Browsing Category

অসম

 অসম সাহিত্য সভাৰ পঞ্চম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক

শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ, ২০ এপ্ৰিলঃ অসম সাহিত্য সভাৰ ২০২০-২২ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিৰ পঞ্চম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাখন অহা ২৪ এপ্ৰিলত বৰপেটাৰ বৰনগৰ শাখা সাহিত্য সভা আৰু বৰনগৰ মহাবিদ্যালয়ৰ উদ্যোগত সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত আয়োজন কৰা হৈছে । অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই আজি তেজপুৰত এক সংবাদ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা জানিবলৈ দি কয় যে, এই সভাত কাৰ্যনিৰ্বাহকৰ সকলো বিষয়ববীয়া, সদস্য, উপসমিতিসমূহৰ কাৰ্যকৰী সভাপতি, আহ্বায়ককে ধৰি সকলো সদস্যক উপস্থিত থাকিবলৈ আহ্বান জনাইছে। আনহাতে এই পঞ্চম পূৰ্ণাংগ…

অসম-অৰুণাচলৰ সীমা বিবাদ অন্ত পৰাৰ দিশে

গুৱাহাটীৰ কইনাধৰাত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচলৰ মুখ্যমন্ত্রী পেমা খাণ্ডুৰ বৈঠক। অসম আৰু অৰুণাচলৰ মাজত ১২২ খন গাঁৱক লৈ বিবাদ। অৰুণাচলৰ দখলত অসমৰ প্ৰায় ৮,৩৯৫.২৫ হেক্টৰ ভূমি। শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২০ এপ্ৰিলঃ মেঘালয়ৰ পাছত এইবাৰ অসম-অৰুণাচলৰ সীমা সমস্যা সমাধানৰ বাবে দুই ৰাজ্যৰ মুখ্যমন্ত্রী বৈঠকত মিলিত হয়। অসম আৰু অৰুণাচলৰ মুখ্যমন্ত্রী পৰ্যায়ৰ বৈঠকখন আজি গুৱাহাটীৰ কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হয়। কইনাধৰাত অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ বৈঠকখনত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচলৰ…

উৰিষ্যাৰ মহানদী ক’ল ফিল্ডচৰ কাৰিকৰী সঞ্চালক পদত অসম সন্তান যুগল কুমাৰ বৰা

শতাব্দ প্ৰতিবেদক, মাৰ্ঘেৰিটা ২০ এপ্রিলঃ ক'ল ইণ্ডিয়াৰ অন্তৰ্গত উৰিষ্যাৰ মহানদী ক'ল ফিল্ডচৰ (MCL) কাৰিকৰী সঞ্চালক পদত নিযুক্তি পাইছে অসম সন্তান যুগল কুমাৰ বৰাই | নগাঁৱত জন্ম গ্রহণ কৰা বৰাই হ'ল এনে শীৰ্ষ পদত নিযুক্তি পোৱা প্রথমজন অসমীয়া | নগাঁৱৰ নিবাসী ধৰ্মেশ্বৰ বৰা আৰু ৰীণা বৰাৰ সন্তান যুগল কুমাৰ বৰই গোৱালপাৰাৰ সৈনিক স্কুলত শিক্ষা গ্রহণ সম্পূৰ্ণ কৰি ১৯৮৩ চনত নিট নাগপুৰৰ কলেজীয়া আৰু মাইনিং ইঞ্জীনিয়াৰ পাঠ্যক্ৰম সফলতাৰে সমাপ্ত কৰে | ডাইৰেক্টৰ জেনেৰেল মাইনচ ছেফটিৰ পৰা ১৯৯১ চনত প্রথম শ্রেণীৰ মাইনচ মেনেজাৰ চাৰ্টিফিকেট অৱ কমপেটেন্সি,…

তিনিচুকীয়াৰ হাপজান ইনষ্টিটিউট অৱ নাৰ্ছিং এণ্ড পেৰামেডিকেল ছায়েন্সত পাঠ্যক্ৰম আৰম্ভ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২০ এপ্ৰিল : শিক্ষা আৰু স্বাস্থ্য এই দুয়োটা দিশত অধিক গুৰুত্ব প্ৰদান কৰিব পাৰিলে সমাজ, দেশ আৰু জাতিটো উন্নতিৰ দিশত সবলভাৱে আগুৱাই যাব পাৰিব। তিনিচুকীয়াবাসীৰ এক দীৰ্ঘদিনীয়া অভাৱ দূৰ কৰি জিলাখনৰ চোটা হাপজানৰ গংগাবাৰীত স্থাপন কৰা হাপজান ইনষ্টিটিউট অৱ নাৰ্ছিং এণ্ড পেৰামেডিকেল ছায়েন্স নামৰ শৈক্ষিক প্ৰতিষ্ঠানৰ প্ৰথম বেটচ্‌ৰ শিক্ষাৰ্থীসকলৰ পাঠ্যক্ৰমৰ শুভাৰম্ভ অনুষ্ঠানত আজি বন্তি প্ৰজ্বলন কৰি দিয়া ভাষণত তিনিচুকীয়াৰ উপায়ুক্ত নৰসিং পৱাৰে এইদৰে কয় । স্বাস্থ্যখণ্ডত সুচাৰুৰূপে সেৱা আগবঢ়োৱাৰ মানসেৰে শিক্ষা…

