Browsing Category
অসম
মাৰ্ঘেৰিটাত সমন্বয় সমাজ কল্যাণ যুৱ সন্থাৰ ৰঙালী বিহু উৎসৱ আৰু সম্বৰ্ধনা অনুষ্ঠান
মাৰ্ঘেৰিটা, ১৯ এপ্রিলঃ মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাৱ প্রাংগনত আজি সমন্বয় কল্যান যুৱ সন্থাৰ উদ্যোগত দিনজোৰা কায্যসূচীৰে ৰঙালী বিহু উৎসৱ আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে। বিয়লি এক বজাৰ পৰা বিশিষ্ট কবি ড০ ৰণজিত দত্তৰ পৌৰােহিত্যত অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা আৰু আদৰণী ভাষণ দিয়ে শীৰ্ষ জ্যোতি (প্রাঞ্জল) নেওগে। সভাত যুৱ সমাজকৰ্মী সীমান্ত মাধৱ কটকী, মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ উপসভাপতি সমীৰণ বৰঠাকুৰ, জেষ্ঠ সাংবাদিক ৰাম প্রসাদ আম্বেদকাৰ, শিক্ষক অজিত সিং, সাংবাদিক সোনাৰাম কলিতা, মানস প্রতীম গগৈ আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত…
তেজপুৰৰ বৰঘোপত বৈশাগু উৎসৱ
শতাব্দ প্ৰতিনিধি তেজপুৰ,১৯এপ্ৰিল: বৰ্ণিল নৃত্য,গীতৰে আজি জীপাল হ’ল পশ্চিম তেজপুৰৰ বৰঘোপ অঞ্চলৰ ৰংজালী বৈশাগু উৎসৱ। শোণিতপুৰৰ বৰছলা বিধান সভা সমষ্টি অন্তৰ্গত খেলমাটি চেন্টাৰৰ নিকটৱৰ্তী অঞ্চলত বৈশাগু উৎসৱ উপলক্ষে যোৱা ১০এপ্ৰিলৰ পৰাই ২৩খন গাঁৱত বিৰাজ কৰিছে এক জীপাল পৰিৱেশে। পশ্চিম তেজপুৰ আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত তথা বড়ো সাহিত্য সভা ,বাথৌ মহাসভাৰ সহযোগত ৰাজ্যখনৰ আটাইতকৈ প্ৰাচীন সাংস্কৃতিক উৎসৱৰে জীপাল হৈ উঠিছে বৃহত্তৰ অঞ্চলটো। নাচনীৰ ৰূপত ওলাই আহিছে বৃদ্ধাৰ পৰা শিশুলৈকে। অতি শৃংখলাৱদ্ধ ৰূপে তেওঁলোকে ইখন গাঁৱৰ পৰা…
আৰে ভাই, দুটা দুটা তিল পিঠা, তিলৰ লাড়ু আৰু চাহ দিবা
অশ্বিনী বৰুৱা
গুৱাহাটীৰ ষ্টাৰ (?) হোটেল এখনত এবাৰ ব্যক্তিগতভাবে আৰু এবাৰ ফেচবুকৰ জড়িয়তে কৈছিলোঁ বোলোঁ অসমক প্ৰতিনিধিত্ব কৰা যিকোনো এগৰাকী ব্যক্তিৰ অন্ততঃ এখন প্ৰাচীৰ চিত্ৰ ৰাখক আৰু যিকোনো দুবিধমান অসমীয়া ব্যঞ্জনৰ ব্যৱস্থা কৰক পাৰিলে । কিয়নো আমাৰ বাহিৰৰ প্ৰদেশৰ কাৰোবাক লগত আনিলে কি দেখুৱাম, কি খুৱাম ? মাটিমাহৰ অমিতা দিয়া খাৰ আৰু বিভিন্ন ব্যঞ্জন । তেওঁলোকে মনপুতি শুনিলে আৰু ফেচবুকতো সমৰ্থন কৰিলে । কিন্তু বাস্তৱত একো নহ'ল । পেৰাডাইজে পৰম্পৰা বুলি অসমীয়া খাদ্য পৰিবেশন কৰে। দিল্লীত থাকোঁতে এবাৰ (1968) কেৰালাইট হোটেলত পৰিবেশিত…
উজানৰ মাছ বনাম মীন আইন
মুক্তাৰ আলীভাতৰ পাতত মাছৰ আঞ্জা নাথাকিলে গৰিষ্ঠসংখ্যক অসমীয়া মানুহৰে পেটলৈ ভাত নেযায়। মাছেৰে বিবিধ মুখৰোচক আঞ্জা ৰান্ধি আপ্যায়ন কৰিব নোৱাৰিলে গৃহিনীসকলৰো যেন মন নভৰে। পিটিকাৰপৰা আৰম্ভ কৰি পাতত দিয়া,খোলাত দিয়া ,ভজা, পোৰা ইত্যাদি ইত্যাদি অসমীয়া মানুহৰ অলেখ জুতি মাছ প্ৰথম আৰু প্ৰধান সামগ্ৰী। আমি জুতি লোৱা জাতি। জুতিত আমি ইমানেই মজ্জিত হৈ পৰিছো যে এই জুতিৰ প্ৰতাপত অসমৰ নৈ বিল, জান-জুৰি, জলাশয়ত বৰ্তমানলৈকে প্ৰায় ২৫ বিধ স্বাদযুক্ত মাছ প্ৰায় বিলুপ্তিৰ চৰম সীমাত উপনীত হৈছে। এসময়ত নৈ, বিলত উভৈনদী হৈ পৰা…
নলবাৰী পৌৰসভাৰ পৌৰপতি নিৰ্বাচিত
