Browsing Category

অসম

ৰাজ্যৰ ২২ খন জিলাত বা-মাৰলীৰ দুৰ্যোগ

শতাব্দ বিশেষ প্ৰতিনিধি, ১৮ এপ্ৰিলঃ বান অহাৰ পূৰ্বেই পুনৰ প্ৰাকৃতিক দুৰ্যোগত বিপৰ্যয়ৰ সন্মুখীন হ'ব লগা হৈছে অসম। প্ৰচণ্ড বা-মাৰলী, বজ্ৰপাত আৰু নেৰানেপেৰা বৰষুণৰ ফলত যোৱা এসপ্তাহৰ ভিতৰত ৰাজ্যখনত প্ৰাণ হেৰুৱাব লগীয়া হৈছে কুৰি জনকৈ লোকে। অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে শেহতীয়াকৈ জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ মতে ১৪ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিলৈকে ৰাজ্যখনৰ ২২ খন জিলাৰ ৮০ টা ৰাজহ চক্ৰৰ অধীনৰ ১,৪১০ খন গাঁৱৰ ৯৫,২৩৯ জন লোক বা-মাৰলী আৰু বজ্ৰপাতত ক্ষতিগ্ৰস্ত হৈছে। বিভাগটোৰ তথ্য অনুযায়ী এতিয়ালৈকে ৰাজ্যখনত ৩,০১১ টা বাসগৃহ সম্পূৰ্ণ…

বায়খো উৎসৱত জুইৰ সৈতে নাচিছে বায়ব্ৰাই

গোৱালপাৰা, ১৭ এপ্ৰিল:-গোৱালপাৰা জিলাৰ এক নং বৰঝৰা নদীয়াপাৰা গাঁৱৰ নলঙ্গা পাহাৰত থকা বায়খো মন্দিৰৰ প্ৰাঙ্গণত আজি সন্ধিয়াৰ পৰা আৰম্ভ হৈছে ৰাভা জাতীয় উৎসৱ বায়খো পূজা । কৃষি ভিত্তিক এই উৎসৱত ৰাভাসকলে জুইৰ সৈতে খেলা-নৃত্য কৰে। বায়খো দেৱীক আৰাধনা কৰি ৰাভা সকলে পৰম্পৰাগতভাৱে পৱিত্ৰতাৰ পৰিচয় দিয়ে । বায়খো এগৰাকী শক্তিশালী দেৱী। ৰাভাসকলে সাহসেৰে লিপ্ত হয় । যাক কিল্লা দিবিকায় বুলিও কয় ।বায়খো পূজাত অগ্নি পৰীক্ষাত অংশগ্ৰহণ কৰাসকলক বায়ব্ৰা বুলি কয় । এই বায়ব্ৰাসকলে সাত দিন সাত ৰাতি বায়খো থানত পৰম্পৰা নীতিৰে নিজকে শুদ্ধি কৰি দেৱীক…

গহপুৰৰ টকৌবাৰীত দুৰ্ঘটনাত পাঁচ বিহুৱা-নাচনীৰ কৰুণ মৃত্যু

গহপুৰ,১৭ ফেব্ৰুৱাৰী:গহপুৰৰ টকৌবাৰীত যোৱা নিশা সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত ৩ যুৱতী সহ৫ জন লোক নিহত হয়। গহপুৰৰ হেলেম আৰক্ষী থানাৰ অৰ্ন্তগত টকৌবাৰীত সংঘটিত দুৰ্ঘটনাটোত উত্তৰ কাৰিবিল গাঁৱৰ এটি হুঁচৰি দলৰ পাঁচ গৰাকীকৈ বিহুৱা-নাচনীৰ কৰুণ মৃত্যু ঘটে। গাঁওখনৰ প্ৰায় কুৰিজনীয়া ডেকা গাভৰুৰ দলে এচ ২৫ ডিচি ৭৪১৮ নম্বৰৰ বলেৰ'পিকআপ ভানত উঠি নিশা টকৌবাৰী অঞ্চলত হুঁচৰি গাবলৈ যায়। নিশা ১২ মান বজাত টকৌবাৰী ফ্লাই অভাৰৰ কাষৰ পথেৰে ঘুৰি আহোতে এটা কেঁকুৰি ঘুৰিবলৈ ধৰোতেই গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দিয়াই পথৰ কাষৰ খাৱৈত বাগৰি পৰে। ভয়াবহ…

