Browsing Category
অসম
মাজুলীৰ জেংৰাইমুখত শোকাৱহ দুৰ্ঘটনা শিশু নিহত
শতাব্দ প্ৰতিনিধি, মাজুলী,১৬,এপ্ৰিল: ৰঙালীৰ উচাহৰ মাজতে মাজুলীত সংঘটিত শোকাৱহ এক দুৰ্ঘটনাই সকলোৰে মন সেমেকাই তুলিছে। আজি বিয়লি জেংৰাইমুখত জেংৰাই চাপৰিৰ এটি ৮ বছৰীয়া শিশুৱে বিহু মাৰিবলৈ গৈ থকা অৱস্থাত শিশুটোক ফুলনি দিশৰ পৰা জেংৰাইমুখ অভিমুখে তীব্ৰ বেগেৰে আহি থকা এখন অচিনাক্ত চুইফট ডিজায়াৰ বাহনে মহতিয়াই লৈ যায়। ফলত শিশুটিৰ থিতাতে মৃত্যু হয়। ঘটনাৰ পিছতে শিশুটিক ততাতৈয়াকৈ জেংৰাইমুখ মডেল হস্পাতাললৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে শিশুটিক মৃত ঘোষণা কৰে। ঘটনা সংঘটিত কৰিয়েই অচিনাক্ত গাড়ীখনে তীব্ৰ বেগেৰে পলায়ন কৰে। মৃত শিশুটিৰ নাম ৰোহন…
বিহুৰ মাজতে আলফাত যোগদান কৰিবলৈ যোৱা যুৱকক আটক
শতাব্দ প্ৰতিনিধি চৰাইদেউ, ১৬ এপ্ৰিল : বিহুৰ আনন্দৰ মাজতে নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনলৈ ধাৱমান অসমীয়া যুৱক। বিগত কেইটামান দিনত বহু কেইগৰাকী অসমীয়া যুৱক-যুৱতীয়ে সংগঠনটোত যোগদান কৰাৰ তথ্য পোহৰলৈ আহিছে ইতিমধ্যে। ইফালে নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনত নতুন সদস্যই যোগদান কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰখাৰ সময়তে সোণাৰিত সষ্টম হৈ উঠিছে চৰাইদেউ আৰক্ষী। অসম-নগালেণ্ড সীমান্তৰ নামতোলাত চৰাইদেউ আৰক্ষীয়ে গঢ়ি তুলিছে নিছিদ্ৰ তালাচী অভিযান। এই তালাচী অভিযানৰ সময়তে সোণাৰিৰ নামতোলা আৰক্ষী থানাৰ অন্তৰ্গত টাওকাক অঞ্চলত আজি পুনৰ…
তেজপুৰৰ “অসমীয়া ক্লাব” ৰ ১০৮ সংখ্যক প্ৰতিষ্ঠা দিৱসত উৎসৱমুখৰ পৰিৱেশ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৬ এপ্ৰিল : সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ লগতে একাংশ সমাজহিতৈষী ব্যক্তিয়ে ১৯১৫ চনৰ পহিলা ব'হাগৰ দিনটোত গঢ়ি তোলা তেজপুৰৰ শতবৰ্ষ গৰকা অন্যতম সামাজিক অনুষ্ঠান "অসমীয়া ক্লাব" ৰ ১০৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কালি এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় ক্লাব প্ৰাংগনত। পহিলা ব'হাগৰ দিনটোতে পুৱাই ক্লাবৰ সকলো সদস্য সদস্যাই জাতীয় সাজপাৰ পৰিধান কৰি এক পৱিত্ৰ পৰিৱেশত আয়োজিত এই প্ৰতিষ্ঠা দিৱসৰ প্ৰথম কাৰ্যসূচী হিচাপে ক্লাবৰ সভাপতি অৰুণা দেৱীৰ দ্বাৰা পতাকা উত্তোলনৰ সময়ত সদস্য সদস্যা সকলে ক্লাবৰ প্ৰতীকী…
তামুলপুৰৰ ভিন্ন স্থানত ধুমুহাৰ তাণ্ডৱ
