Browsing Category
অসম
ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’লৈ সন্মান
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২০এপ্ৰিলঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ', অসমৰ তিনিচুকীয়া শাখাক জিলা আইন সেৱা প্ৰাধিকৰণ তিনিচুকীয়াই সংস্থাৰ সামাজিক দায়বদ্ধতাৰ লগতে মানৱ অধিকাৰৰ সুৰক্ষা আৰু ন্যায্যতা প্ৰাপ্তিৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকাৰে উৎকৃষ্ট কৰ্মাজিৰ বাবে সন্মানিত কৰে। সংস্থাৰ জামুগুৰিহাটস্থ ৰাজ্যিক সংবাদ বিষয়া মৃন্ময় কুমাৰ নাথে জানিবলৈ দিয়া মতে আনুষ্ঠানিক মানপত্ৰ প্ৰদান কাৰ্যসূচীত তিনিচুকীয়া জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব এফ ইউ চৌধুৰীকে ধৰি অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে। অনুষ্ঠানটিত জিলা আইন সেৱা…
তেজপুৰৰ গটঙাৰ এটা বিধ্বস্ত পথ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২০ এপ্ৰিলঃ ৰাজ্যৰ সকলোক্ষেত্ৰতেই উন্নয়ন হোৱাৰ বিজ্ঞাপনৰ বিপৰীতে ৰাজ্যত এনে বহু অঞ্চল আছে য’ত বহুল প্ৰচাৰিত উন্নয়নৰ সামান্যতম প্ৰভাৱো পৰা নাই৷তেজপুৰ বিধান সভা সমষ্টি অন্তৰ্গত তথা চহৰৰ কাষৰে গটঙা অঞ্চলৰ এটা পথৰ দূৰৱস্হাই উন্নয়নৰ প্ৰকৃত ছবিখন উদঙাই দিছে৷অঞ্চলটোৰ ডেকাৰগাঁও তামুলিজান পথ আৰু মিছন চাৰিআলি বাইপাছ পথৰ দীৰ্ঘদিনীয়া দূৰৱস্হাৰ বিপৰীতে আজিলৈকে ইয়াৰ নিৰ্মাণৰ কোনো ব্যৱস্থা কৰা নহ’ল৷উল্লেখযোগ্য যে,বৰ্তমান লোকনিৰ্মান বিভাগৰ অধীনস্থ পথটো পূৰ্বে পঞ্চায়তৰ অধীনৰ এক পথ আছিল বুলি স্হানীয় লোকে সদৰি…
তেজপুৰত দুই কিশোৰীৰ সলিল সমাধি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২০ এপ্ৰিল : তেজপুৰত আজি সংঘটিত এক শোকাৱহ ঘটনাত দুই কিশোৰী নিহত হৈছে৷তেজপুৰৰ শ’লমৰাৰ আঁহতগুৰি বালিটিকাত নিজ ঘৰৰ পুখুৰীত গা ধোৱা অৱস্হাত পুখুৰীটোত ডুব যায় ১৬ বছৰীয়া মৰ্জিনা বেগম আৰু ১১ বছৰীয়া মঞ্জিলা বেগম৷এই ঘটনাত অঞ্চলটোত হুৱাদুৱা লাগে আৰু দুই কিশোৰীক স্হানীয় লোকে উদ্ধাৰৰ চেষ্টা চলাই য’দিও যথেষ্ট পলম হয়৷ ইতিমধ্যে দুই কিশোৰীৰ মৃত্যু ঘটে৷ পাছত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালৈ লৈ অনা হয়৷ঘটনা সন্দৰ্ভত নিহত কিশোৰী দ্বয়ৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি আজি দিনৰ…
