Browsing Category

অসম

লোক বাদ্য সৃষ্টিৰ আন এক নাম নিমাইজানৰ দ্বিজেন গগৈ

নিমাইজানৰ পৰা খলিলুৰ ৰহমান হাজৰিকা, ১৩ এপ্ৰিলঃ ৰঙালী বিহু লৈ মাজত মাথো এটা দিন। প্ৰতিজন অসমীয়াৰেই গা সাতখন আঠখন ৷ ৰাজ্যৰ চুকে কোনে গাঁৱে ভূঞে হেঁপাহৰ ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি৷ চতৰ আৰম্ভনিতেই কুলিৰ মৌ মিঠা মাতষাৰৰ পৰাই চহৰ নগৰ আন্দোলিত হৈ উঠিছে ঢ়োল পেঁপা গগণাৰ মাতত৷ পিছ পৰি ৰোৱা নাই ঐতিহাসিক শিৱসাগৰ জিলাও৷ এফালে বিহুক বিশ্বৰ দৰবাৰত অভিলেখৰ মাজেৰে প্ৰতিস্থাৰ বাবে চৰকাৰী উদ্যোগত যুদ্ধকালীন তৎপৰতা চলি থকাৰ মাজতেই শিৱসাগৰৰ চুবুৰীয়ে চুবুৰীয়ে উঠিছে ঢ়োলৰ গুমগুমনি৷ সৰ্বস্তৰৰ নাগৰিকৰ এনে উৎসাহৰ মাজতেই শিপাৰ সৈতে সংপৃক্ত হৈ থকা…

লখিমপুৰত বীৰ লাচিত সেনাৰ ৰঙালী বিহু আদৰণি

উত্তৰ লখিমপুৰ, ১৩ এপ্ৰিল: বীৰ লাচিত সেনা অসম লখিমপুৰ জিলা সমিতি উদ্যোগত আৰু উত্তৰ লখিমপুৰ আঞ্চলিক সমিতি সহযোগত আজি উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দিনযোৰা কাৰ্য্যসূচীৰে আয়োজন কৰা হয় ৰঙালী বিহু আদৰণি অনুষ্ঠান। পুৱা সংগঠনৰ পতাকা আৰু বিহু পতাকা উত্তোলন কৰে ক্ৰমে বীৰ লাচিত সেনা অসম লখিমপুৰ জিলা সমিতি সভাপতি ভদ্ৰজিৎ দত্ত আৰু উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সভাপতি যুগান্ত কলিতাই। ইয়াৰ পিছতে শ্বহীদ তৰ্পন কাৰ্য্যসূচীত বীৰ লাচিত সেনাৰ কৰ্মকৰ্তা সকলে অংশ গ্ৰহন কৰে। দিনৰ ১১ বজাত পৰম্পৰাগত বিহু সম্পৰ্কে বক্তব্য…

তেজপুৰত নাও খেলঃ পুৰুষ – মহিলাৰ উভয় শাখাতে কামৰূপ মেট্ৰ চেম্পিয়ন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ ১২ এপ্ৰিলঃ তেজপুৰৰ ঐতিহাসিক হজৰাপুখুৰীত আজি সদৌ অসম পৰম্পৰাগত ক্ৰীড়া আৰু ড্ৰেগন নাও সন্থাৰ উদ্যোগত আজি তৃতীয় বাৰ্ষিক অসম আন্তঃজিলা ড্ৰেগন নাওখেল প্ৰতিযোগিতা আৰু সপ্তম আমাৰ খেল আমাৰ উৎসৱ অনুষ্ঠিত হয়। পুৱা তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে মুকলি কৰি খেলুৱৈ সকলক শুভেচ্ছা জ্ঞাপন কৰে। ৰাজ্যৰ মুঠ পাঁচখন জিলাৰ পুৰুষৰ পাঁচটা আৰু মহিলাৰ চাৰিটা দলে যোগদান কৰা প্ৰতিযোগিতা খনত পুৰুষৰ শাখাত কামৰূপ মেট্ৰ শ্ৰেষ্ঠ দল আৰু শিৱসাগৰ দলে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰাৰ বিপৰীতে মহিলাৰ…

বোৱাকটা বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভুক্তিৰ আহ্বান

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১২ এপ্ৰিল: অৰ্থনৈতিক সবলীকৰণ এগৰাকী মহিলা সামাজিক বা আন ক্ষেত্ৰতো সবল হোৱাত সহায়ক হয় ৷ কৃষি কাৰ্য , খাদ্যবস্তু প্ৰস্তুত কৰণ বা বোৱা কটা আদিৰ জৰিয়তে এগৰাকী মহিলা স্বাৱলম্বী হৈ নিজকে নিজে সৱলীকৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰে৷ এই মন্তব্য উত্তৰ পূৱ ভাৰতৰ এগৰাকী বিশিষ্ট সাংবাদিক তথা লেখক টেৰেছা ৰহমানৰ ৷ উল্লেখ্য যে, প্ৰতিবছৰৰ দৰে কালি দিনযোৰা কাৰ্যসূচীৰে তেজপুৰ জিলা মহিলা সমিতিয়ে আয়োজন কৰা বাৰ্ষিক বিহুমেলাৰ মূল সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি টেৰেছা ৰহমানে বোৱাকটা বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত…

