Browsing Category
অসম
ৰাষ্ট্ৰীয় পাৰদৰ্শিতা জৰীপ ‘২০২১ৰ আধাৰত অনুষ্ঠিত দুদিনীয়া শিক্ষক প্ৰশিক্ষণ
উত্তৰ লখিমপুৰ, ৩১ মাৰ্চঃ লখিমপুৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত লখিমপুৰ জিলাৰ তিনিখনকৈ শিক্ষাখণ্ড ক্ৰমে নাওবৈচা, বিহপুৰীয়া আৰু নাৰায়ণপুৰ শিক্ষাখণ্ডৰ মুঠ ৬০ গৰাকী শিক্ষক প্ৰশিক্ষাৰ্থীকলৈ ৰাষ্ট্ৰীয় পাৰদৰ্শিতাৰ জৰীপ চমুকৈ এন এ এছ (National Achievement Survey)ৰ ফলাফল সম্পৰ্কীয় দুদিনীয়া প্ৰশিক্ষণৰ সফল সমাপ্তি ঘটে। বিহপুৰীয়া শিক্ষাখণ্ডৰ ফেনখাটি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা উক্ত প্ৰশিক্ষণৰ দ্বাৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে নিজৰ কৰ্মকুশলতা বৃদ্ধি কৰিব আৰু আগন্তুক ৰাষ্ট্ৰীয় পাৰদৰ্শিতাৰ জৰীপ চমুকৈ এন…
তিনিচুকীয়াৰ অভিজাত শিক্ষানুষ্ঠানৰ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে গোচৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩১ মাৰ্চ : তিনিচুকীয়া চহৰৰ এক অভিজাত শিক্ষানুষ্ঠানৰ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে কণমানি ছাত্ৰীক শাৰীৰিক আতিশয্যৰ বলি কৰাৰ অভিযোগৰ ভিত্তিত সদৰ থানাত গোচৰ ৰুজু হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি ইয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ জানিব পৰা মতে তিনিচুকীয়া চহৰৰ অভিজাত শিক্ষানুষ্ঠান বাডিং বাডছ ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষৰ পত্নী তথা বিদ্যালয়খনৰ শিক্ষয়িত্ৰী মিতালী গগৈয়ে নাৰ্ছাৰীৰ এগৰাকী ছাত্ৰীক শাৰীৰিক আতিশয্যৰ বলি কৰা বুলি ছাত্ৰীগৰাকীৰ পৰিয়ালে আৰক্ষীক অভিযোগ দাখিল কৰে ৷ ইয়াৰ ভিত্তিত আৰক্ষীয়ে…
লখিমপুৰ মহাবিদ্যালয়ৰ ৭০ বছৰীয়া চমু ইতিহাস উন্মোচন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ৩১ মাৰ্চঃ লখিমপুৰ জিলাৰ আগশাৰীৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নৰ্থ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্ত) ৰ গ্ৰন্থাগাৰ সহায়ক হজৰাম পাৱেগামৰ শেহতীয়া গ্ৰন্থ "নৰ্থ লখিমপুৰ কলেজৰ সত্তৰ বছৰীয়া চমু ইতিহাস" নামৰ গ্ৰন্থখন আজি মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয়। আজি মহাবিদ্যালয়খনৰ গ্ৰন্থাগাৰ সহায়ক হজৰাম পাৱেগামে অৱসৰ গ্ৰহণ কৰাৰ দিনটোতে তেখেতৰ শেহতীয়া গ্ৰন্থ "নৰ্থ লখিমপুৰ কলেজৰ সত্তৰ বছৰীয়া চমু ইতিহাস" উন্মোচন কৰে লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা প্ৰবীণ…
তেজপুৰত কংগ্ৰেছৰ সংবাদমেলঃ বৃটিছেও এতিয়াৰ দৰে কৰ জপা নাছিল
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৩১ মাৰ্চ : ব্ৰিটিছেও সৰ্বসাধাৰণৰ ওপৰত ইমান কৰ লগোৱা নাছিল যিমান কৰ এতিয়া দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেশ তথা ৰাজ্যৰ ৰাইজৰ ওপৰত জাপি দিছে।এই কৰৰ বোজা নতুনকৈ হোৱা নাই, ২০১৪ ৰ পৰা ক্ৰমান্বয়ে ৰাইজৰ মূৰত জাপি দিয়া হৈছে বুলি আজি তেজপুৰস্হিত শোণিতপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত আয়োজিত এক সংবাদ মেলত মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ ডা° জয় প্ৰকাশ দাসে । তেওঁ কয় যে পহিলা এপ্ৰিলৰ পৰা ৰাজ্যত প্ৰযোজ্য হোৱা ট'ল কৰ, বিদ্যুৎ মাচুল…
