Browsing Category

অসম

লতাশিলত গুৱাহাটী বিহু সন্মিলনীৰ বিহু আৰম্ভ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ১৪ এপ্ৰিলঃ অসমীয়া জাতিৰ বাবে আজি এটা অতি মংগলময় দিন। দুটা বছৰ ক'ভিডৰ বিভীষিকাৰ পাছত এইবাৰ ৰাইজে মুকলি মনৰে ব'হাগ বিহু উদযাপন কৰিব পাৰিছে। এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ। আজি গৰু বিহুৰ দিনা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী বিহু সন্মিলনীৰ ৭১সংখ্যক ৰঙালী বিহু উদযাপন অনুষ্ঠানত অংশ গ্ৰহণ কৰি এইদৰে কয়। গুৱাহাটী লতাশিল খেলপথাৰত আয়োজন কৰা বিহুৰ অনুষ্ঠানত জাতীয় সাজ-পাৰ পৰিধান কৰি মুখ্যমন্ত্রীগৰাকীয়ে অংশ লয়। বিহু পতাকা উত্তোলন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে মুখ্যমন্ত্রীয়ে সন্মিলনীৰ…

শিৱসাগৰৰ ৫ গৰাকী বিশিষ্ট ব‍্যক্তিক ৰঙালী বিহুত অসম সাহিত্য সভাৰ সম্বৰ্ধনা

শতাব্দ প্ৰতিনিধি, শিৱসাগৰ, ১৪ এপ্ৰিলঃ ৰঙালী বিহুৰ উপলক্ষে অসম সাহিত্য সভাৰ তৰফৰ পৰা শিৱসাগৰৰ অৰুণোদয় সাহিত্য সভাই শিৱসাগৰ নগৰৰ ৫ গৰাকী বৰেণ্য ব‍্যক্তিক সম্বৰ্ধনা জনায়। বিশিষ্ট লেখিকা জলিআৰা আহমেদ, প্ৰাক্তন ৰাজ‍্যিক খেলুৱৈ তথা শিক্ষাবিদ চৈয়দ হকিকুৰ ৰহমান, জিকিৰ গৱেষক চফিকুৰ ৰহমান, শিক্ষাবিদ টঙ্ক গগৈ আৰু বিশিষ্ট কবি তথা প্ৰাক্তন শীৰ্ষ আৰক্ষী বিষয়া আব্দুল হামিদক আজি নিজ নিজ বাসভৱনত অৰুণোদয় সাহিত্য সভাৰ মুখ‍্য উপদেষ্টা মনিৰুল ইছলাম বড়া আৰু সম্পাদক খাইৰুদ্দিন আহমেদে একোখনকৈ ফুলাম গামোচা আৰু অসম সাহিত্য সভাৰ মানপত্ৰৰ জৰিয়তে…

ব্যতিক্ৰমী অনুষ্ঠানেৰে নলবাৰী মহকুমা বিহু সন্মিলনীৰ সোণালী জয়ন্তীৰ আৰম্ভণি অনুষ্ঠান

শতাব্দ প্ৰতিনিধি, নলবাৰী, ১৫ এপ্ৰিলঃ  এইবেলি কেতবোৰ ব্যতিক্ৰমী অনুষ্ঠানেৰে নলবাৰী মহকুমা বিহু সন্মিলীয়ে উদযাপন কৰিব সোণালী জয়ন্তী উৎসৱৰ আৰম্ভণি অনুষ্ঠান।নলবাৰী গৰ্ডন স্কুল খেলপথাৰত অহা ১৭, ১৮ আৰু ১৯ এপ্ৰিলত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ'ব বিহুৰ এই অনুষ্ঠান। কাৰ্যসূচী অনুসৰি ১৭ এপ্ৰিলত পুৱাৰ ভাগত পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব বিহু সন্মিলনীৰ সভাপতি গণেশ তামুলী, পৃৃৃষ্ঠপোষক তথা বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু কাৰ্যকৰী সভাপতি মনোজ কুমাৰ চৌধুৰীৰ লগতে ৪৯ গৰাকী বিশিষ্ট ব্যক্তিয়ে। জ্যেষ্ঠ ব্যক্তিৰ…

বজালীত দক্ষতা বিষয়ক কৰ্মশালা

শতাব্দ প্ৰতিনিধি, ১৩ এপ্ৰিলঃ  দক্ষতা বিকাশ মিছনৰ উদ্যোগত বজালী জিলাৰ সদৰ পাঠশালাত ১২ এপ্ৰিলত "সংকল্প" শীৰ্ষক এখন জিলা পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হয়। মূলত: জীৱিকা নিৰ্বাহৰ বিকল্প উৎস সমূহৰ বাবে দক্ষতা বিকাশৰ প্ৰয়োজনীয়তা আৰু চৰকাৰে আগবঢ়োৱা সা-সুবিধাবোৰৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ মানসেৰে এই কৰ্মশালাখন অনুষ্ঠিত কৰা হয়। বজালী জিলাৰ উপায়ুক্ত কাবেৰী বৰকাকতি শৰ্মাই উদ্বোধন কৰা কৰ্মশালাখনত অসম ৰাজ্যিক দক্ষতা বিকাশ মিছনৰ ৰাজ্যিক কাৰ্যালয়ৰ বিষয়া ধীৰাজ সিংহ, পিংকু চৌধুৰী আৰু বজালী জিলাৰ সমন্বয়ক বেদাংগ কাশ্যপৰ লগতে বজালী জিলা…