তেজপুৰৰ শিক্ষক শিকন মহাবিদ্যালয়ত ৰঙালী বিহুৰ বাৰেৰহনীয়া অনুষ্ঠান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২০ এপ্ৰিল : তেজপুৰৰ শিক্ষক শিকন মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু অধ্যক্ষৰ উদ্যোগত কালি শিক্ষানুষ্ঠানখনৰ চৌহদত অনুষ্ঠিত হৈ যায় ৰঙালী বিহুৰ আকৰ্ষণীয় কাৰ্যসূচী। শিক্ষাৰ্থী অৰ্থাৎ প্ৰশিক্ষাৰ্থী সকলে বিহুনাম, বিহুনাচ, হুঁচৰি আৰু বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰি মহাবিদ্যালয় চৌহদত এক অনন্য পৰিৱেশৰ সূচনা কৰে। অধ্যাপক সুৰজিত মহন্তৰ তত্বাৱধানত প্ৰশিক্ষাৰ্থী সঞ্জীৱ শৰ্মা আৰু বৰ্ষা শইকীয়াই আঁত ধৰা অনুষ্ঠানটি উদ্বোধন কৰে শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ অজয় কাণ্ডুলনাই। লোক সংস্কৃতিৰ গৱেষক, লেখক প্ৰবীণ গগৈ…
বিহুৰ বতৰত অহা বৰদৈচিলাই অসমীয়া জাতিক দি থৈ যায় সাহস – ডাঃ অঞ্জনজ্যোতি চৌধুৰী
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২০ এপ্ৰিল:বিহুৰ পাঁচটা ৰূপ আছে। এই পাঁচটা ৰূপেই "ব" আখৰৰ। বিহু বিনন্দীয়া। বিনন্দীয়া মানে ৰং ৰহইচ। মেঘৰ গিৰ্জনিৰ পৰা ঢোলৰ চেও, চৰাই - চিৰিকতিৰ বিভিন্ন মাতৰ পৰা পেঁপাৰ মাত। সেইদৰে আন এটা বিহুৰ ৰূপ বৰষুণ। বৰষুণে সকলোৰে হৃদয়খন ধুই নিকা কৰি থৈ যায়। আন এটা ৰূপ বৰদৈচিলা। বৰদৈচিলাই জাতিটোক সাহস দি থৈ যায়। বিহুৰ আন এটা ৰূপ বান্ধোন। এই বান্ধোন প্ৰকৃতিৰ সৈতে বান্ধোন। আনহাতে বিহুৰ আনটো ৰূপ হ'ল বোধন। এই ৰূপে সকলো লোকৰ অন্তৰত নতুন নতুন চিন্তাৰ উদ্ৰেক ঘটাই বুলি কালি তেজপুৰত মন্তব্য কৰে বিশিষ্ট শিল্পী, লেখক,…
তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ত আছা, আওপাৰ উত্তাল প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৯ এপ্ৰিল : তিনিচুকীয়া জিলাৰ বৰডুবি আৰক্ষী থানাৰ অন্তৰ্গত এগৰাকী ১৩ বছৰীয়া নাবালিকাক যোৱা ২০ মাৰ্চত এজন পঞ্চাছউৰ্ধৰ ব্যক্তিয়ে ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ তুলি ২১ মাৰ্চত নাবালিকাগৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা বৰডুবি থানাত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে আজিপৰ্যন্ত ধৰ্ষণত জড়িত থকা বুলি দাবী কৰা সমুন্দ্ৰে ৰায়ক গ্ৰেপ্তাৰ নকৰাত প্ৰতিবাদত আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) আৰু সদৌ অসম আদিবাসী মহিলা শক্তিৰ (আওপা) তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত বহু সংখ্যক যুৱক-যুৱতী, পুৰুষ-মহিলাই তিনিচুকীয়াৰ উপায়ুক্তৰ…
মনিষা বড়োৰ হত্যাকাৰীক ফাঁচিৰ দাবী
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৯এপ্ৰিলঃ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ওপৰত হোৱা আতিশয্য প্ৰতিৰোধী আইন ১৯৮৯ৰ ধাৰা তেজপুৰত জঘন্য হত্যাকাণ্ডৰ বলিহোৱা মনিষা বড়োৰ হত্যাৰ গোচৰত সংযোগ কৰাৰ লগতে হত্যাকাৰীক ফাঁচি দিয়াৰ দাবী জনোৱা হৈছে৷ আজি এই সন্দৰ্ভত এবছুৰ ঠেলামৰা আঞ্চলিক সমিতিয়ে শোণিতপুৰৰ উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে৷উল্লেখযোগ্য যে,ইয়াৰ পাছতে আজি দিনৰ প্ৰায় ১-৩০বজাত তেজপুৰস্হ শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নত আয়োজিত এক সংবাদমেলত সদৌ অসম জনজাতি ছাত্ৰ সন্হাৰ উপদেষ্টা ৰাজু দেউৰী, ট্ৰাইবেল সংঘৰ শোণিতপুৰ জিলা সমিতিৰ যুটীয়া…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত ছাত্ৰীৰ বাবে আত্মৰক্ষাৰ প্ৰশিক্ষণ
উত্তৰ লখিমপুৰ, ১৮ এপ্ৰিলঃ আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত কন্যা ছাত্ৰীৰ বাবে আত্মৰক্ষাৰ দক্ষতাৰ এক প্ৰশিক্ষণৰ আয়োজন কৰা হয়। মহাবিদ্যালয়খনৰ শাৰীৰিক আৰু মানসিক সুস্থতা কোষৰ উদ্যোগত আৰু উত্তৰ-পূৱ যোগাসন প্ৰশিক্ষণ আৰু শাৰীৰিক স্বাস্থ্য যত্ন কেন্দ্ৰ, উত্তৰ লখিমপুৰৰ সহযোগত আয়োজিত প্ৰশিক্ষণ কাৰ্য্যসুচীৰ উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই। অনুষ্ঠানত মহাবিদ্যালয়খনৰ অংশগ্ৰহণকাৰী কন্যা ছাত্ৰ-ছাত্ৰীসকলক শাৰীৰিক দক্ষতা আৰু প্ৰতিৰক্ষামূলক দিশৰ বিভিন্ন পদক্ষেপ আৰু দক্ষতা প্ৰদৰ্শন আৰু অনুশীলন কৰোৱা হয়। অধিৱেশনখন…
মনিষা হত্যাৰ মূল অভিযুক্ত দেৱাশীষকক পাঁচদিনলৈ তেজপুৰ আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৮এপ্ৰিলঃ তেজপুৰৰ ঊষানগৰৰ এটা ভাড়াঘৰত পঞ্জাৱ নেছনেল বেংকৰ তেজপুৰ শাখাৰ কৰ্মচাৰী মনিষা বড়োৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ঠেলামৰাৰ দেৱাশীষ কৰে আৰক্ষীৰ তদন্তত এইপৰ্যন্ত মুখ খোলা নাই৷ উল্লেখযোগ্য যে,১৩ এপ্ৰিলৰ নিশা ঊষানগৰৰ ভাড়াঘৰত হত্যা কৰা ২৫বছৰীয়া সুন্দৰী আৰু মেধাবী যুৱতীগৰাকীৰ নিথৰ দেহ ১৪এপ্ৰিলত উদ্ধাৰ কৰা হৈছিল৷ঘটনা সন্দৰ্ভত নিহত মনিষাৰ পৰিয়ালে দেৱাশীষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল আৰু আৰক্ষীয়ে ঘটনা সন্দৰ্ভত মনিষাৰ আন এজন সহকৰ্মী তথা দেৱাশীষ মনিষাৰ ভাড়াঘৰত প্ৰৱেশ কৰাৰ সময়ত তাতে থকা…
ঘিলামৰাত কৃতী শিক্ষয়িত্ৰী-ধৰ্মপ্ৰাণা মহিলাৰ মৃত্যু
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৮ এপ্ৰিলঃ লখিমপুৰ জিলাৰ ঘিলামৰা বৰজান চাপৰি নিবাসী অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী তথা ধৰ্মপ্ৰাণা মহিলা ইন্দুপ্ৰভা গগৈ ৰ আজি পুৱতি নিশা ৩.৩০ বজাত নিজ বাসগৃহত মৃত্যু হয়৷ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱতি লোৱা মহিলাগৰাকীৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে৷ তেওঁৰ মৃত্যুত ঘিলামৰা জ্যেষ্ঠ নাগৰিক সংস্থা, সদৌ ঘিলামৰা আঞ্চলিক ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ঘিলামৰা আঞ্চলিকৰ লগতে বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনোৱাৰ লগতে অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে৷…