নলবাৰী মহকুমা বিহু সন্মিলনীৰ সোণালী জয়ন্তীৰ আৰম্ভণি

শতাব্দ প্ৰতিনিধি, নলবাৰী, ১৭ এপ্ৰিলঃ আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে নলবাৰী মহকুমা বিহু সন্মিলনীৰ সোণালী জয়ন্তী উৎসৱৰ আৰম্ভণি অনুষ্ঠান।নলবাৰী গৰ্ডন স্কুল খেলপথাৰত আয়োজিত এই অনুষ্ঠান আজি পুৱাৰ ভাগত পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে বিহু সন্মিলনীৰ সভাপতি গনেশ তামুলী আৰু কাৰ্যকৰী সভাপতি মনোজ কুমাৰ চৌধুৰীৰ লগতে ৫০ গৰাকী বিশিষ্ট ব্যক্তিয়ে। ইয়াৰ পিছত লাড়ু-পিঠাৰ প্ৰদৰ্শনীমূলক প্ৰতিযোগিতা, জেং বিহু প্ৰতিযোগিতা, ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাঙ্কণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। সন্ধিয়া মুকলি বিহু প্ৰতিযোগিতা, উৰুলী…

তেজপুৰত দুৰ্ঘটনাত হতাহত দম্পতী

শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ,১৭এপ্ৰিল: আজি পুৱা প্ৰায় ৯-৩০বজাত পিঠাখোৱা চেন্টাৰতে সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত এগৰাকী বোৱাৰী থিতাতে নিহত হয় । তেজপুৰ বামপৰ্বতীয়াৰ বাঢ়ৈচুবুৰী নিবাসী নিৰঞ্জন লহকৰে তেওঁৰ পত্নী ৰশ্মি হাজৰিকা লহকৰক লৈ এএছ ১২টি ১২৪৭ নম্বৰ মটৰচাইকেলৰে শিঙৰি দেৱালয়লৈ গৈ থকা অৱস্থাত এএছ ১২বিচি ৮৬১৬ নম্বৰ ট্ৰাকখনে পিছফালৰ পৰা দুয়োকে মহতিয়াই নিয়ে । উল্লেখ্য় যে,যোৱা ২৫ নৱেম্বৰত দম্পতীহালৰ বিয়াৰ এবছৰ পূৰ্ণ হৈছিল । ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱা প্ৰত্যক্ষ কৰা একাংশ লোকে কয় যে,একেটা দিশৰ পৰাই অহা দ্ৰুতবেগী ট্ৰাকখনে ১৫নম্বৰ…

কাইলৈ উন্মোচন কৰা হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ আবক্ষ মূৰ্তি

শতাব্দ প্ৰতিনিধি, নলবাৰী, ১৭ এপ্ৰিলঃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী,সুচিকিৎসক, মানৱদৰদী ডাঃ ভূমিধৰ বৰ্মনৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে প্ৰয়াত ৰাজনীতিকগৰাকীৰ এটি আৱক্ষ মূৰ্তি কাইলৈ উন্মোচন কৰা হ'ব। প্ৰবীন ৰাজনীতিক গৰাকীৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে নলবাৰী জিলাৰ বেলশৰৰ সমীপৰ ভকতৰ পুখুৰী পাৰৰ 'শান্তিভূমি'ত স্থাপন কৰা এই আৱক্ষ মূৰ্তিটো আনুষ্ঠানিকভাৱে উন্মোচন কৰিব প্ৰতিথযশা সাহিত্যিক, বিশিষ্ট শিক্ষাবিদ ড° দয়ানন্দ পাঠকে। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে তেওঁৰ সজল স্মৃতিত কাইলৈ এখন স্মৃতিচাৰণ সভাৰো আয়োজন…

বিশ্বনাথত সুধাকণ্ঠৰ প্ৰতিমূৰ্তি উন্মোচন

শতাব্দ প্ৰতিনিধি, বিশ্বনাথ ১৭ এপ্ৰিলঃ বিশ্বনাথৰ ৰেল গেটত কালি উন্মোচন কৰা হয় বিশ্ববৰেণ্য শিল্পী,সুধাকণ্ঠ,ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ এটি প্ৰতিমূৰ্তি। বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ একান্ত ইচ্ছাৰ ফলত এই মূৰ্ত্তিটো বিশ্বনাথৰ উত্তৰ চাৰিআলি সন্মিলিত মঞ্চৰ সহযোগিতাত ৰাইজৰ বাবে উচৰ্গা কৰা হয়। এই মূৰ্তি নিৰ্মাণ কৰি উলিয়াই বিশিষ্ট ভাস্কৰ্য শিল্পী শিৱ প্ৰসাদ মাৰাৰে। নিৰ্মাণ সমিতিৰ সভাপতি তথা উত্তৰ চাৰিআলি সন্মিলিত মঞ্চৰ কাৰ্যকৰী সভাপতি নিৰঞ্জন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰতিমূৰ্তিটো উন্মোচন কৰে…