শতাব্দ প্ৰতিনিধি, নলবাৰী, ১৮ এপ্ৰিলঃ সকলো জল্পনা-কল্পনা আৰু উৎকন্ঠাৰ অন্তত নলবাৰী পৌৰসভাৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছে জয়শ্ৰী তালুকদাৰ পাঠক । মুঠ ১৭ টা ৱাৰ্ড থকা নলবাৰী পৌৰসভাৰ নিৰ্বাচনত আটাইকেইটা ৱাৰ্ডতে বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ পিছত বিগত দিন কেইটাত ১৭ নম্বৰ ৱাৰ্ডৰ নিৰ্বাচিত বিজেপি সদস্য জয়ন্ত বুজৰবৰুৱাই সভাপতিৰ চকীত বহিব বুলি চৰ্চা চলি থকাৰ মাজতে ৬ নম্বৰ ৱাৰ্ডৰ নিৰ্বাচিত সদস্য (বিজেপি) জয়শ্ৰী তালুকদাৰ পাঠকৰ নাম সভানেত্ৰী হিচাপে ঘোষিত হোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। আজি নলবাৰী নাট্য…
প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ আবক্ষ মূৰ্তি, সোঁৱৰণী গ্ৰন্থ উন্মোচন
বেলশৰৰ পৰা চম্পক বৈশ্য , ১৮ এপ্ৰিলঃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, সুচিকিৎসক, মানৱদৰদী ডাঃ ভূমিধৰ বৰ্মনৰ এটি আবক্ষ মূৰ্তি আজি উন্মোচন কৰা হয়। প্ৰবীন ৰাজনীতিক গৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে নলবাৰী জিলাৰ বেলশৰৰ সমীপৰ ভকতৰ পুখুৰী পাৰৰ 'শান্তিভূমি'ত স্থাপন কৰা এই আৱক্ষ মূৰ্তিটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে প্ৰতিথযশা সাহিত্যিক, বিশিষ্ট শিক্ষাবিদ ড° দয়ানন্দ পাঠকে। প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে তেওঁৰ সজল স্মৃতিত আজি অনুষ্ঠিত কৰা স্মৃতিচাৰণ সভাত আবক্ষ মূৰ্তি উন্মোচক ড° পাঠকে ভাষণ প্ৰসংগত কয়-- 'প্ৰাক্তন…
অসম বৰ বিহুৱতী সংগীতা ৰাভা
৪৩ সংখ্যক গীতানগৰ বিহু সন্মিলন, গুৱাহাটীৰ দ্বাৰা অনুষ্ঠিত অসম বৰ বিহুৱতী প্ৰতিযোগিতাৰ চুড়ান্ত বিজয়ী অসম বৰ বিহুৱতী সংগীতা ৰাভা। ছবিত সংগীতা ৰাভাই প্ৰয়াত নয়নকুমাৰ দাস সোঁৱৰণী বঁটা আৰু নগদ ৫০,০০০টকা গ্ৰহণ কৰি থকা দেখা গৈছে।
দিখৌ নদীৰ পানীৰ বৰণ সলনি
শতাব্দ প্ৰতিনিধি, শিৱসাগৰ, ১৮ এপ্ৰিলঃ শিৱসাগৰ চহৰৰ মাজমজিয়াইদি বৈ যোৱা খৰস্ৰোতা দিখৌ নদীৰ বৰণ হঠাৎ এটা নিশাৰ ভিতৰতেই সলনি হৈ যোৱাৰ চাঞ্চল্যকৰ বাতৰি সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পোৱাৰ পিছতেই তৎপৰ হৈ পৰিছে শিৱসাগৰ জিলা প্ৰশাসন । শিৱসাগৰ জিলা প্ৰশাসনৰ নিৰ্দেশত প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ এটা দল দিখৌ দলঙৰ সমীপত উপস্থিত হৈ নদীখনৰ পৰা পানীৰ নমুনা পৰীক্ষাৰ বাবে সংগ্ৰহ কৰে । উল্লেখ্য যে, গৰু বিহুৰ আগদিনা পুৱতি নিশা হঠাৎ নদীখনৰ পানী ঘোলা হৈ পৰাৰ লগতে বৃহৎ সংখ্যক থলুৱা মাছ ওপঙি পৰিছিল । পুৰ্বৰ দিখৌ নদীৰ পানীৰ সেই সেউজীয়া চামনীটোৰ…
যুৱ কংগ্ৰেছ নেতাৰ আলফালৈ গমন কাণ্ডৰ নতুন মোৰঃ
শতাব্দ প্ৰতিনিধি, শিৱসাগৰ, ১৮ এপ্ৰিলঃ শদিয়াৰ উদয় নগৰৰ জনাৰ্দন গগৈ নামৰ এগৰাকী উচ্চ শিক্ষিত যুৱক তথা যুৱ কংগ্ৰেছৰ নেতাই, পত্নী, সন্তান, অসুস্থ মাতৃক এৰি থৈ আলফা স্বাধীনত যোগদানৰ বাবে ম্যানমাৰ অভিমুখী যাত্ৰা কৰাৰ ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তেই এইবাৰ ঘটনাৰ সৈতে যুগসূত্ৰ থকাৰ সন্দেহত শিৱসাগৰৰ এজন যুৱকক আৰক্ষীয়ে আটক কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলা খনত । পুৱতি নিশা শদিয়া জিলাৰ এটা আৰক্ষী দলৰ সৈতে শিৱসাগৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই শোৱাপাটীৰ পৰাই আটক কৰা যুৱকজন বেতবাৰী চাংমাই গাঁৱৰ নিৱাসী স্বপ্নিল…