উত্তৰ অসমৰ প্ৰথমটো লখিমপুৰস্থ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ [ছাই]ৰ পৰা বক্সিং-ফুটবল খেল কৰ্তনৰ সিদ্ধান্ত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১২ এপ্ৰিলঃ লখিমপুৰ জিলাৰ শ’লাল তেলাহী কমলাবৰীয়াত ২০২১ বৰ্ষৰ ডিচেম্বৰ মাহত আৰম্ভ কৰা হৈছিল উত্তৰ অসমৰ প্ৰথমটো ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ প্ৰকল্প৷ শেহতীয়াকৈ এই প্ৰকল্পত প্ৰদান কৰা বক্সিং আৰু ফুটবল খেল কৰ্তন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া মন্ত্ৰ্যালয়ে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে লখিমপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এনে সিদ্ধান্ত শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ ইতিমধ্যে ৰাজ্যৰ মন্ত্ৰী বিধায়ককে ধৰি চৰকাৰক দাবী জনোৱা হৈছে৷ যিসময়ত এই প্ৰকল্পটোৱে আশাৰ বতৰা কঢ়িয়াই আনিছিল তেনে সময়তে দিল্লীয়ে অসম…

উত্তৰ লখিমপুৰ পৌৰসভাত হাহাকাৰঃ পুৱাই কাৰ্যবাহী বিষয়াক উপায়ুক্তৰ ধমক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১২ এপ্ৰিলঃ উত্তৰ লখিমপুৰ পৌৰসভাত বজাৰ-পাৰ্কিং আৱণ্টনৰ নামত সংঘটিত কৰা ব্যাপক অনিয়মৰ তথ্য আজি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে উত্তৰ লখিমপুৰ পৌৰসভাত একপ্ৰকাৰে হাহাকাৰ লাগে৷ মঙ্গলবাৰে পৌৰসভাখনত বজাৰ-পাৰ্কিং বন্দোবস্তি দিয়াৰ নামত কেনেদৰে চৰকাৰৰ বৃহৎ ৰাজহ লোকচান কৰি আৰু এজনীয়া নিবিদা দাখিল কৰাৰ পিছতো তেনে লোকক পাৰ্কিং বন্দোবস্তি দিয়া কাৰ্যৰ বিৰুদ্ধে  বুধবাৰে সবিস্তাৰে বাতৰি প্ৰকাশ পায়৷ এই বাতৰি প্ৰকাশৰ পিছতে পুৱাই জিলা উপায়ুক্তই উত্তৰ লখিমপুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়াক একপ্ৰকাৰে ধমক দি বিষয়টো…

দৰং, শোণিতপুৰৰ একাধিক সত্ৰ-দেৱালয় পৰিদৰ্শন অসম সত্ৰ আয়োগৰ, সত্ৰাধিকাৰ-সত্ৰ প্ৰতিনিধিৰে বৈঠক

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১২ এপ্ৰিল : সত্ৰসমূহ অসমৰ প্ৰাণ । আমাৰ ভাষা-কৃষ্টি-সংস্কৃতি-পৰম্পৰা সত্ৰসমূহে জীয়াই ৰাখিছে । এখন সত্ৰ বৰ্তি থাকিবলৈ হ'লে বহু উপাদানৰ প্ৰয়োজন । সত্ৰৰ ভূমি পূৰ্বৰ দৰে হৈ থকা নাই। ৰাজ্যখনৰ একমাত্ৰ মাজুলীৰ আউনীআটি সত্ৰৰ বাহিৰে বাকী আটাইবোৰ সত্ৰ বহু সমস্যাৰে জৰ্জৰিত । এই অভিমত অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ অধ্যক্ষ তথা বিধায়ক প্ৰদীপ হাজৰিকাৰ । আজি শোণিতপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, বিধায়ক গণেশ লিম্বু, জিলাখনৰ ৫৬ খন সত্ৰৰ সত্ৰাধিকাৰ,…

নিজে শিক্ষাগ্ৰহণ কৰা তিনিচুকীয়াৰ বিদ্যালয়ত দেশৰ মাষ্টাৰ চেফ নয়নজ্যোতি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১০ এপ্ৰিল : ছনী টিভিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুকিং ৰিয়েলিটি শ্ব' 'মাষ্টাৰ চেফ ইণ্ডিয়া'ৰ ছিজন ৭ ৰ খিতাপ দখল কৰি অসম তথা তিনিচুকীয়া জিলালৈ গৌৰৱ কঢ়িয়াই অনা নয়নজ্যোতি শইকীয়াক আজি নাৰ্চাৰীৰ পৰা দশম শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰা তিনিচুকীয়া চহৰৰ সৌমাৰজ্যোতি বিদ্যালয়ৰ তৰফৰ পৰা অভিনন্দন জনোৱা হয় ৷ দেশৰ লগতে বিশ্বৰ আগশাৰীৰ মাষ্টাৰ চেফৰ অন্যতম এগৰাকী চেফ হিচাপে পৰিচিতি লাভ কৰিবলৈ সক্ষম হোৱা তিনিচুকীয়াৰ গোবিন্দপুৰ গাঁৱৰ নয়নজ্যোতি শইকীয়াই নিজে শিক্ষা লাভ কৰা বিদ্যালয়ত আজি উপস্থিত হোৱাৰ খবৰ পাই…