শতাব্দ প্ৰতিনিধি তামুলপুৰ , ১৬ এপ্ৰিল : নৱ গঠিত তামুলপুৰ জিলাৰ বিভিন্ন ঠাইত যোৱা নিশা ধুমুহাই তাণ্ডৱ লীলা চলায় । যোৱা নিশা প্ৰায় ১১ বজা মানৰ পৰা আজি পুৱতি নিশালৈকে অলপ সময়ৰ অন্তৰে অন্তৰে মুষলধাৰ বৰষুণৰ সমান্তৰালভাৱে ধুমুহা বতাহে জোকাৰি যায় সমগ্ৰ তামুলপুৰ জিলাক। ধুমুহাৰ ফলত বহু পৰিয়ালৰ ঘৰ দুৱাৰ ভাগি পৰে । গছ গছনি উভালি পৰাৰ লগতে বাৰীৰ তামোল নাৰিকল গছৰো ব্যাপক ক্ষতি সাধন হয় । গছ ভাঙি পৰাৰ ফলত কেইবাটাও মূল পথ বহু সময় ধৰি বন্ধ হৈ পৰে । ইপিনে ভাৰত ভূটান সীমান্তৱৰ্তী আমবাৰী বাতাবাৰীত ধুমুহাৰ ফলত গছ পৰি এগৰাকী মহিলাৰ মৃত্যু হয় ।…
তেজপুৰত পথ দুৰ্ঘটনাত দুজন নিহত
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৬ এপ্ৰিল: ৰঙালী বিহুৰ আনন্দৰ মাজত গৰু বিহুৰ দিনা তেজপুৰত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত দুজন যুৱক নিহত হয়। তেজপুৰৰ ডিপোতাত সংঘটিত এই শোকাৱহ পথ দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি বিহগুৰিৰ নামপিঠাখোৱাৰ পিংকু বৰা আৰু কমাৰ চুবুৰীৰ মিন্টু নাথে নম্বৰবিহীন এখন নতুন মটৰচাইকেলৰে তেজপুৰৰ পৰা গৃহ অভিমুখে উভতাৰ সময়ত বিয়লি প্ৰায় ৪.৩০ বজাত এএচ২৭ চি ৬০৯০ৰ ট্ৰাকখনৰে মুখামুখি সংঘৰ্ষ হয় । ফলত দুয়োজন যুৱক থিতাতে নিহত হয়। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে…
লখিমপুৰত ওজা সোমনাথ বড়াক ‘বিহু সম্ৰাট’ উপাধি প্ৰদান
শতাব্দ প্ৰতিনিধি,লখিমপুৰ ১৬ এপ্ৰিল: অসম জাতীয়তাবাদী যুৱ পৰিষদ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সহযোগত লখিমপুৰ ত্যাগ ক্ষেত্ৰত ১৪ এপ্ৰিলত ষষ্ঠ বাৰ্ষিক উৰুকা উৎসৱ আৰু বিহু আদৰণি অনুষ্ঠান দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় । পুৱা ৯ বজাত পতাকা উত্তোলন কৰে লখিমপুৰ জিলা সমিতিৰ সভাপতি হৰেন বৰুৱাই । শ্বহীদ তৰ্পণ কৰে জিলাৰ সাধাৰণ সম্পাদক মোবিন আহমেদে। উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সভাপতি মনোজ কলিতাই আঁতধৰা অনুস্থানত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লখিমপুৰ জিলা উপদেষ্টা উত্তম বৰা , জিলা সভাপতি হৰেন…
বহিঃৰাজ্যৰ গামোচাৰ প্ৰচলন নিষিদ্ধ কৰাৰ দাবী আছুৰ
নলবাৰীৰ পৰা চম্পক বৈশ্য, ১৬ এপ্ৰিলঃ শীঘ্ৰে বহিঃৰাজ্যৰ গামোচাৰ প্ৰচলন নিষিদ্ধ কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাই। পহিলা ব'হাগত নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত আৰু নলবাৰী নগৰ উন্নতি সভাৰ সহযোগত অনুষ্ঠিত 'নাচিব লাগিব ব'হাগ বিহু বুলি' শীৰ্ষক অনুষ্ঠানত মুকলি বিহু উদ্বোধন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে এই দাবী উত্থাপন কৰি কয়- 'অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে। আমাৰ যিবোৰ চিহ্ন সেইবোৰ প্ৰতিফলিত কৰাকৈ তাঁতশালৰ জৰিয়তে শিপিনীয়ে গামোচাত ফুল তোলে। কিন্তু ইয়াৰ বিপৰীতে ভীমৰ গদাজাতীয় বস্তু কিছুমান…
