Browsing Category

অসম

তামুলপুৰত প্ৰাক্তন এন এল এফ বি কেডাৰৰ যোগাত্মক পদক্ষেপ

ৰজনী বৰ্মন, তামুলপুৰ, ১১ এপ্ৰিলঃ স্বজাতিৰ লোকসকলৰ আত্মৰক্ষাৰ বাবে সশস্ত্ৰ সংগ্ৰামত জঁপিয়াই পৰা কেইগৰাকীমান চফল ডেকাই শেহতীয়াভাৱে হাঁহ-কুকুৰা-গাহৰি পালনেৰে নকৈ ৰঙীন সপোন দেখিছে। অস্ত্ৰ সম্বৰণ কৰি সমাজৰ মূল সুঁতিলৈ ঘূৰি অহা তামুলপুৰ জিলাৰ শতাধিক কর্মসংস্কৃতিৱান যুৱকে হাঁহ-কুকুৰা-গাহৰি পালনেৰে সমাজৰ মাজত এক আদৰ্শ হৈ জিলিকি থকাৰ প্ৰয়াস কৰিছে। এইসকল যুৱকক নেতৃত্ব দিছে নেচনেল লিবাৰেচন ফৰ্চ অৱ বেংগলী চমুকৈ এন এল এফ বিৰ মুখ্য সেনাধ্যক্ষ কৃষ্ণ পদ্দাৰে। বন্দুক এৰি গ্ৰামাঞ্চলত বিভিন্ন কৰ্মত আত্মনিয়োগ কৰিছে সশস্ত্ৰ সংগঠনটোৰ প্ৰাক্তন…

বিষাক্ত কাঠফুলা খাই গোলাঘাটৰ বিজুলী চাহ বাগিচাৰ শিশুসহ ৪জন অসুস্থ

শতাব্দ প্ৰতিনিধি, গোলাঘাট, ১০ এপ্ৰিলঃ  গোলাঘাট জিলাৰ মৰঙি ৰাজহ চক্ৰৰ অধীনৰ বিজুলী চাহ বাগিচাত বিষাক্ত কাঠফুলা খাই দুগৰাকী শিশুসহ মুঠ চাৰিজন লোক গুৰুতৰভাৱে অসুস্থ হৈ পৰাত গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আজি দুপৰীয়া পৰিয়ালটোৰ চাৰিগৰাকী সদস্যই বিষাক্ত কাঠফুলা ভক্ষণ কৰিছিল। কাঠফুলা খাই অসুস্থ হোৱা লোককেইজন হৈছে ক্ৰমে দিছুৱা ইন্দুৱা, লাৱনা ইন্দুৱাসহ দুগৰাকী শিশু।  কেউগৰাকীৰে ঘৰ  বিজুলী বাগিচাৰ সুন্দৰপুৰত।  অসুস্থ আটাইকেইগৰাকী লোকক ততাতৈয়াকৈ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰা…

জামুগুৰিহাটৰ বিশিষ্ট অভিনেতা শিশিৰ বৰঠাকুৰৰ চুটি ছবি “ডাষ্টবিন”ৰ শুভ উন্মোচন

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন, ১০ এপ্ৰিল : শোণিতপুৰ জিলাৰ বালিপৰাত মানসিকভাৱে বিকাৰগ্ৰস্ত এজন ব‍্যক্তিয়ে ট্ৰেফিক আৰক্ষীৰ ভূমিকা পালন কৰা দেখা গৈছিল। যেন বহু ব্যস্ত এজন যান-বাহন আৰক্ষী। সুহুৰি বজাই গাড়ী অহা-যোৱাৰ সংকেত দি নিয়ন্ত্ৰণ কৰা দেখা গৈছে। তাৎক্ষণিকভাৱে হোৱা পৰিৱেশত কৰ্তব্যৰত ট্ৰেফিক আৰক্ষী বিষয়াসকল বিমোৰত পৰে আচলতে ঘটনানো কি? পিছত ট্ৰেফিক আৰক্ষীয়ে উক্ত মানসিক বিকাৰগ্ৰস্ত লোকজনক তাৰ পৰা আঁতৰাই পঠিয়াবলৈ সক্ষম হয়। আচলতে এয়া আছিল এখন চুটিছবিৰ দৃশ্যগ্ৰহণ। জামুগুৰিহাটৰ আকাশ প্ৰডাকচনৰ বেনাৰত…

