Browsing Category
অসম
তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী, বাণ থিয়েটাৰৰ প্ৰাক্তন মঞ্চাধ্যক্ষ নৰেণ কোঁচৰ পৰলোকপ্ৰাপ্তি
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ৬ এপ্ৰিল : তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ প্ৰাক্তন মঞ্চাধ্যক্ষ, বহুকেইটা কাৰ্যকালৰ কাৰ্যনিৰ্বাহক সদস্য, তেজপুৰৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিষ্ঠা কালৰ সদস্য, বিশিষ্ট সমাজকৰ্মী নৰেণ কোঁচৰ আজি পুৱা ১১ বজাত তেজপুৰ পল'ফিল্ড বামুণ গাঁৱৰ নিজ বাসগৃহত ৯৩ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰত শোকৰ ছাঁ পৰিছে ।শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়ৰ পৰা নাজিৰ হিচাপে অৱসৰ গ্ৰহণ কৰা নৰেণ কোঁচ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ এগৰাকী আগৰণুৱা সমাজ কৰ্মী আছিল। তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ বহুকেইটা কাৰ্যকালৰ…
পাৱাৰলুমত তৈয়াৰী গামোচা, মেখেলা- চাদৰ আদিৰ বিৰুদ্ধে তিনিচুকীয়াত প্ৰশাসনৰ তীব্ৰ অভিযান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ এপ্ৰিল : তিনিচুকীয়া জিলা প্ৰশাসন আৰু তিনিচুকীয়া জিলা হস্ততাঁত ও বস্ত্ৰশিল্প বিভাগৰ যৌথ উদ্যোগত আজি তিনিচুকীয়া ৰাজহ চক্রৰ অন্তৰ্গত বজাৰ এলেকাৰ একাধিক সাজপাৰৰ দোকানত বহি:ৰাজ্যৰ পৰা আমদানিকৃত পাৱাৰলুমত তৈয়াৰী কপাহী, পাত আৰু মিশ্রণ পাত সূতাৰ গামোছা, মেখেলা-চাদৰ বিক্রীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলোৱা হয়৷ তিনিচুকীয়া জিলাৰ নিৰ্বাচনী বিষয়া কংকনজ্যোতি শইকীয়াৰ নেতৃত্বত হস্ততাঁত ও বস্ত্রশিল্প বিভাগৰ অধীক্ষক চম্পক শইকীয়াৰ সহযোগত এই অভিযান চলোৱা হয় ৷ অভিযানকালত ৰামধেনু ষ্ট’ৰৰ পৰা ১৬০ যোৰা…
লখিমপুৰত পাৱাৰলুমৰ বস্ত্ৰৰ বিৰুদ্ধে অভিযান
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৬ এপ্ৰিলঃ যিসময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা ৰাজ্য চৰকাৰে থলুৱা বস্ত্ৰ উদ্যোগী অথবা শিপিনীৰ মান উন্নত কৰাৰ লক্ষ্যৰে ৰাজ্যত পাৱাৰলুমৰ বস্ত্ৰ বিক্ৰী কাৰ্যত নিষিদ্ধ ঘোষণা কৰিছে তেনে সময়তে লখিমপুৰত একাংশ ব্যৱসায়ীয়ে চৰকাৰৰ নিৰ্দেশনা উলংঘা কৰি এনে বস্ত্ৰ বিক্ৰী কৰি আহিছে৷ ইয়াৰ পৰিণতিত আজি লখিমপুৰত হস্ত তাঁত বস্ত্ৰ শিল্প বিভাগেটোৱে বস্ত্ৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহত গৈ অভিযান চলায়৷ লখিমপুৰৰ দণ্ডাধীশ নাটালিয়া নাটাশা সন্দিকৈ তথা লখিমপুৰ হস্ত তাঁত বস্ত্ৰ শিল্প বিভাগৰ উপ-সঞ্চালক জিতামণি কুম্বাঙৰ লগতে…