সঘনে দিখৌ নদীৰ পানীৰ বৰণ সলনিঃ চাঞ্চল্য
শতাব্দ প্ৰতিনিধি, শিৱসাগৰ, ১৬ এপ্ৰিলঃ বতৰৰ অস্বাভাৱিক পৰিৱৰ্তন, বিগত এটা পষেক ধৰি অব্যাহত থকা বৰষুণৰ মাজতেই এইবাৰ দিখৌ নদীত পৰিলক্ষিত হৈছে এক অস্বাভাৱিক পৰিৱৰ্তন । নৈপৰীয়া জন জীৱনত অভ্যস্ত হৈ পৰা সাধাৰণ ৰাইজকো দিখৌ নদীৰ জলৰাশিৰ এই অস্বাভাৱিক পৰিৱৰ্তনে কৌতূহলৰ লগতে আতংকৰো সৃষ্টি কৰিছে । বিশেষকৈ ২৪ ঘন্টাৰ পূৰ্বে দিখৌ নদীত অস্বাভাৱিক গতিত ঘোলা পানী অহাৰ লগতে ভয়ংকৰ ৰূপত ওপঙি উঠিছিল থলুৱা প্ৰজাতিৰ প্ৰকাণ্ড প্ৰকাণ্ড মাছ সমুহ । পুৱতি নিশা প্ৰায় ৪ মান বজাৰ পৰাই দিখৌ নদীত ঘোলা পানীৰ সমানে ওপঙি উঠিছিল হাজাৰ হাজাৰ থলুৱা মাছ । হঠাৎ ওপঙি…
সংস্কৃত ভাষা সাহিত্যৰ গৱেষক,অধ্যাপক থানেশ্বৰ শৰ্মাক গীতানগৰ বিহু সন্মিলনৰ সম্বৰ্ধনা
গুৱাহাটী, ১৬ এপ্ৰিলঃ ৪৩ সংখ্যক গীতানগৰ বিহু সন্মিলনৰ উদ্যোগত গুৱাহাটীৰ গীতানগৰ অঞ্চলৰ বিশিষ্ট নাগৰিক গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অৱসৰী অধ্যাপক, সংস্কৃত ভাষা সাহিত্যৰ গৱেষক, পন্ডিত থানেশ্বৰ শৰ্মাক ১৫এপ্ৰিলত ৰাজহুৱা ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উল্লেখ্য যে ভাষা সাহিত্যৰ নীৰৱ সাধক শৰ্মাই শিক্ষকতাৰ উপৰি সংস্কৃত, অসমীয়া আৰু ইংৰাজী ভাষাত শতাধিক গ্ৰন্থ ৰচনা কৰি ভাষা-সাহিত্যৰ গৱেষণা ক্ষেত্ৰলৈ বিশেষ বৰঙনি আগবঢ়াইছে। গীতানগৰ দুৰ্গা পূজা, বিহু সন্মিলন আদিৰ লগত জড়িত হৈ থকা অধ্যাপক থানেশ্বৰ শৰ্মাই অসমৰ সাহিত্য, সামাজিক…
বিশ্বনাথত গৰু বিহুৰ দিনাই যুৱকৰ সলিল সমাধি
বিশ্বনাথ ১৬ এপ্ৰিলঃ গৰু বিহুৰ দিনটোতে বিশ্বনাথ চাৰিআলিত এক কৰুণ ঘটনা সংঘটিত হয় । বিশ্বনাথ চাৰিআলিৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত গড়েহাগী গাঁৱৰ সমীপৰ চালিয়া চাপৰিত গৰু নোৱাবলৈ গৈ অজলাসুঁতি নদীত প্ৰাণ গল এজন যুৱকৰ । এই ঘটনাই সমগ্ৰ অঞ্চল শোকস্তব্ধ কৰি তুলিছে। স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে অজলাসুঁতি নৈত গৰু বিহুৰ দিনা গৰু নোৱাবলৈ আহিছিল গড়েহাগী গাঁৱৰ ৰাইজ। গৰু নোৱাই থকা অৱস্থাত গড়েহাগী গাঁৱৰ নিতুল কোছ নামৰ ৪৫ বছৰীয়া যুৱক জনৰ সলিল সমাধি ঘটে। গৰু নোৱাই নৈ ইপাৰ সীপাৰ হবলৈ চেষ্টা কৰোতেই এই ঘটনা সংঘটিত হয়। স্থানীয় ৰাইজে নাৱৰে যুৱকজনৰ…