যোৰহাটত পৌৰ সভাৰ শপত গ্ৰহণ

শতাব্দ প্ৰতিনিধি, যোৰহাট, ১২ এপ্ৰিল : শতবৰ্ষ গৰকা যোৰহাট পৌৰ সভাৰ নৱ নিৰ্বাচিত সদস্য সকলৰ শপত গ্ৰহণ আজি পৌৰসভা কক্ষত অনুষ্ঠিত হয় । পৌৰ সভা খনৰ ১৯ টা ৱাৰ্ডৰ ৯ টা বিজেপি দলে, ৮টা কংগ্ৰেছে, ২ টা ৱাৰ্ড অগপ দলে দখল কৰে । একক সংখ্যাগৰিষ্ঠ হৈ বিজেপি দলে অগপ ৰ সহযোগত যোৰহাট পৌৰ সভা গঠন কৰে। নৱগঠিত পৌৰসভাৰ পৌৰপতি হিচাপে শপত লয় ১৬ নং  ৱাৰ্ডৰ সদস্যা লখিমী বৰুৱা খাৰঘৰিয়াই আৰু উপ পৌৰপতি হিচাপে হিচাপে শপত গ্ৰহণ কৰে ২ নং ৱাৰ্ডৰ সদস্য দিলিপ দত্তই । নিৰ্বাচিত সদস্য সকলক শপত বাক্য পাঠ কৰোৱাই যোৰহাটৰ জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে।…

বিশ্ব হোমিওপেথিক দিৱস পালন

বিশ্ব হোমিওপেথিক দিৱস পালন শতাব্দ প্ৰতিনিধি, যোৰহাট, ১১ এপ্ৰিল : পঞ্জীয়নভুক্ত হোমিওপেথিক চিকিৎসক সন্থা যোৰহাট আৰু ডা° জীবকান্ত শইকীয়া হোমিওপেথিক চিকিৎসা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ যৌথ উদ্যোগত, হোমিওপেথিক চিকিৎসা বিজ্ঞানৰ আবিস্কাৰক ডা° চেমুৱেল খ্ৰীষ্টান ফেড্ৰেৰিক হ্যানিমেনৰ ২৬৭ তম জন্ম জয়ন্তী বিস্তৃত কাৰ্য্যসূচীৰে ডা°জীৱকান্ত শইকীয়া হোমিওপেথিক চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহ প্ৰাঙ্গণত অনুষ্ঠিত হয় । পুৱাৰ ভাগত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, শ্ৰদ্ধাঞ্জলী অৰ্পণ বৃক্ষ ৰোপন অনুষ্ঠান কেইটি ক্ৰমে  ডা° বিকাশ কুমাৰ শৰ্মা, ডা°গনেশ…

জাতি-জনগোষ্ঠীৰ বৰ্ণিল কৃষ্টি প্ৰদৰ্শনেৰে অনুষ্ঠিত হ’ব ধেমাজি জিলা অজাযুছাপৰ ৩৬সংখ্যক ৰঙালী বিহু

শতাব্দ প্ৰতিনিধি, ১০ এপ্ৰিলঃ বিগত বৰ্ষৰ ধাৰাবাহিকতা ৰক্ষা কৰি এইবছৰো জাতি-জনগোষ্ঠীৰ বৰ্ণিল কৃষ্টি প্ৰদৰ্শনৰে ৩৬সংখ্যক ৰঙালী বিহু উদযাপনৰ প্ৰস্তুতি চলাইছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে। ইতিমধ্যে ৩৫টা বৰ্ষ অতিক্ৰম কৰা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ ৩৬সংখ্যক ৰঙালী বিহু সন্মিলনখন অহা ২০ এপ্ৰিলত অনুষ্ঠিত হ’ব। উদযাপন সমিতিৰ সভাপতি ঘনকৃষ্ণ বৰগোহাঁই, কাৰ্যকৰী সভাপতি পৱিত্ৰ সোণোৱাল আৰু সম্পাদক মুনমুন শৰ্মাৰ নেতৃত্বাধীন উদযাপন সমিতিখনে বিহু সন্মিলনখনৰ কাম-কাজ আগবঢ়াই নিছে। কাৰ্যসূচী অনুসৰি…

ডিব্ৰুগড়ত আৰম্ভ হ’ল দুদিনীয়া জলপথ সন্মিলন

শতাব্দ প্ৰতিনিধি, ডিব্ৰুগড়, ১১ এপ্ৰিলঃ ডিব্ৰুগড়ত আজিৰেপৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে জলপথ সন্মিলন। ডিব্ৰুগড় চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত হোৱা এই জলপথ সন্মিলনখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ফিটা কাটি আনুষ্ঠানিকভাৱে সন্মিলনখন উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰি সন্তোষ প্রকাশ কৰে আৰু উপস্থিত অংশীদাৰসকলৰ সৈতে মত বিনিময় কৰে। জলপথৰ জৰিয়তে আঞ্চলিক সংযোগ বৃদ্ধি কৰাৰ উপায় আৰু সুযোগ-সম্ভাৱনা সন্দৰ্ভত এই সন্মিলনত সবিস্তাৰে আলোচনা কৰাৰ পদক্ষেপ…

ৰাজ্যিক কেবিনেটে ল’লে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১১ এপ্ৰিলঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত মন্ত্ৰী পীযুষ হাজৰিকা, কেশৱ মহন্ত আৰু ডাঃ ৰণোজ পেগুৱে সংবাদমেল সম্বোধন কৰি কেবিনেটৰ সিদ্ধান্তসমূহ অৱগত কৰে। কেবিনেটত অসম লোক সেৱা আয়োগৰ কেলেংকাৰী সন্দৰ্ভত তদন্তকাৰী আয়োগৰ প্ৰতিবেদনক লৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ২০১৪ চনৰ কেলংকাৰীৰ তদন্তৰ বাবে গঠন কৰা হ’ব এখন সুকীয়া আয়োগ। উচ্চ ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা…