Browsing Category
অসম
লখিমপুৰত গৰুৰ চোৰাং বেহা অব্যাহত
শতাব্দ প্ৰতিনিধি লখিমপুৰ, ৩ এপ্ৰিলঃ মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যত গো সুৰক্ষা আইন বলৱৎ কৰি গৰুৰ চোৰাং বেহা তথা সৰবৰাহ ৰোধত গুৰুত্ব আৰোপ কৰি অহাৰ সময়তে গো সুৰক্ষা আইনখনক পদদলিত কৰি লখিমপুৰ জিলাত গৰুৰ অবৈধ সৰবৰাহ তথা চোৰাং বেহা অব্যাহত থকাৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। জিলাখনৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত চিয়াজুলি ষ্টেচন তিনিআলিত যোৱা ৩১ মাৰ্চৰ নিশা দুখনকৈ বলেৰ' পিক আপ ভেনেৰে চোৰাংভাৱে ২৭ টাকৈ গৰু অৰুণাচল প্ৰদেশ লৈ সৰবৰাহ কৰাৰ লক্ষ্যৰে কঢ়িয়াই নিয়া অৱস্থাত স্থানীয় ৰাইজ তথা চিয়াজুলি ষ্টেচন তিনিআলিৰ…
ঘৰৰ অভিভাৱকজন শিক্ষিত হ’ব লাগে-কংগ্ৰেছ ৰাষ্ট্ৰীয় মুখপাত্ৰ মমিন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,২এপ্ৰিলঃ “ঘৰ এখনৰ অভিভাৱকজন শিক্ষিত হ’লেহে ঘৰখন ভালদৰে পৰিচালনা হয়৷ এজন চাহবেচা লোক দেশৰ অভিভাৱক হ’লে কি হ’ব ভাৱক৷” তেজপুৰত আজি এই মন্তব্য কৰে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ মমিতা মমিনে৷ আজি দিনৰ ১১বজাত তেজপুৰস্হিত শোণিতপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত অংশলৈ মমিনে লগতে কয় যে, বেটি পঢ়াও বেটি বচাও শ্লগান দিয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলা সকলক নিৰাপত্তা প্ৰদানত ব্যৰ্থ হৈছে৷দেশ তথা ৰাজ্যত সম্প্ৰতি নাৰী নিৰ্যাতন, নাৰী ধৰ্ষণ আৰু হত্যাৰ ঘটনা বৃদ্ধি পোৱা বুলি উল্লেখ কৰি…
দুই শ্ৰমিক নিহত হোৱাৰ ঘটনাৰ তদন্তৰ দাবীত শ্ৰমিকৰ প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১এপ্ৰিলঃ কালি দিনৰ প্ৰায় আঢ়ৈ বজাত তেজপুৰৰ নিকটৱৰ্তী ৰূপাজুলি চাহ বাগিচাত দুই স্হায়ী শ্ৰমিক ৰোহিত তাঁতি(২৯)আৰু ছৱি তাঁতি(৫০) কলঘৰৰ এজবেষ্টাৰ টিন মেৰামতি কৰিবলৈ গৈ প্ৰায় ৪২ফুট উচ্চতাৰ পৰা তলত পৰি নিহত হোৱা ঘটনাৰ তদন্ত দাবীৰ লগতে কলঘৰ পৰিদৰ্শকৰ বৰ্খাস্তকৰণ আৰু নিহত শ্ৰমিকৰ নিকট আত্মীয়লৈ ক্ষতিপূৰণ আদায়ৰ দাবীৰে আজি পুৱাৰে পৰাই চাহবাগিচাখনৰ শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে৷শ্ৰমিক সকলে আজি পুৱা ন বজাৰ পৰা চাহবাগিচাখনত সমবেত হৈ কৰ্মবিৰতি পালন কৰে৷ইয়াৰ ফলত চাহবাগিচাখনৰ সকলো কামকাজ অচল হৈ পৰে৷উল্লেখযোগ্য…
তেজপুৰৰ “সপ্তাশ্ব” দশম “নৃত্যকল্প” অনুষ্ঠান
ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰাপক ডা০ জাহানাৰা বেগম, জিতুমণি কলিতা আৰু "লাচিত - বুৰঞ্জী লিখা তৰোৱাল" ৰ স্ৰষ্টা - পৰিচালক পুলক কুমাৰ ডেকাক সম্বৰ্ধনা
তেজপুৰ বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে নিযুক্ত ড° শম্ভু নাথ সিঙ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১এপ্ৰিলঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে নতুন দিল্লীৰ ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° শম্ভু নাথ সিঙক৷তেওঁক কালি কেন্দ্ৰীয় চৰকাৰে তেজপুৰ বিশ্ববিদ্যালয়ত পাঁচবছৰীয়া কাৰ্যকালৰ বাবে উপাচাৰ্য হিচাপে নিয়োগ কৰে৷পাটনা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° সিঙে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি অৰ্জন কৰিছিল আৰু তেওঁৰ গৱেষণা পত্ৰই সেইবাৰৰ শ্ৰেষ্ঠ গৱেষণা পত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল৷ অধ্যাপক ড° সিং স্কুল অৱ জাৰ্ণেলিজিমৰ প্ৰতিষ্ঠাপক সঞ্চালক আছিল৷দেশ বিদেশৰ…
