Browsing Category
অসম
সংবিধানৰ অবিহনে সকলো ভাৰতীয়ৰ সম-অধিকাৰ আৰু নিৰাপত্তা অসম্ভৱ- পোনাৰাম মিলি
শতাব্দ প্ৰতিনিধি, শিৱসাগৰ, ১৬ এপ্ৰিলঃ তেল আৰু প্ৰাকৃতিক গেছ নিগম, অসম সম্পদৰ সদৌ ভাৰত অনুসূচীত জাতি আৰু জনজাতি কৰ্মচাৰী কল্যাণ সন্থাই অ'এনজিচিৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে বাবা চাহেব আম্বেদকাৰৰ তিনিটাকৈ প্ৰতিমূৰ্তিৰ স্থানত পালন কৰে। শিৱসাগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত, শিৱসাগৰ অ'এনজিচি কলনি আৰু অ'এনজিচিৰ নাজিৰা মূখ্য কাৰ্যালয়ৰ সমীপত মহামানৱ ড০ আম্বেদকাৰৰ প্ৰতিমূৰ্তিত অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক ৰাকেশ কুমাৰ শৰ্মাই মাল্যাৰ্পণ কৰাৰ ওপৰিও বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰে। এই কাৰ্যসূচীত অ'এনজিচি অসম সম্পদৰ প্ৰায় সকলো…
পহিলা বহাগত ঢোল পেঁপা গগনাৰে মুখৰ ইতিহাস প্ৰসিদ্ধ ৰংঘৰৰ বাকৰি
ৰংঘৰৰ পদুলিত প্ৰথমবাৰৰ বাবে দৌৰিলে গজৰাজৰ দলেঃ হাজাৰ হাজাৰ বিহু প্ৰেমীৰ উচাহত উঠলি উঠিল ৰংঘৰৰ বাকিৰঃ ৰংঘৰত বহি স্বৰ্গদেউৰ বংশধৰ আলোক নাৰায়ণ সিংহই চালে ৰংঘৰৰ বাকৰিৰ পৰম্পাৰগত বিহু, হুঁচৰিঃ ৰংঘৰৰ ৰণশিঙা শীৰ্ষক স্মৃৰ্তিগ্ৰন্থ উন্মোচন
শতাব্দ প্ৰতিনিধি, শিৱসাগৰ, ১৬ এপ্ৰিলঃ সাত ৰাজ মাৰি এক ৰাজ কৰা বৰ অসমৰ স্ৰষ্টা স্বৰ্গদেউ চাউল্যুং চ্যুকাফাৰ অমৰ সৃষ্টিৰে উজ্জীৱিত ইতিহাস প্ৰসিদ্ধ ৰংঘৰৰ পদুলি পহিলা বহাগৰ দিনাই পৰম্পৰাগত বিহু নৃত্য, হুুঁচৰি, প্ৰাচীন ক্ৰীড়াৰে প্ৰাণ চঞ্চলা হৈ উঠিল ।সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৃহত্তৰ ৰংপুৰ…
বানৰ আনন্দ
মুক্তাৰ আলী
এইবাৰ চ'ততে বান হ'ল।নেৰানেপেৰা বৰষুণত উফন্দি উঠিল নৈ উপনৈ। সাধাৰণতে আগতীয়া বান হ'লে নৈপৰীয়া কৃষকসকলৰ দুৰৱস্থা হয়।পথাৰৰ ফচল তুলিব নোৱাৰি অনিচ্ছাস্বত্বেও উৎসৰ্গা কৰিব লগা হয় বাঢ়নী পানীক। জলচৰ প্ৰাণীবোৰৰ বহুদিনীয়া ভোক নিবাৰণ হয় কৃষকৰ ফচলেৰে। বান আহে যায় ... কিন্তু বানে দি যোৱা অভিজ্ঞতাবোৰ কৃষকৰ বুকুৱে বুকুৱে বহুদিনলৈ ৰৈ যায়।