মাছ ধৰি খায় লুইতৰ শিহু

সুমিত দাস.মাছ ধৰি খায় লুইতৰ শিহু। মঙ্গলবাৰে উৰুকা বুধবাৰে বিহু।।লোহিতৰ বিহু ঐ মাছ ধৰি খায়। বছৰেকৰ বিহু ঐ আহে আৰু যায়।।সোনোৱাল কছাৰীসকলৰ বিহুনামত লুইতৰ শিহুৰ কথা উল্লেখ আছে।শিহুৱে লুইতত মাছ ধৰি খোৱাৰ কথা আছে।অতীজৰে পৰা মানুহে লুইতত শিহুয়ে জলকেলি কৰাৰ দৃশ্য উপভোগ কৰি আহিছে।পানীৰ ওপৰলৈ ওলাই ক্ষণিকৰ বাবে শব্দ এটাৰ সৃষ্টি কৰি পুনৰ ‌পানীৰ ভিতৰলৈ সোমাই যোৱাৰ নান্দনিক দৃশ্য উপভোগ কৰি আহিছে। শিহু ককা-আইতাহঁতৰ পৰিচিত এবিধ অতি নিমাখিত জলচৰ প্ৰাণী।শিহু আজিও আছে; পিছে সংখ্যা হ্ৰাস পালে। বিভিন্ন কাৰণত বিগত সময়বোৰত বহুত…

বিজয়নগৰ-এখন ভূস্বৰ্গ

গভীৰ সেউজ অৰণ্য, এলপাইন অৰণ্যবেষ্টিত সুউচ্চ পৰ্বতমালা আৰু অসংখ্য খৰস্ৰোতা নদী, জান-জুৰিৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰে বিজয়নগৰক প্ৰকৃততে এখন ভূস্বৰ্গ বুলিয়েই অভিহিত কৰিব পাৰি।  পথ যোগাযোগৰ অভাৱত অঞ্চলটোলৈ মানুহৰ আহ-যাহৰ পৰিমাণ কম হোৱাত অঞ্চলটোৰ প্ৰাকৃতিক বাতাবৰণ এতিয়া অক্ষত আৰু নিৰ্মল হৈ আছে।

নৱবৰ্ষ আৰু সংকল্প

ড° বুলজিৎ বুঢ়াগোহাঁই মাননীয় সম্পাদক মহোদয়, "শতাব্দ" বাতৰি কাকতৰ সমূহ কৰ্ম-কৰ্তা আৰু পঢ়ুৱৈলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছো ৷ লগতে আজি (০১।০১।২০২৩) "শতাব্দ" ই এবছৰীয়া হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছো। আশাকৰো, অসম আৰু অসমীয়াৰ স্বাৰ্থত কাকতখনে আগন্তুক দিনবোৰটো বৰ্তমানৰ দৰে এই ধাৰা অব্যাহত ৰাখি অসমবাসী ৰাইজৰ মাজত সমাদৰ লাভ কৰিব ৷ ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিতে বিভিন্নজনে বছৰটিৰ বাবে কৰা সংকল্প তথা কামৰ তালিকা বাতৰি কাকত তথা আলোচনীবোৰত প্রকাশ কৰে কিন্তু সেই সংকল্প তথা কামবোৰ বছৰৰ শেষলৈ কাৰ্যকৰী হ’ল নে নাই গম পোৱা নাযায় ।…