Browsing Category
অসম
কলকাতাত “অসম ছছিঅ’ লিটাৰেৰী ক্লাব”ৰ উদ্যোগত ৰঙালী বিহু সম্পন্ন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৮ এপ্ৰিল: সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ লগতে একাংশ কৃতবিদ্য অসমীয়াৰ প্ৰযত্নত ১৮৭২ চনতে কলিকতাত গঢ়ি উঠা "অসম ছছিঅ' লিটাৰেৰী ক্লাব"এ পৰম্পৰা অনুসৰি প্ৰতি বছৰে পালন কৰি অহা ৰঙালী বিহুৰ বাৰেৰহনীয়া কাৰ্যসূচীৰ মাজত এইবাৰ ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটাৰে বিভূষিত উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ তথা তেজপুৰৰ বিহগুৰিৰ চন্দ্ৰনাথ শৰ্মা স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মিনাক্ষী গোস্বামীক বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। কলকাতা অসম ভৱনৰ যুটীয়া আৱাসিক আয়ুক্ত তাপস দেৱ, জনপ্ৰিয় অভিনেত্ৰী জয়া শীল,…
তেজপুৰত ৰঙালী বিহুৰ পাৰভঙা উছাহ
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ১৮ এপ্ৰিল : তেজপুৰৰ চৌদিশে ৰঙালী বিহুৰ পাৰভঙা উছাহ। প্ৰত্যেকখন বিহু তলীতে গৰু বিহুৰ দিনটোৰ পৰা ৰঙালী বিহুৰ পৰম্পৰাগত কাৰ্যসূচীৰ সমান্তৰাল ভাৱে নিশাৰ সাংস্কৃতিক অনুষ্ঠান, মুকলি বিহু প্ৰতিযোগিতা, অন্যান্য প্ৰতিযোগিতা আদিৰে মুখৰিত হৈ পৰাৰ সময়তে কালি তেজপুৰৰ জয়মতী পথাৰৰ হীৰক জয়ন্তী বৰ্ষৰ পশ্চিম তেজপুৰ ৰঙালী বিহু সন্মিলনৰ মুকলি বিহু প্ৰতিযোগিতা আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰি একপ্ৰকাৰ নষ্টালজিক হৈ পৰিল অসমৰ জনপ্ৰিয় অভিনেত্ৰী চেতনা দাস। উদযাপন সমিতিৰ সভাপতি মহেন্দ্ৰ নাথ কেওঁট, সম্পাদক ঈষান বৰা, আন আন…
“বিহুৰ দস্তাবেজ” ৰ স্ৰষ্টা তেজপুৰৰ প্ৰবীণ গগৈৰ আত্মজীৱনীমূলক গ্ৰন্থ “বোৱঁতী নদীৰ দৰে” উন্মোচন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৬ এপ্ৰিল: অসমীয়া লোক সংস্কৃতিৰ বিশিষ্ট গৱেষক, বিশেষকৈ বিহুৰ সকলো লোকাচাৰ বা পৰম্পৰাৰ ওপৰত গৱেষণা অব্যাহত ৰখা, "বিহুৰ দস্তাবেজ", "আমাৰ বিহু ভাঙোতা নাই" ৰ দৰে গুৰুত্বপূৰ্ণ গ্ৰন্থৰ স্ৰষ্টা চাৰিকুৰি চাৰি বছৰীয়া তেজপুৰৰ প্ৰবীণ গগৈয়ে শেহতীয়াকৈ ৰচনা কৰি উলিওৱা আত্মজীৱনীমূলক এখন গ্ৰন্থ "বোৱঁতী নদীৰ দৰে" আজি গোঁসাই বিহুৰ দিনটোতে তেজপুৰৰ একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত উন্মোচন হয় তেজপুৰ মাজগাঁওস্হিত নিজৰ বাসগৃহতে। উল্লেখ্য যে, নিজৰ পাঁচগৰাকী কন্যাৰ "পঞ্চকন্যা প্ৰকাশনে" অতি দৃষ্টান্তমূলক ভাৱে প্ৰকাশ…