ড° ভূপেন হাজৰিকাৰ "লুইত নহয় মহাকাল ,লুইত নহয় জঞ্জাল, লুইত জন- জীৱনৰ কাষ, লুইত আশা - ভৰসাৰ গান" বোলা কথাষাৰৰ বানৰ লগতো যথাৰ্থতা আছে। বান যেনেকৈ দেশীয় অৰ্থনীতি তচনচ কৰাৰ এক…
লখিমপুৰ ডায়েটত ৰঙালীক আদৰণি
উত্তৰ লখিমপুৰ, ১৫ এপ্ৰিলঃ আজাদস্থিত লখিমপুৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ (ডায়েট) নিজা প্ৰাঙ্গনত প্ৰথমবাৰলৈ প্ৰতিষ্ঠানখনৰ প্ৰবক্তা মণ্টু বুঢ়াগোহাঁই, ইন্দ্ৰজিত গাম আৰু বিপ্লৱ গগৈৰ তত্ত্বাৱধানত অসমবাসীৰ বাপতি সাহোন ৰঙালী বিহু আদৰণি উদ্যাপন কৰা হয়। উক্ত কাৰ্যসূচীত প্ৰতিষ্ঠানখনৰ সমূহ প্ৰবক্তামণ্ডলী, কৰ্মচাৰী তথা ডি এল এড আৰু বি এড পাঠ্যক্ৰমৰ প্ৰশিক্ষাৰ্থীৰ স্বত:স্ফূৰ্ত অংশগ্ৰহণে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে। বি এড তৃতীয় ষান্মাসিকৰ প্ৰেমকৃষ্ণ শৰ্মা আৰু ডি এল এড তৃতীয় ষান্মাসিকৰ ক্ৰমে মিণ্টু গগৈ আৰু হেমন্ত দত্তই আঁত…
প্ৰবীণ কমিউনিষ্ট নেতা ভোগেশ্বৰ দত্তৰ দেহাৱসান
ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ এপ্ৰিলঃ নিপীড়িত জনতাৰ মুক্তিৰ বাবে ওৰেটো জীৱন সংগ্ৰাম অৱ্যাহত ৰখা প্ৰসিদ্ধ কমিউনিষ্ট নেতা তথা চি পি আইৰ অসম ৰাজ্য পৰিষদৰ প্ৰাক্তন সম্পাদক, কৃষক নেতা কমৰেড ভোগেশ্বৰ দত্ত আৰু নাই। ১৪ এপ্ৰিলৰ সন্ধিয়া প্ৰায় ৫.৩০ বজাত গুৱাহাটীৰ নিজ বাসভৱনত দত্তৰ দেহাৱসান ঘটে। ছাত্ৰাৱস্থাৰ পৰা এক প্ৰতিবাদী সত্তা কঢ়িয়াই ফুৰা দত্তই শোধনাগাৰ আন্দোলন, ৰায়তক মাটিৰ পট্টা প্ৰদান আন্দোলনকে ধৰি বান খহনীয়াগ্ৰস্তক ভূমি প্ৰদান আদি কেবাটাও আন্দোলনত সন্মুখৰ পৰা নেত়ৃত্ব প্ৰদান কৰিছিল। চি পি আই দলৰ সৰ্বক্ষণ কৰ্মীৰূপে দলটোলৈ আজীৱন সেৱা…
মাৰ্ঘেৰিটা পৌৰসভাৰ দায়িত্ব ভাৰ গ্রহণ