দেশৰ ৰোজগাৰ মেলা – খণ্ড ৪ ৰ উত্তৰ পূৰ্বাঞ্চলৰ নডেল কাৰ্যালয় হিচাপে নিৰ্বাচিত তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১ এপ্ৰিল : অলপতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ লাখ লোকক নিযুক্তি প্ৰদানৰ লক্ষ্য হিচাপে লৈ ইতিমধ্যে ৭৫০০০ লোকক ভিডিও কনফাৰেন্স যোগে নিযুক্তি পত্ৰ প্ৰদান কৰে ।" মিছন " হিচাবত সম্পন্ন কৰিবলৈ স্থিৰ কৰা এই ৰোজগাৰ মেলাত গ্ৰুপ এ ,বি , আৰু চি পদবীত কেন্দ্ৰীয় সশস্ত্ৰ বাহিনী, উপ পৰিদর্শক , কনিষ্টবল, এল ডি চি , ষ্টেনোগ্ৰাফাৰ , ইনকম টেক্স ইন্সপেক্টৰ আদি পদত মুঠ ৩৮ টা বিভাগত নিৰ্বাচিত হোৱা সকলক নিযুক্তি প্ৰদান কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে । উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ মানসিক স্বাস্থ্য প্ৰতিষ্ঠান…
ৰূপম বৰাৰ দুখন কাব্যগ্ৰন্থ উন্মোচন
নাৰায়ণপুৰ,১ এপ্ৰিলঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ মেৰমুখত সদৌ অসম শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ একাদশ কেন্দ্ৰীয় পূৰ্ণাঙ্গ অধিৱেশনত সোৱণশিৰিয়া কবি ৰূপম বৰাৰ দুখন কাব্যগ্ৰন্থ ক্ৰমে "মোৰ কবিতা পৃথিৱীৰ কবিতা" আৰু "জংকি পানেই দেশৰ কবিতা " উন্মোচন কৰে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে। দুয়োখন গ্ৰন্থ উন্মোচন কৰি যুৱ কবিগৰাকীৰ কাব্য ক্ষেত্ৰৰ দখল আৰু কবিতাবোৰৰ মাজত নিহিত গভীৰ মানবীয়তাবোধৰ উষ্ম প্ৰশংসা কৰে। ৰূপম বৰাৰ প্ৰকাশভংগী আৰু অন্তৰালৰ ঘটনাপ্ৰৱাহ সাম্প্ৰতিক কালৰ বহু পৰিৱেশ আৰু…
বিদ্যুৎ মাচুল বৃদ্ধি সন্দৰ্ভত আহ্বান
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩১মাৰ্চঃ পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ বিদ্যুতৰ মাচুল নিৰ্ধাৰণ সম্পৰ্কে বিদ্যুৎ নিয়ামক আয়োগৰ নিৰ্দেশনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অল আছাম ইলেক্ট্ৰিচিটি কনজুমাৰ্ছ এছচিয়েছনৰ উপদেষ্টা বিমল দাস আৰু আহ্বায়ক অজয় আচাৰ্যই আজি এক যুটীয়া বিবৃতিত কয় যে, অহা বিত্তীয় বৰ্ষৰ বাবে বিদ্যুৎ গ্ৰাহকৰ ইউনিট প্ৰতি বিদ্যুতৰ মাচুল প্ৰায় এটকাকৈ বৃদ্ধি কৰাৰ এপিডিচিএলৰ আবেদন বিদ্যুৎ নিয়ামক আয়োগে নাকচ কৰিছে।নিয়ামক আয়োগে বিদ্যুৎ গ্ৰাহকৰ ফিক্সদ চাৰ্জ প্ৰতি কিলোৱাটত দহ টকাকৈ বৃদ্ধি কৰিছে যদিও বৰ্তমানে বাহাল থকা প্ৰতি…
শিক্ষা বিভাগৰ উৰ্ধতন কৰ্তৃপক্ষৰ নিদেৰ্শত জুৰুলা শোণিতপুৰৰ প্ৰধান শিক্ষক আৰু অধ্যক্ষসকল
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৩১ মাৰ্চঃ শিক্ষা বিভাগৰ উৰ্ধতন কতৃৰ্পক্ষৰ নিদেৰ্শত জীয়াতু ভুগিছে শোণিতপুৰৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু অধ্যক্ষসকলে৷ কাৰণ, শিক্ষা বিভাগৰ উৰ্ধতন বিষয়া তথা বিভাগীয় মুৰব্বীৰ অদূৰদৰ্শিতাৰ বলি যাতে ছাত্ৰ-ছাত্ৰীসকল নহয়,জিলাখনৰ প্ৰধান শিক্ষক তথা অধ্যক্ষসকলে দিনে নিশাই একাকাৰ কৰি মাৰ্চৰ অন্তিম দিনটোতো সকলো বিত্তীয় কাৰ্য সমাধা কৰিব লগীয়া হয়৷ শোণিতপুৰৰ একাংশ বিদ্যালয়ৰ মুৰব্বীৰ অভিযোগ মতে, শিক্ষা বিভাগে বিদ্যালয়সমূহৰ বিত্তীয় লেনদেন কানাড়া বেংকৰ জৰিয়তে কৰাৰ প্ৰক্ৰিয়া যোৱাটো বৰ্ষতে সম্পন্ন কৰে৷ সেই অনুসৰি…
