয়ে৷উল্লেখযোগ্য যে,তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ভাস্কৰে ২০২২ৰ শেষৰ ফালে কাৰাগাৰৰ ভিতৰত ড্ৰাগছৰ বেহা চলাৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে কাৰাগাৰৰ ভিতৰত এক মাৰপিটৰ ঘটনা সংঘটিত হয়৷ইয়াৰ পাছতে তেজপুৰৰ পৰা বিশ্বনাথ কাৰাগাৰলৈ স্হানান্তৰিত কৰা হয় ভাস্কৰক ৷তেজপুৰৰ কনাই বৰাচুক নিবাসী তথা মুক্ত…
এক বৃক্ষ দশ পুত্ৰৰ সমান : গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত এগৰাকী ব্যতিক্ৰমী বনকৰ্মী
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ২০ এপ্ৰিলঃ 'এক বৃক্ষ দশপুত্ৰৰ সমান'৷ এয়া ভাগৱতৰ বাণী ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৰ্মৰাজি আৰু আদৰ্শই যুগে যুগে অসমবাসীক অনুপ্ৰাণিত কৰি আহিছে ৷ গুৰুজনাই দি থৈ যোৱা বাণীক সৰোগত কৰি এজন বনকৰ্মীয়ে প্ৰকৃতিপ্ৰেমৰ নিদৰ্শন দাঙি ধৰি আহিছে ৷ চহকী কৰাৰ চেষ্টা কৰিছে প্ৰাকৃতিক পৃথিৱীখনক ৷ আধ্যাত্মিক চিন্তা-চেতনাৰ মাজেৰে জীৱন জীয়াই থকা ত্ৰিগুণ তালুকদাৰ নামৰ বনকৰ্মীগৰাকীৰ জন্ম সূত্ৰে হোজাই যদিও বৰ্তমান কলিয়াবৰ বাসিন্দা। কৰ্মসূত্ৰে সম্প্ৰতি তেওঁ বাস কৰি আছে বিশ্বনাথৰ বিহালী সমষ্টিৰ বৰগাঙত ৷ মহাপুৰুষ গুৰুজনাই…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত জুম্বা প্ৰদৰ্শন
উত্তৰ লখিমপুৰ, ২০ এপ্ৰিলঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ শাৰীৰিক সুস্থতা আৰু সুস্বাস্থ্যৰ বাবে আজি জুম্বা ফিটনেছৰ এক অনুশীলন প্ৰদৰ্শন কৰা হয়। মহাবিদ্যালয়খনৰ শাৰীৰিক আৰু মানসিক সুস্থতা কোষে উত্তৰ লখিমপুৰৰ পি এইচ জুম্বা ফিটনেছ চেণ্টাৰৰ সহযোগত আয়োজন কৰা এই অনুশীলন কাৰ্যসূচী উদ্বোধন কৰে মহাবিদ্যালয়খনৰ উপাধ্যক্ষ গোপাল কুমাৰ চেত্ৰীয়ে। অনুষ্ঠানৰ আৰম্ভণি কৰে ধেমাজি কেন্দ্ৰৰ পৰা অহা জুম্বা প্ৰশিক্ষক প্লাবিতা হাজৰিকাই। উত্তৰ লখিমপুৰৰ পি এইচ জুম্বা ফিটনেছ চেণ্টাৰৰ প্ৰশিক্ষক ৰামা…