যোৰহাটত ‘সম্প্ৰীতিৰ জলপানেৰে ব’হাগক আদৰো আহক’ শীৰ্ষক অনুষ্ঠান

শতাব্দ প্ৰতিনিধি,যোৰহাট , ১৬ এপ্ৰিল : যোৰহাটৰ উপকণ্ঠৰ হাতীগড় সন্মিলিত যুৱ মঞ্চৰ উদ্যোগত পঞ্চদশ বাৰৰ বাবে কালি অনুষ্ঠিত কৰা হয় 'সম্প্ৰীতি জলপানেৰৰ ব'হাগক আদৰো আহক ' শীৰ্ষক অনুষ্ঠান। বৃহত্তৰ হাতীগড়বাসীৰ উপস্থিতিত অগ্ৰজজনৰ আশিস লৈ হাতীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত অনুষ্ঠিত হয় এই অনুষ্ঠানৰ আৰম্ভণিতে পদূলিৰ পৰা ঢোল-পেঁপাৰ মাতেৰে প্ৰত্যেকৰে হাতত এখনকৈ গুৱা গুজি দি আদৰণি জনাই অনা হয় প্ৰত্যেকজন ব্যক্তিক। ইয়াৰ পিছতে বিহুৰ পৰম্পৰা ৰক্ষা কৰি অগ্রজনৰ চৰণত সেৱা লৈ বছৰটোৰ বাবে আশিস লয় মঞ্চখনৰ প্ৰতিজন সদস্যই। অর্ধ শতাধিক ককা-আইতাক…

মাৰ্ঘেৰিটাত পহিলা বহাগত ৮ জনক সাংবাদিক সংস্থাৰ বিহুৰ ওলগ

মাৰ্ঘেৰিটা ১৬ এপ্রিলঃ অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত তিনিচুকীয়া জিলা সাংবাদিক সংস্থা তৰফৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে মাৰ্ঘেৰিটাৰ সমাজলৈ অনবদ্য অবদানৰ জৰিয়তে সেৱা আগবঢ়াই অহা ক্ৰমে বিশিষ্ট চিকিৎসক ডাঃ অতুল বৰা আৰু সমাজ সংগঠক পবিত্ৰ বৰগোহাঞিক সম্বৰ্ধনা জনোৱাৰ লগতে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ তৰফৰ পৰা ক্ৰমে সোমেশ্বৰ নেওগ, অৱসৰ প্রাপ্ত প্রধান শিক্ষক, পুতুল বৰা লোকবাদ্য শিল্পী, বৰগোলাই, হিৰণ্য কুমাৰ বৰদলৈ অৱসৰপ্ৰাপ্ত শিক্ষক, মাৰ্ঘেৰিটা, যোগেন গগৈ অৱসৰ প্ৰাপ্ত শিক্ষক, মাৰ্ঘেৰিটা, অপূৰ্ব ভাগৱতী কেতেটং, অৱসৰপ্ৰাপ্ত শিক্ষক, গুনিন…

নলবাৰীত ধুমুহাত কথমপি ৰক্ষা এগৰাকী অধ্যাপকৰ পৰিয়াল

শতাব্দ প্ৰতিনিধি, নলবাৰী, ১৬ এপ্ৰিলঃ ৰঙালী বিহুৰ আনন্দ উলাহৰ মাজতে নামনি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাতো বৃহস্পতিবাৰে নিশা ধুমুহাই তাণ্ডৱ চলায়। এই ধুমুহাই বহু পৰিয়ালৰ যথেষ্ট ক্ষতিসাধন কৰে। জিলাখনৰ বিভিন্ন প্ৰান্তত গছ উভালি পৰাত যাতায়াত বিঘ্নিত হৈ পৰাৰ লগতে বহু অঞ্চলত বিদ্যুৎ যোগান ব্যাহত হৈ পৰে। কেবা ঠাইতো বিদ্যুৎ পৰিবাহী তাঁৰ চিগি যোৱাত বিদ্যুৎ সেৱা বন্ধ হৈ পৰে যদিও শুকুৰবাৰে বিদ্যুৎ বিভাগে ক্ষীপ্ৰতাৰে মেৰামতি কৰি পুনৰ বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰি দিয়ে। বৃহস্পতিবাৰে নিশা প্ৰায় ৮ বজাত অহা প্ৰচণ্ড ধুমুহাত নলবাৰীৰ…