মাৰ্ঘেৰিটা, ১৪ এপ্রিলঃ মাৰ্ঘেৰিটা পৌৰসভাৰ নৱ নিৰ্বাচিত ৱাৰ্ড কমিচনাৰসকলৰ শপত গ্রহণ অনুষ্ঠান মাৰ্ঘেৰিটা পৌৰসভাৰ সভাকক্ষত অনুষ্ঠিত হয় | পৌৰপতি হিচাপে আনন্দ কুমাৰ শৰ্মাই আৰু উপ পৌৰপতি হিচাপে ৰাজ লক্ষী দেবী গগৈয়ে শপত গ্রহণ কৰে | উল্লেখ্য যে নগৰ সমিতিখনৰ বিগত কাৰ্যকালত উপপৌৰপতি হিচাপে কায্যনিৰ্বাহ কৰিছিল আনন্দ কুমাৰ শৰ্মাই | মাৰ্ঘেৰিটা পৌৰসভাৰ সভাকক্ষত অনুষ্ঠিত হোৱা অনুষ্ঠানত মাৰ্ঘেৰিটা মহকুমাৰ ভাৰপ্রাপ্ত মহকুমাধিপতি পলাশ ৰাজকুমাৰ আহোমে নৱ নিৰ্বাচিত পৌৰপতি উপ-পৌৰপতি সহ বিজেপি আৰু মিত্ৰজোঁট অগপৰ বিজয়ী ১০ টা ৱাৰ্ডৰ…
বিহুৰ বতৰত -অসমৰ থলুৱা লোকবাদ্য চিনাকী -গ্ৰন্থ উন্মোচন
শতাব্দ প্ৰতিনিধি, শিৱসাগৰ, ১৪ এপ্ৰিলঃ অসমৰ থলুৱা লোকবাদ্যসমূহে থলুৱা লোকজীৱনৰ সাংস্কৃতিক চেতনাক প্ৰতিফলিত কৰে। লোকবাদ্যসমূহে প্ৰতিফলিত কৰে সামাজিক শিল্পীসকলৰ জীৱন শিল্পক। অসমৰ থলুৱা লোকবাদ্য নিৰ্মাণ আৰু পৰিৱেশনৰ পুৰোধা শিল্পী নিমাইজানৰ দ্বিজেন গগৈ আৰু সুৰ সমলয় কলা সংস্থাৰ গৱেষণা আৰু প্ৰলেখন কোষৰ লগত জড়িত দেৱজিত বৰা প্ৰচেষ্টাত শিৱসাগৰৰ পৰা প্ৰকাশ পোৱা অসমৰ থলুৱা লোকবাদ্য চিনাকী গ্ৰন্থ খনে অসমৰ বৌদ্ধিক আৰু সাংস্কৃতিক জগতত এক নতুন মাত্ৰা প্ৰদান কৰিব। শিৱসাগৰ প্ৰেছ ক্লাৱত সুৰ সমলয় কলা সংস্থাৰ উদ্যোগত কালি অনুষ্ঠিত গ্ৰন্থ…
ফাটবিহুৰ বাৰ্ষিক প্ৰকাশ বিহুৱানৰ বাবে লেখা আহ্বান
ঢকুৱাখনা ১৪ এপ্ৰিলঃ বৰ্ণময় অসমীয়া সংস্কৃতিৰ এক চহকী উপাদান ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহু। ক'ভিড অতিমাৰী সৃষ্ট প্ৰতিকূল বিগত দুটা বৰ্ষত ফাটবিহুৰ উদযাপন বাতিল কৰাৰ পিছত এইবাৰ অহা ১৩,১৪ আৰু ১৫ মে'ত ফাটবিহু উদযাপন কৰাৰ প্ৰস্তুতি অব্যাহত আছে । ফাটবিহু উদযাপনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা বাৰ্ষিক মুখপত্ৰ বিহুৱানৰো প্ৰকাশৰ দিহা কৰা হৈছে । ইয়াৰ বাবে অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ পূৰ্ণানন্দ গগৈক উপদেষ্টা আৰু হেমন্ত কুমাৰ বৰুৱাক সম্পাদক হিচাপে লৈ ৭ জনীয়া এখন সম্পাদনা সমিতি গঠন কৰা হৈছে । সম্পাদনা সমিতিয়ে অসমৰ সুহৃদ লেখকৰ পৰা অসমীয়া…