বাক্সাৰ বাগানপাৰাত কেন্দ্ৰীয় বাহ গোসাই উৎসৱৰ সামৰণী

শতাব্দ প্ৰতিনিধি, বাক্সা ,২০ এপ্ৰিলঃ শৰণীয়া কছাৰী জনগোষ্ঠীটোৰ অন্যতম বাহ গোসাই উৎসৱ এইবেলি কেন্দ্ৰীয় ভাৱে উদযাপন হয় বাক্সা জিলাৰ বাগানপাৰাত । দুদিনীয়াকৈ অনুষ্ঠিত কৰা বাহ গোসাই উৎসৱৰ আজি সামৰণিৰ দিনা বাঁহ গোসাঁই পৰিভ্ৰমণ কৰে সমগ্ৰ বাগানপাৰা অঞ্চলটোত। দহ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা বাহ গোসাঁই পৰিভ্ৰমণ কাৰ্যসূচীত শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকে এই বাঁহ গোসাঁই উৎসৱ প্ৰতিবছৰে চত মাহৰ সংক্ৰান্তিৰ দিনৰ পৰা সাতদিন ধৰি উদযাপন কৰা হয় বুলি মন্তব্য কৰে। বাঁহ গোসাঁইক শৰণীয়া জনগোষ্ঠীৰ লোকে শিৱলিংগ বুলি বিশ্বাস কৰি আহিছে বুলি…

যোৰহাট থিয়েটাৰৰ ১২৫ সংখ্যক জয়ন্তী 

শতাব্দ প্ৰতিনিধি, যোৰহাট, ২০ এপ্ৰিল : অসমৰ নাট্য জগতত ১৮৯৬ চনতে আত্মপ্ৰকাশ কৰি নাট্যযাত্ৰাৰ ১২৫ বছৰ সম্পূৰ্ণ হোৱা যোৰহাট থিয়েটাৰৰ গৌৰবোজ্বল ১২৫ সংখ্যক জয়ন্তী উদযাপনৰ সামৰণী অনুষ্ঠান আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। এই সামৰণি অনুষ্ঠান উপলক্ষে আজি পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ পাছতে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাত অসমীয়া জাতীয় জীৱনৰ কৃষ্টি সুন্দৰভাৱে উপস্থাপন কৰা হয়। এই শোভাযাত্ৰাত যোৰহাট থিয়েটাৰৰ সদস্য, সাংস্কৃতিক কৰ্মী সকলৰ লগতে যোৰহাটৰ বহু কেইটা সামাজিক, সাংস্কৃতিক, শিক্ষানুষ্ঠান আৰু…

ডাৱল চেঞ্চুৰি কৰা বিশ্বনাথ জিলাৰ প্ৰথমজন বেটছমেন

 বিশ্বনাথ, ২০এপ্ৰিলঃ অসম ক্ৰিকেট সংস্থাৰ অধীনৰ নুৰুদ্দিন আহমেদ ট্ৰফি চিনিয়ৰ আন্তঃ জিলা ক্ৰিকেট প্ৰতিযোগিতাত লখিমপুৰ জিলাৰ বিপক্ষে বিশ্বনাথ জিলাৰ সিদ্ধাৰ্থ শংকৰ বৰুৱাই আজি দ্বিশতক অৰ্জন কৰে। মঙ্গলদৈত অনুষ্ঠিত হোৱা ক্ৰিকেট প্ৰতিযোগিতাত আজি টছত জিকি বেট ধৰাৰ সিদ্ধান্ত লোৱা বিশ্বনাথ জিলাৰ হৈ অপেনাৰ বিকাশ কুৰ্মীয়ে ৪৬ আৰু দিৱস হাজৰিকাই ৫১ ৰান কৰাৰ পিছত বেট ধৰিবলৈ অহা সিদ্ধাৰ্থ শংকৰ বৰুৱাই ১৩ টা চাৰি আৰু ১৩ টা ছয়ৰ সহায়ত ১৫৫ টা বলত ২০২ ৰান কৰি নট আউট হৈ থাকে। ৪১৮ ৰান কৰি ইনিংছ ঘোষণা কৰা বিশ্বনাথ জিলাৰ হৈ হাছান শ্বেখেও ৪৪ ৰাণৰ বৰঙণি…