কৰ ফাঁকিঃ লখিমপুৰত ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে বিক্ৰী কৰ বিভাগৰ অভিযানঃ নথি-পত্ৰ জব্দ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৬ এপ্ৰিলঃ লখিমপুৰৰ একাংশ ব্যৱসায়ীয়ে বিভিন্ন সামগ্ৰীৰ বিক্ৰীৰ ক্ষেত্ৰত জি এছ টিকে ধৰি বিভিন্ন কৰ ফাঁকি দি অহাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে কালি সন্ধিয়া উত্তৰ লখিমপুৰ নগৰৰ এখন প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠানত লখিমপুৰৰ বিক্ৰী কৰ বিভাগে অভিযান চলায়৷ নগৰখনৰ জে জে ষ্ট’ৰ নামৰ হাৰ্ডৱেৰ সামগ্ৰী বিক্ৰী কৰা ব্যৱসায়িক প্ৰতিষ্ঠানখনত বিক্ৰী কৰ বিভাগৰ দলটোৱে অভিযান চলোৱাত ব্যৱসায়িক প্ৰতিষ্ঠানখনে কৰ ফাঁকি দিয়া তথ্য লাভ কৰে বিক্ৰী কৰ বিষয়াই৷ দলটোৱে প্ৰতিষ্ঠানখনৰ কিছু আপত্তিজনক নথি-পত্ৰ জব্দ কৰি জি এছ টি…
তেজপুৰৰ ওজা তৰুণ চন্দ্ৰ বৰাৰ সোঁৱৰণত প্ৰতিবছৰেই অসমৰ নিৰ্বাচিত লোকশিল্পীলৈ বঁটা ঘোষণা “সংকল্প অসম” ৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৬ এপ্ৰিল : তেজপুৰৰ প্ৰখ্যাত লোকশিল্পী, ঢোলৰ ওজা তৰুণ চন্দ্ৰ বৰা অৰ্থাৎ তৰুণ ওজাৰ সোঁৱৰণত প্ৰতি বছৰেই সাত ব'হাগৰ ভিতৰত অসমৰ বিভিন্ন প্ৰান্তত থকা নিষ্ঠাবান লোকশিল্পী সকলক নিৰ্বাচন কৰি "তৰুণ ওজা স্মাৰক বঁটা" প্ৰদানৰ দৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা আজি তেজপুৰত এক সংবাদমেলৰ জড়িয়তে ঘোষণা কৰে ৰাজ্যখনৰ অন্যতম স্বেচ্ছাসেৱী সামাজিক - সংস্কৃতিক - শৈক্ষিক অনুষ্ঠান "সংকল্প অসম" এ ।তেজপুৰ সাহিত্য সভা ভৱনত আজি পুৱাৰ ভাগত অনুষ্ঠিত এক সংবাদমেলত সংকল্প অসমৰ সভাপতি হিমাংশু ডেকাই অলপতে অনুষ্ঠিত হোৱা…
কেৰাটে চেম্পিয়নশ্বিপত দুটাকৈ সোণৰ পদক আৰু শ্ৰেষ্ঠ খেলুৱৈৰ সন্মানেৰে তেজপুৰলৈ সুনাম
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৫ এপ্ৰিল : গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত যোৱা ১ এপ্রিল পৰা ৩ এপ্ৰিললৈকে অনুষ্ঠিত হোৱা "DEO HAH OPEN KARATE CHAMPIONSHIP 2023" ত তেজপুৰৰ বাম পৰ্বতীয়া কাৰাটে-ডু একাডেমীৰ আলোক ভৰদ্বাজে ছাব জুনিয়ৰ শাখাত সোণৰ পদক আৰু চফিকুল ৰহমানে চিনিয়ৰ পুৰুষৰ -৫৫ কি. গ্ৰা. শাখাত সোণৰ পদক অৰ্জন কৰি অঞ্চলটিৰ লগতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। উক্ত প্ৰতিযোগিতা খনিত "BEST OF THE BEST" ইভেন্টত চফিকুল ৰহমানে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় । বাম পৰ্বতীয়া কাৰাটে-ডু একাডেমীৰ তৰফৰ পৰা দুয়োগৰাকী খেলুৱৈলৈ…