তেজপুৰৰ ৰূপাজুলি চাহবাগিচাত দুই শ্ৰমিক নিহত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৩১মাৰ্চঃ তেজপুৰ চহৰৰ নিকটৱৰ্তী ৰূপাজুলি চাহ বাগিচাত আজি দুজন শ্ৰমিক শোকাবহ দুৰ্ঘটনাত পতিত হৈ নিহত হোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি আজি দিনৰ প্ৰায় আঢ়ৈ বজাত বাগিচাখনৰ দুই স্হায়ী শ্ৰমিক ৰোহিত তাঁতি(২৯)আৰু ছৱি তাঁতি(৫০) কলঘৰৰ এজবেষ্টাৰ টিনৰ ফাটি থকা অংশ মেৰামতিৰ বাবে উঠাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয়৷বহু পুৰণা আৰু ইতিমধ্যেই ফাটি থকা টিনপাটৰ মেৰামতি কৰি নামিবলৈ লোৱাৰ সময়তে সেই টিন ভাঙি পৰে আৰু দুয়োজন শ্ৰমিক প্ৰায় ৪২ফুট উচ্চতাৰ পৰা কলঘৰৰ ভিতৰত পৰি…
আদানিৰ কোম্পানীত বিনিয়োগ হোৱা ২০ হেজাৰ কোটি টকা কাৰ – কংগ্ৰেছৰ প্ৰশ্ন
জেলৰ ভয়, সাংসদ পদ খাৰিজে স্তব্ধ কৰিব নোৱাৰে ৰাহুল গান্ধীৰ কণ্ঠ # ভূপেন বৰাৰ নেতৃত্বত অসমত হব কংগ্ৰেছৰ চৰকাৰ
হাতীলোংপৰীয়া শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্নঃ গ্ৰন্থ উন্মোচন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,৩০ মাৰ্চঃ লক্ষীমপুৰ জিলা সাহিত্য সভাৰ অন্তৰ্গত অন্যতম সক্ৰিয় শাখা হাতীলোংপৰীয়া শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিৱেশন আজি দিনজোৰা কাৰ্যসূচীৰে হাতীলোং উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়। অধিৱেশনৰ মুকলি সভা উদ্বোধন কৰে অসম সাহিত্য সভাৰ উত্তৰ লক্ষীমপুৰ আঞ্চলিক কাৰ্য্যালয়ৰ সম্পাদক বিপুল শৰ্মা বৰুৱাই। হাতীলোংপৰীয়া শাখা সাহিত্য সভাৰ সভাপতি দণ্ডী তামুলী ফুকনৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত নিৰ্দ্দিষ্ট বক্তাৰ ভাষণ দিয়ে লক্ষীমপুৰ জিলা সাহিত্য সভাৰ সম্পাদক নৱকমল বৰাই। লক্ষীমপুৰ জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত…
ছাত্ৰীক অসৎ ব্যৱহাৰ : তিনিচুকীয়াত শিক্ষক নিলম্বিত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩০ মাৰ্চ : ছাত্ৰীক অসৎ ব্যৱহাৰৰ বলি কৰাৰ অভিযোগত তিনিচুকীয়া জিলা শিক্ষা বিভাগে এগৰাকী শিক্ষকক নিলম্বিত কৰিছে ৷ জানিব পৰা মতে জিলাখনৰ মাকুমৰ এগৰাকী ছাত্ৰীক অসৎ ব্যৱহাৰৰ বলি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল বিদ্যালয়খনৰ সহকাৰী শিক্ষক ৰাজেন কুমাৰ গোহাঁই ৷ সূত্ৰমতে শিক্ষক গৰাকীক পকছ’ আইনৰ অধীনত যোৱা ২৪ মাৰ্চত মাকুম থানাই গ্ৰেপ্তাৰ কৰি গোচৰ পঞ্জীয়ন কৰে ৷ এই ঘটনাৰ পাছত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ দায়িত্বত থকা তিনিচুকীয়া জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতুপন হাজৰিকাই বুধবাৰে জাৰী কৰা এক জাননী যোগে যোৱা…
দুৱাৰডলিত অসমীয়াৰ আদৰৰ ৰঙালী বিহু..
বিহু কাপোৰৰ তাঁত বাতি কৰাত ব্যস্ত শিৱসাগৰৰ কাথপাৰৰ শিপিনী....
শোণিতপুৰৰ ১২ স্হানত ১৩ শ বিহুৱা – বিহুৱতীৰ চূড়ান্ত আখৰা
শতাব্দ ষ্টাফ ৰিপ টাৰ,তেজপুৰ ২৯ মাৰ্চ : বিহুৰ বিশ্বমুখী যাত্ৰা।লক্ষ্য ১৪ এপ্ৰিলৰ মহা আয়োজন। একেলগে ১১ হাজাৰ বিহুৱা - বিহুৱতীৰ বিহু প্ৰদৰ্শন। সেয়েহে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুন্দৰ্শন ঠাকুৰৰ লগতে একাংশ বিশিষ্ট বিহুৱা, বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আজি পুৱাই তেজপুৰৰ ঐতিহাসিক নেহৰু ময়দান বিহুনাম, বিহু নৃত্যৰে মুখৰিত হৈ পৰে । ঢোলৰ গুমগুমনি আৰু তালৰ মাতেৰে ৰজনজনাই উঠিল নেহৰু ময়দান। উল্লেখ্য যে, অসম চৰকাৰৰ উদ্যোগত অসম আৰু অসমীয়াৰ স্বাভিমান বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ ৰাজ্যজুৰি যি ব্যাপক তৎপৰতা সৃষ্টি হৈছে তাৰেই…