বি টি আৰ প্ৰধান প্ৰমোদ বড়োৰ এছকোৰ্ট গাড়ী দুৰ্ঘটনাগ্ৰস্ত

শতাব্দ প্ৰতিনিধি, নলবাৰী, ২০ এপ্ৰিলঃ যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত বি.টি.আৰ.প্ৰধান প্ৰমোদ বড়োৰ লগত দেহৰক্ষী হিচাপে নিয়োজিত নলবাৰীৰ এজন আৰক্ষী জোৱানৰ মৃত্যু ঘটে।নিহত জোৱানজন হৈছে ৰাজু কলিতা। প্ৰাপ্ত খবৰ মতে, যোৱা নিশা তামুলপুৰৰ পৰা ৰঙিয়ালৈ আহি থকা অৱস্থাত বি.টি.আৰ.প্ৰধান প্ৰমোদ বড়োৰ এছকৰ্ট গাড়ী এখন নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হয়। উক্ত দুৰ্ঘটনাৰ ফলত নলবাৰী জিলাৰ বৰখনাজনৰ আৰক্ষী জোৱান ৰাজু কলিতাৰ মৃত্যু হয়। জনা মতে, বি.টি.আৰ.প্ৰধান প্ৰমোদ বড়োৰ লগত দীৰ্ঘদিন ধৰি দেহৰক্ষী ৰূপে নিয়োজিত হৈ আছিল ৰাজু কলিতা। নিহত আৰক্ষী…

গুৱাহাটীত নাহৰফুটুকী টেংকুলাইজ কৰি উদ্ধাৰ

গুৱাহাটী, ১৯ এপ্ৰিলঃ আজি পুৱা 11.45 বজাত গুৱাহাটী ৰেঞ্জৰ খানামুখ বিটৰ অন্তৰ্গত পাণ্ডু জাহাজঘাট পথৰ লোককলনি অঞ্চলত এটা নাহৰফুটুকী বাঘ উদ্ধাৰ কৰা হয় ।পশু চিকিৎসক ডাঃ বিজয় গোহাঁই আৰু জালুকবাৰী আৰক্ষী থানাৰ আৰক্ষী কৰ্মীৰ নেতৃত্বত অহা অসম ৰাজ্যিক চিৰিয়াখানাৰ এটা উদ্ধাৰকাৰী দলে যুটীয়া অভিযানত উদ্ধাৰ কৰা এই নাহৰফুটুকীটোৰ বয়স ১০ বছৰ হব পাৰে বুলি অনুমান কৰা হৈছে। জনাঞ্চলত প্ৰৱেশ কৰা নাহৰফুটুকীটোৱে আজি পুৱা ৰঞ্জু ভট্টাচাৰ্য (৫৫) নামৰ এগৰাকী মহিলাক আঘাত কৰি আহত কৰাৰ পাছত এটা ঘৰৰ চৌহদৰ কঁঠাল গছত জিৰণি লৈ আছিল। বন বিভাগৰ বনকৰ্মী সকলে…

মাৰ্ঘেৰিটাত শ্রমিকৰ প্রতিবাদত ডিৰক চাহ বাগিচাত উত্তাল

মাৰ্ঘেৰিটা, ১৯ এপ্রিলঃ মাৰ্ঘেৰিটাৰ ডিৰক চাহ বাগিচাত চাহ শ্রমিকৰ প্রতিবাদত আজি উত্তাল হৈ পৰে | চাহ শ্রমিকসকলৰ বিভিন্ন সমাধানৰ দাবীত প্রায় চাৰিশ শ্রমিকে বাগিচাৰ কাম কাজ বন্ধ কৰি ডিৰক বাগানৰ ফেক্টৰী কাৰ্যালয় ঘেৰাও কৰি প্রতিবাদ সাব্যস্ত কৰে | চাহ শ্রমিক সকলক উপযুক্ত মজুৰি দিয়া ,, ৰেচন কৰ্তন বন্ধ কৰা, বাগিচাত পৰ্যাপ্ত  চিকিৎসা সেৱা আদিৰ দাবীৰ সমৰ্থনত আজি শ্রমিকসকলে তীব্র প্রতিবাদ জনায় | মাৰ্ঘেৰিটা আৰক্ষী থানাৰ বিষয়া, মহকুমা আৰক্ষী বিষয়া, ৰাজহ চক্ৰ বিষয়া আদি উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে | পাছত বাগিচা কৰ্তৃপক্ষ আৰু শ্রমিক…