তেজপুৰ আদালতৰ উদ্যোগত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তী উদযাপন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৫ এপ্ৰিলঃ আজি তেজপুৰ মহাবিদ্যালয়ৰ সন্মিলন কক্ষত তেজপুৰ আদালতৰ উদ্যোগত ১৯৪৮ চনত স্থাপিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তী উদযাপন কৰা হয়। তেজপুৰ আদালতৰ জিলা আৰু সত্ৰ ন্যায়াধীশ চত্ৰ ভূষন গগৈয়ে বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা এই বিশেষ অনুষ্ঠানত সৰস্বতী বন্দনা পৰিবেশন কৰাৰ পাছতে তেজপুৰ আদালতৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ পম্পী চক্ৰৱৰ্তীয়ে আদৰণি ভাষনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্ণিল যাত্ৰাৰ বিষয়ে আলোকপাত কৰে৷ সভাখনত বিশিষ্ট অতিথি হিচাবে অংশ গ্ৰহন কৰি প্ৰতিৰক্ষা গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড° ডি…
ড° হেমন্ত কুমাৰ বৰুৱা প্ৰদত্ত বক্তৃতা অনুষ্ঠিত
উত্তৰ লখিমপুৰঃ ৫ এপ্ৰিলঃ আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত প্ৰথম বাৰ্ষিক ড° হেমন্ত কুমাৰ বৰুৱা প্ৰদত্ত বক্তৃতা অনুষ্ঠান আয়োজিত হয়। লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ড০ হেমন্ত কুমাৰ বৰুৱাৰ নামত প্ৰতিষ্ঠা কৰা এই প্ৰদত্ত বক্তৃতানুষ্ঠানত সাহিত্য অকাডেমীৰ বঁটা বিজয়ী তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড০ সঞ্জীব পল ডেকাই “প্ৰব্ৰজন, ভূমি-প্ৰশ্ন আৰু নিম্নবৰ্গঃ পৰিৱৰ্তিত বৃত্তান্তৰ ৰূপৰেখা" বিষয়ক বক্তৃতা প্ৰদান কৰে। বক্তৃতাত ড০ ডেকাই অসমীয়াৰ মূলসুঁতিৰ সাহিত্যত অসমলৈ হোৱা প্ৰব্ৰজন আৰু ভূমি…
শক্তি বিভাগত বহুবছৰ ধৰি নিযুক্ত হৈ থকা ১২০০ অস্হায়ী কৰ্মচাৰীৰ পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ৫ এপ্ৰিল : অসম চৰকাৰৰ শক্তি বিভাগ তথা শক্তি খণ্ডৰ উত্তৰ সুৰী কোম্পানী ক্ৰমে APDCL ,AEGCL আৰু APGCL ত বহু বছৰ ধৰি স্থায়ী ভাৱে কৰ্মৰত হৈ অস্থায়ী পদত বিল ক্লাৰ্ক, মিটাৰ ৰিডাৰ, কম্পিউটাৰ অপাৰেটৰ, পিয়ন , চকীদাৰ, সহায়ক আৰু চুইপাৰ হিচাপে বিভিন্ন পদত সেৱা আগবঢ়াই ৰাজ্যখনৰ প্ৰায় ১২০০ অস্হায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ দূৰৰে কথা এই কৰ্মচাৰী সকলে দীৰ্ঘদিন ধৰি উত্থাপন কৰি ন্যাৰ্য দাবীৰ ক্ষেত্ৰত চৰকাৰ আৰু বিভাগে কোনো গুৰুত্বই নিদিয়াত এই হাজাৰ হাজাৰ অস্হায়ী কৰ্মচাৰীৰ পৰিয়াললৈ অশনি সংকেত নামি আহিছে। বিগত সময়ত…