শোণিতপুৰ জিলা কবি সন্মিলনৰ বহাগী বৰণ অনুষ্ঠান
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬এপ্ৰিলঃ পহিলা ব’হাগৰ দিনটোত শোণিতপুৰ জিলা কবি সন্মিলনৰ সৌজন্যত তেজপুৰৰ সাহিত্য সভা ভৱনত "বহাগী বৰণ" শীৰ্ষক অনুষ্ঠানটো গাম্ভীৰ্যপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায়। শোণিতপুৰ জিলা কবি সন্মিলনৰ সভাপতি স্বপন মৈত্ৰৰ সভাপতিত্বত আদৰণি ভাষণ প্ৰদান কৰে জিলা কবি সন্মিলনৰ সম্পাদিকা সংগীতা ৰাজখোৱাই।অনুষ্ঠানত তেজপুৰ বিধান সভা সমষ্টিৰ বিধায়ক পৃথীৰাজ ৰাভা, সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলিমা চেতিয়া বসুমতাৰী, প্ৰাক্তন উপ-সভাপতি প্ৰদীপ কুমাৰ গাভৰুপৰীয়া, নতুন কবিতাৰ সম্পাদক মৃদুল কুমাৰ চহৰীয়া উপস্থিত…
অসম সাহিত্য সভাৰ “নিজৰ দিন” পালন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৬ এপ্ৰিল: কালি পহিলা ব'হাগ অৰ্থাৎ অসম সাহিত্য সভাৰ "নিজৰ দিন" উপলক্ষে তেজপুৰ সাহিত্য সভাই পুৱাৰ পৰা ঘৰে ঘৰে গৈ তেজপুৰৰ বিভিন্ন ক্ষেত্ৰৰ পাঁচগৰাকীকৈ সমাজলৈ বিশিষ্ট অৱদান আগবঢ়োৱা প্ৰবীণ ব্যক্তিক "নিজৰ দিন" ৰ ওলগ জ্ঞাপন কৰি সেৱা গ্ৰহণ কৰে। তেজপুৰ সাহিত্য সভাৰ সভাপতি, বিশিষ্ট শিক্ষাবিদ ৰমেশ চন্দ্ৰ কলিতা, উপসভাপতি নবীন চন্দ্ৰ লহকৰ, সম্পাদক দ্বীজেন নাথ, সহকাৰী সম্পাদক পল্লৱ ভট্টাচাৰ্য্য, প্ৰাক্তন সম্পাদক দেৱব্ৰত শৰ্মা, পংকজ বৰুৱা, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মহেন্দ্ৰ কুমাৰ নাথ,…
তেজপুৰৰ বান্দৰমাৰীত ৰংজালী বৈশাগু উদযাপন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬এপ্ৰিলঃ গৰু বিহুৰ দিনটোৰ পৰাই আৰম্ভ হৈছে বড়ো জনগোষ্ঠীৰ ৰংজালী বৈশাগু৷ তেজপুৰৰ বান্দৰমাৰী বৰঘোপ খেলপথাৰত ৰংজালী বৈশাগুৰ পতাকা উত্তোলনৰ পাছত বিভিন্ন খেলধেমালি পুৰুষ মহিলা সকলৰ মাজত অনুষ্ঠিত হোৱাৰ পাছত কালি প্ৰথম ব’হাগৰ দিনৰ পুৱা পশ্চিম তেজপুৰ আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত বৈশাগনি সাতসৗ অৰ্থাৎ ব’হাগৰ এদিন শীৰ্ষক এক অনুষ্ঠান আয়োজন কৰা হয়। এই অনুষ্ঠানত পশ্চিম তেজপুৰ আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা অঞ্চলটোৰ বয়োজ্যেষ্ঠ তথা শাৰীৰিক অসুস্থতাৰ বাবে ঘৰৰ পৰা বাহিৰলৈ যোৱাত অপাৰগ লোকসকলৰ ঘৰে ঘৰে গৈ…
তেজপুৰত “অসমীয়া ক্লাব” ৰ ১০৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৬ এপ্ৰিল : সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ স্মৃতি বিজড়িত ১৯১৫ চনতে গঢ় লৈ উঠা তেজপুৰৰ ঐতিহ্যমণ্ডিত অসমীয়া ক্লাবৰ ১০৯ বছৰীয়া প্ৰতিষ্ঠা দিৱস কালি পহিলা ব'হাগৰ দিনটোত ক্লাব প্ৰাঙ্গনত পূৰ্বৰ দৰে যথেষ্ট উলহ মালহৰে উদযাপিত হয়।পুৱা প্ৰতীকি গীতৰ পিচতে অসমীয়া ক্লাবৰ পতাকা উত্তোলন কৰে সভাপতি অৰুণা দেৱীয়ে। ইয়াৰ পিছতে এই বছৰ আশীৰ উদ্ধৰ সদস্যলৈ "সদস্য মহীয়ান" সন্মান প্ৰদান কৰে অসমীয়া ক্লাবৰ জেষ্ঠ সদস্য তথা বাণ থিয়েটাৰৰ সভাপতি বিশিষ্ট গীতিকাৰ বংকিম শৰ্মাদেৱক। ইয়াৰ উপৰি বিভিন্ন ক্ষেত্ৰত অৱদান…
তেজপুৰত পঞ্জাৱ নেছনেল বেংকৰ যুৱতী কৰ্মচাৰীক হত্যা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬এপ্ৰিলঃ তেজপুৰৰ ঊষানগৰ অঞ্চলৰ এটা ঘৰত ভাড়াতীয়া হিচাপে থকা তথা পঞ্জাৱ নেছনেল বেংকৰ এগৰাকী যুৱতী কৰ্মচাৰী মনিষা বড়োৰ হত্যাকাণ্ডৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ লগতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷উল্লেখযোগ্য যে,১৪এপ্ৰিলৰ নিশা প্ৰায় ১২বজাত যুৱতী গৰাকীক প্ৰেমিক দেৱাশীষ কৰে হত্যা কৰা বুলি অভিযোগ উঠাৰ বিপৰীতে নিশা যুৱতীগৰাকীৰ ভাড়াঘৰৰ কোঠাত দেৱাশীষৰ আক্ৰমণৰ প্ৰথম লক্ষ্য হোৱা একেটা বেংকৰে কৰ্মচাৰী ৰিচাৰ্ড দলেক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে৷উল্লেখযোগ্য যে,জোনাইৰ প্ৰকৃত নিবাসী দলে তেজপুৰৰ ৰত্নপুৰৰ শহুৰেকৰ ঘৰতে…
প্ৰবীণ বিহুৱতী আভা চমুৱাৰ আকস্মিক বিয়োগত তেজপুৰত শোক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬এপ্ৰিলঃ ৰঙালীৰ উলাহৰ মাজতে তেজপুৰৰ এগৰাকী প্ৰবীন বিহুৱতী আভা চমুৱা(৫৬)ৰ বিয়োগে তেজপুৰত শোকৰ ছাঁ পেলাইছে৷উল্লেখযোগ্য যে,এসময়ত তেজপুৰ তথা শোণিতপুৰৰ লগতে ৰাজ্যৰ বিভিন্ন স্হানত অনুষ্ঠিত মুকলি বিহু প্ৰতিযোগিতাত বিহুকুঁৱৰীৰ খিতাপ অৰ্জন কৰিছিল সৰবৰহী আভা চমুৱাই৷তেজপুৰৰ বাঁহবাৰী গণক চুবুৰীত প্ৰয়াত উপেন শইকীয়া আৰু প্ৰয়াত স্বৰ্ণপ্ৰভা শইকীয়াৰ কন্যা তথা জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ শইকীয়াৰ জ্যেষ্ঠ ভগ্নী প্ৰয়াত চমুৱা বহুমুখী প্ৰতিভাৰ গৰাকী আছিল৷ অঞ্চলটোৰ এই সংস্কৃতিবান পৰিয়ালত ১৯৬৭ৰ পহিলা অক্টোবৰত জন্ম…
